চূন পান হৈছে শ্ৰীলংকাৰ একপ্ৰকাৰৰ সাধাৰণ ভ্ৰাম্যমাণ ব্ৰেড বিক্ৰেতা। চুন পান ডেলিভাৰীত বিথোভেন সংগীতৰ শৈলীক সংযুক্ত কৰা হৈছে আৰু লগতে বেকাৰীৰ সামগ্ৰীসমূহ বেছিভাগেই পাওৰুটী, গ্ৰাহকক ৰাজপথত আৰু ঘৰৰ দুৱাৰমুখে দুৱাৰমুখে বিক্ৰী কৰা হয়। ১ শ্ৰীলংকা ভ্ৰমণৰ সময়ত বিদেশী পৰ্যটকৰ মাজতো চূন পান ডেলিভাৰী জনপ্ৰিয় হৈ পৰিছিল। ২
অৰ্থ
চূন পান হৈছে সিংহলী শব্দ যিয়ে সংগীতৰ পাওৰুটিৰ অৰ্থ চিত্ৰিত কৰে। ৩
ইতিহাস
চূন পান ধাৰণাটোৰ উৎপত্তি ২০০০ চনৰ আৰম্ভণিতে হৈছিল, সেই সময়ত শ্ৰীলংকাত টুক টুক বাহন (ইলেক্ট্ৰনিক ৰিক্সা)ৰ ধাৰাটোৱো লাহে লাহে আৰম্ভ হৈছিল। ৪ ২০০০ চনৰ আৰম্ভণিতে শ্ৰীলংকাত টুক টুক বাহনৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে শ্ৰীলংকাত বেকাৰসকলে বেকাৰীৰ সামগ্ৰী পৰিবহণ আৰু ডেলিভাৰী কৰিবলৈ টুক টুক বাহন ব্যৱহাৰ কৰি পেৰাডাইম শ্বিফ্ট পদ্ধতি ৰূপায়ণ কৰিছিল। ৫ লুডৱিগ ভান বিথোভেনৰ সংগীত ৰচনা Für Elise ৰ পৰা আহৰণ কৰা ৰেকৰ্ডিংৰ সংগীত সুৰৰ সৈতে চূন পান বাহনসমূহ বেকাৰী সামগ্ৰীৰ ভ্ৰাম্যমাণ বিক্ৰেতা হিচাপে চলিছিল। ৪ টুক টুক চালকসকলৰ মতে ২০০০ চনৰ আৰম্ভণিতে বিথোভেনৰ সংগীত ফুৰ এলিছক অন্যতম জনপ্ৰিয় ৰিংটন হিচাপে ৰেটিং দিয়া হৈছিল আৰু তেওঁলোকে গ্ৰাহকক বেকড সামগ্ৰী বিক্ৰী কৰাৰ সময়ত এই সংগীতৰ সুৰটো অন্তৰ্ভুক্ত কৰি এই ধাৰাটোৰ মূলআকৰ্ষণ হিচাপে লোৱাৰ সিদ্ধান্ত লৈছিল। ৪৫
শ্ৰীলংকাৰ প্ৰেক্ষাপটত চূন পান টুক টুক বাহন দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে আৰু শ্ৰীলংকাৰ সকলো ঠাইতে এই বাহনসমূহ চলি আহিছে। ১ চূন পানে বছৰ বছৰ ধৰি, শ্ৰীলংকাৰ লোকসকলৰ জীৱনত এটা আৱেগ হিচাপে থিতাপি লৈছে কাৰণ এই ব্যৱস্থাই লঘু খাদ্য আৰু বেকাৰীৰ ঘৰুৱা সামগ্ৰী সুলভ মূল্যত ক্ৰয় কৰাৰ সুবিধাজনক পদ্ধতিৰ সুবিধা প্ৰদান কৰিছে। চুন পানে চেনিৰে আবৃত কিম্বুলা বান, মালু পান ( মাছৰ বান ), চাহৰ বান, এলাৱালু ৰট্টি (শাক-পাচলিৰ ৰট্টি), উলুণ্ডু ভাদৈকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী বিক্ৰী কৰাত নিয়োজিত হৈছিল। ৬ ৭ চূন পান ডেলিভাৰী বাহনসমূহ তিনিচকীয়া বাহন আৰু ৰূপত কাঁচৰ ডিছপ্লে কেবিনেটৰ বৈশিষ্ট্যৰে ডিজাইন কৰা হৈছে যাতে বেকড সামগ্ৰীবোৰ শৃংখলাবদ্ধভাৱে সজাই ৰাখিব পাৰি। ৩
কিন্তু শ্ৰীলংকাৰ লোকসকলৰ মানসিকতাৰ পৰিৱৰ্তনৰ লগে লগে শ্ৰীলংকাত চূন পান ট্ৰাক আৰু চূন পান তিনিচকীয়া বাহনৰ পৰিচালনা লাহে লাহে হ্ৰাস পাবলৈ ধৰিলে কাৰণ শ্ৰীলংকাৰ গৰিষ্ঠসংখ্যক লোকে খাদ্য ডেলিভাৰী আৰু হোম ডেলিভাৰী এপ যেনে উবেৰ ইটছ, পিকমি আদি ব্যৱহাৰ কৰিবলৈ লোৱাত চূন পান ডেলিভাৰী সেৱা যথেষ্ট হ্ৰাস পালে। ৩ এনে জনগাঁথনিগত পৰিৱৰ্তনে চূন পান ডেলিভাৰী চালকসকলৰ জীৱিকাতো বাধাৰ সৃষ্টি কৰিছিল, কাৰণ মানুহে অনলাইন প্লেটফৰ্মৰ জৰিয়তে খাদ্য অৰ্ডাৰ কৰিবলৈ আৰম্ভ কৰিছিল। ৩ ২০১৭ চনত শ্ৰীলংকা চৰকাৰে চূন পাণ বাহনসমূহে উচ্চস্বৰত সংগীত ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল, আৰু চৰকাৰে চূন পান চালকসকলক নিৰ্দিষ্ট ডেচিবেল স্তৰৰ ওপৰত শব্দ নিৰ্গত নকৰিবলৈ নিৰ্দেশ দিছিল। ৮
লাহে লাহে কমি অহা চূণ পাণ ডেলিভাৰী সেৱা অৱশেষত পুনৰ চৰ্চালৈ আহে আৰু ২০২০ চনৰ মাৰ্চ মাহত শ্ৰীলংকাত ক’ভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ সময়ত পুনৰ সজীৱ হৈ উঠিল, যেতিয়া শ্ৰীলংকা চৰকাৰে ৰেষ্টুৰেণ্ট, বেকাৰী, আৰু সকলো “অনাঅত্যাৱশ্যকীয়” ব্যৱসায়ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল, বিপৰীতে চূন পান বাহন চলোৱাৰ অনুমতি দিছিল, সেইসময়ত ইয়াক অত্যাৱশ্যকীয় সেৱা হিচাপে চিহ্নিত কৰা হৈছিল। ৯ ১০
তথ্যসূত্ৰ
- ↑ J, Meenakshi. Sri Lanka's musical tuk-tuks blare Beethoven as they deliver fresh bread. The NationalJ, Meenakshi. "Sri Lanka's musical tuk-tuks blare Beethoven as they deliver fresh bread". The National. Retrieved 2024-11-02
- ↑ Weerasooriya, Sahan. (2022-02-06). Musical ‘choon paan’ bread trucks
- ↑ Sri Lanka’s musical 'choon paan' bread trucks. www.bbc.com"Sri Lanka's musical 'choon paan' bread trucks". www.bbc.com. Retrieved 2024-11-02
- ↑ Sri Lanka’s musical 'choon paan' bread trucks. www.bbc.com
- ↑ J, Meenakshi. Sri Lanka's musical tuk-tuks blare Beethoven as they deliver fresh bread. The National
- ↑ Balachander, Vidya. (2023-08-23). How the Musical Choon Paan Vans of Sri Lanka Became an Unlikely Symbol of Hope. Condé Nast Traveler
- ↑ Short eats that define Sri Lanka’s snacking culture. Deccan Herald
- ↑ Bread & Beethoven—the music bread trucks of Sri Lanka · Times of India Travel. timesofindia.indiatimes.com
- ↑ Applause for ‘choon-paan’ karayas. Times Online - Daily Online Edition of The Sunday Times Sri Lanka
- ↑ Choon Paan, the “most wanted” man!. Times Online - Daily Online Edition of The Sunday Times Sri Lanka
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চূন পান” প্ৰবন্ধৰ সংশোধন ৪৪৯৭৫৩ (২৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।