বিত্তীয় প্ৰতিষ্ঠান
১০ প্ৰবন্ধ
-
বিশ্ব বেংক
বিশ্ব বেংক হৈছে এক আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৱে উন্নয়নশীল দেশসমূহক আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে ঋণ প্ৰদান কৰে। বিশ্ব বেংক দুটা প্ৰতিষ্ঠানেৰে গঠিত: ইণ্টাৰনেচনেল বেংক ফৰ ৰিকনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পুনৰ্নিৰ্মাণ আৰু উন্নয়ন বেংক বা চমুকৈ আই.বি.আৰ.ডি.
-
এছিয়ান উন্নয়ন বেংক
এছিয়ান উন্নয়ন বেংক (Asian Development Bank) বা এডিবি আঞ্চলিক উন্নয়ন বেংক হিচাপে ২২ আগষ্ট, ১৯৬৬ চনত প্ৰতিষ্ঠিত হয়। এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ অৰ্থনৈতিক উন্নয়নক দ্ৰুত, বেগৱান আৰু সহজ কৰায় এই বেংকৰ মূল উদ্দেশ্য।
-
ফেডাৰেল বেংক
ফেডাৰেল বেংক লিমিটেড হৈছে কেৰালাৰ আলুভা, কোচিত মুখ্য কাৰ্যালয় থকা ভাৰতীয় ব্যক্তিগত খণ্ডৰ বেংক। ১৯৩১ চনত প্ৰতিষ্ঠা হোৱা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। সমগ্ৰ দেশতে বিস্তৃত বেংকটোৰ মুঠ ১৩৩৬টা শাখা আছে আৰু ১৬০০টা এটিএমৰ নেটৱৰ্ক আছে।
-
পেটিএম পেমেণ্টছ বেংক
ভাৰতৰ অন্যতম বৃহৎ ডিজিটেল পেমেণ্ট প্লেটফৰ্ম পেটিএমৰ মূল কোম্পানী ওৱান নাইন্টিচেভেন কমিউনিকেশ্বন লিমিটেড (ইংৰাজী: One97 Communications Limited) ৰ সহযোগী প্ৰতিষ্ঠান পেটিএম পেমেণ্টছ বেংক লিমিটেড (PPBL) হৈছে ভাৰতৰ এটা ডিজিটেল বেংক।
-
বেংক অৱ ইণ্ডিয়া
বেংক অৱ ইণ্ডিয়া ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত এখন ৰাজহুৱা খণ্ডৰ বেংক। ১৯০৬ চনৰ ৭ ছেপ্টেম্বৰত এদল ব্যৱসায়ীয়ে প্ৰতিষ্ঠা কৰা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। বেংকটোৱে ভাৰত আৰু বহিঃৰাজ্যত ৫ হাজাৰৰো অধিক শাখা আৰু ৬ হাজাৰ এটিএমৰ নেটৱৰ্ক পৰিচালনা কৰে।
-
কুকমিন বেংক
কুকমিন বেংক (কোৰিয়ান:주식회사 국민은행) হৈছে দক্ষিণ কোৰিয়াৰ এটা বেংক যিয়ে মূলতঃ দক্ষিণ কোৰিয়াত কাম কৰে, ইয়াৰ কেইটামান আন্তঃৰাষ্ট্ৰীয় শাখা চীন, হংকং, ভিয়েটনাম আদি দেশত আছে। ভাৰতৰ গুৰুগ্ৰামত ইয়াৰ শাখা কাৰ্যালয় আছে।
-
চিটিবেংক ইণ্ডিয়া
চিটিবেংক ইণ্ডিয়া হৈছে ভাৰতৰ এটা বিদেশী বেংক যাৰ সম্পূৰ্ণ সেৱা অনশ্বৰ প্লেটফৰ্ম। ইয়াৰ ভাৰতীয় মুখ্য কাৰ্য্যালয় বন্দ্ৰ কুৰ্লা কমপ্লেক্স, মুম্বাই, মহাৰাষ্ট্ৰত। ই চিটি গ্ৰুপৰ এক সহযোগী প্ৰতিষ্ঠান। এটা বহুজাতিক বিত্তীয় সেৱা নিগম যাৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰ, আমেৰিকা যুক্তৰাষ্ট্ৰত।
-
ছাউথʼ ইণ্ডিয়া বেংক
ছাউথʼ ইণ্ডিয়া বেংক (চমুকৈ এছ.আই.বি) হৈছে ভাৰতৰ এখন ব্যক্তিগত খণ্ডৰ বেংক। ইয়াৰ মুখ্য কাৰ্যালয় কেৰালা ৰাজ্যৰ ত্ৰিশূৰত অৱস্থিত। এইখন বেংকৰ মুঠ ৯৩৩টা শাখা, ১৮টা ৰাজ্যিক কাৰ্যালয়, আৰু ১,২০০ তকৈ অধিক এ.টি.ম মেচিন আছে।
-
বেংক অফ আমেৰিকা
বেংক অফ আমেৰিকা (Bank of America; সংক্ষিপ্তত BofA আৰু BoA) হৈছে উত্তৰ কেৰ'লিনাৰ চাৰ্লটৰ কৰ্পৰেট চেণ্টাৰত মুখ্য কাৰ্যালয় থকা এটা আমেৰিকান বহুজাতিক বিনিয়োগ বেংক আৰু বিত্তীয় সেৱা প্ৰদানকাৰী কোম্পানী। কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত এই বেংকটো প্ৰতিষ্ঠা কৰা হৈছিল।
-
বেংক অব হিন্দুস্থান
ভাৰতৰ প্ৰথমটো বেংকটোৰ নাম বেংক অব হিন্দুস্থান। প্ৰথম ভাৰতীয় বেংক যিটো হৈছে “বেংক অব হিন্দুস্থান(Bank Of Hindustan)” ১৭৭০ চনত স্থাপন কৰা হৈছিল।আলেকজেণ্ডাৰ এণ্ড কোম্পানীৰ এজেন্সী হাউছে ইয়াক স্থাপন কৰিছিল। ১৮ শতিকাৰ তিনিটা অৰ্থনৈতিক সংকটৰ পৰা এই বেংকটো ৰক্ষা পৰিল: