নাহৰ (Ceylon ironwood বা Indian rose chestnut বা Cobra's saffron) (Mesua ferrea)১ হৈছে Calophyllaceae পৰিয়ালৰ অন্তৰ্গত একপ্ৰকাৰৰ চিৰসেউজ বৃক্ষ। ইয়াক হিন্দী ভাষা, পঞ্জাবী ভাষা আৰু সংস্কৃত ভাষা ভাষাত নাগকেশৰ তথা মাৰাঠী ভাষা ভাষাত নাগচাফা বোলা হয়। বঙালী ভাষা ভাষাত নাগেশ্বৰ বুলি কোৱা হয়। নাহৰ হ'ল শ্ৰীলংকাৰ জাতীয় বৃক্ষ। ১৯৮৬ চনত ইয়াক জাতীয় বৃক্ষ হিচাপে ঘোষণা কৰা হয়। শ্ৰীলংকাত নাহৰ গছ 'না' বৃক্ষ নামে পৰিচিত।২
বৰ্ণনা
এই গছ প্ৰায় ১০০ ফুট ওখ হয়। গছৰ গুৰিৰ পৰিধি প্ৰায় ২ মিটাৰ হ'ব পাৰে। ইয়াৰ ডাল বৰ লাহি। বাকলি ০.৫ ইঞ্চি। ইহঁতৰ কাণ্ডৰপৰা আঠা পোৱা যায়। এই গছৰ কাঠ বৰ টান হয়। কাঠৰ ৰং ৰঙা। ই ধীৰ গতিত ডাঙৰ হয়। নাহৰ শোভা বৰ্ধক গছ। ইয়াৰ পাত আৰু ফুল উভয়ই সুন্দৰ। ফুলৰ সুগন্ধ আছে। ই একপ্ৰকাৰৰ শোভাবৰ্ধক, চিৰসেউজীয়া উদ্ভিদ। পাপৰিৰ ৰঙ বগা, পুংকেশৰবোৰ সোণালী, যি ফুলৰ সৌন্দৰ্য্যত নতুন মাত্ৰা যোগ কৰিছে। সব মিলি এই ফুল বৰ্ণে-গোন্ধে অনন্য। ফুল উভয়লিংগী। সাধাৰণতে নাহৰ ফুল বসন্ত ঋতুত ফুলে। কিন্তু বৰ্ষা ঋতুতো ফুল ফুলা দেখা যায়। পাতবোৰ সৰু আৰু বল্লমাকৃতি। গোটেই বছৰ নতুন নতুন পাত গজা এই গছৰ অন্যতম বৈশিষ্ট্য। পাতৰ বিন্যাস ঘনবদ্ধ। পিৰামিড আকৃতিৰ গঠন, ৰঙীন কুঁহিপাত, শুভ্ৰপুষ্পৰ স্নিগ্ধ শোভা ইত্যাদিৰ কাৰণে পথৰ দাঁতিত নাহৰ ৰোপণ কৰা হয়। গোলকীয় শংকু আকৃতিৰ খোলাৰে আবৃত্ত হৈ এটা অথবা দুটা গুটি ধাৰণ কৰে। গৃহসজ্জা আৰু পূজাৰ উপকৰণত ইয়াৰ ফুল লাগে। অসমীয়া সংস্কৃতিৰ লগত নাহৰ বহুপ্ৰকাৰে জড়িত।৩
নাহৰ ফুল।]]
ব্যৱহাৰ
ইংৰাজী নামটোৱে (Ceylon Ironwood) আভস দিয়াৰ ধৰণেৰেই নাহৰ কাঠ অতি কঠিন আৰু গধুৰ। সাধাৰণ কৰতেৰে ইয়াক ফালিব নোৱাৰি। কাঠৰ ৰং গাঢ় ৰঙা আৰু ঘনত্ব ১৫% আৰ্দ্ৰতাত সাধাৰণতে প্ৰতি ঘনমিটাৰত ৯৪০-১,১৯৫ কিলেগ্ৰাম। ঘৰৰ ঘাঁঠনিত খুঁটা হিচাপে আৰু ৰেলপথৰ শ্লীপাৰ হিচাপে পূৰ্বতে ব্যৱহাৰ হৈছিল। শ্ৰীলংকাৰ কেণ্ডিস্থিত এম্বেঁকা দেৱালয়ৰ খুঁটাসমূহত নাহৰ কাঠ ব্যৱহাৰ হৈছিল। বৃটিছসকলে কেৰাছিন তেলৰ প্ৰচলন কৰাৰ আগতে অসমত নাহৰ গুটি আৰু তেল ঘৰুৱা প্ৰজ্বালক হিচাপে ব্যৱহাৰ কৰিছিল।
বিস্তাৰ
নাহৰৰ আদি নিবাস শ্ৰীলংকা। সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ইয়াক প্ৰচুৰ দেখা যায়। সাগৰপৃষ্ঠৰ ১০০০ৰপৰা ১৫০০ মিটাৰ উচ্চতালৈ ই জন্মিব পাৰে।৪ বৰ্তমান নাহৰ গছ বহুতো প্ৰজাতিত উপলব্ধ হৈছে।
ঔষধি গুণ
সাপে খুঁটিলে নাহৰ পাত আৰু ফুল খাব লাগে আৰু পিহি খোটা ঠাইত লগাব লাগে বুলি বিশ্বাস আছে। ভাৰত, মালয়েছিয়া ইত্যাদি দেশত জৈৱিক ঔষধি ৰূপত ইয়াক ব্যৱহাৰ কৰাৰ উপৰি সুগন্ধি ধূপকাঠি হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। নাহৰ গছৰ ছালৰ ৰস গ্ৰহণ কৰিলে কেচুমুৰিয়া ৰোগৰপৰা পৰিত্ৰাণ পাব পাৰি।
লোক বিশ্বাস

অসমীয়া লোকবিশ্বাস অনুসৰি, গৰু বিহুৰ (চ’তৰ সংক্ৰান্তি) দিনা নাহৰ পাতত বিশেষ মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত বা চালত গুঁজি থোৱা হয়। এই পৰম্পৰাৰ মূল উদ্দেশ্য হ’ল ধুমুহা, বা-মাৰলি, বজ্ৰপাত আৰু প্ৰাকৃতিক দুৰ্যোগৰপৰা ঘৰখনক ৰক্ষা কৰা। এই প্ৰথা ভগৱান শিৱক সন্তুষ্ট কৰি ঘৰখন সুৰক্ষিত ৰখাৰ এক প্ৰতীকী বিশ্বাস।৫
সাধাৰণতে নাহৰ পাতৰ বিপৰীত অংশত ব্ৰাহ্মণ বা বয়স্ক লোকৰ হতুৱাই এই মন্ত্ৰটি লিখা হয়:
"দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জঁটাধৰ। বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে॥"
অন্যান্য ভাষাত নাম
নাহৰক বিভিন্ন ভাষাত বিভিন্ন নামেৰে জনা যায়-৬৭
- অসমীয়া: নাহৰ, নোক্তে
- গাৰো: কিম্দে / Kimde
- বঙালী: নাগেশ্বৰ (নাগেশ্বৰ)
- হিন্দী: Gajapushpam; নাগ চম্পা / Nāg champa (नाग चम्पा), নাগ কেসৰ / Nāg kesar (नाग केसर)
- টেগালগ: কালিউৱাচ (kaliuas)
- জাভীয়া: নাগাচাৰি (nagasari)
- কন্নড়: নাগচম্পিগে / Nagasampige (ನಾಗಸಂಪಿಗೆ)
- মালয়: পেনাগা (penaga)
- মালায়ালম: নাগচম্পকম (Nagachampakam); ৱেইলা (Veila)
- মাৰাঠী: নাগচফা / Nagchafa, Thorla chafa
- মান ভাষা: কান্ত কাৱ / Kant Kaw
- সংস্কৃত: Champeryah; নাগকেসৰ / Nāgakesara; নাগপুষ্প / Nāgapushpa, নাগ / Nāga
- সিংহল: না / Nā
- তামিল: Cheru-nagapu; Sirunagappoo; Veilutta-champakam, Tadinangu, Naka
- Telugu: Nagakesara
- থাই: bunnak
- উৰ্দু ভাষা: Narmishka (नर्मिश्क)
- ভিয়েট: ভাপ / Vắp ( Theo Y Học Tuệ Tĩnh - HuuDuc)
বহ্যিক সংযোগ
- Caldecott, Todd. (2006). Ayurveda: The Divine Science of Life. Elsevier/Mosby. ISBN 0-7234-3410-7 Contains a detailed monograph on Mesua ferrea (Nagakeshara) as well as a discussion of health benefits and usage in clinical practice. Available online at www.toddcaldecott.com/index.php/herbs/learning-h
তথ্যসূত্ৰ
- ↑ Nag Kesar. Flowers of India
- ↑ State Symbols of Tripura · Tripura Tourism Development Corporation Ltd.. tripuratourism.gov.in
- ↑ Dubey, M. C.; Mohanta, D.; Sikarwar, B. S. (2025). Distinct partial and complete droplet bouncing states on (super)hydrophobic leaf surfaces with ultra-low-to high-adhesion textural features. Journal of Applied Physics. পৃ. 054703
- ↑ AgroForestryTree Database, entry: “Mesua ferrea” . “biotik.org Database, entry “Mesua ferrea L. – Clusiaceae” . A.J.G.H. Kostermans “Clusiaceae (Guttiferae)’’ in M. D. Dassanayaka and F. R. Fosberg, eds., A revised handbook to the flora of Ceylon, Volume I, New Delhi 1980, pp. 107–110. Ashton M, Gunatilleke S, de Zoysa N, Dassanayake MD, Gunatilleke N, Wijesundera S. A Field Guide to the Common Trees and Shrubs of Sri Lanka. Colombo 1997 p. 140
- ↑ জুৰি কটকী. (১১ এপ্ৰিল, ২০১০ চন). বিহু আৰু লোকবিশ্বাস. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা. পৃ. ১১ পৃ্ষ্ঠা
- ↑ Warrier, P. K. (1995). Indian Medicinal Plants: A Compendium of 500 Species. Orient Longman. পৃ. 253–254. ISBN 978-8173717055
- ↑ Nadkarni, K. M. (2002). Indian Materia Medica. Popular Prakashan. পৃ. 798–799. ISBN 978-8171548194
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাহৰ” প্ৰবন্ধৰ সংশোধন ৬১৩৫৩২ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।