অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

তিতা কেৰেলা

তিতা কেৰেলা (Balsam pear, alligator pear, bitter gourd, bitter melon, bitter cucumber, বৈজ্ঞানিক নাম: Momordica charantia) এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গোত্ৰ হ’ল— Cucurbitaceae। আৰোহী লতা জাতীয় এইবিধ গছ প্ৰায় আধাবৰ্ষ কাল জীয়াই থাকে। ইয়াৰ গা-গছ সূতাৰ দৰে।

হালনাগাদ: ২১ জানুৱাৰী ২০২৪ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ
তিতা কেৰেলা ও তিতা কেৰেলাৰ অংশ
তিতা কেৰেলা ও তিতা কেৰেলাৰ অংশছবি: Salil Kumar Mukherjee · CC BY-SA 4.0

তিতা কেৰেলা (Balsam pear, alligator pear, bitter gourd, bitter melon, bitter cucumber, বৈজ্ঞানিক নাম: Momordica charantia) এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গোত্ৰ হ’ল— Cucurbitaceae। আৰোহী লতা জাতীয় এইবিধ গছ প্ৰায় আধাবৰ্ষ কাল জীয়াই থাকে। ইয়াৰ গা-গছ সূতাৰ দৰে। পাতবোৰ ৩-৮ ছেঃমিঃ দীঘল আৰু বহল, ৫-৭টা খলপা। খলপাবিলাক কাষ কটা। হালধীয়া ৰঙৰ ফুলবিলাক একলিংগ, স্ত্ৰীপুষ্প আৰু পুংপুষ্প দুয়োটা একেডাল লতাতে ধৰে। পাঁচটা পাহিৰে প্ৰায় ৩ ছেঃমিঃ বহল। ফলবোৰৰ দুই মূৰ জোঙা আৰু গাত দীঘলীয়াকৈ থোপাৰে আবৰা। অসংখ্য গুটিৰে ভৰা আৰু এইবোৰ ৰঙা লেপথেপীয়া দ্ৰব্যৰে আবৰি থাকে।

ঔষধি গুণ

কেৰেলা গছৰ পাত
কেৰেলা গছৰ পাতছবি: Sanu N · CC BY-SA 4.0
Momordica charantia 007.JPG
ছবি: H. Zell · CC BY-SA 3.0

এইবিধ খাদ্য বহুতো ঔষধি গুণেৰে সমৃদ্ধ হৈ আছে। ছিডিনীস্থিত এন. এফ. পি. গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক ডাঃ ডাইন’কিটিংগে তিতা কেৰেলাৰ বিষয়ে অধ্যয়ন কৰি এই মতামত দাঙি ধৰে। তেওঁৰ মতে যিসকল লোক বদহজমত আক্ৰান্ত সেইসকলৰ কাৰণে তিতাকেৰেলাক মহৌষধ স্বৰূপ। দ্বিতীয়তে নিয়মিত তিতাকেৰেলা খালে মেলেৰিয়া ৰোগে সহজে আক্ৰান্ত কৰিব নোৱাৰে। বেছিকৈ তিতা কেৰেলা খোৱাজনৰ এইচ.আই.ভি/এইড্‌ছ, কৰ্কট ৰোগ আদিয়েও সহজে হ’ব নোৱাৰে। তৃতীয়তে প’টেছিয়াম, আইৰণ, বিটা, কেৰ’টিন, কেলছিয়ামাৰ উপৰি ভিটামিন বি-১, বি-২, বি-৩, চিৰে আদিৰে তিতাকেৰলা সমৃদ্ধ হৈ থাকে। ইয়াৰ ফলত এই খাদ্য সেৱনৰ ফলত ই মানুহক কু-পোষণৰ আঁতৰাই ৰখাত সহায় কৰে। চতুৰ্থতে— ই ৰক্ত শৰ্কৰাক নিয়ন্ত্ৰণত ৰাখে। বহুমূত্ৰ ৰোগ ৰোগীৰ বাবে ই মহৌষধৰ কাম কৰে। তদুপৰি ছালত হোৱা দুৰাৰোগ্য ৰোগ যেনে ছ’ৰাইছিছত আক্ৰান্তসকলৰ কাৰণেও তিতাকেৰেলা অতি লাভদায়ক। গাত খজুৱতি হ’লে ইয়াক সিজাই গা ধুৱাৰ লগতে খালেও বহুখিন উপশম পোৱা যায়। কিন্তু পেটত আলচাৰ হোৱা ৰোগীসকলে তিতাকেৰেলা অধিক সেৱনৰপৰা বিৰত থাকিব লাগে।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

লতাপাচলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিতা কেৰেলা” প্ৰবন্ধৰ সংশোধন ৪০৩০৬৮ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।