অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কেতেকী ফুল

কেতেকী ফুল বা পাণ্ডানাছ অড'ৰিফাৰ হৈছে পেণ্ডানেছিয়া পৰিয়ালৰ এবিধ উদ্ভিদ। ই পলিনেছিয়া, অষ্ট্ৰেলিয়া, দক্ষিণ এছিয়া (আন্দামান দ্বীপপুঞ্জ), আৰু ফিলিপাইনছৰ থলুৱা উদ্ভিদ। ভাৰত আৰু বাৰ্মাতো ইয়াক বনৰীয়া হিচাপে পোৱা যায়। ইয়াক সুগন্ধি স্ক্ৰু-পাইন বুলিও জনা যায়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কেতেকী ফুল বা পাণ্ডানাছ অড'ৰিফাৰ হৈছে পেণ্ডানেছিয়া পৰিয়ালৰ এবিধ উদ্ভিদ। ই পলিনেছিয়া, অষ্ট্ৰেলিয়া, দক্ষিণ এছিয়া (আন্দামান দ্বীপপুঞ্জ), আৰু ফিলিপাইনছৰ থলুৱা উদ্ভিদ। ভাৰত আৰু বাৰ্মাতো ইয়াক বনৰীয়া হিচাপে পোৱা যায়।১ ইয়াক সুগন্ধি স্ক্ৰু-পাইন বুলিও জনা যায়।

নাম

স্ক্ৰু-পাইনৰ কেতেকী ফুলৰ অন্যান্য ইংৰাজী নামসমূহ হ'ল কেউড়া, সুগন্ধি স্ক্ৰুপাইন, আম্ব্ৰেলা ট্ৰি আৰু স্ক্ৰু ট্ৰি।২

ভাৰতত এই গছজোপা বিভিন্ন নামেৰে জনা যায়। ইয়াৰে বহুতো নাম মূল সংস্কৃত কেতকীৰ পৰা উদ্ভৱ হৈছে।২ মালয়ালমত উদ্ভিদজোপাকপূক্কাইথা আৰু ইয়াৰ ফুলক থাজহাম্পু বুলি জনা যায়। তামিল ভাষাত ইয়াক কাইথাই আৰু তালাই বুলি কোৱা হয়। সংগম সাহিত্যত এই দুয়োবিধৰে উল্লেখ পোৱা যায়। আৰবী ভাষী দেশসমূহত এই গছক আল-কাদি বুলি কোৱা হয়।৩ জাপানত ইয়াক কোৱা হয় আদান।

বাংলাদেশৰ ছেইণ্ট মাৰ্টিন দ্বীপত কেতেকী ফুলৰ গছ গজে যদিও পৰ্যটন ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ ফলত ই বহু পৰিমাণে ধ্বংস হৈছে।

বিৱৰণ

ই এবিধ সৰু ডালযুক্ত, কলগছৰ দৰে সপুষ্পক উদ্ভিদ। ইয়াৰ উচ্চতা ৪ মিটাৰ উচ্চতা পৰ্যন্ত হ'ব পাৰে। ইয়াৰ পাতবোৰ তৰোৱালৰ আকৃতিৰ আৰু কাঁইটীয়া। পাতবোৰ ৪০–৭০ চে.মি. দীঘল হ'ব পাৰে। . গ্ৰীষ্মকালত গছজোপাত সুগন্ধি ফুল ফুলে।৪ য়েমেনত কেতেকী ফুলৰ গছ প্ৰধানকৈ পশ্চিমৰ ঢালৰ পাদদেশৰ নৈৰ কাষত পোৱা যায়। অধিক বৰষুণ হোৱা অঞ্চলত ইয়াক বেছিকৈ দেখা যায়।৫ সুগন্ধি ফুলবোৰ পাতত মেৰিয়াই পথৰ দাঁতিত আৰু বজাৰত বিক্ৰী কৰা হয়।৩ কিছুমানে কয় যে ইয়াক ভাৰতৰ পৰা য়েমেনত প্ৰৱেশ কৰা হৈছিল য’ত ইয়াৰ ফুলবোৰ মূলতঃ সুগন্ধি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

কিংবদন্তি

কেতেকী ফুল কেতিয়াও শিৱৰ প্ৰতি উছৰ্গা কৰিবলৈ ব্যৱহাৰ কৰা নহয়। হিন্দু আখ্যান অনুসৰি শিৱই তেওঁৰ বিৰুদ্ধে মিছা কথা কোৱাত ব্ৰহ্মাক সহায় কৰাৰ বাবে কেতেকী ফুলক অভিশাপ দিছিল যে, ইয়াক কেতিয়াও তেওঁক পূজা কৰিবলৈ ব্যৱহাৰ কৰা নহ’ব।

তথ্যসূত্ৰ

  1. ↑ Nadaf, A.; Zanan, R. (2012). Indian Pandanaceae - an overview. Springer India. পৃ. 15–28. ISBN 978-81-322-0752-8
  2. ↑ "Kewda".
  3. ↑ J.R.I. Wood, A Handbook of the Yemen Flora, Royal Botanic Gardens, Kew 1997, p. 315
  4. ↑ Scott. (2004-03-12). Stamen Structure and Function. The Plant Cell Online. পৃ. S46–S60
  5. ↑ Abdul Wali A. al-Khulaidi, Flora of Yemen, Sustainable Environmental Management Program (YEM/97/100), Republic of Yemen, June 2000, pp. 13, 149

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেতেকী ফুল” প্ৰবন্ধৰ সংশোধন ৫৪০৫৬৪ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।