অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গোলাপ

গোলাপ এক প্ৰকাৰ সুপৰিচিত ফুল যি আধুনিক মানুহৰ বাবে সৌন্দৰ্যৰ প্ৰতীক আৰু ভালপোৱাৰ প্ৰতীক হিচাপে সমাদৃত। গোলাপক ফুলৰ ৰাণী বোলা হয়। Rosaceae পৰিয়ালৰ Rosa গণৰ এক প্ৰকাৰৰ গুল্ম জাতীয় গছত গোলাপ ফুল ফুলে। প্ৰায় ১০০ প্ৰজাতিৰ বিভিন্ন বৰ্ণৰ গোলাপ ফুল আছে।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৩৯৬ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
গোলাপ
গোলাপছবি: Joydeep · CC BY-SA 3.0

গোলাপ এক প্ৰকাৰ সুপৰিচিত ফুল যি আধুনিক মানুহৰ বাবে সৌন্দৰ্যৰ প্ৰতীক আৰু ভালপোৱাৰ প্ৰতীক হিচাপে সমাদৃত। গোলাপক ফুলৰ ৰাণী বোলা হয়। Rosaceae পৰিয়ালৰ Rosa গণৰ এক প্ৰকাৰৰ গুল্ম জাতীয় গছত গোলাপ ফুল ফুলে। প্ৰায় ১০০ প্ৰজাতিৰ বিভিন্ন বৰ্ণৰ গোলাপ ফুল আছে। গোলাপৰ পাহিৰ গঠন আৰু বিন্যাসত এক প্ৰকাৰৰ নান্দনিকতা আছে যি মানুহক আকৃষ্ট কৰে। সুগন্ধী গোলাপৰ ঘ্ৰাণো মানুহৰ প্ৰিয়। আনহাতে গোলাপৰ নিজস্ব কোনো গন্ধ নাই। গন্ধ উৎপাদনৰ কোনো ক্ষমতা গোলাপৰ নাই। অনেক বৰ্ণৰ গোলাপ আছে, যেনে গোলাপী, ৰঙা, হালধীয়া, বগা, সেউজীয়া ইত্যাদি। ইতিমধ্যে "গাৰ্ডেন ৰোজ" নামে বিভিন্ন হাইব্ৰিড গোলাপৰো উৎপাদন কৰা হৈছে। যিবোৰৰ একে লগে একে ফুলৰ পাহিত দুই বা ততোধিক ৰঙ থাকে।

হালধীয়া গোলাপ
হালধীয়া গোলাপছবি: Kinjal bose 78 · CC BY-SA 4.0

গোলাপ গছৰ কাণ্ডত কাঁইট থাকে। ইয়াৰ পাতৰ কাষতো ক্ষুদ্ৰ কাঁইট থাকে। গোলাপৰ আদি নিবাস এছিয়া মহাদেশ। কিছু প্ৰজাতিৰ আদি বাসস্থান ইউৰোপ, উত্তৰ আমেৰিকা, আৰু উত্তৰপশ্চিম আফ্ৰিকা মহাদেশ। ফুলৰ সৌন্দৰ্য আৰু সুবাসৰ বাবে গোলাপ বিশ্বজুৰি বিখ্যাত। ১

গোলাপ সমন্ধে ইতিহাস

বাংলাদেশৰ গোলাপ ফুল
বাংলাদেশৰ গোলাপ ফুলছবি: Ferdous · CC BY-SA 3.0

গ্ৰীক ভাষা উপকথাত আছে প্ৰেমৰ দেৱী ভেনাছৰ ৰক্তৰ পৰা গোলাপৰ জন্ম। আৰৱ দেশীয় কাহিনীত আছে বগা গোলাপক বুলবুলি চৰায়ে আলিঙ্গন কৰাত বুলবুলি গোলাপৰ কাঁইটত আহত হৈ বুলবুলিৰ তেজৰ পৰা বগা গোলাপৰ পৰা ৰঙা গোলাপৰ জন্ম। হিন্দু পৌৰাণিক কাহিনীত আছে বিষ্ণুয়ে ব্ৰহ্মাক পদুমই শ্ৰেষ্ঠ ফুল বুলিলত ব্ৰহ্মাই বিষ্ণুক স্বৰ্গলৈ নি তাৰ পাতল ৰঙৰ এটি সুগন্ধি গোলাপ দেখুৱায়। গোলাপ সমন্ধে এই ধৰণৰ অনেক গল্প আছে।২ যশোৰৰ ঝিকৰগাছাৰ গদখালিত গোলাপৰ খেতি কৰা হয়। গদখালী ফুলৰ ৰাজধানী নামে খ্যাতি লাভ কৰিছে।

বিভিন্ন জাতৰ বিদেশী গোলাপ

১. ৰাণী এলিজাবেথ, ২. ব্লেক প্ৰিন্স, ৩. ইৰান, ৪. মিৰিণ্ডা, ৫. পাপা মিলাঁ, ৬. আইছবাৰ্গ, ৭. ৰোজ গুজাৰ্ড, ৮. বেংগলি, ৯. কুইন এলিজাবেথ, ১০. জুলিয়াছ ৰোজ, ১১. ডাচ গোল্ড, ১২. ছানসিল্ক, ১৩. কিংছ ৰ‌ান্সন, উল্লেখযোগ্য।২

বিভিন্ন জাতৰ বাংলাদেশী গোলাপ

১. ফাতেমা ছাত্তাৰ ২. মল্লিক ৩. ৰাহেলা হামিদ ৪. পিয়াৰী ৫. ভাছানী ৬. শেৰ-এ-বাংলা ৭. ১৯৫২ ৮. জয়ন্তি, ৯. শিবলী উল্লেখযোগ্য। ২

গোলাপৰ ব্যৱহাৰ

গোলাপ ফুল কেৱল সৌন্দৰ্যেৰ প্ৰতীক নহয়, ইয়াৰ বহুমুখী ব্যৱহাৰ আছে। গোলাপৰ পাহিৰ পৰা জাম, জেলি প্ৰস্তুত কৰা হয়। পাৰ্ছি, চীন আৰু ভাৰতত গোলাপজলৰ প্ৰচলন ঘটে। সুগন্ধিৰ বাবে গোলাপজল ব্যৱহাৰ কৰা হয়। গোলাপ ফুলৰ সুৱাসৰ পৰা বিভিন্ন প্ৰসাধনী সামগ্ৰী তৈয়াৰ কৰা হয়। যেনে: পাৰফিউম ইত্যাদি। গোলাপত গেনাৰিয়ল নামৰ এটি এৰোমেটিক এলকহল জাতীয় সুগন্ধি পদাৰ্থ পোৱা যায়। মহিলাৰ অন্তৰ্বাস আৰু নেপকিনতো গোলাপৰ সুগন্ধ ব্যৱহাৰ কৰা হয়। আলংকাৰিক উদ্ভিদ হিচাবে গোলাপৰ ব্যৱহাৰ উল্লেখযোগ্য। গোলাপৰ পৰা তেলো উৎপাদিত হয়।

বংশবিস্তাৰ

গোলাপৰ বংশ বিস্তাৰৰ বাবে পৰিস্থিতিভেদে শাখা কলম, দাবা কলম, গুটি কলম আদি প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়। নতুন নতুন গোলাপৰ জাত উদ্ভাৱনৰ বাবে বীজ উৎপাদন কৰি তাৰ পৰা পুলি উৎপাদন কৰা হয়।

ভূমি নিৰ্বাচন

গোলাপ ৰোপণৰ বাবে উৰ্বৰ মাটিৰ নিৰ্বাচন কৰা সকলোতকৈ উত্তম। পানী জমা নোহোৱা, ওখ ৰ'দঘাই মাটিত গোলাপ ভালকৈ জন্মে।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ www.britannica.com/EBchecked/topic/509710/rose
  2. ↑ (৩১ জুলাই ২০১৩). সংৰক্ষণাগাৰভুক্ত অনুলিপি

সম্পৰ্কিত শ্ৰেণী

ফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাপ” প্ৰবন্ধৰ সংশোধন ৫৪০৮৭৮ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।