অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

জিকা

জিকা (Luffa acutangula) হৈছে এবিধ লতা জাতীয় উদ্ভিদ আৰু ইয়াৰ ফল। ইয়াৰ বিভিন্ন প্ৰজাতি উপলব্ধ। ব্যৱসায়িকভাৱে ইয়াৰ শিৰা যুক্ত মঙহাল ফলৰ বাবে ইয়াক পাচলি হিচাপে খেতি কৰা হয়। প্ৰাপ্তবয়স্ক ফলবোৰৰ জিমটো প্ৰাকৃতিক চাফাই স্পঞ্জ হিচাপে ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

জিকা (Luffa acutangula) হৈছে এবিধ লতা জাতীয় উদ্ভিদ আৰু ইয়াৰ ফল। ইয়াৰ বিভিন্ন প্ৰজাতি উপলব্ধ। ব্যৱসায়িকভাৱে ইয়াৰ শিৰা যুক্ত মঙহাল ফলৰ বাবে ইয়াক পাচলি হিচাপে খেতি কৰা হয়। প্ৰাপ্তবয়স্ক ফলবোৰৰ জিমটো প্ৰাকৃতিক চাফাই স্পঞ্জ হিচাপে ব্যৱহাৰ কৰা হয়। এই পাচলিবিধ মধ্য আৰু পূব এছিয়াৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে বিস্তৃত। ঠাণ্ডা জলবায়ুৰ ঠাইত ইয়াক ঘৰুৱা উদ্ভিদ হিচাপেও খেতি কৰা হয়। ইংৰাজী সাধাৰণ নামসমূহৰ ভিতৰত এংগেল লুফা, চাইনিজ অকৰা, ডিচ ক্লথ গাৰ্ড, ৰিজড গাৰ্ড, স্পঞ্জ গাৰ্ড, ষ্ট্ৰেনাৰ ভিন, ৰিবড লুফা, শিল্ক গাৰ্ড, চিনকোৱা টাৱেলস্পঞ্জ আদি নামেৰে পৰিচিত।১২৩

ব্যৱহাৰ

কিছুমান লুফা জাতৰ কুমলীয়া ফলবোৰ সিজাই খোৱা শাক-পাচলি আৰু ভাজি বা কেঁচাকৈ খাবলৈ ব্যৱহাৰ কৰা হয়। কেতিয়াবা শিপা আৰু ফুলো ব্যৱহাৰ হয়।৪ লুফা এজিপ্টিয়াকাৰ দৰেই প্ৰাপ্তবয়স্ক ফলবোৰ শুকালে চপোৱা হয় আৰু প্ৰক্ৰিয়াকৰণ কৰি ফলৰ আঁহৰ বাহিৰে আন সকলোবোৰ আঁতৰাই পেলোৱা হয়, ইয়াক জিম পিছত স্পঞ্জ হিচাপে সামগ্ৰী তৈয়াৰ কৰাৰ বাবে আঁহ হিচাপে ব্যৱহাৰ কৰিব পাৰি।৪

তথ্যসূত্ৰ

  1. ↑ M.M.P.N.D. - Sorting Luffa names. Plantnames.unimelb.edu.au (2000-02-06). Retrieved on 2014-05-26
  2. ↑ Luffa Angled . Kitazawaseed.com (2014-01-22). Retrieved on 2014-05-26
  3. ↑ Ridged Skin Luffa . Evergreenseeds.com. Retrieved on 2014-05-26
  4. ↑ Grubben, G.J.H.; Africa, P.R.o.T. (2004). Vegetables. Backhuys. ISBN 9789057821479

সম্পৰ্কিত শ্ৰেণী

পাচলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিকা” প্ৰবন্ধৰ সংশোধন ৬২৪৩৭৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।