কুলি চৰাই (Asian Koel, বৈজ্ঞানিক নাম: Eudynamys scolopaceus) (১২) কুকুলিফৰমিছ (Cuculiformes) বৰ্গৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধ দক্ষিণ এছিয়া, চীন আৰু দক্ষিণ-পূব এছিয়া ত পোৱা যায়। এই বিধ চৰায়ে কাউৰীৰ বাহত কণী পাৰি পোৱালি ডাঙৰ কৰে। পূৰ্ণবয়স্ক কুলি চৰায় প্ৰধানত: ফল-মূল খায়। ৩ কুলি চৰাইৰ মধুৰ কণ্ঠৰ বাবে বিভিন্ন ভাষা-সাহিত্যত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে।
বিৱৰণ

কুলি চৰাই এবিধ ডাঙৰ আকাৰৰ, দীঘল-নেজী চৰাইৰ প্ৰজাতি। দেহৰ দৈৰ্ঘ্য ৩৯-৪৬ ছে: মি: আৰু ওজন ১৯০-৩২৭ গ্ৰাম৪৫ মতা কুলি চৰাই চিকিচিকিয়া ক’লা (glossy bluish-black),ঠোঁট পাতল সেউজ-মুগা (pale greenish grey), চকুৰ মণিবলয় ডাঠ ৰঙা (crimson) আৰু ঠেং ছাই বৰণৰ। মাইকী চৰাইৰ মূৰৰ ওপৰভাগ মটিয়া আৰু তলৰ অংশত ৰঙা-মুগা বৰণৰ আঁচ আছে। দেহৰ পৃষ্ঠ অংশ আৰু ডেউকাত ডাঠ মটিয়া বৰণতে বগা দাগ কিছুমান আছে। দেহৰ তলৰ অংশ বগা আৰু ঘনকৈ আঁচ থকা। অন্যন্য উপ-প্ৰজাতি সমূহৰ ৰং আৰু আকাৰ ভিন্ন হোৱা দেখা যায়।৬ প্ৰজননৰ সময়ত কুলি চৰাই খুৱেই সৰৱ হৈ উঠা দেখা যায় (দক্ষিণ এছিয়াত মাৰ্চৰ পৰা অগষ্টলৈকে)। ঠাইভেদে কুলিৰ মাতৰ কিছু পাৰ্থক্য থাকিলেও আটাইতকৈ পৰিচিত মতা কুলিৰ মাতটো হৈছে “কুউ-উউ” ধৰণৰ। মতা কুলি চৰায়ে সাধাৰণতে ‘কিক-কিক-কিক” বুলি মতা শুনা যায়। ৬
টেক্স’নমি
ঠাইভেদে কুলি চৰাইৰ দেহৰ বৰণ (plumage) ৰ যথেষ্ট পাৰ্থক্য দেখা যায়। কেইটামান উল্লেখযোগ্য উপপ্ৰজাতি হ’ল৬-
- Eudynamys scolopaceus scolopaceus (Linnaeus, 1758). পাকিস্তান, ভাৰত, নেপালl, বাংলাদেশ, শ্ৰীলংকা।
- Eudynamys scolopaceus chinensis (Cabanis and Heine, 1863). দক্ষিণ চীন আৰু ইণ্ডোনেছিয়া,
- Eudynamys scolopaceus harterti (Ingram, 1912). হাইনান (Hainan).
- Eudynamys scolopaceus malayana (Cabanis and Heine, 1863).৭
- Eudynamys scolopaceus mindanensis (Linnaeus,1766) ফিলিপাইন
বসতিস্থল

কুলি চৰাই বিশেষকৈ কাঠনি আৰু খেতি পথাৰ আদিত পোৱা যায়। এই প্ৰজাতিটো নতুন বসতিস্থলত আবাদী বিস্তাৰ কৰাত অভ্যস্ত বুলি জনা যায়৮
আচৰণ

কুলি চৰাই এবিধ উমনি পৰজীৱী (brood parasite)॥ ইহঁতে প্ৰধানকৈ কাউৰীৰ বাহত এটাকৈ কণী পাৰি পোৱালি জগায়।৯ শ্ৰীলংকাত ১৮৮০ চনলৈকে কুলিয়ে ঢোৰাকাউৰীৰ বাহত কণী পৰাৰ কথা জনা যায়, কিন্তু পিছলৈ পাতিকাউৰীৰ বাহটো কণী পাৰিবলৈ লয়।১০ ভাৰতবৰ্ষত হোৱা এটা অধ্যয়নৰ পৰা পোৱা তথ্য অনুসৰি কুলিয়ে ৫% পাটিকাউৰী (Corvus splendens) আৰু ০.৫% ঢোৰাকাউৰী (Corvus macrorhynchos)ৰ বাহত কণী পাৰে১১ বাংলাদেশত ই একাদিক্ৰমে ৩৫.৭%, ৩১.২% আৰু ১০.৮% Long-tailed Shrike (Lanius schach), শালিকা (Common Myna, Acridotheres tristis) আৰু পাটিকাউৰী (House Crows,Corvus splendens)ৰ বাহত কণী পাৰে বুলি জনা গৈছে।১২ কম উচ্চতা আৰু ফল-মূলৰ গছৰ ওচৰত থকা চৰাইৰ বাহ কুলি চৰায়ে পছন্দ কৰে।১৩ ইহঁতে সাধাৰণতে এটা বা দুটা কণী পাৰে কিন্তু কেতিয়াবা সাতৰ পৰা এঘাৰটালৈকে কণী পৰাৰো তথ্য পোৱা গৈছে।১৪১৫১৬ মাইকী কুলিয়ে কণী পৰাৰ আগেয়ে পোষক(host)ৰ কণী আঁতৰাই লয়। ১২-১৪ দিনৰ ভিতৰত কণী ফুটে।৬ কুলি চৰাই সৰ্বভক্ষী। ইহঁতে বিভিন্নধৰণৰ পোক-পতংগ, বিছা, কণী, সৰু জীৱ তথা ফল-মূল খায় জীয়াই থাকে।১৭
অন্যান্য উৎস
- Eates,KR (1938) The status of the Koel (Eudynamys scolopaceus L.) in Sind. J. Bombay Nat. Hist. Soc. 40(2):328.
- Grimmett, Richard; Inskipp, Carol, Inskipp, Tim & Byers, Clive (1999): Birds of India, Pakistan, Nepal, Bangladesh, Bhutan, Sri Lanka, and the Maldives. Princeton University Press, Princeton, N.J.. ISBN 0-691-04910-6
- Jose,TV (1980) Koels. Newsletter for Birdwatchers . 20(4), 17.
- Menon, G.K.; Shah, R.V. (1979) Adaptive features in juvenal plumage pattern of the Indian Koel Eudynamys scolopacea: host mimesis and hawk-pattern. Journal of the Yamashina Institute for Ornithology 11(2):87-95
- Neelakantan,KK (1980) The breeding of the Indian Koel Eudynamys scolopacea. Newsletter for Birdwatchers . 20(1):7.
- Parasharya,BM (1985) Comments on eye color in the Koel Eudynamys scolopacea. Newsletter for Birdwatchers . 25(1-2), 11-12.
- Ray-Chaudhuri, R. (1967) Mitotic and meiotic chromosomes of the koel Eudynamys scolopacea scolopacea. Nucleus 10: 179-189. (Study notes that the W chromosome is the 6th largest one and has the centromere in a subterminal position.)
- Ryall C (2003) Mimicry of a crow chick by an Asian koel Eudynamys scolopacea as a defence against attack by house crows Corvus splendens. J. Bombay Nat. Hist. Soc. 100(1):136-137
- Santharam,V (1979) Crows feeding young koel. Newsletter for Birdwatchers . 19(7), 4.
- Sarkar AK, Maitra SK, Midya T. (1976) Histological, histochemical and biochemical effects of cadmium chloride in female koel (Eudynamys scolopacea). Acta Histochem. 57(2):205-11.
- Sarkar AK, Maitra SK, Midya T. (1977) Effects of reserpine on female reproductive organs of the Indian koel Eudynamys scolopacea scolopacea (L). Indian J Exp Biol.15(5):349-51.
বহিঃ সংযোগ
- Song of the Indian Koel
- Common Koel videos, photos & sounds on the Internet Bird Collection
- Calls, Xeno-Canto Asia
- The Koel in Singapore
তথ্যসূত্ৰ
- ↑ David, N & Gosselin, M. (2002). The grammatical gender of avian genera.. Bull B.O.C.. পৃ. 257–282
- ↑ Penard, TE. (1919). The name of the black cuckoo. Auk. পৃ. 569–570
- ↑ Corlett, RT & IKW Ping. (1995). Frugivory by Koels in Hong Kong.. Mem. Hong Kong Nat. Hist. Soc.. পৃ. 221–222
- ↑ CRC Handbook of Avian Body Masses by John B. Dunning Jr. (Editor). CRC Press (1992), ISBN 978-0-8493-4258-5
- ↑ (2011)
- ↑ Payne, RB. (2005). The Cuckoos. Oxford University Press
- ↑ Ripley, SD. (1946). The Koels of the Bay of Bengal.. The Auk. পৃ. 240–241
- ↑ Rawlinson PA; RA Zann; S Balen & IWB Thornton. (1992). Colonization of the Krakatau islands by vertebrates. GeoJournal. পৃ. 225–231
- ↑ Goodwin D. (1983). Crows of the World. Queensland University Press, St Lucia, Qld. ISBN 0-7022-1015-3
- ↑ Phillips, WWA. (1948). Cuckoo problems of Ceylon. Spolia Zeylanica. পৃ. 45–60
- ↑ Lamba, BS. (1976). The Indian crows: a contribution to their breeding biology, with notes on brood parasitism on them by the Indian Koel. Records of the Zoological Survey of India. পৃ. 183–300
- ↑ Begum, Sajeda; Moksnes, Arne; Røskaft, Eivin; Stokke, Bård G. (2011). Interactions between the Asian koel (Eudynamys scolopacea) and its hosts. Behaviour. পৃ. 325–340
- ↑ Begum S; Moksnes A; Røskaft E; Stokke BG. (2011). Factors influencing host nest use by the brood parasitic Asian Koel (Eudynamys scolopacea). Journal of Ornithology. পৃ. 793–800
- ↑ Jacob,JR. (1915). Seven Koel's eggs in one nest. J. Bombay Nat. Hist. Soc.. পৃ. 191–192
- ↑ Jones, AE. (1916). Number of Koel's E. honorata eggs found in one nest. J. Bombay Nat. Hist. Soc.. পৃ. 370
- ↑ Abdulali,H. (1931). Eleven Koel eggs in a Crow's nest. J. Bombay Nat. Hist. Soc.. পৃ. 458
- ↑ Pratt, Thane K., T. K. (1 May 1984). Examples of tropical frugivores defending fruit-bearing plants. The Condor. পৃ. 123–129
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলি” প্ৰবন্ধৰ সংশোধন ৬৩১৭৫৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।