তগৰ (বৈজ্ঞানিক নাম: Gardenia jasminoides) অসমত খুবেই পৰিচিত এক ফুল। এই ফুলৰ মুল বাসস্থান হল এছিয়া। বহু বছৰ পূৰ্বৰ পৰায়ে চীন দেশত ইয়াৰ খেতি কৰা হয়। ১৮ শতিকাৰ পৰাহে এই ফুল ইংৰাজ সকলৰ বাগিচাত স্থান পায়। শুভ্ৰ ফুল আৰু উজ্জ্বল সেউজীয়া পাতেৰে ই এবিধ গুল্মজাতীয় উদ্ভিদ। তগৰ ফুলৰ মুখ্য আকৰ্ষণ হৈছে ইয়াৰ সুন্দৰ গোন্ধ। সেয়ে ইয়াৰ আন এটি নাম হ'ল গন্ধৰাজ। ইংৰাজী ভাষাত ইয়াক Gardenia,১ Cape Jasmine, Cape Jessamine,১ Danh-Danh,১ Jasmin১ আদি নামেৰে জনা যায়।
নামকৰণ
এজন বিখ্যাত আমেৰিকান প্ৰকৃতিবীদ আলেকজেণ্ডাৰ গাৰ্ডেন (১৭১৩ – ১৭৯১)-ৰ নাম অনুসৰি তগৰ ফুলৰ বৈজ্ঞানিক নামকৰণ কৰা হয়।
তগৰ ফুলক বঙালী ভাষাত গন্ধৰাজ বুলি কোৱা হয়। আনহাতে হিন্দী ভাষাত তগৰ গছক অনন্ত বৃক্ষ (अनंत वृक्ष) বুলি কোৱা হয়। নেপালী ভাষাত এইবিধ ফুলক ইন্দ্ৰকমল (इन्द्रकमल) বোলা হয়।
বৰ্ণনা
কফি গছ প্ৰজাতিৰ এই চিৰসেউজীয়া উদ্ভিদ ১৫ মিটাৰ পৰ্যন্ত ওখ হয়।২ সুন্দৰ ফুল আৰু উজ্জ্বল পাতৰ উপৰিও মন মতলীয়া কৰা গোন্ধৰ বাবে তগৰক আলংকাৰিক গছ হিচাপে ফুলনি বা পদূলিত ৰুপন কৰা হয়। ফুলবোৰ সাধাৰণতে বসন্ত কালত ফুলে আৰু কেইবাদিনলৈ সতেজ হৈ থাকে।
ব্যৱহাৰ
গৃহসজ্জা আৰু পুষ্পসজ্জাৰ বাবে ঘাইকৈ তগৰ ফুল ব্যৱহাৰ হয়। পূজা-পাৰ্বনতো ইয়াৰ ফুল ব্যৱহাৰ হয়। বিহুত অসমীয়া যুৱতীয়ে তগৰ ফুল খোপাত মাৰে।
তগৰ ফুলৰ পৰা বিভিন্ন সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰা হয়। তদুপৰি ইয়াৰ পৰা এক হালধীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ প্ৰস্তুত কৰা হয়, যি কাপোৰ আৰু খাদ্যত ৰং দিবলৈ ব্যৱহাৰ কৰা হয়।
পৰম্পৰাগত চীনা চিকিৎসা পদ্ধতিত ইয়াৰ গুটি ব্যৱহাৰ কৰা হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ USDA GRIN Taxonomy
- ↑ Ellis, John (1759). "An Account of the Plants Halesia and Gardenia: In a Letter from John Ellis, Esq; F. R. S. to Philip Carteret Webb, Esq; F. R. S." Phil Trans R Soc 1759 51: 929-935
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তগৰ” প্ৰবন্ধৰ সংশোধন ৫৪০৯৩১ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।