খৰিকাজাঁই হৈছে Oleaceae পৰিয়ালৰ অন্তৰ্গত এবিধ লতা জাতীয় সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে। ইংৰাজীত ইয়াক মালাবাৰ জেছমিন (Malabar jasmine) আৰু ৱাইল্ড জেছমিন (wild jasmine) বুলি কয়। খৰিকাজাই ফুল অসমৰ গৌৰৱ। ই ভাৰত আৰু শ্ৰীলংকাৰ দক্ষিণ অংশত অৱস্থিত অলিয়াচিয়াপৰিয়ালৰএটা ফুল ফুলা উদ্ভিদ।
ব্যুৎপত্তিবিজ্ঞান
‘জেচমিনিয়াম’ হৈছে পাৰ্চী শব্দৰ লেটিনকৃত ৰূপ, ‘য়াচেমিন’ মিঠা সুগন্ধিযুক্ত উদ্ভিদৰ বাবে।১২
সাধাৰণ নাম
- ইংৰাজী: Malabar jasmine মালাবাৰ জেছমিন wild jasmine ৱাইল্ড জেছমিন
- মাৰাঠী: कुसर কুছৰ, रान मोगरा ৰান মুগ্ৰা
- সিংহলি: পিচ্ছা
- তামিল: கொடிவகை কটিভাকাই
- কানাড়া: কাডু মালিগে
- সংস্কৃত: मुद्गर মুডগৰ
তথ্যসূত্ৰ
- ↑ Gledhill, David (2008). "The Names of Plants". Cambridge University Press. (hardback), (paperback). pp 220
- ↑ Hanks, Patrick; Hardcastle, Kate; Hodges, Flavia. (2006). A Dictionary of First Names. Oxford University Press. পৃ. 138. ISBN 978-0198610601
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খৰিকাজাঁই” প্ৰবন্ধৰ সংশোধন ৬৩১৩৩৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।