অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

চিন্তাৰ ভগ্নাংশ

চিন্তাৰ ভগ্নাংশ (Sintaar Vognaangsho) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৫ চনৰ নৱেম্বৰ মাহত আঁক-বাক প্ৰকাশনৰ পৰা প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ মূল্য ডেৰশ টকা। লেখকে গ্ৰন্থখন আগবঢ়াইছে এনেদৰে, "মৰম আৰু আগ্ৰহেৰে মানস প্ৰতিম বৈদ্যৰ হাতত দিলোঁ...।"

হালনাগাদ: ১৯ ছেপ্তেম্বৰ ২০২১ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

চিন্তাৰ ভগ্নাংশ (Sintaar Vognaangsho) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৫ চনৰ নৱেম্বৰ মাহত আঁক-বাক প্ৰকাশনৰ পৰা প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ মূল্য ডেৰশ টকা। লেখকে গ্ৰন্থখন আগবঢ়াইছে এনেদৰে, "মৰম আৰু আগ্ৰহেৰে মানস প্ৰতিম বৈদ্যৰ হাতত দিলোঁ...।" ১

বিৱৰণ

কিতাপখনৰ পাতনিৰ পৰিৱৰ্তে কলমত কিতাপখনৰ নামৰ সম্পৰ্কত লেখকে লিখিছে, "মোৰ চিন্তাই পূৰ্ণতাৰ কাষ চপা বুলি মই কাহিনীও ভবা নাই। কিন্তু যুক্তিপূৰ্ণ মনোভাব আৰু অসমপ্ৰেমক সাৰথি কৰি তেনে চিন্তাবোৰক সাধ্যানুসৰি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰি আহিছোঁ। সেয়েহে তেনে চিন্তাক ভগ্নাংশ বুলিহে ক'বৰ মন গ'ল।" কিতাপখনত থকা প্ৰবন্ধসমূহ হ'ল১-

  1. অসমীয়াক বচাব কোনে
  2. কুসংস্কাৰৰ পিটনিত অসমীয়া
  3. শংকৰী ভকতৰ ফেচিবাদী ভাবুকিৰ বিৰুদ্ধে
  4. ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু বৰ্তমানৰ কংগ্ৰেছ দল
  5. পৰেশ বৰুৱা আৰু হিন্দী ভাষা
  6. জাত্যভিমান, কুসংস্কাৰ আৰু সত্ৰাধিকাৰ
  7. কোনে বজা বৈষম্যৰ মৃত্যুঘণ্টা?
  8. গোমাংস, সমকামিতা আৰু ভাৰতীয়ৰ ভণ্ডামি
  9. পৰিব্ৰাজক শংকৰদেৱ
  10. অন্ধবিশ্বাসক বলি দিওঁ আহক
  11. ব্ৰাহ্মণ্যবাদ নে ন্যস্তস্বাৰ্থবাদ
  12. কোন দিশে আমি, কোন দিশে আমাৰ শিক্ষা
  13. ভণ্ডামি আৰু গোড়ামিক সম্পূৰ্ণকৈ দলিওৱা সম্ভৱনে?
  14. ন্যস্তস্বাৰ্থই কঢ়িয়াই অনা বৈষম্য
  15. শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি আৰু মহম্মদ আলি জিন্না
  16. ভীমাজুলিৰ পৰা ভেনিজুৱেলালৈ
  17. ঋক্‌বেদ আৰু ধেমাজি
  18. এটা নাৰকীয় হত্যাকাণ্ড, কিছু ভণ্ডামি, কিছু সত্য...
  19. হিন্দী সম্প্ৰসাৰণবাদৰ বিষবাষ্প
  20. এখন তথ্যচিত্ৰৰ নিষেধাজ্ঞাই উদঙালে আমাৰ ভণ্ডামি
  21. মৌনতাৰ ওৰণিয়ে ঢাকি ৰখা যৌনতা বিপজ্জনক
  22. এখন নেদেখা নদীৰ সিপাৰে...
  23. নাৰীৰ হাতত পুৰুষ নিৰ্যাতিত হয়নে
  24. এখন চিঠি আৰু এখন ছবি
  25. গোড়ামি, স্বগোষ্ঠীপ্ৰীতি আৰু মানৱতাবাদ
  26. শংকৰদেৱো বৈষম্যৰ বলি হ'ল নেকি?
  27. ব্লেকমেইলিঙৰ নতুন ষ্টাইলঃ মই মুছলমান হ'ম

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: ময়ূৰ বৰা

ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।৫

লগতে চাওক

চিৰদিন অসমীয়া

তথ্যসূত্ৰ

  1. ↑ ময়ূৰ বৰা. (নৱেম্বৰ,২০১৫). চিন্তাৰ ভগ্নাংশ. আঁক-বাঁক. ISBN 978-93-82726-98-2
  2. ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
  3. ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
  4. ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
  5. ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিন্তাৰ ভগ্নাংশ” প্ৰবন্ধৰ সংশোধন ২৯৮৯৩৪ (১৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।