কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল (K.K. Handiqui Library) হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাল। ই উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এক বৃহৎ আৰু সমৃদ্ধশালী গ্ৰন্থাগাৰ।১ বৰ্তমান এই পুথিভঁৰালত ২,৮০,০০০ তকৈও অধিক গ্ৰন্থ, গৱেষণা পত্ৰ (Theses) আৰু পুৰণি আলোচনী, বাতৰি-কাকত আদি সংৰক্ষণ হৈ আছে। ২০২৪ চনত ভাৰতীয় পুথিভঁৰাল সন্থাৰ (Indian Library Association - ILA) ৬৯সংখ্যক অধিৱেশনত কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰালক 'দেশৰ ভিতৰতে শ্ৰেষ্ঠ বিশ্ববিদ্যালয় পুথিভঁৰাল' (Best University Library in India) হিচাপে পুৰস্কৃত কৰা হয়।২
পুথিভঁৰালটোৰ চমু ইতিহাস
পুথিভঁৰালটোৰ কাম-কাজ প্ৰথমতে ১৯৪৮ চনত চানমাৰিস্থিত (পুৰণি বিশ্ববিদ্যালয় কলনী) অস্থায়ী চৌহদত আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত ১৯৬২ চনত ইয়াক বৰ্তমানৰ স্থায়ী ভৱনলৈ স্থানান্তৰ কৰা হয়।
নামকৰণ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য, প্ৰসিদ্ধ সংস্কৃত পণ্ডিত তথা শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈদেৱৰ ১৯৮২ চনত মৃত্যু হোৱাৰ পিছত, তেখেতৰ স্মৃতিত এই কেন্দ্ৰীয় পুথিভঁৰালটোৰ নাম ‘কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল’ ৰখা হয়। এই পুথিভঁৰালত কৃষ্ণকান্ত সন্দিকৈৰ উইল অনুসৰি নিজৰ ব্যক্তিগত সংগ্ৰহৰ ৭,৫৯৩খন আপুৰুগীয়া গ্ৰন্থ গুৱাহাটী বিশ্ববিদ্যালয়ক দান দি থৈ গৈছিল। এই পুথিসমূহৰ ভিতৰত ইংৰাজী, সংস্কৃত, জাৰ্মান, ফৰাচী, গ্ৰীক, লেটিন, ইটালিয়ান, ৰাছিয়ান, স্পেনিছ, পালি আৰু প্ৰাকৃত আদিকে ধৰি ১১টা বিভিন্ন ভাষাৰ দুৰ্লভ কিতাপ অন্তৰ্ভুক্ত হৈ আছে।
পাণ্ডুলিপি শাখা
পুথিভঁৰালটোৰ পাণ্ডুলিপি শাখাত প্ৰায় ৪,৫০০খন হাতে লিখা পুথি সংৰক্ষিত হৈ আছে। ইয়াত সাঁচিপাত, তুলাপাত আৰু কাগজত লিপিবদ্ধ অসমীয়া, সংস্কৃত, বঙালী, নেপালী আৰু টাই-বাৰ্মিজ ভাষাৰ বহু ঐতিহাসিক সমল পোৱা যায়। ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ তৎপৰতাত দণ্ডীৰাম দত্তই অসমৰ বিভিন্ন প্ৰান্তৰপৰা এইসমূহ সংগ্ৰহ কৰিছিল।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল” প্ৰবন্ধৰ সংশোধন ৬৩৮২০২ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।