১৯৮৬ চনত অসমত নতুন শিক্ষা-নীতি প্ৰৱৰ্তন কৰা হয় আৰু সেই শিক্ষা-নীতিৰ আধাৰত অসমত প্ৰাথমিক স্তৰৰ পৰা নতুন পাঠ্যপুথি প্ৰণয়নৰ ব্যৱস্থা কৰা হয়। সেই অনুসৰি প্ৰাথমিক স্তৰৰ ‘অসমীয়া মাতৃভাষা’ বিষয়ৰ পাঠ্যপুথি প্ৰস্তুত কৰা হৈছিল। ‘কুঁহিপাঠ’ নামৰ এই পাঠ্যপুথিসমূহৰ সংকলন সম্পাদনা দায়িত্বত আছিল নৱকান্ত বৰুৱা। এই কামত তেওঁৰ সহযোগী হিচাপে আছিল গুৱাহাটীৰ নতুন ফটাশিল টাউন হাইস্কুলৰ প্ৰধান শিক্ষক তথা শিশু সাহিত্যিক গৌৰীকান্ত ভূঞা। প্ৰথম মানৰ বাবে ‘কুঁহিপাঠ প্ৰথম ভাগ’, দ্বিতীয় মানৰ বাবে ‘কুঁহিপাঠ দ্বিতীয় ভাগ’, তৃতীয় মানৰ বাবে ‘কুঁহিপাঠ তৃতীয় ভাগ’ আৰু চতুৰ্থ মানৰ বাবে ‘কুঁহিপাঠ চতুৰ্থ ভাগ’ নামেৰে চাৰিটা ভাগ প্ৰকাশ হৈছিল আৰু প্ৰায় ২০০০ চন পৰ্যন্ত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ‘অসমীয়া মাতৃভাষা’ৰ পাঠ্যপুথি ৰূপে প্ৰচলন আছিল। এই সময়চোৱাৰ ভিতৰত সময়ে সময়ে ইয়াৰ সংশোধন, সংবদ্ধৰ্নো কৰা হৈছিল। কুঁহিপাতৰ প্ৰকাশৰ দায়িত্বত আছিল অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড, গুৱাহাটী। ‘প্ৰকাশকৰ আগ-কথা’ত উল্লেখ কৰা হৈছে যে এই পাঠ্যপুথিখন অসম প্ৰাথমিক শিক্ষাধিকাৰ আৰু ৰাজ্যিক শিক্ষা আৰু গৱেষণা পৰিষদে যৌথভাৱে অনুমোদন দিয়া পাণ্ডুলিপি।১
শিশু পাঠ্যপুথি হিচাপে ‘কুঁহিপাঠ’
‘কুঁহিপাঠ’তো অসমীয়া ভাষাৰ একেবাৰে প্ৰাথমিক দিশ যেনে- বৰ্ণ পৰিচয়, শব্দ-গঠন, যুক্তাক্ষৰ, উচ্চাৰণ আদি মৌখিক দিশৰ সমান্তৰালকৈ আখৰ লিখন, স্বৰচিহ্ন, যুক্তাক্ষৰ সংযোগত আখৰৰ পৰিৱৰ্তন, ব্যাকৰণৰ নিয়ম আদিবোৰ দিশ ক্ৰমান্বয়ে আয়ত্ত কৰিবলৈ শিকোৱা হৈছে। প্ৰথম মানৰ বাবে ৰচিত ‘কুঁহিপাঠ’ৰ প্ৰথম ভাগত কেৱল বৰ্ণ পৰিচয় আৰু শব্দত ইয়াৰ ব্যৱহাৰৰ দিশটো শিকোৱা হৈছে। ইয়াত কোনো যুক্তাক্ষৰৰ পৰিচয় দিয়া হোৱা নাই। অৱশ্যে বৰ্ণ পৰিচয়ৰ ক্ষেত্ৰত বৰ্ণমালাৰ ক্ৰম অনুসাৰে নকৰি আখৰৰ গঢ়ৰ দিশৰ পৰা ছাত্ৰ-ছাত্ৰীক শিকোৱাৰ যত্ন কৰা হৈছে। উদাহৰণ স্বৰূপে- ব, ৰ, ৱ, ক, ধ, ঝ। লগতে পাঠৰ তলত কাঁড় চিনেৰে আখৰ লিখাৰ নিৰ্দেশ দিয়া আছে। যুক্তাক্ষৰৰ পৰিচয় দ্বিতীয় মানৰ ‘কুঁহিপাঠ’ত সংযোগ কৰা হৈছে। লগতে যুক্তাক্ষৰৰ লিখন আৰু ব্যৱহাৰ থকা প্ৰচুৰ উদাহৰণ আকৰ্ষণীয় ৰূপত উপস্থাপন কৰা হৈছে। জটিল যুক্তাক্ষৰ বা তিনি-চাৰিটা আখৰৰ যুক্তাক্ষৰৰ পৰিচয় তৃতীয় মানৰ কুঁহিপাঠত দিয়া হৈছে। চতুৰ্থ মানত বাক্য ৰচনা আৰু ব্যাকৰণৰ প্ৰাথমিক বিষয়বোৰৰ পৰিচয় সন্নিবিষ্ট হৈছে। সেইদৰে উচ্ছাৰণৰ বাবে ‘জিভা-কেঁকুৰি’কে ধৰি বহুতো অনুশীলনীৰ সংযোগ আছে। শিশুৰ চৰিত্ৰ গঠনত সহায়ক বিভিন্ন বিষয়ৰ সন্নিবিষ্ট হৈছে। তৃতীয় ভাগত ‘ৰজা আৰু ভাটৌ চৰাই’, ‘ভাল বেয়া’, চতুৰ্থ ভাগত ‘গুণী পুত্ৰ’ [কবিতা], ‘ছৱিৰে পাঠ এক’ আৰু ‘দুই’ ‘হজৰতৰ উপদেশ’ আদিৰ কথাও এই প্ৰসংগতে উল্লেখ কৰিব পাৰি। পৰিষ্কাৰ-পৰিচ্ছন্নতা, শৃংখলাবদ্ধতা, সজ আচৰণ, জাতীয়তাবোধ, ভাতৃত্ববোধ, ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন আদি চৰিত্ৰ গঠনত সহায়ক শিক্ষা কুঁহিপাঠৰ পাতে পাতে পৰিলক্ষিত হয়।
তথ্যসূত্ৰ
- ↑ বৰুৱা, আৰু ভূঞা, [সংকলন আৰু সম্পাদনা], নৱকান্ত আৰু গৌৰীকান্ত. (১৯৯৭). ‘কুঁহিপাঠ’ (নতুন সংস্কৰণ). অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুঁহিপাঠ” প্ৰবন্ধৰ সংশোধন ২৪৬৯৫৩ (২৯ ছেপ্তেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।