অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গছতল স্তম্ভলিপি

গছতল স্তম্ভলিপি হৈছে নগাঁৱৰ ডবকাৰ পৰা প্ৰায় দুই মাইলমান পশ্চিম দিশৰ গছতল নামেৰে ঠাইত অৱস্থিত এটা পুৰণি শিৱ মন্দিৰৰ ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হোৱা অষ্টকোণী শৈলস্তম্ভত খোদিত এখন শৈললিপি।।অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱাই উদ্ধাৰ কৰা এই লিপিখন অঞ্চলটোৰ নামানুসৰি 'গছতল স্তম্ভলিপি' ৰখা হয়।

হালনাগাদ: ৫ মে’ ২০২৬ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

গছতল স্তম্ভলিপি হৈছে নগাঁৱৰ ডবকাৰ পৰা প্ৰায় দুই মাইলমান পশ্চিম দিশৰ গছতল নামেৰে ঠাইত অৱস্থিত এটা পুৰণি শিৱ মন্দিৰৰ ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হোৱা অষ্টকোণী শৈলস্তম্ভত খোদিত এখন শৈললিপি।।১অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱাই উদ্ধাৰ কৰা এই লিপিখন অঞ্চলটোৰ নামানুসৰি 'গছতল স্তম্ভলিপি' ৰখা হয়। ইয়াৰ শৈলকাৰগৰাকীৰ নাম হৈছে শ্ৰীবিষ্ণু বাসধৰ।২৩

এই লিপিখনৰ আকাৰ ৭১×৬ চেঃমিঃ। ইয়াত মুঠ ২৪টা শাৰী আছে। ১৯৪০ চনত এই শৈললিপিখন অসম ৰাজ্যিক সংগ্ৰহালয়লৈ অনা হয়।২

পাঠোদ্ধাৰ

স্তম্ভলিপিখনত খোদিত কথাখিনি এনে ধৰণৰ-

শিমা (সীমা) এৰিয়া যৱান (যৱন) ডৱাকত গয়ত। (শক) ১২৮৪ ৱেদাস্ত ৰাসী (ৰাশি) গণন। ইতি শ্ৰীৱিষ্ণুৱাসধৰ শৈলকাৰ। শকত ম্লেচ্ছ ইথান উযাসাঁ। দেখহু শতাত্ৰিশ বঈৰ বঙাল বহুকাৰ্য (ত) ইহাত ফন্দ। বহাখ জল। তোসভ সঞ্জাত যাস। দিজল শ্ৰী। পঞ্চ কাথ্য (পঞ্চকাৰ্য) বাদ্য ৰোল জল-সেনাই বৈৰীক ভাথি জলান্তশেক খদাবি (খেদাবি)।

ইয়াৰ অৰ্থ এনেদৰে নিৰূপণ কৰা হৈছে:

সীমা এৰি যবনবোৰ ডবকালৈ গৈছে। (শক) ১২৮৪ বেদাষ্ট ৰাশি (সংখ্যা) গণনা। শৈলকাৰ শ্ৰীবিষ্ণুবাসধৰ। এটা বিশাল ম্লেছ (বাহিনী) এই ঠাইৰ পৰা উজাইছে। চোৱা তিনি হাজাৰ বঙাল শত্ৰু ইয়াত বহু কাৰ্যৰ (কৌশলৰ) যোগে ফান্দত পৰিছে। তোমালোক আটায়ে জানি থোৱা। ব'হাগৰ জলেৰে নদী উপচি আছে। পঞ্চকাষ্ঠ বাদ্যযন্ত্ৰই ৰোল কৰক। জলসেনাই শত্ৰুক ভাটীৰ জলান্ত পৰ্যন্ত খেদাই দিয়ক।৪

পূৰ্বানুমান আৰু ব্ৰজাৱলী ভাষাৰে সম্পৰ্ক

লিপিতত্ত্ববিদ পণ্ডিত ৰাজমোহন নাথে এই লিপিখনৰ সম্পূৰ্ণ পাঠোদ্ধাৰ কৰিব পাৰিছিল বুলি দাবী জনাই যি ব্যাখ্যা আগবঢ়াইছিল পিছত প্ৰতাপচন্দ্ৰ চৌধাৰীয়ে এই পূৰ্বানুমান সম্পূৰ্ণ অসত্য বুলি প্ৰমাণ কৰে আৰু নতুনকৈ ইয়াৰ পাঠ পূৰ্ণাংগ ৰূপত উদ্ধাৰ কৰে। ফলত এই স্তম্ভলেখৰ ভাষা সংস্কৃত নহয়, বৰং পুৰণি অসমীয়া গদ্যহে বুলি প্ৰমাণিত হয়। ইয়াত ব্ৰজাৱলী ভাষাৰ 'দেখহু' আদি ৰূপ পোৱা গৈছে। এই সম্পৰ্কত কৰা অধ্যয়নৰ জড়িয়তে উপেন্দ্ৰনাথ গোস্বামীয়ে সেইসময়ত অসমত ব্ৰজাৱলী সদৃশ ভাষা এটাৰ প্ৰচলন আছিল বুলি সম্ভাৱনা দেখুৱাইছে।২ মাধুৰ্যমণ্ডিত বৰুৱাই এই ভাষাটোক শঙ্কৰদেৱ-পূৰ্বকালৰে পৰা ভূখণ্ডটোত প্ৰচলিত লোকভাষা বুলি ক'ব খোজে। বৰুৱাৰ বুৰঞ্জী মতে, শঙ্কৰদেৱে ব্যৱহাৰ কৰা ভাষাটো স্পষ্টৰূপত অসমৰ লোকভাষা। শঙ্কৰদেৱ-সৃষ্ট কৃটিম ভাষাৰূপ নাছিল। (মাধুৰ্যমণ্ডিত বৰুৱা। অসম বুৰঞ্জী। তৃতীয় খণ্ড। পৃ. ৪০৮-৪০৯)

ৰাজমোহন নাথে দাবী কৰা পাঠোদ্ধাৰ কৰা মতে- বিশ্বসুন্দৰদেৱ আছিল কাছাৰ, জয়ন্তীয়া আৰু লংকা অঞ্চলৰ এগৰাকী শক্তিশালী ৰজা। তেওঁ ম্লেছসকলক পৰাস্ত কৰি ডবকাত ১১৪৯ শকৰ ৮ ব'হাগত এক যজ্ঞ পাতে আৰু এই স্তম্ভলিপিখন লিখায়।

মুখ্য প্ৰত্নতাত্ত্বিক স্থান

গছতল প্ৰত্নতাত্ত্বিক স্থানত শিৱলৈ বুলি উৎসৰ্গিত দুটা শিলৰ মন্দিৰ আছে। ইয়াত কমেও চাৰিখন দুৱাৰৰ সৈতে এটা গৰ্ভগৃহ আৰু মণ্ডপৰ প্ৰমাণ পোৱা গৈছে। দুৱাৰৰ শীৰ্ষৰ বিম আৰু দুইকাষত থকা খোদিত শিল্পকৰ্মত গণেশ, উপাসক, সোঁফালে জপমালা আৰু বাওঁহাতত ত্ৰিশূল লৈ থিয় হৈ থকা শিৱৰ মূৰ্তি, ব্যালৰ কাষে কাষে জলৰ ফুলদানি, হাতী, ফুল, পাত, জীৱ-জন্তু, মেৰখাই থকা আকৃতিৰ সাপ আৰু আমলকত ৰখা ফুলদানি আদিৰে গঠিত। ইয়াত শেল আৰু পাশ ধৰি থকা দুৱাৰৰ ৰখীয়াৰ দৰে শৈৱী চৰিত্ৰৰ আকৃতি উল্লেখযোগ্য। প্ৰমাণসমূহে খ্ৰীষ্টীয় ১০ -১১ শতিকাৰ সময়ছোৱাত এই স্থানত শিলৰ মন্দিৰৰ বিকাশৰ ইংগিত দিয়ে। এই স্থানৰ পৰা প্ৰায় ১২০০-১৩০০ খ্ৰীষ্টাব্দৰ এখন শিলালিপি উদ্ধাৰ কৰা হৈছে।৫ এই শিলালিপিখনকে 'গছতল স্তম্ভলিপি' নামেৰে নামংকৃত কৰা হৈছে।

লগতে চাওক

সহায়ক গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ ড. নিৰোদ বৰুৱা, ড. সুৰজিত বৰুৱা (২০০৭). স্নাতক মহলাৰ অসমৰ ইতিহাস. কে.এম. পাব্‌লিছিং, (২য় সংস্কৰণ). পৃ: ১১ আৰু পৰিশিষ্ট-১ ৰপৰা আহৰিত
  2. ↑ ডেকা, বৰ্ণালী. লিপি আৰু পাঠ সমীক্ষা. কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়. পৃ. ৬২-৬৩
  3. ↑ কটকী, সৰ্বেশ্বৰ. (২০০৩). অসমীয়া প্ৰাচীন লিপি. বনলতা
  4. ↑ Sarma, Dimbeswar. Kamrupa Sasanavali. Pramod Kalita, Banalata. পৃ. 281
  5. ↑ Protected Archaeological Sites and Monuments. GOVERNMENT OF ASSAM. পৃ. ৬২

সম্পৰ্কিত শ্ৰেণী

অসমৰ ভাষা আৰু লিপিঅসমৰ ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গছতল স্তম্ভলিপি” প্ৰবন্ধৰ সংশোধন ৬০৪৫৬০ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।