কেলা (Kela) হৈছে অসমীয়া সমাজত বহুল প্ৰচলিত এটা ইতৰ শব্দ।১ লিখিত ভাৱে এই শব্দৰ প্ৰচলন খুৱেই কম যদিও অসমীয়া সমাজ জীৱনৰ সৈতে এই শব্দটো ওতপ্ৰোত ভাৱে জড়িত। মনৰ ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে বিভিন্ন মুহূৰ্তত অসমীয়া মানুহে এই ইতৰ শব্দটোৰ ব্যৱহাৰ কৰে।
শব্দ তত্ত্ব
বুৰঞ্জিৰ তথ্য অনুসৰি কেলা শব্দটি ত্তাইমূলীয় শব্দ " ক্লা " ৰ অপভ্ৰংশ ৷ যাৰ অৰ্থ হিন্দু বুলি জনা যায়৷ আহোম সকল অসমলৈ অহাৰ সময়ত সমাজৰ একেবাৰে নিম্ন শ্ৰেণীৰ এচাম এলেহুৱা মানুহক আহোম সকলে ক্লা নামাকৰণ কৰিছিল৷ সেইসকলৰ ধৰ্ম সংস্কৃতি আহোমৰ লগত সম্পূৰ্ণ অমিল আছিল আৰু জীৱন ধাৰণৰ মানদণ্ড অতি নিম্নখাপৰ আছিল৷ ক্ৰমান্বয়ে আহোমসকলৰ ৰাজ্য বিস্তাৰ হোৱাৰ লগে লগে এই ক্লা সকলক নিজৰ নিজৰ কিছু কামত দাস হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিছিল ৷ এই ক্লা সকল আহোমৰ তলতীয়া হোৱাৰ পাছৰ পৰা তেওঁলোকৰ ইতৰ আৰু ধোদালি অৱস্থাবোৰলৈ চাই ৰাজকীয় আহোম সকলে তেওঁলোকক ক্লা বুলি তুচ্ছ্যাৰ্থত দাবী ধমকনি দি কাম কৰাইছিল ৷ ক্ৰমান্বয়ে এই ক্লা শব্দৰ অপভ্ৰংশ হৈ পাছলৈ কেলা হ'ল বুলি জনা যায় ৷২ ৩৪
আকৌ আন এক তথ্য অনুসৰি কেলা শব্দই অৰ্থগত ভাৱে জীৱৰ পুৰুষ জননাংগক বুজায়,৫ ইয়াৰোপৰি কেলাৰ মাধ্যমেৰে কল নামৰ এবিধ ফলকো বুজোৱা হয় যিটোৱে আওপকীয়াকৈ পুৰুষৰ জননাংগকে প্ৰতিনিধিত্ব কৰে। ইতৰ শব্দ ফাক (ইংৰাজী ভাষাৰ অশ্লীল শব্দ, যিয়ে প্ৰায়ে যৌন সম্পৰ্কৰ কাৰ্য্যক বুজায়)ৰ প্ৰতিশব্দ হিচাপে কেলা শব্দৰ ব্যৱহাৰ হয়।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলা” প্ৰবন্ধৰ সংশোধন ৪৬২৯৯৬ (১০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।