গেটওৱিয়ান (ইংৰাজী ভাষা: Gatewayian) হৈছে গেটৱে একাডেমী জুনিয়ৰ কলেজ,বাইহাটা চাৰিআলিৰ পৰা প্ৰকাশিত ই-মুখপত্ৰ। অসমৰ ভিতৰত এইখনেই প্ৰথমখন কোনো কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰভাৱে প্ৰকাশিত ই-মুখপত্ৰ।
লক্ষ্য আৰু উদ্দেশ্য
ইউনিকোডত লিখা-মেলা আৰু সাহিত্য চৰ্চাৰ বিষয়ে জীৱনৰ প্ৰথমখন খেলপথাৰতে ছাত্ৰ-ছাত্ৰীক আভাস দিয়াই গেটওৱিয়ানৰ মূল লক্ষ্য আৰু উদ্দেশ্য। ইয়াৰ বাহিৰেও গেটওৱিয়ানৰ অইন কেতবোৰ উদ্দেশ্য হৈছে -
- সকলোস্তৰৰ সকলো পাঠক-পাঠিকাকে সকলো সময়তে বিনামূলীয়াকৈ আলোচনীখনৰ পঠনৰ সুযোগ দিয়া।
- আলোচনীত থকা মন্তব্য আৰু মেইলৰ সুবিধাৰ যোগেদি পঢ়ুৱৈক তাক্ষণিক আৰু পোনপটীয়াভাৱে মতামত প্ৰকাশৰ ব্যৱস্থা কৰা।
- আলোচনীৰ উপাদেয় লেখাবোৰ যাতে সময়ৰ গৰাহত হেৰাই নাযায় তাৰ বাবেও গেটওৱিয়ানে সংৰক্ষকৰ কাম কৰিব।
- সাধাৰণ আলোচনীত স্থানাভাৱত যোগ্য লেখা প্ৰকাশ কৰিব নোৱাৰাৰ অসুবিধাৰ পৰা ই-আলোচনী গেটওৱিয়ান মুক্ত।
আলোচনীৰ লেখক-লেখিকা
গেটওৱিয়ানত মুখ্যতঃ ছাত্ৰ-ছাত্ৰী আৰু মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ লেখাহে প্ৰকাশ কৰা হয় যদিও অতিথি লেখকৰ নিৰ্বাচিত লেখা, সাক্ষাৎকাৰ আদিও প্ৰকাশ কৰাৰ হয়। লেখনিসমূহ সংগ্ৰহ কৰি, বাচনি কৰি, প্ৰয়োজনবোধে হাত ফুৰোৱাৰ আৰম্ভ কৰি পৰা আপলোড কৰালৈকে দায়িত্বসমূহ কাৰিকৰী সমিতিকে সম্পাদনা সমিতিৰ বিভিন্ন উপ-সমিতি সমূহে নিয়াৰিকৈ কৰে। লেখা প্ৰকাশৰ ক্ষেত্ৰত সম্পাদকৰ সিদ্ধান্তই চৃড়ান্ত সিদ্ধান্ত।
নকল লেখাক কেতিয়াও প্ৰশ্ৰয় দিয়া নহয় আৰু কোনোবাই উপযুক্ত প্ৰমাণসহ আঙুলিয়াই দিয়ামাত্ৰেই তেনে লেখা মচি পেলোৱাৰ ব্যৱস্থা কৰা হয়।
আলোচনীত প্ৰকাশিত লেখাসমূহ লেখক আৰু গেটওৱিয়ানৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত।
সম্পাদকৰ তালিকা
সদ্যহতে প্ৰতি বছৰে মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ দিনা প্ৰকাশ পাবলগীয়া আলোচনীখনৰ প্ৰতিটো সংখ্যাৰ বাবে মহাবিদ্যালয়ত অধ্যয়নৰত যিকোনো এগৰাকী যোগ্য শিক্ষাৰ্থীক সম্পাদকৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ২০১৮ চনৰ পৰা আত্মপ্ৰকাশ কৰা গেটওৱিয়ানৰ সম্পাদকৰ তালিকা এনেধৰণৰ -
| বৰ্ষ | সম্পাদকৰ নাম |
|---|---|
| ২০১৮-১৯ | প্ৰিয়ম প্ৰীতম |
গেটওৱিয়ান কেনেকৈ পঢ়িব পাৰিব?
gatewian.com এই লিংকত ক্লিক কৰি আপোনালোকে যিকোনো ঠাইৰ পৰা যিকোনো ডিভাইছৰ সহায়েৰে গেটওৱিয়ানৰ শেহতীয়া সংখ্যাত চকু ফুৰাব পাৰে। গেটওৱিয়ান ত আপোনাৰ ব্যক্তিগত তথ্যসমূহ সম্পূৰ্ণ সুৰক্ষিত।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেটওৱিয়ান” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৭৪ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।