হেলা (Hela) হৈছে মাৰ্ভেল কমিক্সৰ দ্বাৰা প্ৰকাশিত আমেৰিকান কমিক বুকসমূহৰ এক কাল্পনিক চৰিত্ৰ। এছগাৰ্ডৰ মৃত্যুৰ দেৱীৰ ৰূপত মৃত্যুৰ নৰ্ছ দেৱী হেলৰ ওপৰত এই চৰিত্ৰটো আধাৰিত। তেওঁ হেল আৰু নিফলহেইমৰ শাসক তথা সততে বিজুলী-গাজনিৰ দেৱতা থৰৰ শত্ৰু। কমিক বুকসমূহৰ ৰূপালী যুগ হিচাপে পৰিগণিত (১৯৫৬-১৯৭০ চন) সময়ছোৱাত হেলাই প্ৰথমবাৰৰ বাবে জাৰ্নি ইনটু মিষ্ট্ৰী #১০২-ত আত্মপ্ৰকাশ কৰে। এই চৰিত্ৰটো সম্পাদক/লেখক ষ্টেন লী আৰু শিল্পী/লেখক জেক কাৰ্বিয়ে নৰ্ছ কিংবদন্তিৰ পৰা অভিযোজিত কৰিছিল।
অষ্ট্ৰেলিয়াৰ অভিনেত্ৰী কেট ব্লেঞ্চেটে মাৰ্ভেল চলচ্চিত্ৰ মহাবিশ্বৰ অন্যতম চলচ্চিত্ৰ থৰ: ৰাংনাৰক (২০১৭)ত হেলাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।
প্ৰকাশৰ ইতিহাস
হেলা হৈছে নৰ্ছ আখ্যানসমূহৰ পৰা ষ্টেন লী আৰু জেক কাৰ্বিয়ে কৰা অভিযোজন আৰু প্ৰথমবাৰৰ বাবে জাৰ্নি ইনটু মিষ্ট্ৰী #১০২ (মাৰ্চ ১৯৬৪) সংখ্যাত চৰিত্ৰটোৱে আত্মপ্ৰকাশ কৰে।১
জীৱনী
হেলাৰ জন্ম হৈছিল দৈত্যসকলৰ দেশ জোটানহেইমত। তেওঁ লোকি (পূৰ্বৰ ৰাংনাৰকৰ সময়ত মৃত্যুবৰণ কৰা এক ভিন্ন জন্ম ২) আৰু দৈত্যনী এংৰবডাৰ সন্তান। প্ৰাপ্তবয়স্ক হোৱাত দেৱৰাজ অডিনে তেওঁক মৃতকসকলৰ দেৱী হিচাপে নিযুক্ত কৰে আৰু হেল তথা নিফলহেইম ৰাজ্যত মৃতকসকলৰ ওপৰত শাসনভাৰ প্ৰদান কৰে।
হেল বা নৰকৰ ৰাণী
হেলাই সততে ভালহালাত বাস কৰা মৃতকসকলৰ পৰ্যায়লৈকে নিজৰ শক্তি সম্প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰিছিল। এই প্ৰচেষ্টাসমূহৰ বাবে প্ৰায়ে তেওঁ অডিন বা তেওঁৰ পুত্ৰ থৰৰ সৈতে সংঘাতত লিপ্ত হৈছিল। এবাৰ থৰে ৰেকাৰৰ সৈতে যুঁজ দিয়াৰ পিছত এটা অট্টালিকাৰ খুন্দাত মৃত্যুৰ দুৱাৰদলিত থাকোঁতে হেলা থৰৰ কাষত উপস্থিত হয়। ৩ সকলোৰে মনত ভালহালাত বাস কৰাৰ এক সুকীয়া ছবি থকা স্বত্বেও তেওঁ থৰক ভালহালাত প্ৰৱেশ কৰিবলৈ প্ৰলোভিত কৰাত ব্যৰ্থ হয়।৪ পিছত লোকিয়ে এছগাৰ্ড অধিগ্ৰহণ কৰাৰ পৰিকল্পনা কৰাৰ অংশস্বৰূপে অডিন চিৰন্তন নিশাৰ সাগৰত নিমজ্জিত হৈ থাকোঁতে শুই থকা অডিনৰ আত্মাৰ এটা অংশ হেলাই চুৰি কৰে আৰু ইনফিনিটি নামেৰে জনাজাত এক শক্তিশালী সত্তাৰ সৃষ্টি কৰে।৫ হেলাই বিশ্বব্ৰহ্মাণ্ডক ইনফিনিটিৰ হাতত এৰি দিওঁতে ইনফিনিটিয়ে আনকি অডিনৰ ওপৰতো নিয়ন্ত্ৰণ লাভ কৰিছিল।৬ হেলাই এবাৰ থৰক হত্যা কৰিছিল যদিও তেওঁক হেলাৰ সেৱক দ্য ছাইলেণ্ট ৱানৰ বলিদানৰ দ্বাৰা পুনৰ জীৱিত কৰা হৈছিল। ৭ ইয়াৰ পিছত থৰক ৰক্ষা কৰিবলৈ হেলাক অডিনে হত্যা কৰে যদিও জীৱন আৰু মৃত্যুৰ প্ৰাকৃতিক ভাৰসাম্য পুনৰুদ্ধাৰ কৰিবলৈ থৰে পতিয়ন নিওৱাৰ বাবে পুনৰ অডিনে তেওঁক জীৱনদান কৰে। আন এবাৰ হেলাই থৰক বিচাৰি উলিয়াই হত্যা কৰিছিল যদিও ছিফে থৰৰ সলনি মৃত্যুবৰণ কৰাৰ প্ৰস্তাৱ দিয়াৰ পিছত তেওঁক পুনৰ জীৱিত কৰি তোলে।৮
হেলাই অলিম্পিয়ান মৃত্যুৰ দেৱতা প্লুটোৰ সৈতে দৈত্য মেনগগে হত্যা কৰা অডিনৰ আত্মাৰ অধিকাৰ দাবী কৰাৰ বাবে যুঁজ দিয়ে।৯ ফলস্বৰূপে হেলাই অডিনক পুনৰ জীৱিত কৰি তোলে যাতে প্লুটোৱে তেওঁৰ আত্মাক দাবী কৰিব নোৱাৰে।১০ ইয়াৰ পিছত হেলা ক্ৰমে থৰ১১ আৰু অডিনৰ সন্মুখীন হয়।১২ তাৰ পিছত তেওঁ লোকিৰ লগ লাগি দেৱতা বাল্ডাৰক হত্যা কৰি ৰাংনাৰক আনিবলৈ ষড়যন্ত্ৰ কৰে আৰু এছগাৰ্ড আক্ৰমণ কৰে। ইয়াৰ আগতে হেলাই লোকি আৰু তেওঁক ৰাংনাৰকৰ বিষয়ে ক'বলৈ ভ'লাৰ আত্মাক মাতি আনে আৰু এছগাৰ্ড আক্ৰমণ কৰিবলৈ দানৱৰ এটা সৈন্যবাহিনী সাজু কৰে। অৱশ্যে অডিনে বাল্ডাৰৰ মৃত্যু প্ৰতিহত কৰিবলৈ তেওঁৰ শক্তি ব্যৱহাৰ কৰে।১৩ পিছত এছগাৰ্ডিয়ানৰ মৃত্যু আৰু পুনৰুত্থানৰ পৰৱৰ্তী সময়ছোৱাত ছেলেষ্টিয়েলৰ সৈতে যুঁজ দিয়াৰ পিছত বাল্ডাৰক পুনৰুজ্জীৱিত কৰা হয়।১৪
এই ঘটনাৰ পিছত হেলাই অ'লেৰাছ নামৰ অদ্বিতীয় যোদ্ধা এজনৰ বিৰুদ্ধে যুদ্ধত সহায় কৰিবলৈ ভেল্কিৰিসকলক মাতি পঠিয়াই আৰু আন ডিফেণ্ডাৰসকলৰ মুখামুখি হয়।১৫ হেলাই অনিচ্ছা স্বত্বেও অডিনৰ বিৰুদ্ধে লোকি আৰু টাইৰৰ ষড়যন্ত্ৰত যোগ দিবলৈ বাধ্য হয়১৬ আৰু পৃথিৱীৰ আন আন মৃত্যু-দেৱতাসকলৰ সৈতে এক মিত্ৰযোঁট বান্ধি তেওঁলোকৰ ৰাজ্যসমূহ একেলগ কৰি এখন সুবিশাল নৰকৰ সৃষ্টি কৰে। ফলস্বৰূপে, ডেমোগৰ্জ দ্য গড-ইটাৰে তেওঁলোক আটাইকে গ্ৰাস কৰে। কিন্তু ডেমোগৰ্জৰ পৰাজয়ৰ লগে লগে তেওঁলোক পুনৰ জীৱিত হৈ উঠে।১৭
পিছলৈ হেলাই মেলেকিথৰ সৈতে মিত্ৰতা কৰি পৃথিৱীৰ নশ্বৰ লোকসমূহৰ আত্মাক হেল বা নৰকলৈ লৈ যায়। ১৮ যেতিয়া হেলাই অডিনৰ আত্মা হস্তগত কৰিবলৈ এছগাৰ্ডত উপস্থিত হয় তেতিয়া থৰে তেওঁক সেই ঠাইৰ পৰা বিতাড়িত কৰে।১৯
শক্তি আৰু ক্ষমতাসমূহ
হেলাক এছগাৰ্ডিয়ান হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে আৰু তেওঁৰ এজন এছগাৰ্ডিয়ানৰ শাৰীৰিক উচ্চতা আছে যদিও হেলা জোটানহেইমৰ দৈত্যৰ বংশধৰ। তেওঁৰ শৰীৰত দুয়োটা জাতিৰে গুণ আছে। এছগাৰ্ডিয়ান দেৱতাসকলৰ সচৰাচৰ গুণাগুণ যেনে অতিমানৱীয় শক্তি, গতি, সহনশীলতা, ক্ষিপ্ৰতা, প্ৰতিৰোধ আৰু স্থিৰতা আছে।২০ সকলো এছগাৰ্ডিয়ানৰ দৰে হেলাৰো যাদুৰ প্ৰতিৰোধ ক্ষমতা আছে।
হেলাৰ বিভিন্ন ৰহস্যময় শক্তি আছে আৰু এইসমূহ তেওঁ প্ৰক্ষেপণ কৰি এছগাৰ্ডিয়ানসকলৰ বয়স বঢ়াব বা আনকি হত্যাও কৰিব পাৰে। হেলাই শূন্যত উপঙি থকাৰ লগতে ভ্ৰমৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ লগতে তেওঁ ক’লাযাদুৰ ক্ষমতাও আছে। ‘হেণ্ড অফ গ্লোৰী’ নামৰ এক কৌশলৰ সহায়ত হেলাই আনকি এজন এছগাৰ্ডিয়ানকো হত্যা কৰিব পাৰে।
মৃত্যুৰ দেৱী হিচাপে তেওঁ এছগাৰ্ডিয়ান আৰু এছগাৰ্ডিয়ানসকলৰ যিকোনো উপাসকৰ আত্মা দাবী কৰিব পাৰে আৰু তেওঁলোকক হেল বা নিফলহেইমলৈ লৈ যাব পাৰে। ইয়াৰ লগতে হেলা নিমিষতে নখন পৃথিৱীৰ ভিতৰত প্ৰায় যিকোনো ঠাই ভ্ৰমণ কৰিবলৈ সক্ষম। হেলাৰ স্পৰ্শ নশ্বৰ লোকসকলৰ বাবে মাৰাত্মক আৰু তেওঁ হেল বা নৰকলৈ তেওঁলোকৰ আত্মা হৰণ কৰিবলৈ সক্ষম যদিও তেওঁ আকৰ্ষণীয় আত্মা নাপালে সাধাৰণতে নশ্বৰ নায়কসকলৰ আত্মা দাবী নকৰে। সাধাৰণতে কাৰোবাৰ আত্মা দাবী কৰাৰ আগতে ব্যক্তিজনৰ মৃত্যু হোৱালৈকে অপেক্ষা কৰিবলৈ হেলা ইচ্ছুক। কিন্তু তেওঁ এজন স্বাস্থ্যৱান মানুহ বা আনকি এছগাৰ্ডিয়ানকো এটা মাত্ৰ স্পৰ্শৰে হত্যা কৰিব পাৰে। ইয়াক কোৱা হয় 'মৃত্যুৰ স্পৰ্শ'। হেলাই জীৱিত এছগাৰ্ডিয়ানসকলক হত্যা কৰিবলৈ ভ্ৰমৰ শক্তিও ব্যৱহাৰ কৰিব পাৰে।
হেলাৰ হাতত সততে "নাইটছৰ্ড" দেখা পোৱা যায় আৰু তেওঁ এগৰাকী দক্ষ তৰোৱাল যোদ্ধা।
হেল আৰু নিফলহেইমত বাস কৰা সকলো মৃতক হেলাৰ অধীন। কিন্তু ভালহালাৰ মৃতকসকলৰ ওপৰত তেওঁৰ এই ক্ষমতা নৰজে।
অন্যান্য মিডিয়াত
চলচ্চিত্ৰ
- এনিমেটেড ডাইৰেক্ট-টু-ভিডিঅ' চলচ্চিত্ৰ হাল্ক ভাৰ্চাছ থৰত হেলাৰ চৰিত্ৰত জেনিছ জাউদে কণ্ঠ দান কৰিছে।২১ চলচ্চিত্ৰৰ কাহিনীভাগত লোকিয়ে ব্ৰুছ বেনাৰক হাল্কৰ পৰা পৃথক কৰি থৰক পৰাস্ত কৰাৰ এক অপচেষ্টাত বেনাৰক হত্যা কৰে। লোকিয়ে এই কথা অনুধাৱন কৰিব পৰা নাছিল যে বেনাৰেই একমাত্ৰ ব্যক্তি যি হাল্কক নিয়ন্ত্ৰণ কৰিব পাৰে। পিছত থৰে লোকিক ব্ৰুছ বেনাৰৰ আত্মাৰ বাবে কথা পাতিবলৈ হেল বা নৰকলৈ লৈ যায়। লোকিয়ে অৱশেষত বেনাৰক মুকলি কৰিবলৈ হেলাক ছলেৰে সৈমান কৰে যাতে তেওঁ হাল্কৰ সৈতে পুনৰ মিলিত হ'ব পাৰে। অৱশ্যে ইয়াৰ প্ৰতিশোধ কল্পে হেলাই বেনাৰৰ আত্মাৰ পৰিৱৰ্তে লোকিক নৰকত ৰাখি থয়।
- কেট ব্লেঞ্চেট অভিনীত লাইভ-একচন মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ চলচ্চিত্ৰ থৰ: ৰাংনাৰকত হেলাক দেখা পোৱা যায়।২২ পিছে এই সংস্কৰণত লোকিৰ পৰিৱৰ্তে হেলা অডিনৰহে জীয়ৰী।২৩ তেওঁ ম্যলনিৰ চালনা কৰা প্ৰথমগৰাকী এছগাৰ্ডিয়ান।২৪
তথ্যসূত্ৰ
- ↑ Rovin, Jeff. (1987). The Encyclopedia of Supervillains. Facts on File. পৃ. 155. ISBN 0-8160-1356-X
- ↑ Marvel Graphic Novel 15: The Raven Banner
- ↑ Thor #150
- ↑ Thor #154
- ↑ Thor #177
- ↑ Thor #184
- ↑ Thor #186
- ↑ Thor #189-190
- ↑ Thor #199-200
- ↑ Thor #201
- ↑ Thor #251
- ↑ Thor #274
- ↑ Thor #277-278
- ↑ Thor #301
- ↑ The Defenders #66-68
- ↑ Thor #312-314
- ↑ Thor Annual #10
- ↑ Thor #345
- ↑ Thor #354
- ↑ The Official Handbook of the Marvel Universe vol. 2 #5
- ↑ Hela Voice - Mighty Thor franchise | Behind The Voice Actors. behindthevoiceactors.com
- ↑ Strom, Mark. (May 20, 2016). Marvel Studios Confirms Stellar New Cast Members of the Highly Anticipated 'Thor: Ragnarok'. Marvel Studios
- ↑ Kyriazis, Stefan. (18 October 2017). Thor Ragnarok: 'MORON' TV host reveals MASSIVE Hela spoiler – Chris Hemsworth and fan fury. express.co.uk
- ↑ McMillan, Graeme. (November 6, 2017). Where Did the 'Thor: Ragnarok' Hela Twist Come From?. The Hollywood Reporter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেলা (চৰিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৭১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।