অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

হাথৰসৰ দলবদ্ধ বলাৎকাৰ, ২০২০

হাথৰসৰ দলবদ্ধ বলাৎকাৰৰ ঘটনা ২০২০ ৰ ১৪ ছেপ্তেম্বৰৰ দিনা সংঘটিত হয়। সেইদিনা উত্তৰ প্ৰদেশৰ হাথৰস জিলাত চাৰিজন উচ্চবৰ্ণৰ যুৱকে এজনী দলিত সম্প্ৰদায়ৰ ছোৱালীক বলাত্‍কাৰ কৰে। দুসপ্তাহ জুৰি জীৱন-মৃত্যুৰে যুঁজি অৱশেষত পীড়িতা ছোৱালীজনীয়ে দিল্লীৰ হাস্পাতালত মৃত্যুবৰণ কৰে।

হালনাগাদ: ৭ অক্টোবৰ ২০২০ ৬০৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

হাথৰসৰ দলবদ্ধ বলাৎকাৰৰ ঘটনা ২০২০ ৰ ১৪ ছেপ্তেম্বৰৰ দিনা সংঘটিত হয়। সেইদিনা উত্তৰ প্ৰদেশৰ হাথৰস জিলাত চাৰিজন উচ্চবৰ্ণৰ যুৱকে এজনী দলিত সম্প্ৰদায়ৰ ছোৱালীক ধৰ্ষণ কৰে। দুসপ্তাহ জুৰি জীৱন-মৃত্যুৰে যুঁজি অৱশেষত পীড়িতা ছোৱালীজনীয়ে দিল্লীৰ হাস্পাতালত মৃত্যুবৰণ কৰে।১২ ৩

পীড়িতাৰ ভাতৃয়ে দাবী কৰে যে ঘটনা সংঘটিত হোৱাৰ দহদিন পিছলৈকে অপৰাধীক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। পীড়িতাৰ মৃত্যু হোৱাত তেওঁৰ মৃতদেহ পৰিয়ালৰ বিনা সন্মতিত পুলিচে জোৰ-জবৰদস্তি সংস্কাৰ কৰে। অৱশ্যে পুলিচৰ তৰফৰ পৰা এই দাবীক নস্যাৎ কৰা হয়।৪ এই মামলা আৰু তাৰ পৰৱৰ্তী ঘটনাক্ৰমে প্ৰচাৰ মাধ্যমত বহুল প্ৰচাৰ পায় আৰু সমগ্ৰ দেশবাসীকে ইয়াক গৰিহণা দিয়ে। বিভিন্ন সংগঠন আৰু বিৰোধীসকলে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।৫

ঘটনাক্ৰম

এই ঘটনা সংঘটিত হৈছিল ২০২০ৰ ১৪ ছেপ্তেম্বৰৰ দিনা, যেতিয়া এজনী ১৯ বছৰীয়া দলিত সম্প্ৰদায়ৰ ছোৱালী গৰুৰ ঘাঁহ কাটিবলৈ পথাৰলৈ গৈছিল। ছোৱালীজনীক তেওঁৰ দোপাট্টাখনেৰ ডিঙিত মেৰিয়াই চোঁচৰাই নিওঁতে তেওঁৰ ৰাজহাড় ভাগি যায়। অভিযোগমতে চাৰিজন ঠাকুৰ সম্প্ৰদায়ৰ যুৱকে তেওঁক বলাৎকাৰ কৰে।৬৭ ৰাজহাড়ত গুৰুতৰ আঘাত পোৱাত ছোৱালীজনী পক্ষাঘাতগ্ৰস্ত হৈ পৰি ৰয়। ছোৱালীজনীয়ে বলাৎকাৰত বাধা প্ৰদান কৰাত অভিযুক্ত কেইজনে তেওঁক শ্বাসৰুদ্ধ কৰিবৰ চেষ্টা চলায়। তেওঁৰ চিঞৰ মাকে শুনাত ঘটনাস্থলীলৈ দৌৰি আহে আৰু তেওঁক পথাৰত পৰি থকা দেখা পায়। ছোৱালীজনীক প্ৰথমে চান্দপা পুলিচ থানালৈ লৈ যোৱা হয়। কিন্তু পুলিচে অভিযোগ গ্ৰহণতো নকৰিলেই, বৰঞ্চ পৰিয়ালৰ সদস্যসকলৰ মতে পুলিচে তেওঁলোকক অপমানহে কৰে। ২২ ছেপ্তেম্বৰৰ দিনা পুলিচে পীড়িতাৰ জৱানবন্দী লয়। দণ্ডাধীশৰ উপস্থিতিত লোৱা এই জৱানবন্দীত পীড়িতাই দলবদ্ধ বলাৎকাৰৰ বলি হোৱা বুলি ভাষ্য প্ৰদান কৰে।৮

পীড়িতাক প্ৰথমে আলিগড়ৰ জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ভৰ্তি কৰে। পিছলৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক দিল্লীৰ চফদৰজং হাস্পাতাললৈ স্থানান্তৰ কৰা হয়। ২০২০ৰ ২৯ ছেপ্তেম্বৰত তেওঁৰ মৃত্যু হয়।৯১০১১

পোষ্টমৰ্টেম ৰিপ’ৰ্টত ডিঙি তথা দেহৰ বিভিন্ন ঠাইত হোৱা আঘাতৰ বাবে মৃত্যু হোৱা বুলি নিশ্চিত কৰে। ছোৱালীজনীৰ গোপন অঙ্গতো আঘাতৰ চিন দেখা গৈছিল। ফৰেনচিক পৰীক্ষাত নমুনাসমূহত কোনো শুক্ৰাণুৰ অৱস্থিতি ধৰা নাছিল।১২ ১৩যেতিয়া এই খৱৰ সামাজিক মাধ্যমত বিয়পি পৰিছিল, আগ্ৰা পুলিচ, হাথৰস জিলা দণ্ডাধীশ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে ইয়াক ভুৱা খবৰ বুলি আখ্যা দিছিল।১৪ পিছলৈ ৰাজ্যখনৰ এজন জ্যেষ্ঠ পুলিচ বিষয়াই ফৰেনচিক ৰিপ’ৰ্টত শুক্ৰাণুৰ অৱস্থিতি ধৰা নপৰা বাবে এইটো বলাৎকাৰৰ ঘটনা নহয় তথা কিছুমান মানুহে জাতিভিত্তিক উত্তেজনাৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা বুলি দাবী কৰে। বিষয়াজনে লগতে কয় যে পীড়িতাৰ পৰিয়ালৰ লোকে প্ৰথমে কৰা অভিযোগত বলাৎকাৰৰ কথা উল্লেখ কৰা নাছিল।১৫ ১৬

গ্ৰেপ্তাৰ আৰু ক্ষতিপূৰণ

হত্যাৰ প্ৰচেষ্টা আৰু সামূহিক বলাৎকাৰৰ অভিযোগত, লগতে হাথৰস আৰক্ষীয়ে সন্দীপ, ৰামু, লৱকুশ আৰু ৰবি নামৰ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ১৯৮৯ৰ অনুসূচীত জাতি-জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনততো তেওঁলোকক অভিযুক্ত কৰা হয়। পীড়িতাৰ ভাতৃয়ে অভিযোগ কৰে যে ঘটনা সংঘটিত হোৱাৰ ১০দিনলৈকে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। সঠিক ভাবে কৰ্তব্য সম্পাদন নকৰা বাবে চান্দপা পুলিচ থানাৰ এচ.এইচ.ও.ক পুলিচ লাইনলৈ বদলি কৰা হয়। চৰকাৰে পীড়িতাৰ পৰিয়ালক ২৫লাখ টকাৰ ক্ষতিপূৰণ আৰু নিম্নবৰ্গ সহায়কৰ চাকৰি দিব বুলি ঘোষণা কৰে। ইয়াৰ উপৰিও পৰিয়ালটোলৈ ষ্টেট আৰবান ডেভেলপমেণ্ট এজেঞ্চিৰ আঁচনিৰ অধীনত এটা গৃহ অনুমোদনৰ প্ৰতিশ্ৰুতি দিয়ে।১৭১৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (29 September 2020). Hathras gangrape: Dalit woman succumbs to injuries in Delhi; security beefed up outside hospital amid protests. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  2. ↑ Johari, Aarefa. (30 September 2020). In videos: How the Dalit woman raped in Hathras was cremated without letting her family say goodbye. Scroll.in
  3. ↑ Halder, Tanseem; Mishra, Himanshu. (30 September 2020). Hathras horror: Police, victim’s family give contradictory accounts. ইণ্ডিয়া টুডে
  4. ↑ Hathras gang-rape: Opposition parties demand resignation of U.P. Chief Minister Yogi Adityanath. The Hindu
  5. ↑ Hathras gang-rape: Opposition parties demand resignation of U.P. Chief Minister Yogi Adityanath. The Hindu
  6. ↑ Impunity in Hathras. The Indian Express
  7. ↑ Hathras Rape: A Caste Continuum. Outlookindia
  8. ↑ Nandy, Asmita. (2020-10-01). ‘This Is All Drama’: Accused’s Kin on Hathras Dalit Girl’s Assault. TheQuint
  9. ↑ (2020-09-30). Rape victim cremated 'without family's consent'. BBC News
  10. ↑ (29 September 2020). Hathras gang rape: India victim's death sparks outrage. BBC News
  11. ↑ Desk, India com Hindi News. हाथरस गैंगरेप मामले में दलित युवती की मौत से लोगों में गुस्सा, कह रहे- इंसाफ दो…. India News, Breaking News, Entertainment News · India.com
  12. ↑ No Rape In Hathras Case, Senior UP Cop Claims, Citing Forensic Report. NDTV
  13. ↑ Quint, The. (2020-10-01). No Rape, Case Twisted to Cause Caste Tension: UP ADG on FSL Report. TheQuint
  14. ↑ Brushing It As Fake News To Cremating In Secrecy, UP Police Sabotaged Hathras Gangrape Case. indiatimes.com
  15. ↑ Hathras, 2020. Murder. Times of India
  16. ↑ Biswas, Soutik. (2020-10-02). Hathras case: Are Indian state police trying to discount a woman's story of rape?. BBC News
  17. ↑ Tripathi, Chitra; Srivastava, Shivendra. (30 September 2020). UP CM Yogi Adityanath speaks to father of Hathras gangrape victim, announces Rs 25 lakh compensation. ইণ্ডিয়া টুডে
  18. ↑ (29 September 2020). Hathras rape case: District administration announces Rs 25 lakh compensation for family of victim. The New Indian Express

সম্পৰ্কিত শ্ৰেণী

অপৰাধস্বাধীনোত্তৰ ভাৰত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাথৰসৰ দলবদ্ধ বলাৎকাৰ, ২০২০” প্ৰবন্ধৰ সংশোধন ২৪৮৩৬৯ (৭ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।