অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

হাদিদ ১১০

হাদিদ-১১০ (ইংৰাজী: Hadid-110) হৈছে এটা জেট-চালিত একমুখী আক্ৰমণকাৰী ড্ৰোন আৰু ইয়াক ইৰানৰ আটাইতকেই দ্ৰুতবেগী ষ্টেলথ ড্ৰোন হিচাপে জনা যায়। প্ৰায় ৩০ কিলোগ্ৰাম ওজনৰ বিস্ফোৰক কঢ়িয়াই নিব পৰা এই ড্ৰোনটোৰ গতিবেগ ঘণ্টাত ৫১০ কিলোমিটাৰতকৈও অধিক।শত্ৰুপক্ষৰ আকাশী প্ৰতিৰক্ষা ব্যৱস্থাক ফাকি দি আকাশী সীমাত…

হালনাগাদ: ২৫ মে’ ২০২৬ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

হাদিদ-১১০ (ইংৰাজী ভাষা: Hadid-110) হৈছে এটা জেট-চালিত একমুখী আক্ৰমণকাৰী ড্ৰোন আৰু ইয়াক ইৰানৰ আটাইতকেই দ্ৰুতবেগী ষ্টেলথ ড্ৰোন হিচাপে জনা যায়। প্ৰায় ৩০ কিলোগ্ৰাম ওজনৰ বিস্ফোৰক কঢ়িয়াই নিব পৰা এই ড্ৰোনটোৰ গতিবেগ ঘণ্টাত ৫১০ কিলোমিটাৰতকৈও অধিক।শত্ৰুপক্ষৰ আকাশী প্ৰতিৰক্ষা ব্যৱস্থাক ফাকি দি আকাশী সীমাত প্ৰৱেশ কৰাৰ সম্ভাৱনা বৃদ্ধি কৰা, প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰতিক্ৰিয়াৰ সময় হ্ৰাস কৰা আৰু আধুনিক যুদ্ধক্ষেত্ৰত ইয়াৰ কাৰ্যকাৰিতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰেই এই ড্ৰোনটো ডিজাইন কৰা হৈছে। ইৰানৰ পূৰ্বৰ ড্ৰোনসমূহৰ তুলনাত (যেনে- প্ৰায় ১৮৫ কিমি/ঘণ্টা গতিবেগৰ শ্বাহেদ ১৩৬), হাদিদ-১১০ যথেষ্ট খৰতকীয়া আৰু ইয়াক বিশেষকৈ ৰাডাৰ, কমাণ্ড চেণ্টাৰ আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ দৰে স্পৰ্শকাতৰ লক্ষ্যবস্তুত আক্ৰমণ কৰিবলৈ তৈয়াৰ কৰা হৈছে। কেৱল কাৰিকৰী প্ৰদৰ্শনিয়েই নহয়, বৰঞ্চ এক ৰাজনৈতিক আৰু কৌশলগত বাৰ্তা প্ৰেৰণ কৰিবলৈ ইৰানে 'ছাংহাই সহযোগিতা সংস্থা'ৰ বিভিন্ন সদস্য আৰু পৰ্যৱেক্ষক ৰাষ্ট্ৰৰ উপস্থিতিত এক শক্তি প্ৰদৰ্শনৰ অংশ হিচাপে এই ড্ৰোনটো ব্যৱহাৰ কৰিছিল।১২৩৪৫৬

২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত ইৰানৰ সামৰিক প্ৰতিষ্ঠানসমূহৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত ২০২৬ চনৰ মাৰ্চ মাহত "অপাৰেচন ট্ৰু প্ৰমিজ ৪"ৰ সময়ত আইআৰজিচি গ্ৰাউণ্ড ফৰ্চে প্ৰথমবাৰৰ বাবে হাদিদ-১১০ ব্যৱহাৰ কৰিছিল। বিভিন্ন প্ৰতিবেদন অনুসৰি, এই ড্ৰোনটোৰ অন্তৰ্ভুক্তিয়ে ইৰানৰ ড্ৰোন যুদ্ধৰ কৌশলত এক ডাঙৰ পৰিৱৰ্তন আনিছে। হাদিদ-১১০-ৰ উচ্চ গতিবেগ আৰু নিম্ন ৰাডাৰ ক্ৰছ-চেকচনে, ইয়াক যিকোনো বহুতৰপীয়া আকাশী প্ৰতিৰক্ষা নেটৱৰ্কক ফাকি দি লক্ষ্যস্থানত উপনীত হোৱাত সহায় কৰে।৭৮

তথ্যসূত্ৰ

  1. ↑ Iran unveils new drones in military drill: What to know - AL-Monitor: The Middle Eastʼs leading independent news source since 2012. www.al-monitor.com
  2. ↑ admin. (2025-12-13). (VIDEO) Iran Lancar Hadid-110: Dron Serangan Halimunan 500km/j Isyarat Fasa Baharu Peperangan Dron Asia Barat. Defence Security Asia
  3. ↑ Elezhar, Akhsan Erido. (2025-12-10). Jet-Powered and Radar-Shy: Hadid-110 Becomes Iran’s Newest Strike Drone
  4. ↑ Brahy, Jérôme. Iran's fastest kamikaze drone Hadid-110 enters service to reduce intercept time. www.armyrecognition.com
  5. ↑ (2025-12-08). Iran Unveils Jet-Powered Stealth Suicide Drone Hadid-110. UNITED24 Media
  6. ↑ Why Iran's New Hadid-110 Stealth Drone Could Be of Interest to russia and What It Really Is. en.defence-ua.com
  7. ↑ Iran Deploys New Hadid-110 Drone for First Time as Faster Alternative to Shahed-136.
  8. ↑ A move that will change the course of the war! Iran has deployed its new weapon to the field.

সম্পৰ্কিত শ্ৰেণী

ইৰান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাদিদ ১১০” প্ৰবন্ধৰ সংশোধন ৬০৮৫৪৪ (২৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।