হিলবিলি (ইংৰাজী Hillbilly) আমেৰিকাৰ গ্ৰাম্য (rural), পাহাৰীয়া অঞ্চলত, মূলতঃ পাহাৰীয়া (এপ্লাচিয়ান) অঞ্চল আৰু অজাৰ্কছত বাস কৰা লোকসকলৰ বাবে ব্যৱহাৰ কৰা শব্দ। মহামন্দাৰ সময়ত মানুহে অঞ্চলটোৰ বাহিৰলৈ প্ৰব্ৰজন কৰাৰ লগে লগে এই শব্দটো তেওঁলোকৰ সৈতে উত্তৰ আৰু পশ্চিম দিশলৈ বিয়পি পৰিল।
হিলবিলি শব্দটোৰ বৰ্ণনাৰ ব্যৱহাৰে মিশ্ৰিত ধাৰণা লাভ কৰিছে, প্ৰায়েই আংশিকভাৱে ইয়াৰ ব্যৱহাৰৰ প্ৰকৃতিৰ বাবে। ইয়াক গোটৰ ভিতৰত গৌৰৱৰ বিষয় হিচাপে ব্যৱহাৰ কৰা হয়। য`ত আন কিছুমান লোকে ইয়াৰ ব্যৱহাৰক অসন্মানজনক বুলি গণ্য কৰে, বিশেষকৈ যেতিয়া অপমানসূচকভাৱে ব্যৱহাৰ কৰা হয়।
"হিলবিলি" শব্দটো প্ৰথম The Railroad Trainmen's Journal (vol. ix, July 1892)-ত,১ ছপা ৰূপত প্ৰকাশ পাইছিল। ১৮৯৯ চনত পশ্চিম ভাৰ্জিনিয়াৰ পুৰুষ আৰু মহিলাৰ এখন ফটো "কেম্প হিলবিলি" নামকৰণেৰে২, আৰু ১৯০০ চনৰ এখন নিউয়ৰ্ক জাৰ্নেলৰ প্ৰবন্ধত এই সংজ্ঞা সন্নিবিষ্ট কৰা হৈছে: "এজন হিল-বিলি হৈছে আলাবামাৰ এজন মুক্ত আৰু বাধাহীন বগা নাগৰিক, যি পাহাৰত বাস কৰে, তেওঁৰ কথা ক'বলৈ কোনো উপায় নাই, তেওঁ যিমান পাৰে সাজ-পোছাক পিন্ধে, ইচ্ছামতে কথা কয়, যেতিয়াই পায় হুইস্কি খায়। যেতিয়াই মন যায় তেওঁৰ ৰিভলভাৰটোৰে গুলীয়াই ফুৰে।৩ ইয়াত এই কু-সংস্কাৰৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা বৈশিষ্ট্য সন্নিবিষ্ট কৰা হৈছে। "হিলবিলি"সকলক প্ৰায়ে সমাজৰ আধুনিকীকৰণক প্ৰতিহত কৰা স্বাধীন আৰু আত্মনিৰ্ভৰশীল ব্যক্তি বুলি গণ্য কৰা হয়, কিন্তু একে সময়তে তেওঁলোকক পিছপৰা আৰু হিংসুক প্ৰকৃতিৰ বুলিও আৰোপ কৰা হয়। পণ্ডিতসকলে যুক্তি আগবঢ়ায় যে এই দ্বৈতত্বই 'বগা' আমেৰিকাত বিভাজিত জাতিগত পৰিচয়ৰ প্ৰতিফলন ঘটায়। এই শব্দটোৰ পিছৰ ব্যৱহাৰ কেৱল 'বগা' অৰ্থাৎ সম্প্ৰদায়ৰ বাহিৰলৈও বিস্তৃত হৈছিল, যাৰ উদাহৰণ নিউ মেক্সিকোৰ হিস্পানোসকলৰ উল্লেখত "উত্তৰ নিউ মেক্সিকোৰ হিস্পানিক হিলবিলি" বুলি কোৱা হৈছে।
তথ্যসূত্ৰ
- ↑ Hillbilly. Online Etymology Dictionary
- ↑ Harkins, Anthony. (November 20, 2003). Hillbilly: A Cultural History of an American Icon. Oxford University Press. ISBN 978-0195146318
- ↑ Hawthorne, Julian. (April 23, 1900). Mountain Votes Spoil Huntington's Revenge. New York Journal. পৃ. 2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিলবিলি” প্ৰবন্ধৰ সংশোধন ৫২৭৩৯৪ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।