অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৯৭৪ চনৰ ভাৰতৰ বৰ আই মহামাৰী

১৯৭৪ চনৰ ভাৰতৰ বৰআই মহামাৰী (1974 smallpox epidemic of India) বিংশ শতিকাৰ ভয়ংকৰ মহামাৰীবোৰৰ ভিতৰত উল্লেখযোগ্য। ১৯৭৪ চনৰ জানুৱাৰী আৰু মে'ৰ ভিতৰত পোন্ধৰহাজাৰতকৈও অধিক ভাৰতীয় লোক এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। মৃতকৰ হাৰ সৰ্বাধিক আছিল বিহাৰ, উৰিষ্যা আৰু পশ্চিমবংগত।

হালনাগাদ: ২৫ মে’ ২০২০ ৩০৪ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

১৯৭৪ চনৰ ভাৰতৰ বৰআই মহামাৰী (1974 smallpox epidemic of India) বিংশ শতিকাৰ ভয়ংকৰ মহামাৰীবোৰৰ ভিতৰত উল্লেখযোগ্য।১ ১৯৭৪ চনৰ জানুৱাৰী আৰু মে'ৰ ভিতৰত পোন্ধৰহাজাৰতকৈও অধিক ভাৰতীয় লোক এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। মৃতকৰ হাৰ সৰ্বাধিক আছিল বিহাৰ, ওড়িশা আৰু পশ্চিমবংগত। সহস্ৰাধিক মানুহ ৰোগমুক্ত হৈছিল যদিও তেওঁলোকৰ শাৰীৰিক অৱস্থা পূৰ্বৰ দৰে হৈ থকা নাছিল আৰু কোনো-কোনো লোকে দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল। বিশ্ব স্বাস্থ্য সংস্থাক ভাৰতে আগবঢ়োৱা প্ৰতিবেদন মতে, সেই পাঁচটা মাহতে দেশত মুঠ ৬১,৪৮২ গৰাকী ব্যক্তি ৰোগটোৰ দ্বাৰা সংক্ৰমিত হৈছিল। ১৯৭৪ চনত পৃথিৱীৰ মুঠ ৰোগাক্ৰান্তৰ ৮৬%তকৈও অধিক লোক ভাৰতৰে নিবাসী আছিল।২১৯৭৫ চনৰ জানুৱাৰীত টাৰ্গেট জিৰো নামেৰে এটা নতুন কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছিল; যাৰ উদ্দেশ্য আছিল-সমগ্ৰ পৃথিৱীৰ পৰা বৰআইক নিশ্চিহ্ন কৰা। ১৯৭৫ চনৰ ২৪ মে'ত ভাৰতৰ অন্তিমজন বৰআই ৰোগীক চিনাক্ত কৰা হৈছিল।৩ আৰু ১৯৮০ চনত সমগ্ৰ বিশ্বক বৰআইমুক্ত বুলি ঘোষণা কৰা হৈছিল। ১৯৮০ চনৰ মে' মাহত ৩৩তম বিশ্ব স্বাস্থ্য সন্মিলনীয়ে দাখিল কৰা আনুষ্ঠানিক প্ৰতিবেদনত উল্লেখ কৰা হয় যে- "বিশ্ব আৰ বিশ্ববাসীয়ে বৰআইৰ পৰা স্বাধীনতা জয় কৰিলে। " ("The world and all its peoples have won freedom from smallpox.")৪

বিশ্ব স্বাস্থ্য সংস্থাৰ "বৰআই নিৰ্মূলকৰণ কাৰ্যসূচী"ৰ বলতেই এই ৰোগটো পৃথিৱীৰ পৰা নিৰ্মূল হৈছিল।৫১৯৫৮ চনত এই বিশেষ কাৰ্যসূচীটো আৰম্ভণি ঘটিছিল, কিন্তু বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰতৰ মাজত সৰবৰাহ-সংক্ৰান্তিয় কেতবোৰ মতানৈক্যৰ বাবে কাৰ্যসূচীটো বৰ জোৰদাৰ হৈ উঠা নাছিল। ১৯৬০ৰ মধ্যভাগতহে কাৰ্যসূচীটোৱে ভাৰতত অগ্ৰগতি লাভ কৰিলে।৬ নতুন দিল্লীত সেইসময়ত বাহৰ পাতি থকা আমেৰিকান ৰাজহুৱা স্বাস্থ্য-সেৱা বিষয়া ডনাল্ড হেণ্ডাৰছন-"যদি পৰৱৰ্তী কেইটামান মাহলৈকে আমি এনে গম্ভীৰতাৰে বৰআই নিৰ্মূলকৰণত জড়িত হৈ থাকোঁ, তেন্তে ৰোগটো নাইকিয়া হৈ যাব। আমি নাভাবোঁ যে আমি অধিক-বিশ্বাসী। কিন্তু এইমুহূৰ্তলৈকে সকলো ভালে ভালে গৈ আছে। আমি আশাবাদী; ১৯৭৫ চনৰ জুনৰ মাহটো শেষ হোৱালৈ আমি এছিয়াৰ পৰা বৰআইক নিশ্চিহ্ন কৰিবগৈ পাৰিম। ("If this interest and concern about ending smallpox can be maintained for the next few months, it's all over. We don't think we're overconfident, but everything looks good. By June of 1975, we hope we'll be finished with smallpox in Asia.")৫

তথ্যসূত্ৰ

  1. ↑ www.nytimes.com/1974/06/05/archives/india-smallp
  2. ↑ The control and eradication of smallpox in South Asia. www.smallpoxhistory.ucl.ac.uk
  3. ↑ Smallpox Eradication in India, 1972-1977 · Chronology of the eradication campaign · Online Exhibits · MLibrary. www.lib.umich.edu
  4. ↑ www.who.int/news-room/detail/13-12-2019-who-comm
  5. ↑ 66.114.0.13:9797/MuseSessionID=fbf63e29d71375bdc link|date=August 2019 |bot=InternetArchiveBot |fix-attempted=yes }}
  6. ↑ Bhattacharya, Sanjoy. (July 2009). A Tale of Two Global Health Programs. American Journal of Public Health. পৃ. 1176–1184

সম্পৰ্কিত শ্ৰেণী

স্বাধীনোত্তৰ ভাৰত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৭৪ চনৰ ভাৰতৰ বৰ আই মহামাৰী” প্ৰবন্ধৰ সংশোধন ২৩১৩২৩ (২৫ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।