৯ জুলাই ২০১২ তাৰিখে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত,১ এগৰাকী যুৱতীৰ ওপৰত এখন বাৰৰ বাহিৰত প্ৰায় ৩০জন পুৰুষৰ এটা দলৰ দ্বাৰা উৎপীড়ন চলোৱা হৈছিল, যাৰ বহুতক পৰৱৰ্তী সময়ত ঘটনাটোৰ ভিডিঅ' ফুটেজৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হৈছিল। নিউজ লাইভৰ এজন স্থানীয় টিভি সাংবাদিকৰ বিৰুদ্ধে দলটোক প্ৰৰোচিত কৰাৰ অভিযোগ উঠিছিল আৰু ২০ জুলাই ২০১২ ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।২
ঘটনা
৯ জুলাই ২০১২ তাৰিখে, দুগৰাকী মহিলা এখন বাৰৰ পৰা ওলাই অহাৰ পিছত বাহিৰত থিয় হৈ থকা পুৰুষৰ এটা দলৰ সৈতে শাৰীৰিক সংঘাতত লিপ্ত হয়। ওচৰতে থকা নিউজ লাইভৰ এজন সাংবাদিক গৌৰৱ জ্যোতি নেওগে তেওঁৰ কাৰ্যালয়লৈ ফোন কৰি কেমেৰা আৰু কৰ্মচাৰীসকলক উক্ত সংঘাতৰ দৃশ্যগ্ৰহণ কৰিবলৈ কৈছিল।৩ যদিও উৎপীড়ণৰ বলিহোৱা ছোৱালীজনীয়ে নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰিছিল, তথাপিও তেওঁক দুবাৰকৈ দলটোৱে উৎপীড়ণ কৰে। অৱশেষত, প্ৰায় আধা ঘণ্টাৰ পিছত, 'দৈনিক আজিৰ অসমৰ' আন এগৰাকী সাংবাদিক মুকুল কলিতাই হস্তক্ষেপ কৰি ছোৱালীজনীক উদ্ধাৰ কৰে।৪ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত ছোৱালীজনীক ঘৰলৈ ঘূৰাই নিয়া হয় আৰু গোচৰ ৰুজু কৰা হয়। ভিডিঅ' ফুটেজৰ পৰা চিনাক্তকৰণৰ অভিযোগৰ ভিত্তিত মুখ্য অভিযুক্ত হিচাপে অমৰজ্যোতি কলিতাক গ্ৰেপ্তাৰ কৰা হয়।৫
প্ৰতিক্ৰিয়া
এই ঘটনাটোৰ ভিডিঅ'টো অসমীয়া বাতৰি চেনেল নিউজ লাইভৰ দ্বাৰা সম্প্ৰচাৰিত হোৱাৰ ঠিক পিছতে ৰাষ্ট্ৰীয় আৰু স্থানীয় সংবাদ মাধ্যমত একপ্ৰকাৰৰ হুলস্থূলৰ সৃষ্টি হয়, ইউটিউবতো ভাইৰেল হৈ পৰে৬ আৰু ভাৰতত মহিলা আৰু মানৱ অধিকাৰৰ সুৰক্ষাসম্পৰ্কে বিতৰ্কৰ সৃষ্টি কৰে।৭ ২০১২ চনৰ ২০ জুলাইলৈ ২২জন অভিযুক্তৰ ভিতৰত ১২ জনক গ্ৰেপ্তাৰ কৰা হয়।৮ মূল অভিযুক্ত অমৰজ্যোতি কলিতাই ২৩ জুলাইত বাৰাণসীত উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।৯ পিছদিনা অসম আৰক্ষীয়ে কলিতাৰ জিম্মা ল'বলৈ বাৰাণসীলৈ গৈছিল আৰু ঘোষণা কৰা হৈছিল যে চিনাক্ত কৰা ১৭জন অভিযুক্তৰ ভিতৰত ১৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে।১০ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ (এনচিডব্লিউ) প্ৰতিনিধি অলকা লাম্বাক এই ঘটনাৰ তদন্তৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল, দুৰ্ঘটনাক্ৰমে এখন সংবাদমেলত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰাৰ বাবে তেওঁ সমালোচিত হৈছিল।১১ শিশু অধিকাৰ বিশেষজ্ঞসকলে এনচিপিচিআৰ (শিশু অধিকাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় আয়োগ)ৰ পৰিৱৰ্তে এন চি ডব্লিউক গোচৰটো হস্তান্তৰ কৰাৰ বাবেও চৰকাৰক সমালোচনা কৰে যিহেতু ভুক্তভোগী যুৱতীগৰাকী নাবালিকা আছিল।১২
ৰায়দান
প্ৰধান অভিযুক্ত অমৰজ্যোতি কলিতাকে ধৰি এই গোচৰৰ এঘাৰজন অভিযুক্তক ৭ ডিচেম্বৰ ২০১২ ত দোষী সাব্যস্ত কৰা হৈছিল১৩১৪ আনহাতে আন চাৰিজনক নিৰ্দোষী ঘোষণা কৰা হয়। মুখ্য ন্যায়িক দণ্ডাধীশ এছ.পি. মৈত্ৰাই মুখ্য অভিযুক্ত অমৰজ্যোতি কলিতাৰ লগতে আন ১০ জনক আইপিচিৰ বিভিন্ন ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰে, যেনে ১৪৩ – বেআইনী সমাবেশ, ৩৪১- অন্যায়ভাৱে সংযম, ২৯৪ -অশ্লীল কাৰ্য্য, ৩২৩ – স্বেচ্ছাই আঘাত প্ৰাপ্ত কৰা আৰু ৩৫৪ – মহিলাগৰাকীক আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ কৰা।
পিছত সাংবাদিক গৌৰৱ জ্যোতি নেওগক গুৰুত্বৰ প্ৰমাণৰ অভাৱত হাফিজুদ্দিন, দিগন্ত বসুমতাৰী আৰু জিতুমণি ডেকাৰ সৈতে নিৰ্দোষী ঘোষণা কৰা হৈছিল।
তথ্যসূত্ৰ
- ↑ (21 July 2012). TV reporter who-filmed girls molestation in Guwahati arrested. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (20 July 2012). Guwahati molestation: TV journalist arrested. Hindustan Times
- ↑ Sahni, Diksha. (24 July 2012). Big Catch in Guwahati Molestation Case. Wall Street Journal
- ↑ Deka, Kaushik. (13 July 2012). Irony adds to insult and anger! Accused in molestation case plays police officer on crime show, yet to be arrested. India Today
- ↑ Choudhury, Ratnadip. Manufactured Shame. Tehelka
- ↑ (13 July 2012). 20 men molest minor girl in Guwahati; outrage after video goes viral. Mid-Day
- ↑ Chatterjee, Garga. Guwahati case: The questions about the fateful night of July 10. Daily News and Analysis
- ↑ Guwahati molestation case: SSP transferred; another accused held. Hindustan Times
- ↑ (23 July 2012). Uttar Pradesh Kalita, main accused in Guwahati molestation case, surrenders. Hindustan Times
- ↑ PTI. (24 July 2012). Guwahati molestation: Assam police go to Varanasi to take custody of Kalita. DNA India
- ↑ (16 July 2012). Guwahati molestation: NCW representative draws flak. Hindustan Times
- ↑ (20 July 2012). NCPCR should have handled Guwahati molestation case: Experts. DNA
- ↑ 11 convicted, four acquitted in Guwahati molestation case. The Hindu
- ↑ 11 convicted in Guwahati abuse case, scribe let off. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১২ গুৱাহাটীৰ যুৱতী উৎপীড়ণ ঘটনা” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৭৭ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।