হিজাব আৰু শালীনতা বিধেয়ক (ফাৰ্চী ভাষা: لایحه عفاف و حجاب) আনুষ্ঠানিকভাৱে শালীনতা আৰু হিজাব সংস্কৃতিৰ প্ৰসাৰৰ জৰিয়তে পৰিয়ালক সহায় কৰাৰ বিধেয়ক (ফাৰ্চী ভাষা: لایحه حمایت از خانواده از طریق ترویه فرهنگ عفاف و حجاب) আছিল ইৰানত হিজাবৰ বাবে এক পৰিকল্পিত বিধেয়ক।১
এই বিধেয়কখন নিৰ্দেশনা টহল বন্ধ হোৱাৰ পিছত আৰু ‘মহিলা, জীৱন, স্বাধীনতা’ আন্দোলনৰ মাজতে ইৰানৰ ন্যায়পালিকাৰ দ্বাৰা খচৰা প্ৰস্তুত কৰা হৈছিল। চৈয়দ ইব্ৰাহিম ৰাইছীৰ চৰকাৰে ইয়াক ইছলামিক পৰামৰ্শদাতা সভা (মাজলিছ)লৈ প্ৰেৰণ কৰে। অৱশেষত ইয়াক মাজলিছে গৃহীত কৰে যদিও উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ দ্বাৰা বিধেয়কখন স্থগিত ৰখাৰ বাবে ই আনুষ্ঠানিক আইনত পৰিণত নহ’ল।১
সময়ৰেখা
২০২৩ চনৰ মে’ মাহত বিধেয়কখনৰ খচৰা প্ৰস্তুত কৰি ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীলৈ প্ৰেৰণ কৰা হয়। মন্ত্ৰীসভাই বিধেয়কখন সংশোধন আৰু পৰ্যালোচনা কৰি আৰু ৬টা অনুচ্ছেদ সংযোজন কৰে। ইয়াৰ পিছত ১ জুনত ইয়াক সংসদলৈ প্ৰেৰণ কৰা হয়। সংসদৰ ন্যায়িক সমিতিয়ে বিধেয়কখনত ব্যাপক পৰিৱৰ্তন আৰু সম্প্ৰসাৰণ কৰি ইয়াৰ অনুচ্ছেদ ১৫টাৰ পৰা ৭৪টালৈ বৃদ্ধি কৰে।১
সংসদে ৮ জুনত বিধেয়কখনৰ চূড়ান্ত সংশোধনী প্ৰকাশ কৰে।২
২০২৪ চনৰ অক্টোবৰ মাহত খবৰ ওলাইছিল যে কেন্দ্ৰীয় চহৰ ইছফাহানত হিজাব পৰিধান নকৰা মহিলাসকলে কৰ্তৃপক্ষৰ পৰা ভাবুকিপূৰ্ণ টেক্সট বাৰ্তা লাভ কৰিছিল, য’ত কোৱা হৈছিল যে তেওঁলোকে পুনৰ হিজাব নোহোৱাকৈ বাহিৰলৈ ওলাই গ’লে তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলোৱা হ’ব।৩৪
বিৱৰণ
বিধেয়কখনৰ ৫টা অনুচ্ছেদ আৰু ৭৪টা অধ্যায় আছে।৫ এই আইনে ইৰান চৰকাৰক হিজাবৰ নিয়ম মানি চলিবলৈ ব্যৰ্থ হোৱা ব্যক্তি আৰু ব্যৱসায়ী প্ৰতিষ্ঠানক জৰিমনা আৰু কাৰাদণ্ড বিহাৰ কৰ্তৃত্ব প্ৰদান কৰে। ই হিজাব নিয়ম উলংঘা কৰা মহিলাসকলৰ ওপৰত অধিক শাস্তি আৰোপ কৰে, যাৰ ভিতৰত ১০/১৫ বছৰ পৰ্যন্ত কাৰাদণ্ড বা ১৬৫ আৰু ১৬৮ নিযুত টোমান পৰ্যন্ত আৰ্থিক জৰিমনা অন্তৰ্ভুক্ত।৬
মহিলাৰ অধিকাৰৰ ওপৰত ইয়াৰ প্ৰতিবন্ধকতা, প্ৰকাশৰ স্বাধীনতা, একত্ৰিত হোৱা আৰু ৰাজহুৱা জীৱনত অংশগ্ৰহণ কৰাৰ স্বাধীনতা খৰ্ব কৰাৰ লগতে প্ৰণালীবদ্ধ লিংগ বৈষম্যক প্ৰশ্ৰয় দিয়াৰ বাবে বিধেয়কখন ব্যাপকভাৱে সমালোচিত হৈছে। আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ সংগঠন আৰু বিভিন্ন চৰকাৰে এই আইনখনক গৰিহণা দি যুক্তি দিছে যে ই আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰৰ মানদণ্ড উলংঘা কৰে।৭৮৯১০১১
এই আইনখন ৰূপায়ণৰ বাবে ৩০টা চৰকাৰী সংস্থাক দায়িত্ব অৰ্পণ কৰা হৈছে।১২
এই আইনৰ অধীনত জনসাধাৰণে আনৰ নিয়ম উলংঘাৰ সন্দৰ্ভত প্ৰতিবেদন বা ৰিপৰ্ট কৰিব পাৰে।১৩
সমালোচনা
এতেমাদ কাকতে দাবী কৰিছিল যে এই আইনে ইৰানৰ বাবে সুৰক্ষা জনিত সমস্যাৰ সৃষ্টি কৰিব।১৪
বাহ্যিক সংযোগ
- www.loc.gov/item/global-legal-monitor/2023-09-05
- http://www.etemadonline.com/بخش-اجتماعی-23/687641-عفاف-حجاب-قانون: متن نهایی قانون «حمایت از خانواده از طریق ترویج فرهنگ عفاف و حجاب»
তথ্যসূত্ৰ
- ↑ The Islamic Republic of Iran’s Chastity and Hijab Law and the Weaponization of Women’s Economic Vulnerabilities. www.brandeis.edu
- ↑ (June 10, 2023). دستاورد زنان در جریان جنبش «مهسا امینی»؛ آیا حجاب دیوار برلین جمهوری اسلامی است؟. euronews
- ↑ Magiran
- ↑ etemadonline.com
- ↑ www.noavaranonline.ir/fa/mobile/news/585181{{Dea link|date=June 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ etemadonline.com 8%B1%D8%A8%D8%A7%DB%8C%DB%8C-%D9%--%D8%A7%DA%A7%D8%A7%D9%--%D8%AA%D8%B1%DB%8C%D8%A7%DA%A1-%D8%B3%D9%--%D8%A7%D8%AD
- ↑ Iran – Concerns over Chastity and Hijab Bill. OHCHR
- ↑ Explained: What is Iran's Controversial Hijab and Chastity Law. iranwire.com
- ↑ Sadr, Shadi. (April 11, 2024). Iran's Hijab and Chastity Bill Underscores the Need to Codify Gender Apartheid. Just Security
- ↑ (September 25, 2023). Parliament Passes New "Hijab and Chastity" Bill. United States Institute of Peace
- ↑ Iran: Law to Protect the Family by Promoting the Culture of Chastity and Hijab Proposed. Library of Congress, Washington, D.C. 20540 USA
- ↑ فردا, رادیو. (28 November 2024). قالیباف: مصوبه "حجاب و عفاف" ۲۳ آذر ابلاغ میشود و گشت ارشاد در آن نیست. رادیو فردا
- ↑ پاسخ به بانکی پور: کجای قانون تان آمده که اتباع بیگانه نمی توانند به زنان و دختران ایرانی تذکر حجاب دهند؟!. رادیو فردا
- ↑ www.etemadonline.com/%D8%A8%D8%AE%D8%B4-%D8%B3%D
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিজাব আৰু শালীনতা বিধেয়ক” প্ৰবন্ধৰ সংশোধন ৬১০৭৩৭ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।