২০২৩ জি-২০ নতুন দিল্লী সন্মিলন (2023 G20 New Delhi summit) বিশ্বৰ ১৯খন প্ৰভাৱশালী অৰ্থনীতিসমৃদ্ধ দেশ আৰু ইউৰোপীয় সংঘৰ গোট জি-২০ (গ্ৰুপ অৱ টুৱেণ্টি)ৰ অষ্টাদশ সন্মিলন। ২০২৩ চনৰ ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীৰ প্ৰগতি ময়দানত অৱস্থিত ভাৰত মণ্ডপম আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী-অধিৱেশন কেন্দ্ৰত এই শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। ভাৰতত অনুষ্ঠিত হোৱা এই জি-২০ শীৰ্ষ সন্মিলনখন ভাৰতৰ লগতে সমগ্ৰ দক্ষিণ এছিয়াৰ ভিতৰতে প্ৰথম সন্মিলন। শীৰ্ষ সন্মিলনৰ লগতে ইয়াৰ লগত জড়িত আনুষংগিক সন্মিলনসমূহ গোটেই বছৰ জুৰি ভাৰতৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনৰ অধ্যক্ষতা কৰে।
পৃষ্ঠভূমি
পূৰ্বতে ভাৰতে ২০২১ চনত জি-২০ সন্মিলন আৰু ২০২২ চনত ইটালীয়ে আয়োজন কৰাৰ কথা আছিল। ২০১৮ চনত আৰ্জেণ্টিনাত অনুষ্ঠিত জি-২০ বুয়েনছ আইৰেছ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীক ২০২১ চনত এই সন্মিলন আয়োজন কৰিবলৈ আৰু ২০২২ চনত ভাৰতক ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বছৰ উপলক্ষে আয়োজন কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছিল। ইটালীয়ে ভাৰতৰ লগত দ্বিপাক্ষিক সু-সম্পৰ্কৰ বাবে ২০২২ চনত ভাৰতক জি-২০ সন্মিলন আয়োজন কৰিবলৈ দিবলৈ সন্মত হয়।১
২০২৩ চনত ইণ্ডোনেছিয়াই দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন চমুকৈ আছিয়ানৰ অধ্যক্ষতা কৰাৰ বাবে পূৰ্বে নিৰ্ধাৰিত কৰাৰ ধৰণে ২০২৩ চনত ইণ্ডোনেছিয়ায়ে জি-২০ৰ সভাপতিত্ব কৰাৰ বাবে অপাৰগতা প্ৰকাশ কৰে। সেয়ে ইণ্ডোনেছিয়াৰ বৈদেশিক মন্ত্ৰী ৰেটনো মাৰ্ছুডিয়ে কৰা অনুৰোধৰ পিছত ভাৰতে ইণ্ডোনেছিয়াৰ সৈতে জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব আদান-প্ৰদান কৰে আৰু ভাৰতে ২০২৩ চনত জি-২০ৰ অষ্টাদশ সন্মিলনখন অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰে।২
অধ্যক্ষতা
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ নতুন দিল্লী সন্মিলনৰ অধ্যক্ষতা কৰে।
২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ কাৰ্যকাল আৰম্ভ হৈছিল। ইয়াৰ ফলশ্ৰুতিত ২০২৩ চনৰ তৃতীয় ত্ৰৈমাসিকত শীৰ্ষ সন্মিলনখন অনুষ্ঠিত হয়। জি-২০ৰ অধ্যক্ষতাৰ পদ হস্তান্তৰৰ অনুষ্ঠান ২০২২ চনত ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হোৱা জি-২০ৰ সপ্তদশ সন্মিলনত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত অধ্যক্ষতাৰ দায়িত্ব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ হস্তান্তৰ কৰা হয়।৩
২০২৩ চনত অনুষ্ঠিত হোৱা জি-২০ৰ অষ্টাদশ নতুন দিল্লী সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে জি-২০ৰ অধ্যক্ষৰ পদ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা চিলভাক অৰ্পণ কৰে। ২০২৩ চনৰ ৩০ নৱেম্বৰলৈকে ভাৰতে এই পদত অধিষ্ঠিত থাকিব।৪
মুখ্য কাৰ্যসূচী
জি-২০ৰ অধ্যক্ষ হিচাপে ভাৰতে ২০২৩ চনত জি-২০ৰ মুখ্য আলোচনাৰ বাবে ছটা কাৰ্যসূচীক অগ্ৰাধিকাৰ প্ৰদান কৰিছে:৫
- সেউজ উন্নয়ন, জলবায়ু বিত্ত আৰু পৰিৱেশৰ বাবে জীৱনশৈলী (LiFE)
- ত্বৰান্বিত, অন্তৰ্ভুক্ত আৰু স্থিতিস্থাপক বৃদ্ধি
- বহনক্ষম উন্নয়নৰ লক্ষ্যৰ (SDGs) ওপৰত অগ্ৰগতি ত্বৰান্বিত কৰা
- প্ৰযুক্তিগত ৰূপান্তৰ আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি
- একবিংশ শতিকাৰ বাবে বহুপক্ষীয় প্ৰতিষ্ঠান
- মহিলা নেতৃত্বাধীন উন্নয়ন
২০২৩ চনৰ ২৬ আগষ্টত দিয়া এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ অধ্যক্ষতাৰ অধীনত জি-২০ দেশসমূহৰ বিকশিত কাৰ্যসূচীক লৈ আশাবাদীতা প্ৰকাশ কৰে। তেওঁ গোলকীয় দক্ষিণৰ উদ্বেগসমূহৰ সৈতে মিল থকা মানৱকেন্দ্ৰিক উন্নয়নৰ দৃষ্টিভংগীৰ দিশত জলবায়ু পৰিৱৰ্তন আৰু জি-২০ৰ ঋণৰ সংযুক্ত পৰিকাঠামোৰ জৰিয়তে ঋণৰ পুনৰগঠনৰ সৈতে স্থানান্তৰিত কৰা আৰু বিশ্বব্যাপী গুপ্তমুদ্ৰা বা ক্ৰিপ্টোকাৰেন্সীৰ নিয়ন্ত্ৰণৰ বাবে কৌশলৰ ওপৰত এই সন্মিলনে বিশেষ গুৰুত্ব আৰোপ কৰে।৬৭৮
প্ৰস্তুতি
ভাৰত চৰকাৰে জি-২০ৰ অষ্টাদশ সন্মিলনৰ বাবে ₹৯৯০ কোটি টকা বাজেট নিৰ্ধাৰণ কৰিছিল।৯ এই অনুষ্ঠানৰ নিৰাপত্তাৰ বাবে চৰকাৰে দিল্লী আৰক্ষীৰ ৮০ হাজাৰ আৰক্ষী বিষয়াকে ধৰি ১ লাখ ৩০ হাজাৰ নিৰাপত্তাৰক্ষীক নিয়োগ কৰিছিল।১০
চিএনএন, ৰয়টাৰ আৰু ৱাশ্বিংটন পোষ্টে প্ৰকাশ কৰা অনুসৰি জি-২০ সন্মিলনৰ পূৰ্বে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপকে ধৰি ভাৰতীয় কৰ্তৃপক্ষই সমগ্ৰ নতুন দিল্লীত গৃহহীন আশ্ৰয় শিবিৰ আৰু বস্তি অঞ্চলসমূহৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিছিল।১১১২১৩ ভাৰত চৰকাৰৰ প্ৰেছ সংস্থা প্ৰেছ ইনফৰ্মেচন ব্যুৰোৱে এই দাবী নাকচ কৰে আৰু কয় যে এই উচ্ছেদ অভিযান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কৰা হৈছে আৰু ২০২৩ চনৰ জি-২০ নতুন দিল্লী সন্মিলনৰ সৈতে কোনো সম্পৰ্ক নাই।১৪
দিল্লীত নিষেধাজ্ঞা
সন্মিলনৰ সময়ত বিদেশী ৰাষ্ট্ৰৰ মুৰব্বী আৰু কূটনৈতিক বিষয়া আৰু অন্যান্য আমন্ত্ৰিত অতিথি সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত কিছুমান নিষেধাজ্ঞা জাৰি কৰা হয়। নিষেধাজ্ঞা অনুসৰি দিল্লীৰ সকলো বিদ্যালয়, কাৰ্যালয়, কৰ্মস্থলী, বজাৰ, ৰেষ্টুৰেণ্ট আৰু বিপণীসমূহ তিনিদিনৰ বাবে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। ইফালে পথত চলাচলৰ সন্দৰ্ভত যান-বাহনৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি কৰা হয়।১৫ ই-কমাৰ্চ ডেলিভাৰী নতুন দিল্লী পৌৰ পৰিষদৰ (এনএমডিচি)ৰ অধীনত ঔষধ আৰু গেলামালৰ অৰ্ডাৰ দিয়াত সীমাবদ্ধ কৰা হয় আৰু মানুহক ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়া হয়।১৬১৭
অংশগ্ৰহণকাৰী
এই সন্মিলনত জি-২০ গোটৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰায়ভাগৰে ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰৰ মুৰব্বী সকলে অংশগ্ৰহণ কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ভাৰতৰ ৰাজধানীত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলন অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়।১৮১৯ তেওঁলোকৰ স্থান ক্ৰমে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু চীনৰ প্ৰিমীয়াৰ লি কিয়াঙে গ্ৰহণ কৰে।২০২১
আমন্ত্ৰিত অতিথি
জি-২০ গোটৰ অধ্যক্ষ আৰু সন্মিলনৰ আয়োজক হিচাপে ভাৰতে মুঠ ১০খন দেশৰ ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়।
ফলাফল
- আফ্ৰিকান ইউনিয়নে জি-২০ত স্থায়ী সদস্য হিচাপে যোগদান কৰে।২২
- বহনক্ষম জৈৱ ইন্ধনৰ বিকাশ আৰু গ্ৰহণৰ প্ৰসাৰ আৰু প্ৰাসংগিক মানদণ্ড আৰু প্ৰমাণপত্ৰ নিৰ্ধাৰণৰ বাবে গ্ল'বেল বায়'ফিউৱেল এলায়েন্স (GBA) নামৰ এটা নতুন সংস্থা গঠন কৰা হয়।২৩
- নতুন দিল্লী নেতাৰ ঘোষণাপত্ৰখন সহমতৰ সৈতে গ্ৰহণ কৰা হয়।২৪২৫
- ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড'ৰ নামেৰে ভাৰতক মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ সৈতে সংযোগ কৰা ৰে'ল আৰু জাহাজ পৰিবহণ কৰিড'ৰ নিৰ্মাণৰ বাবে কেইবাখনো দেশৰ যৌথ চুক্তি হয়। এই গোটত ভাৰত, চৌদি আৰব, সংযুক্ত আৰব আমিৰাট, জৰ্ডান, ইজৰাইল আৰু ইউৰোপীয় সংঘ অন্তৰ্ভুক্ত হৈছে।২৬
তথ্যসূত্ৰ
- ↑ Chaudhury, Dipanjan Roy. (3 December 2018). Warmth in ties prompts Italy to let India host G20 Summit in 2022. The Economic Times
- ↑ (23 November 2020). Indonesia, India swap G-20 upcoming presidency term. The Straits Times
- ↑ Anuj. (2022-12-12). India's G20 Presidency and It's Implications. Perfect Review
- ↑ (2023-09-10). India hands over G20 presidency to Brazil. Reuters
- ↑ Overview of G20. Ministry of Earth Sciences, India
- ↑ (2023-08-26). PM Narendra Modi interview highlights: From G20 presidency to India as a manufacturing destination, PM lays out his expansive vision for the country. Business Today
- ↑ Exclusive · PM Modi calls for global framework on cryptocurrency. Here's what he said. India Today
- ↑ (2023-08-26). 'G20 की अध्यक्षता कर पूरी दुनिया को नई राह दिखा रहा भारत', Exclusive इंटरव्यू में बोले पीएम मोदी. आज तक
- ↑ (2023-02-01). In Budget, ₹990 crore for G20 presidency, ₹100 cr for Iran's Chabahar port. Hindustan Times
- ↑ Livemint. (2023-09-03). G20 Summit: Anti-drone systems, 130,000 security officers to guard Delhi. mint
- ↑ (5 September 2023). India, advocate for the global poor, clears slums as G20 draw near. CNN
- ↑ Mehrotra, Karishma; Shih, Gerry. (20 March 2023). As G-20 meetings come to India, Modi launches a public relations blitz. Washington Post
- ↑ (5 September 2023). Many New Delhi slums disappear ahead of G20 summit. Reuters
- ↑ (2023-09-07). PIB Debunks CNN's Claims About Delhi Slum Clearance for G20 Summit. www.newsx.com
- ↑ G20 Traffic advisory - New Delhi
- ↑ 2023 G20 New Delhi summit traffic advisory and regulations
- ↑ (2023-09-07). G20: From Banks To Food Delivery, Here’s All You Need To Know About Restrictions In Delhi/NCR. Outlook Business
- ↑ (6 September 2023). Biden Heads to G20 Summit; Putin, Xi Not Expected to Attend. VOA
- ↑ (6 September 2023). G20 summit: Who is coming to India, and who is not. France 24
- ↑ Goncharenko, Roman. (September 8, 2023). Putin's self-isolation: Lavrov attends the G20. DW News
- ↑ (September 10, 2023). Chinese Premier Li G-20 Debut Eclipsed by Xi in State Media. Bloomberg News
- ↑ (2023-09-09). African Union formally joins G20, PM Modi calls for 'trust and reliance'. Hindustan Times
- ↑ Launch of the Global Biofuel Alliance (GBA). www.g20.org
- ↑ (9 September 2023). New Delhi Declaration adopted at G20, huge win as India clinches consensus. India Today
- ↑ G20 New Delhi Leaders' Declaration. mea.gov.in
- ↑ (9 September 2023). Biden, Modi and G20 allies unveil rail and shipping project linking India to Middle East and Europe. AP News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২৩ জি-২০ নতুন দিল্লী সন্মিলন” প্ৰবন্ধৰ সংশোধন ৫৫৮৩০২ (২৮ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।