অশোক চক্ৰ একপ্ৰকাৰৰ ২৪ দণ্ডযুক্ত ধৰ্মীয় আৰু ৰাজনৈতিক ঐতিহাসিক চিহ্ন। ইয়াক ধৰ্মচক্ৰ নামেৰেও জনা যায়। সম্ৰাট অশোকৰ সিংহ ৰাজধানীত আটাইতকৈ বেছি ব্যৱহৃত হোৱাৰ বাবে ইয়াৰ নাম অশোক চক্ৰ হ’ল। ১৯৪৭ চনৰ ২২ জুলাইত গৃহীত কৰা ভাৰতৰ জাতীয় পতাকাৰ সোঁমাজৰ বগা অংশত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ বিদ্যমান। ইয়াৰ আগতে ভাৰতৰ জাতীয় পতাকাৰ সোঁমাজত যঁতৰৰ চিহ্ন আছিল। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভৰ চাৰিও ফালে অশোক চক্ৰ দেখা যায়। তদুপৰি ধৰ্মীয় চিহ্ন হিচাপে ইয়াক মঠ মন্দিৰৰ বিভিন্ন স্থানত দেখা যায়।
অশোক চক্ৰ পদক যুদ্ধ বিৰতিৰ সময়ত দেখুৱা সৰ্বোচ্চ সাহস, ত্যাগ আৰু আত্মবলিদানৰ উৎকৃষ্ট নিদৰ্শনৰ বাবে ভাৰত চৰকাৰে আগবঢ়োৱা সৰ্বোচ্চ সামৰিক সন্মান।
ঐতিহাসিক মহত্ত্ব
বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধয়ে বৌধ গয়াত পৰম জ্ঞান লাভ কৰাৰ পিছত তেওঁৰ পাঁচজন শিষ্য আশাজী, মহানমা, কুন্দন, ভাদডিয়া আৰু ভাপ্পাৰ লগত বাৰণসীৰ নিকটৱৰ্তী সাৰনাথলৈ আহে। তেওঁ প্ৰথমে সাৰনাথত তেওঁৰ জ্ঞান আৰু শিকণিসমূহ প্ৰচাৰ কৰে। ইয়াৰ দ্বাৰা তেওঁ ধৰ্মচক্ৰৰ প্ৰতিষ্ঠা কৰে। পিছলৈ সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁ স্থাপন কৰা স্তম্ভসমূহৰ শীৰ্ষত ধৰ্মচক্ৰক স্থান দিয়ে।
বৌদ্ধ ধৰ্মৰ মতে অশোক চক্ৰৰ ২৪ ডাল দণ্ডৰ ভিতৰত ১২ ডালে আত্মানুসন্ধানৰ সম্পৰ্কীয় জ্ঞান অৰ্জনৰ বাটৰ ১২টা বাধাক সূচায়। প্ৰথম ১২ ডাল দণ্ডয়ে ১২ তা মূল যন্ত্ৰণাক প্ৰতিনিধিত্ব কৰে আৰু বাকী ১২ ডাল অৰ্থাৎ প্ৰত্যেকৰে প্ৰতিক্ৰম ডাল মনত যন্ত্ৰণাৰ কাৰ্য নোহোৱা বুজায়। অৰ্থাৎ মনক নিয়ন্ত্ৰণ কৰি পৰম জ্ঞান জাগ্ৰত কৰিলে মনত কোনো যন্ত্ৰণায়ে ক্ৰিয়া কৰিব নোৱাৰে। যিয়ে আত্মাক জন্ম মৃত্যু বান্ধোনৰ পৰা মুক্ত কৰে, অৰ্থাৎ মোক্ষ প্ৰাপ্তি হয়। বৌদ্ধ দৰ্শনত উল্লিখিত ১২টা সম্পৰ্ক হ'ল
- অবিদ্যা ignorance
- সংস্কাৰ conditioning of mind unknowingly
- বিবেক consciousness
- নামৰূপ name and form (মানসিক আৰু শাৰীৰিক অস্তিত্বৰ মুখ্য আধাৰ)
- ষষ্ঠ ইন্দ্ৰিয় six senses (চকু, কাণ, নাক, জিভা, শৰীৰ আৰু মন)
- স্পৰ্শ contact
- বেদনা sensation -
- তৃষ্ণা thirst -
- উপাদান grasping১
- ভাৱ coming to be
- জাতি being born
- জৰামানা old age২ and death৩ - corpse being carried.
এই ১২টা আৰু ইহঁতৰ বিপৰীত ১২টা মিলি মুঠতে ২৪ ডাল দণ্ডযে ধৰ্মক প্ৰতিনিধিত্ব কৰে।
২৪ ডাল দণ্ড থকাৰ হেতুকে অশোক চক্ৰক সময় চক্ৰ বুলিও কোৱা হয়।
আধুনিক ব্যাখ্যা
আধুনিক কালত বিভিন্ন পণ্ডিতে অশোক চক্ৰৰ ভিন ভিন ব্যাখ্যা আগবঢ়াইছে। তাৰে ভিতৰত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিখ্যাত দাৰ্শনিক ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণে আগবঢ়োৱা ব্যাখ্যা আটাইতকৈ বেছি গ্ৰহণযোগ্য। তেওঁৰ মতে অশোক চক্ৰয়ে শান্তিপূৰ্ণ আৰু গতিশীল পৰিবৰ্তনক প্ৰতিনিধিত্ব কৰে।
সেইদৰে ধৰ্মচক্ৰৰ ২৪ ডাল দণ্ডয়ে প্ৰতিনিধিত্ব কৰা তালিকাখন হ’ল
- প্ৰেম
- সাহস
- ধৈৰ্য
- শান্তি
- মহামতিত্ব
- কল্যাণ
- বিশ্বাস
- উদাৰতা
- নিঃস্বাৰ্থতা
- আত্ম সংযম
- আত্ম ত্যাগ
- সত্য
- শুদ্ধ
- ন্যায়
- দয়া
- লাৱণ্য
- নম্ৰতা
- সমানুভূতি
- সহানুভূতি
- ধৰ্মীয় জ্ঞান
- মূল্যবোধ
- ঐশ্বৰিক জ্ঞান
- ঈশ্বৰলৈ ভয়
- আশা
লগতে চাওক
তথ্যসূত্ৰ
- ↑ See, for example, Rhys Davids & Stede (1921-25), p. 149; and, Gombrich (2005)
- ↑ See Rhys Davids & Stede (1921-25), p. 279, entry for "Jarā," retrieved 19 Nov 2008 from "U. Chicago" at dsal.uchicago.edu/cgi-bin/philologic/getobject.p link|date=October 2016 |bot=InternetArchiveBot |fix-attempted=yes }} . More than simply "old age," the PED provides the additional meanings of "decay, decrepitude"; and, these additional translations are reflected in the Buddha's reputed words in the Jarā Sutta (below). However, for the sake of semantic conciseness, the compound term jarā-maraṇa is here represented as "old age and death."
- ↑ See Rhys Davids & Stede (1921-25), p. 524, entry for "Maraṇa," retrieved 19 Nov 2008 from "U. Chicago" at dsal.uchicago.edu/cgi-bin/philologic/getobject.p link|date=October 2016 |bot=InternetArchiveBot |fix-attempted=yes }} . The PED further contextualizes maraṇa with "death, as ending this (visible) existence, physical death...." That is, in Buddhism, maraṇa does not refer to death of the conscious process or the end of the associated suffering
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশোক চক্ৰ” প্ৰবন্ধৰ সংশোধন ২৭১০৭৩ (১৪ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।