অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

প্ৰেম

প্ৰেম (Love) এক মানবিক অনুভূতি আৰু আৱেগকেন্দ্ৰিক এক অভিজ্ঞতা। বিশেষ কোনো ব্যক্তিৰ প্ৰতি স্নেহৰ শক্তিশালী বহিৰ্প্ৰকাশ হৈছে প্ৰেম। তথাপি প্ৰেমক বিভিন্ন দৃষ্টিকোণৰ পৰা ভাগ কৰা হয়।

হালনাগাদ: ৬ নৱেম্বৰ ২০২১ ৬৪৫ শব্দ · ৪ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

প্ৰেম (Love) এক মানবিক অনুভূতি আৰু আৱেগকেন্দ্ৰিক এক অভিজ্ঞতা।১ বিশেষ কোনো ব্যক্তিৰ প্ৰতি স্নেহৰ শক্তিশালী বহিৰ্প্ৰকাশ হৈছে প্ৰেম।২৩ তথাপি প্ৰেমক বিভিন্ন দৃষ্টিকোণৰ পৰা ভাগ কৰা হয়। আৱেগধৰ্মী প্ৰেম সাধাৰণতে গভীৰ হয়, বিশেষ কাৰোবাৰ সৈতে নিজৰ সকলো মানবীয় অনুভূতি ভাগ কৰা, আনকি শাৰীৰিক সম্পৰ্ককো এই ধৰণৰ প্ৰেমৰ পৰা পৃথক কৰা নাযায়। প্ৰেম বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনে: নিষ্কাম প্ৰেম, ধৰ্মীয় প্ৰেম, আত্মীয়সকলৰ প্ৰতি প্ৰেম, ঘৰৰ কোনো পোহনীয়া প্ৰাণী বা বস্তুৰ প্ৰতি অতিৰিক্ত স্নেহ প্ৰায় সময়ত খুব আনন্দদায়ক হ'ব পাৰে... আনকি কোনো কাম কিম্বা খাদ্যৰ প্ৰতিও প্ৰেম থাকিব পাৰে, আৰু এই অতি আনন্দদায়ক অনুভূতিই হল প্ৰেম।

সংজ্ঞা

''লা বেল্লে ডাম ছান্স মাৰছি'' (১৮৯৩), শিল্পী: জন উইলিয়াম ৱাটাৰহাউজ (১৮৪৯-১৯১৭)
লা বেল্লে ডাম ছান্স মাৰছি (১৮৯৩), শিল্পী: জন উইলিয়াম ৱাটাৰহাউজ (১৮৪৯-১৯১৭)ছবি: John William Waterhouse · Public domain
ঝাড়গ্ৰামত আইতাক আৰু নাতিয়েক
ঝাড়গ্ৰামত আইতাক আৰু নাতিয়েকছবি: Steve Evans from India and USA · CC BY 2.0

প্ৰেমৰ সংজ্ঞা বিতৰ্ক, অনুমান, আৰু অৰ্ন্তদৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। অনেকেই প্ৰেম মানে এক সৰ্বজনীন ধাৰণাক আৱেগপ্ৰবণ প্ৰেম, কল্পনাপ্ৰবণ প্ৰেম কিম্বা প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰেম এই সমূহ ভাগত ভাগ কৰাৰ পক্ষপাতী নহয়। এওলোকে প্ৰেমক শাৰীৰিক আকৰ্ষণৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিন্যাস কৰে। সাধাৰণতে, প্ৰেমক এক ব্যক্তিগত অনুভূতি হিচাপে বিবেচনা কৰা হয়, যিটো এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিৰ প্ৰতি অনুভৱ কৰে। কাৰো প্ৰতি অতিৰিক্ত যত্নশীলতা নাইবা প্ৰতিক্ষেত্ৰত কাৰো উপস্থিতি অনুভৱ কৰা প্ৰেমৰ সৈতেই সম্পৰ্কযুক্ত। অধিকাংশ প্ৰচলিত ধাৰণাত প্ৰেম, নিঃস্বাৰ্থতা, স্বাৰ্থপৰতা, বন্ধুত্ব, মিলন, পৰিয়াল আৰু পাৰিবাৰিক বন্ধনৰ সৈতে গভীৰভাবে যুক্ত।

প্ৰেমৰ সাধাৰণ আৰু বিপৰীত ধাৰণাৰ তুলনা কৰি ভিন্ন দৃষ্টিকোণৰ পৰা প্ৰেমক জটিলভাবে বিচাৰ কৰা যায়। ধনাত্মক অনুভূতিৰ কথা বিবেচনা কৰি প্ৰেমক ঘৃণাৰ বিপৰীতে স্থান দিয়া হয়। প্ৰেমত যৌনকামনা কিম্বা শাৰীৰিক লিপ্সা অপেক্ষাকৃত গৌণ বিষয়। ইয়াত মানবিক আৱেগে বেছি গুৰুত্ব বহন কৰে। কল্পনাবিলাসিতাৰ এক বিশেষ ক্ষেত্ৰ হৈছে এই প্ৰেম। প্ৰেম সাধাৰণতে কেৱল বন্ধুত্ব নহয়। যদিও কিছু সম্পৰ্কক অন্তৰঙ্গ বন্ধুত্ব বুলিও অভিহিত কৰা যায়।

জৈৱিক ভিত্তি

যৌনতাৰ জৈৱিক আৰ্হিক স্তন্যপায়ী প্ৰাণীৰ এক তাড়না হিচাপে গণ্য কৰা হয় যি অত্যধিক ক্ষুধা বা তৃষ্ণাৰ দৰে। হেলেন ফিছাৰ হৈছে প্ৰেম বিষয়ৰ এজন নেতৃস্থানীয় বিশেষজ্ঞ। প্ৰেমৰ অভিজ্ঞতাক তেওঁ তিনিটা আংশিক অভাৰলেপিং পৰ্যায়ত বিভক্ত কৰিছে: উদাহৰণস্বৰূপে, লালসা, আকৰ্ষণ, আৰু সংযুক্তি। কামনা হল যৌন বাসনা পূৰণ কৰাৰ এক ধৰণৰ অনুভূতি। ৰোমাণ্টিক আকৰ্ষণ মূলত নিৰ্ধাৰণ কৰে কোনো ব্যক্তিৰ সঙ্গী কিমান আকৰ্ষণীয় তাৰ ওপৰত। ইয়াৰোপৰি আৰু কিছু বিষয় আছে, যেনে, একে লগে একেটা ঘৰতে বাস কৰা, পিতামাতাৰ প্ৰতি কৰ্তব্য, পাৰস্পৰিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সংক্ৰান্ত অনুভূতিবোৰো জড়িত থাকে। এই তিনিটা ৰোমাণ্টিক শৈলীৰ সৈতে নিউৰেল চাৰ্কিটবোৰ, নিউৰোট্ৰান্সমিটাৰ আৰু তিনিটা আচৰণগত নিদৰ্শন সংযুক্ত হৈ সকলো সময়তে কাৰ্যকৰী ভূমিকা পালন কৰে।

কামনা হল যৌন বাসনাৰ প্ৰাথমিক ধাপ যত টেষ্টষ্টাইন আৰু এষ্ট্ৰোজেনৰ দৰে ৰাসায়নিক পদাৰ্থ বেছিকৈ নিঃসৰিত কৰে। ইয়াৰ প্ৰভাৱ কেইবা সপ্তাহ বা কেইবা মাহ পৰ্যন্ত স্থায়ী হয়। এক নিৰ্দিষ্ট সঙ্গীৰ বাবে আকৰ্ষণ আৰু individualized আৰু ৰোমাণ্টিক হয়, যাৰ মাধ্যমত এক স্বতন্ত্ৰ লালসা বিকশিত হয়। স্নায়ুবিজ্ঞানৰ সাম্প্ৰতিক গবেষণাত দেখা গৈছে যে, ব্যক্তি মূলত তেতিয়া প্ৰেমত পৰে যেতিয়া তেওঁৰ মস্তিষ্কত নিয়মিত এক নিৰ্দিষ্ট ৰাসায়নিক পদাৰ্থ ত্যাগ কৰে। উদাহৰণস্বৰূপ, নিউৰোট্ৰান্সমিটাৰ হৰমন, ডোপামিন, নোৰপাইনফ্ৰাইন, আৰু ছেৰোটোনিনৰ কথা উল্লেখ কৰিব পাৰি। এম্ফিটেমাইন নামৰ এক ধৰণৰ পদাৰ্থ ত্যাগ কৰে যাৰ ফলত মস্তিষ্কৰ কেন্দ্ৰীয় অংশ সক্ৰিয় হৈ উঠে, হৃদয়ৰ কম্পনৰ হাৰ বৃদ্ধি পায়, ক্ষুধা আৰু টোপনি হ্ৰাস পায়, আৰু উত্তেজনা বাঢ়ি যায়। গবেষণাত দেখা গৈছে যে, এই পৰ্যায় সাধাৰণতে দেৰৰ পৰা তিনি বছৰ পৰ্যন্ত স্থায়ী হয়।

যিহেতু কামনা আৰু আকৰ্ষণৰ পৰ্যায়বোৰক অস্থায়ী বুলি গণ্য কৰা হয়, সেয়ে প্ৰেমৰ দীৰ্ঘম্যাদী সম্পৰ্কৰ বাবে এক তৃতীয় পৰ্যায়ৰ প্ৰয়োজন। সংযুক্তি হল এক ধৰণৰ বন্ধন যাৰ কাৰণে সম্পৰ্ক অনেক বছৰ আনকি কেইবা দশক পৰ্যন্ত দীৰ্ঘস্থায়ী হ'ব পাৰে। সংযুক্তি সাধাৰণভাবে বিবাহ বা শিশু জন্মদান কৰাৰ দৰে অঙ্গীকাৰবোৰৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। ইয়াৰোপৰি পাৰস্পৰিক বন্ধুত্ব বা পছন্দৰ বিষয়বোৰ ভাগ কৰি নিয়াৰ কাৰণেও সম্পৰ্ক দীৰ্ঘস্থায়ী হয়। গবেষণাত দেখা গৈছে যে স্বল্পম্যাদী সম্পৰ্কতকৈ দীৰ্ঘস্থায়ী সম্পৰ্কৰ ক্ষেত্ৰত বেছি পৰিমাণে ৰাসায়নিক অক্সিটোচিন আৰু ভাছপ্ৰেচিন নিৰ্গত হয়। এনজইমানুয়েল আৰু তেওঁৰ সহকৰ্মীৰ ৰিপোৰ্ট মতে প্ৰোষ্টেট অণুটো 'স্নায়ু বৃদ্ধিকাৰক কাৰক' (এনজিএফ) নামে পৰিচিত, যেতিয়া ব্যক্তি প্ৰথম প্ৰেমত পৰে তেতিয়া ইয়াৰ মাত্ৰা অনেক বেছি থাকে, কিন্তু এক বছৰ পিছৰ পৰা সি আকৌ পূৰ্ববৰ্তী স্তৰলৈ ঘূৰি আহে।

বিৱৰ্তনীয় ভিত্তি

বিৱৰ্তনীয় মনোবিজ্ঞানত প্ৰেমক জীয়াই থকাৰ অস্ত্ৰ হিচাপে গণ্য কৰা হয়। ব্যক্তি সহ অন্যান্য স্তন্যপায়ীবোৰ জীৱনকালৰ দীৰ্ঘ সময় পিতা মাতাৰ সাহায্যৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। এই সময়ে প্ৰেমে এক গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰে।

বিৱৰ্তনীয় মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা, প্ৰেম কেনেকৈ মানৱ বিৱৰ্তনৰ দ্বাৰা গঢ়ি উঠিছে তাৰ ওপৰত ভিত্তি কৰি প্ৰেমৰ সৈতে সম্পৰ্কিত অভিজ্ঞতা আৰু আচৰণৰ বিষয়ে আৰু অধিক গবেষণা কৰিব পৰা যায়।৪

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Oxford Illustrated American Dictionary (1998) + Merriam-Webster Collegiate Dictionary (2000)
  2. ↑ Fromm, Erich; The Art of Loving, Harper Perennial (1956), Original English Version
  3. ↑ Merriam Webster Dictionary
  4. ↑ "Evolutionary psychology: the emperor's new paradigm" by D. J. Buller in Trends Cogn. Sci. (2005) Volume 9 pages 277-283

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেম” প্ৰবন্ধৰ সংশোধন ৩০৫৭৮৫ (৬ নৱেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।