অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

লিংগ-সমতা বিৰোধাভাস

লিংগ-সমতা বিৰোধাভাস বা লিংগ-সমতাৰ বিৰোধ (Gender-equality paradox) হৈছে লিংগ সমতা অধিক প্ৰচলিত থকা দেশসমূহত ব্যক্তিত্ব আৰু বৃত্তিৰ পছন্দৰ ওপৰত ভিত্তি কৰি পৰিলক্ষিত হোৱা বৃহৎ লিংগীক পাৰ্থক্যৰ সন্ধান।

হালনাগাদ: ৭ অক্টোবৰ ২০২৪ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

লিংগ-সমতা বিৰোধাভাস বা লিংগ-সমতাৰ বিৰোধ (Gender-equality paradox) হৈছে লিংগ সমতা অধিক প্ৰচলিত থকা দেশসমূহত ব্যক্তিত্ব আৰু বৃত্তিৰ পছন্দৰ ওপৰত ভিত্তি কৰি পৰিলক্ষিত হোৱা বৃহৎ লিংগীক পাৰ্থক্যৰ সন্ধান। বৃহৎ পঞ্চ ব্যক্তিত্বৰ বৈশিষ্ট্য, অন্ধকাৰ ত্ৰয়ীৰ বৈশিষ্ট্য, আত্মসন্মান, হতাশা, ব্যক্তিগত মূল্যবোধ, বৃত্তিগত আৰু শৈক্ষিক পছন্দৰ ক্ষেত্ৰত বৃহৎ লিংগীক পাৰ্থক্য দেখা পোৱা যায়। এই পৰিঘটনাটো আপাত দৃষ্টিত বিৰোধমূলক কাৰণ অধিক লিংগ সমতাবাদী হোৱাৰ লগে লগে পাৰ্থক্যসমূহ হ্ৰাস পাব বুলি আশা কৰিব পাৰি। এনে বিৰোধৰ বিষয়ে বিজ্ঞান, গণিত, পঢ়া, ব্যক্তিত্বৰ বৈশিষ্ট্য, মৌলিক মানৱীয় মূল্যবোধ আৰু বৃত্তিগত আগ্ৰহৰ পৰা আৰম্ভ কৰি অসংখ্য অধ্যয়নৰ আলোচনাৰ বিষয়। সাধাৰণতে উন্নত দেশসমূহত লিংগ সমতা বেছি প্ৰচলিত।

এই বিৰোধাভাসৰ বিভিন্ন ব্যাখ্যা আগবঢ়োৱা হৈছে। কিছুমান পণ্ডিতৰ মতে অধিক লিংগ সমতা প্ৰচলিত দেশত অতীজৰে পৰা চলি অহা কু-সংস্কাৰ আৰু লিংগভিত্তিক আশা ইয়াৰ মূল দায়ী। অনুন্নত আৰু দেশৰ মহিলাসকলে নিৰাপত্তা আৰু ভাল দৰমহাৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি ষ্টেমক্ষেত্ৰ অৰ্থাৎ বিজ্ঞান, প্ৰযুক্তিবিদ্যা, অভিযান্ত্ৰিকতা আৰু গণিত বাছি লোৱাৰ সম্ভাৱনা বেছি। আন কিছুমানে তত্ত্ব আগবঢ়ায় যে অধিক লিংগ সম দেশসমূহত গভীৰভাৱে শিপাই থকা অন্তৰ্নিহিত লিংগ পাৰ্থক্য অধিক সহজে বাস্তৱায়িত হয়।

সম্পৰ্কিত শ্ৰেণী

লিংগভিত্তিক অধ্যয়ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিংগ-সমতা বিৰোধাভাস” প্ৰবন্ধৰ সংশোধন ৪৩৬১১৯ (৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।