অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অম্ল

অম্ল হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ টেঙা আৰু ই নীলা লিটমাছ কাগজ ৰঙা কৰে। ই ক্ষাৰৰ লগত বিক্ৰিয়া কৰে আৰু কিছুমান নিৰ্দিষ্ট ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱন সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে, ইয়াৰ ফলত সাধাৰণতে পানী আৰু লৱনৰ সৃষ্টি হয়।

হালনাগাদ: ২ জুন ২০২০ ২৪০ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

অম্ল হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ টেঙা আৰু ই নীলা লিটমাছ কাগজ ৰঙা কৰে। ই ক্ষাৰৰ লগত বিক্ৰিয়া কৰে আৰু কিছুমান নিৰ্দিষ্ট ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱন সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে, ইয়াৰ ফলত সাধাৰণতে পানী আৰু লৱনৰ সৃষ্টি হয়। জলীয় অম্লৰ pH ৭ তকৈ কম হয়। এটা বা ততোধিক ধনাত্মকভাৱে আহিত উদজান কেটায়নৰ সৈতে এটা ঋণাত্মকভাৱে আহিত আয়ন (এনায়ন)ৰ বিক্ৰিয়াৰ ফলত অজলীয় অম্লৰ সৃষ্টি হয়। pHৰ মান কম হোৱা মানে আম্লিকতা বেচি হোৱা, সেইদৰে দ্ৰৱত ধনাত্মক হাদ্ৰ'জেন আয়নৰ ঘনত্ব বেচি হোৱা। অম্লৰ গুণ থকা ৰসায়ন বা পদাৰ্থক আম্লিক বোলে।

অম্লৰ তিনিটা সংজ্ঞা আছে: আৰ্হেনিয়াছৰ সংজ্ঞা, ব্ৰ'ণষ্টেড-ল'ৱৰী সংজ্ঞা, আৰু লেৱিছৰ সংজ্ঞা। আৰ্হেনিয়াছৰ সংজ্ঞা অনুহৰি যিবোৰ পদাৰ্থ পানীত দ্ৰৱিভূত হ'লে হাইড্ৰ'জেন আয়ন (H+), বা হাইড্ৰণিয়াম আয়ন (H3O+) বৃদ্ধি হয়, সেইবোৰক অম্ল বোলে। ব্ৰ'ণষ্টেড-ল'ৱৰী সংজ্ঞাটো অলপ ব্যতিক্ৰম: প্ৰ'টন দাতা হিচাপে কাৰ্য কৰা পদাৰ্থবোৰেই অম্ল। এই সংজ্ঞা মতে, সহজতে প্ৰ'টন আঁতৰাব পৰা যিকোনো যৌগকে অম্ল বুলিব পৰা যায়, যেনে O-H বা N-H সংযুক্ত এলক'হল আৰু এমিনবোৰ। লেৱিছৰ সংজ্ঞামতে এযোৰ ইলেক্ট্ৰন গ্ৰহণ কৰি সহযোজী বান্ধনি সৃষ্টি কৰা পদাৰ্থবোৰেই অম্ল। উদাহৰণ স্বৰূপে, সকলো ধাতৱ কেটায়ন, বৰণ ট্ৰাইফ্ল'ৰাইড আৰু এলুমিনিয়াম ট্ৰাইক্ল'ৰাইডৰ দৰে ইলেক্ট্ৰন-অভাৱী অনুবোৰ।

অম্লৰ কিছুমান সাধাৰণ উদাহৰণ হৈছে, হাইড্ৰ'ক্ল'ৰিক এচিড (পাকস্থলীত পাচক উৎসেচকৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা পাচক ৰসত থকা হাইড্ৰ'জেন ক্ল'ৰাইডৰ এটা দ্ৰৱ), এচিটিক এচিড (ইয়াৰ লঘু দ্ৰৱ হৈছে ভিনেগাৰ), ছালফিউৰিক এচিড (গাড়ীৰ বেটেৰীত ব্যৱহৃত), আৰু টাৰটেৰিক এচিড (বেকিং পাউডাৰত থাকে)। গতিকে কব পাৰে যে অম্লবোৰ কঠিন, জুলীয়া নাইবা গেছীয় পদাৰ্থৰ পৰা আহৰণ কৰিব পৰা দ্ৰৱ বা বিশুদ্ধ পদাৰ্থ।

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক যৌগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অম্ল” প্ৰবন্ধৰ সংশোধন ২৩৪০৪৮ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।