অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শুক্ৰবাৰ

শুক্ৰ বাৰ বা শুকুৰবাৰ হৈছে ভাৰতীয় কেলেণ্ডাৰ অনুসৰি সপ্তাহৰ ষষ্ঠ দিন। বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটোৱেই হ'ল শুক্ৰবাৰ। চৌদি আৰব আৰু ইৰানত, শুক্ৰবাৰ হৈছে সপ্তাহৰ শেষ দিন, আৰু শনিবাৰ হৈছে নতুন কৰ্মদিৱস। ইৰানত, এইটো একমাত্ৰ সাপ্তাহিক বন্ধৰ দিন।

হালনাগাদ: ৮ মে’ ২০২৫ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

শুক্ৰ বাৰ বা শুকুৰবাৰ হৈছে ভাৰতীয় কেলেণ্ডাৰ অনুসৰি সপ্তাহৰ ষষ্ঠ দিন।১ বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটোৱেই হ'ল শুক্ৰবাৰ।২৩

চৌদি আৰৱ আৰু ইৰানত, শুক্ৰবাৰ হৈছে সপ্তাহৰ শেষ দিন, আৰু শনিবাৰ হৈছে নতুন কৰ্মদিৱস। ইৰানত, এইটো একমাত্ৰ সাপ্তাহিক বন্ধৰ দিন। যদিও বহুতো দেশত শুক্ৰবাৰক সপ্তাহৰ প্ৰথম বন্ধৰ দিন ধৰা হয় আৰু দেওবাৰক প্ৰথম কৰ্মদিৱস হিচাপে গণ্য কৰা হয়। বাহৰেইন, সংযুক্ত আৰৱ আমিৰাত (UAE) আৰু কুৱেইটত শুক্ৰবাৰ আছিল সাপ্তাহিক বন্ধৰ দিন আৰু শনিবাৰ আছিল প্ৰথম কৰ্মদিৱস। যদিও বাহৰেইন আৰু আৰব আমিৰাতত ২০০৬ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে এইটো সলনি কৰা হয়৪, আৰু সলনি হোৱা নিয়ম অনুসৰি শুক্ৰবাৰ হৈছে সপ্তাহিক বন্ধৰ প্ৰথম দিন আৰু দেওবাৰ হৈছে সপ্তাহৰ প্ৰথম কৰ্মদিবস; ২০০৭ চনৰ ১ ছেপ্টেম্বৰৰ পৰা কুৱেইটেও এই নিয়ম অনুসৰণ কৰে। বাংলাদেশতো একেদৰে শুক্ৰবাৰ সাপ্তাহিক বন্ধৰ প্ৰথম দিন আৰু দেওবাৰ প্ৰথম কৰ্মদিৱস হিচাপে ধৰা হয়।

ধৰ্মীয় পটভূমি

হিন্দু ধৰ্ম

ভৃগু আৰু কাব্যমতা (উছনা)ৰ পুত্ৰ শুক্ৰৰ নামেৰে এই দিনটোৰ নামকৰণ কৰা হৈছে। হিন্দু ধৰ্মত শুক্ৰবাৰ বিশেষভাৱে দেৱীৰ বাবে পালন কৰা হয়, যেনে দুৰ্গা, লক্ষ্মী, সৰস্বতী, কালি বা পাৰ্বতী। শুক্ৰবাৰটো বিবাহিত মহিলাৰ বাবে গুৰুত্বপূৰ্ণ আৰু সেইদিনা তেওঁলোকে দেৱীক পূজা কৰে।

ইছলাম

ইছলাম ধৰ্ম অনুসৰি, শুক্ৰবাৰে সকলো মুছলমান লোকে মছজিদত গোট খায় আৰু ইমামৰ পিছফালে দলবদ্ধভাৱে জমুআৰ নামাজ আদায় কৰে৷ সেয়ে মুছলমান সংখ্যাগৰিষ্ঠ দেশত এই দিনটো সাধাৰণতে ছুটিৰ দিন।

খ্ৰীষ্টান ধৰ্ম

খ্ৰীষ্টান ধৰ্মত ইষ্টাৰৰ আগৰ শুক্ৰবাৰক গুড ফ্ৰাইডে হিচাপে পালন কৰা হয়৷ এই দিনটোত যীশুৰ ক্ৰুচবিদ্ধ হোৱাক স্মৰণ কৰা হয়।

ইহুদী

ইহুদীসকলৰ মত অনুসৰি সাবাত উদ্‌যাপন আৰম্ভ হয় শুকুৰবাৰে আৰু ই শনিবাৰৰ নিশা হোৱালৈকে চলি থাকে।

তথ্যসূত্ৰ

  1. ↑ ISO 8601-1:2019(en) Date and time — Representations for information interchange — Part 1: Basic rules. www.iso.org
  2. ↑ Login
  3. ↑ Wilf, Nabil. (29 May 2007). Expositions of Arabia: Kuwait Changes to Friday-Saturday Weekend
  4. ↑ Bahrain changes the weekend in efficiency drive

সম্পৰ্কিত শ্ৰেণী

সময়সময়ৰ এককসপ্তাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুক্ৰবাৰ” প্ৰবন্ধৰ সংশোধন ৫০৬৬০১ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।