খালেদা জিয়া (Khaleda Zia; জন্ম: খালেদা খানম পুতুল; ১৯৪৫ চন–৩০ ডিচেম্বৰ ২০২৫) এগৰাকী বাংলাদেশৰ ৰাজনৈতিক নেতা; যিয়ে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ আৰু পুনৰ ২০০১ চনৰ পৰা ২০০৬ চনলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰিত্বৰ দায়িত্বত আছিল।১২ এগৰাকী প্ৰধানমন্ত্ৰী ৰূপে এখন গণতান্ত্ৰিক চৰকাৰৰ মুৰব্বীৰ আসনত উপবিষ্ট হোৱা তেৱেঁ দেশখনৰ প্ৰথম আৰু মুছলমানপ্ৰধান দেশবোৰৰ ভিতৰত (বেনাজিৰ ভুট্টোৰ পিছত) দ্বিতীয় মহিলা ৰাজনৈতিক নেতা। তেওঁ দেশখনৰ পূৰ্বৰ ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ পত্নী। তেওঁ সাম্প্ৰতিক সময়ত (২০২১) স্বামী ৰহমানে প্ৰতিষ্ঠা কৰি থৈ যোৱা বাংলাদেশ নেচনেল পাৰ্টিৰ (BNP) মুৰব্বী।
ব্যক্তিগত জীৱন
খালেদা খানম "পুতুল"ৰ৩ জন্ম ১৯৪৫ চনত অবিভক্ত দিনাজপুৰ জিলাৰ জলপাইগুৰিত হয়। ভাৰত বিভাজনৰ পিছত এই দিনাজপুৰ জিলাৰ এটা অংশ পূব পাকিস্তানৰ আৰু আনটো অংশ ভাৰতৰ পশ্চিমবংগৰ অন্তৰ্ভুক্ত হয়।৪ মাক-দেউতাৰ পাঁচটা ল’ৰা-ছোৱালীৰ তেওঁ তৃতীয় আছিল।৫ বৰ্তমান বাংলাদেশৰ নোৱাখালি জিলাৰ মূল নিবাসী তেওঁৰ দেউতাক এজন চাহৰ ব্যৱসায়ী আছিল।৫ মাকৰ নাম তৈয়বা মজুমদাৰ।৬৫ ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পিছত তেওঁলোক দিনাজপুৰ চহৰলৈ (বৰ্তমান বাংলাদেশত) গুছি যায়। প্ৰথমে দিনাজপুৰৰ মিচনেৰী স্কুলত পঢ়া-শুনা কৰে আৰু তাৰপিছত দিনাজপুৰ চৰকাৰী হাইস্কুলৰ পৰা ১৯৬০ চনত তেওঁ মেট্ৰিকত উত্তীৰ্ণ হয়। একে বছৰতে তেওঁ পাকিস্তান সেনাৰ এজন কেপ্তেইন জিয়াউৰ ৰহমানক বিয়া কৰায়। জিয়াউৰ ৰহমান পিছলৈ বাংলাদেশৰ ৰাষ্ট্ৰপতি হয়।৭ পশ্চিম পাকিস্তানত গিৰিয়েকৰ সৈতে একেলগে থাকিব নোযোৱালৈকে জিয়াই ১৯৬৫ চনলৈ দিনাজপুৰ সুৰেন্দ্ৰনাথ কলেজত অধ্যয়ন কৰে। ১৯৬৯ চনত তেওঁলোক কৰাচীৰ পৰা ঢাকালৈ গুছি আহে।৫
ৰাজনৈতিক জীৱন
১৯৮২ চনত সেনাবাহিনীৰ প্ৰধান জেনেৰেল হুছেইন মহম্মদ ইৰচাদে নেতৃত্ব দিয়া এক সামৰিক অদ্ভুত্থানৰ পৰা ১৯৯০ চনত সামৰিক স্বৈৰাচাৰী শাসন হিচাপে ইৰচাদৰ পতনলৈকে জিয়াই গণতান্ত্ৰিক আন্দোলনটোৰ নেতৃত্ব দিছিল। ১৯৯১ চনৰ সাধাৰণ নিৰ্বাচনত বি.এন.পি. জয়ী হোৱাত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী হয়। ১৯৯৬ চনতো তেওঁ অলপীয়া সময়ৰ বাবে প্ৰধানমন্ত্ৰী হয় যদিও ফেব্ৰুৱাৰী ১৯৯৬ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনটো অন্য ৰাজনৈতিক দলবোৰে বৰ্জন কৰিছিল। সেই বছৰৰে জুন মানহত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত বাংলাদেশ আৱামী লিগ শাসনলৈ আহে। তেওঁৰ দল বি.এন.পি. পুনৰ ২০০১ চনত শাসনভাৰ দখল কৰে। ১৯৯১, ১৯৯৬ আৰু ২০০১ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ পাঁচটা পৃথক পৃথক সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
২০০৪ চনত ফ’ৰ্বচ আলোচনীৰ তালিকাত জিয়াক বিশ্বৰ এশগৰাকী ক্ষমতাশালী মহিলাৰ তালিকাত চতুৰ্দশ স্থান দিছিল।৮ ২০০৫ চনৰ তালিকাত ২৯তম স্থানত আৰু ২০০৬ চনৰ তালিকাত ৩৩তম স্থানত আছিল।৯১০
২০০৬ চনত তেওঁৰ চৰকাৰ কাৰ্যকাল শেষ হয়। ২০০৭ চনৰ জানুৱাৰীত অনুষ্ঠিত হবলগীয়া নিৰ্বাচন দেশখনত হিংসাত্মক ঘটনা ঘটি থকাৰ পৰিপ্ৰেক্ষিতত পিছুৱাই যায় আৰু ফলস্বূৰুপে ৰক্তপাতহীন ভাবে সামৰিক কৰ্তৃপক্ষই দেশৰ তত্ত্বাৱধায়ক চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰে। অন্তৰ্ৱৰ্তীকালিন সামৰিক চৰকাৰৰ কাৰ্যকালত জিয়া আৰু তেওঁৰ দুই পুত্ৰৰ ওপৰত দুৰ্নীতিৰ অভিযোগ অনা হয়। ১৯৮০ৰ দশকৰ পৰাই জিয়াৰ মুখ্য প্ৰতিদ্বন্দ্বী আছিল আৱামী লিগৰ নেতা শেখ হাছিনা। ১৯৯১ চনৰ পৰা দুয়োগৰাকী মহিলা নেতাই অনুক্ৰমিকভাবে প্ৰধানমন্ত্ৰী হৈ আহিছে।১১ ২০১৮ চনত ‘জিয়া অনাথালয় ট্ৰাষ্ট’ আৰু জিয়া চেৰিটেবল ট্ৰাষ্ট দুৰ্নীতি গোচৰত দোষী সাব্যস্ত কৰি জিয়াক সোতৰ বছৰৰ বাবে কাৰাদণ্ড দিয়া হয়।১২ প্ৰধানমন্ত্ৰী হৈ থাকোঁতে জিয়াই অনাথালায় পুঁজিৰ অপব্যৱহাৰৰ দোষী সাব্যস্ত হয়।১৩ ২০২০ চনত মানৱীয় কাৰণত তেওঁক ঢাকাৰ নিজ বাসভৱনতহে থকাৰ চৰ্তত ছয়মাহৰ বাবে মুক্তি দিয়া হয়।১৪
বাহ্যিক সংযোগ
- Life Sketch: Begum Khaleda Zia. Permanent Mission of Bangladesh to the United Nations
- Barbara Crossette. (17 October 1993). Conversations: Khaleda Zia; A Woman Leader for a Land That Defies Islamic Stereotypes. The New York Times
- William Green; Alex Perry. (10 April 2006). We Have Arrested So Many. Time
- Alex Perry. (3 April 2006). Rebuilding Bangladesh. Time
তথ্যসূত্ৰ
- ↑ Harry Life, Har's story revealed. newsbeezer.com
- ↑ Mahmood, Sumon. (8 February 2018). আৰ্কাইভ কপি. bdnews24.com
- ↑ (17 November 2018). bn:আসছে 'বেগম খালেদা জিয়া: হাৰ লাইফ, হাৰ ষ্টোৰি'. Bangla Tribune
- ↑ Khaleda Zia. Encyclopædia Britannica
- ↑ (8 February 2018). bn:একনজৰে খালেদা জিয়া. Jugantor
- ↑ (19 January 2018). bn:খালেদা জিয়াৰ মায়েৰ নবম মৃত্যুবাৰ্ষিকী পালিত. The Daily Inqilab
- ↑ Bogra: Khaleda Zia. bogra.org
- ↑ (2004). #14: Begum Khaleda Zia, Prime Minister of Bangladesh. Forbes 100 Most Powerful Women in the World
- ↑ (2005). #29 Khaleda Zia, Prime minister, Bangladesh. The 100 Most Powerful Women
- ↑ (31 August 2006). #33 Khaleda Zia, Prime Minister, Bangladesh. The 100 Most Powerful Women
- ↑ Skard, Torild. (2014). Women of Power - Half a century of female presidents and prime ministers worldwide. Policy Press. ISBN 978-1-44731-578-0
- ↑ Khaleda Zia suffers another setback as her 17-year prison term poses big hurdle for contesting in upcoming polls. Firstpost
- ↑ (8 February 2018). Clashes as Bangladesh ex-PM jailed. BBC News
- ↑ (26 March 2020). Khaleda Zia freed, gets back home. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খালেদা জিয়া” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৭৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।