ভাৰতৰ ধৰ্মীয় গুৰু
২৪ প্ৰবন্ধ
-
শংকৰদেৱ
শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) মধ্যযুগীয় অসমৰ এক প্রধান ধৰ্মপ্ৰচাৰক আৰু বহুমুখী স্ৰষ্টা, যাঁৰ নেতৃত্বত নৱবৈষ্ণৱ তথা একশৰণ নাম ধৰ্মে সমাজ-জীৱনত গভীৰ ৰূপান্তৰ আনে। সাহিত্য, সংগীত, নাট-অভিনয়, নৃত্য আৰু সামাজিক সংগঠনৰ সমাহাৰে তেওঁ অসমীয়া সংস্কৃতিৰ এক ঐক্যসূত্ৰ গঢ়ি তোলে।
-
মাধৱদেৱ
মাধৱদেৱ (১৪৮৯–১৫৯৬) মহাপুৰুষীয়া এক শৰণ নাম ধৰ্মৰ অন্যতম কেন্দ্ৰীয় ব্যক্তিত্ব আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য তথা উত্তৰাধিকাৰী হিচাপে স্বীকৃত। সাহিত্য, সংগীত-নাট্য, আৰু সত্ৰ-সংগঠনৰ জৰিয়তে তেওঁ অসমীয়া ধৰ্ম-সংস্কৃতিৰ দীঘলীয়া ধাৰাক সুদৃঢ় ৰূপ দিছে।
-
গৌতম বুদ্ধ
ประดู่ คำหงษาคือসিদ্ধাৰ্থ গৌতম আছিল প্ৰাচীন ভাৰতৰ এক ধৰ্মগুৰু আৰু বৌদ্ধধৰ্মৰ প্ৰতিষ্ঠাপক। অধিকাংশ বৌদ্ধ সম্প্ৰদায়ৰ মতে, তেখেতেই বৰ্তমান যুগৰ সৰ্বোচ্চ বুদ্ধ (পালি: সম্মাসম্বুদ্ধ, সংস্কৃত: সম্যকসম্বুদ্ধ)। 'বুদ্ধ' শব্দৰ অৰ্থ 'আলোকপ্ৰাপ্ত ব্যক্তি' বাประดู่ 'দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি'।
-
স্বামী বিবেকানন্দ
স্বামী বিবেকানন্দ এগৰাকী ভাৰতীয় হিন্দু সন্ন্যাসী, দাৰ্শনিক, লেখক, ধৰ্মগুৰু আছিল। তেওঁৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ দত্ত। তেওঁ ঊনবিংশ শতাব্দীৰ প্ৰসিদ্ধ হিন্দু ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আৰু ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক আছিল।
-
ৰামকৃষ্ণ পৰমহংস
ৰামকৃষ্ণ পৰমহংস আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেওঁৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ। সেয়েহে তেওঁৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেওঁ আছিল মানৱতাৰ পূজাৰী। সাধনাৰ ফলত তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে- পৃথিৱীৰ সকলো ধৰ্মই সঁচা আৰু ইয়াত কোনো ভিন্নতা নাই।
-
সত্য সাই বাবা
সত্য সাই বাবা (জন্মতে সত্য নাৰায়ণ ৰাজু; ২৩ নৱেম্বৰ ১৯২৬ৰ পৰা ২৪ এপ্ৰিল ২০১১)) এজন ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। তেওঁ দাবী কৰা আৰু অনেক লোকে বিশ্বাস কৰা মতে, তেওঁ শিৰডীৰ সাই বাবাৰ (মৃত্যু: ১৯১৮) পুনৰ্জন্ম।
-
অনিৰুদ্ধদেৱ
মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ (১৫৫৩-১৬২৩) এগৰাকী শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰী গোপালদেৱৰ পৰৱৰ্তীকালৰ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক আছিল।
-
মধ্বাচাৰ্য
বাস্তৱ দ্বৈত: স্বাধীন আৰু পৰাধীন। কেৱল বিষ্ণুহে স্বাধীন। মধ্বাচাৰ্য (১১৯৯ - ১২৭৮ বা ১২৩৮ - ১৩১৭) বা পূৰ্ণ প্ৰজ্ঞ বা আনন্দ তীৰ্থ এগৰাকী ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ আৰু দ্বৈত বেদান্তৰ মুখ্য প্ৰৱক্তা। তেওঁৰ দৰ্শনক তত্ত্ববাদো বোলা হয়, যাৰ অৰ্থ "বাস্তৱ দৃষ্টিভংগীৰ পৰা কৰা তৰ্ক"।
-
হৰিদেৱ
হৰিদেৱ (Harideva) আছিল অসমত মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। তেখেতে ভগৱানৰ পূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ, গীতা, ভাগৱত আদিত উল্লেখিত ধৰণে শ্ৰীকৃষ্ণকেই সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা-অৰ্চ্চনা কৰাতহে বিশ্বাস কৰিছিল।
-
তুকাৰাম
সন্ত তুকাৰাম ১৭শ শতিকাৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ ভক্তি আন্দোলনৰ সময়ৰ হিন্দু কবি আৰু সন্ত আছিল। তেওঁ ‘অভঙ্গ’ নামৰ ভক্তিমূলক কবিতা আৰু ‘কীৰ্তন’ নামৰ পূজাৰ ভক্তিমূলক গীতবোৰৰ বাবে জনাযায়।
-
ঠাকুৰ অনুকূলচন্দ্ৰ
অনুকূলচন্দ্ৰ চক্ৰৱৰ্তী বা শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ (১৪ ছেপ্টেম্বৰ, ১৮৮৮ - ২৭ জানুৱাৰী, ১৯৬৯) ভাৰতৰ এগৰাকী ধৰ্ম সংস্কাৰক। তেওঁ সৎসঙ্গ নামৰ এটি সংগঠনৰ প্ৰবৰ্তক।তেওঁ ব্ৰিটিছ শাসিত ভাৰতৰ বঙ্গ প্ৰদেশৰ পাবনা জিলাৰ হিমায়তপুৰত (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) জন্মগ্ৰহণ কৰে।
-
শিৰডীৰ সাই বাবা
শিৰডীৰ সাই বাবা এজন ভাৰতৰ সন্ত। তেওঁ হিন্দু-মুচলন্ত ঐক্যৰ বাবে জনা যায়। তেওঁৰ মূলমন্ত্ৰ আছিল "শ্ৰদ্ধা আৰু সবুৰি(সহানুভূতি, কৰুণা)"
-
সাৰদা দেৱী
সাৰদা দেৱী (Sarada Devi; ২২ ডিচেম্বৰ ১৮৫৩- ২০ জুলাই ১৯২০) আছিল ঊনৈশ শতিকাৰ বিশিষ্ট বঙালী ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ পত্নী, সাধনসঙ্গিনী আৰু ৰামকৃষ্ণ মঠ আৰু মিছনৰ সংঘজননী। ভক্তসকলে তেওঁক শ্ৰীশ্ৰী মা নামেৰে সম্বোধন কৰে।
-
মিনীমাতা
মিনীমাতা (Minimata; ১৯১৩-১৯৭২) আছিল সৎনামী সমাজৰ গুৰুমাতা।
-
স্বামী নিগমানন্দ
স্বামী নিগমানন্দ পৰমহংস (স্বামী নিগমানন্দ পৰমহংস, ସ୍ବାମୀ ନିଗମାନଂଦ ପରମହଂସ, स्वामी निगमानंद परमहंस ১৮ আগষ্ট, ১৮৮০- ২৯ নবেম্বৰ, ১৯৩৫)) নদীয়া জিলাৰ তেতিয়াৰ চাব-ডিভিজন কুতুবপুৰ নামৰ এখন সৰু গাঁৱত (কিন্তু বৰ্তমানে বাংলাদেশৰ মেহেৰপুৰ জিলাত) এক বাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰে।
-
গোপালেৰ মা
গোপালেৰ মা (অনুবাদː গোপালৰ মাক; জন্মːআঘোৰমণি দেৱী; ১৮২২ – ৮ জুলাই ১৯০৬) বংগৰ সাধু আৰু ৰহস্যবাদী ব্যক্তি শ্ৰীৰামকৃষ্ণৰ এগৰাকী ভক্ত আৰু ঘৰুৱা শিষ্য আছিল। তেওঁৰ জন্মগত নাম আছিল আঘোৰমণি দেৱী, কিন্তু শ্ৰীৰামকৃষ্ণৰ প্ৰতি "গোপাল" বা শিশু কৃষ্ণ হিচাপে তেওঁৰ তীব্ৰ মাতৃপ্ৰেমৰ বাবে শ্ৰীৰামকৃষ্ণৰ ভক্তসকলৰ মাজত…
-
নিত্যানন্দ প্ৰভু
নিত্যানন্দ প্ৰভু (Nityananda) বা নিতাই গৌড়ীয় বৈষ্ণৱ ধৰ্মৰ মতে শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলৰামৰ অৱতাৰ। তেওঁ চৈতন্য মহাপ্ৰভুৰ মুখ্য আৰু অন্তৰংগ পাৰ্ষদ বা সংগী আছিল। চৈতন্য মহাপ্ৰভু আৰু নিত্যানন্দ প্ৰভু দুয়োকে একেলগে গৌৰ-নিতাই বা নিমাই-নিতাই বোলা হয়। বৈষ্ণৱ পঞ্চতত্ত্বৰ ভিতৰত নিত্যানন্দ অন্যতম।
-
পুৰুষোত্তম ঠাকুৰ
পুৰুষোত্তম ঠাকুৰ (ইংৰাজী Purushottam Thakur) শংকৰদেৱৰ পুত্ৰ ৰমানন্দৰ সন্তান আছিল। অনিৰুদ্ধ দাসৰ 'গুৰু-বৰ্ণনা'মতে সাতত্ৰিশ বছৰ বয়সত পুৰুষোত্তম ঠাকুৰ জনিয়ালৈ যায় আৰু তাতে থাকি বাৰজন মহন্ত পাতে। জনিয়াত ছবছৰমান থকাৰ পিছত কোচবিহাৰৰ ভেলাডোৱাৰত সত্ৰঘৰ কৰি থাকেগৈ।
-
ভগিনী নিবেদিতা
ভগিনী নিবেদিতা (Sister Nibedita; জন্ম:এলিজাবেথ ন’বেল; ২৮ অক্টোবৰ ১৮৬৭ – ১৩ অক্টোবৰ ১৯১১) এগৰাকী আয়াৰলেণ্ড দেশীয় শিক্ষয়িত্ৰী, লেখিকা, সমাজ কৰ্মী, বিদ্যালয় প্ৰতিষ্ঠাপক আৰু স্বামী বিবেকানন্দৰ শিষ্যা আছিল। শৈশৱ আৰু যৌৱনৰ আৰম্ভণিৰ কালছোৱা আয়াৰলেণ্ডত কটায়।
-
যদুমণিদেৱ
যদুমণিদেৱ (Jadumonidev)) হৈছে গোপাল আতাৰ এজন প্ৰধান শিষ্য। তেওঁ বৰপেটালৈ যাওঁতে নাৰায়ন দাস ঠাকুৰ আতাই মাধৱদেৱৰ ওচৰলৈ লৈ যায়, পিছত তেওঁ শ্ৰীৰামদেৱৰ লগত গৈ ভাৱনীপুৰীয়া গোপাল আতাৰ ওচৰত শৰণ লয়। যদুমণিদেৱৰ চৌৰান্নব্বৈটি ঘোষা পোৱা যায়। তেখেতে ‘জন্ম-যাত্ৰা’, ‘অজামিল’ আৰু ‘কোটোৰা-যাত্ৰা’ ভাওনা কৰাইছিল।
-
গৌৰী মা
গৌৰী মা (Gauri Ma, ১৮৫৭ ফেব্ৰুৱাৰী – ১ মাৰ্চ ১৯৩৮)ৰ জন্মতে নাম ৰখা হৈছিল মৃদাণী৷ তেখেত ৰামকৃষ্ণ পৰমহংসৰ এগৰাকী প্ৰসিদ্ধ শিষ্যা, সাৰদা দেৱীৰ সতীৰ্থ আৰু কলিকতাত স্থাপিত হোৱা সাৰদেশ্বৰী আশ্ৰমৰ প্ৰতিষ্ঠাতা৷ দক্ষিণেশ্বৰত থকাৰ সময়ত শ্ৰীৰামকৃষ্ণই গৌৰী মাক সন্যাসিনীৰ গেৰুৱা পোছাক প্ৰদান কৰিছিল আৰু…
-
নিৰ্মলা শ্ৰীবাস্তৱ
নিৰ্মলা শ্ৰীবাস্তৱ (পূৰ্বৰ নাম: নিৰ্মলা ছালৱে; ২১ মাৰ্চ ১৯২৩ – ২৩ ফেব্ৰুৱাৰী ২০১১), যি শ্ৰী মাতাাজী নিৰ্মলা দেৱী নামেৰেও পৰিচিত, তেওঁ আছিল এক নতুন ধৰ্মীয় আন্দোলন সহজ যোগৰ প্ৰতিষ্ঠাপক আৰু গুৰু।
-
যোগীন মা
যোগীন মা (১৬ জানুৱাৰী ১৮৫১ - ৪ জুন ১৯২৪) বা সম্পূৰ্ণকৈ যোগীন্দ্ৰ মোহিনী বিশ্বাস হিন্দু ৰহস্যবাদী সাধক ৰামকৃষ্ণৰ পত্নী তথা আধ্যাত্মিক পত্নী সাৰদা দেৱীৰ অন্যতম প্ৰধান নাৰী শিষ্য। গোলাপ মাৰ সৈতে মিলি ৰামকৃষ্ণৰ মঠৰ পবিত্ৰ মাতৃ হিচাপে তেওঁ সাৰদা দেৱীৰ সংগী আছিল।
-
সন্তদাস কাঠিয়াবাবা
সন্তদাস কাঠিয়াবাবা (১০ জুন ১৮৫৯ – ৮ নৱেম্বৰ ১৯৩৫) পূৰ্বশ্ৰম নাম তাৰাকিশোৰ চৌধুৰী ১৯ শতিকাৰ একজন বিশিষ্ট ভাৰতীয় বাঙালী যোগী, দাৰ্শনিক আৰু ধৰ্মগুৰু আৰু ১৯ শতিকাৰ বেদান্ত দ্বৈতবাদী ৰামদাস কাঠিয়াবাবাৰ প্ৰধান শিষ্য আছিল।