হাইদৰাবাদ (హైదరాబాదు,;) ভাৰতৰ তেলংগানা ৰাজ্যৰ ৰাজধানী। এই চহৰক "চিটি অব পাৰ্লছ" বুলি জনা যায়। হাইদৰাবাদৰ আয়তন ৬৫০ বৰ্গকিঃমিঃ আৰু জনসংখ্যা ৬৮ লাখ।
অৰ্থনীতি
হাইদৰাবাদ ভাৰতৰ অন্যতম তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ। ইয়াত বহুতো বহুজাতিক কোম্পানীৰ কাৰ্য্যালয় অৱস্থিত।
পৰিবহণ
স্থলপথ
হাইদৰাবাদ ভাৰতৰ বাকী চহৰসমূহৰ লগত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযুক্ত। প্ৰধান ঘাইপথ সমূহ হৈছে ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথ। হাইদৰাবাদৰ প্ৰধান বাছ আস্থান হৈছে মহাত্মা গান্ধী বাছ আস্থান। চহৰখনত ৰাজ্যিক পৰিবহণ নিগমৰ ৪০০০ খনতকৈও অধিক বাছ চলাচল কৰে।
ৰেলপথ
চহৰখনৰ প্ৰধান ৰেল যাতায়ত ব্যৱস্থাৰ ভিতৰত মাল্টিমডেল ট্ৰান্সপ'ৰ্ট চিষ্টেম (এম এম টি এছ) উল্লেখযোগ্য। ভাৰতীয় ৰে’লৰ দক্ষিণ মধ্য ৰে'লৱে মণ্ডলৰ মুখ্য কাৰ্যালয় হাইদৰাবাদৰ নিকটৱৰ্ত্তী চেকেন্দ্ৰাবাদত অৱস্থিত। চেকেন্দ্ৰাবাদ ৰে'লৱে ষ্টেচন হাইদৰাবাদৰ প্ৰধান ব্যস্ততম আৰু বৃহত্তম ৰে'লৱে ষ্টেচন। ইয়াৰোপৰি আন দুটা প্ৰধান ৰেল ষ্টেচন হৈছে - হাইদৰাবাদ ডেক্কান ৰে'লৱে ষ্টেচন (নামপল্লী) আৰু কাচিগুড়া ৰে'লৱে ষ্টেচন। ২০১৭ চনৰ নৱেম্বৰত হাইদৰাবাদ মেট্ৰ' ৰে'ল সেৱাৰ শুভাৰম্ভ ঘটে। এই ক্ষিপ্ৰ ৰে'লসেৱাই চহৰ খনৰ যাতায়ত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰে।
বিমানপথ
হাইদৰাবাদ চহৰৰ পৰা প্ৰায় ২৪ কিঃমিঃ দক্ষিণে অৱস্থিত ছামছাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে চহৰখনৰ প্ৰধান বিমানবন্দৰ। এই বিমানবন্দৰৰ পৰা দেশ তথা বিদেশৰ বিভিন্ন স্থানলৈ দৈনিক যথেষ্ট সংখ্যক বিমান চলাচল কৰে। ই দেশৰ অন্যতম ব্যস্ত বিমানবন্দৰ। পূৰ্বতে বেগমপেট বিমানবন্দৰৰ জৰিয়তে হাইদৰাবাদৰ বিমান সেৱা চলিছিল।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাইদৰাবাদ” প্ৰবন্ধৰ সংশোধন ৪০৪৫২৫ (৫ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।