অঞ্জলি দেৱী তেলেগু আৰু তামিল ছবিৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু প্ৰযোজক আছিল। তেওঁৰ জন্ম ২৪ আগষ্ট ১৯২৭ আৰু মৃত্যু ১৩ জানুৱাৰী ২০১৪ চন৷ তেওঁ লৱ কুশত দেৱী সীতাৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে চেঞ্চু লক্ষ্মী, সুৱৰ্ণ সুন্দৰী, আনাৰকলী আদি চিনেমাত টাইটেল চৰিত্ৰত অভিনয় কৰি তেওঁ সুপৰিচিত আছিল।
প্ৰাৰম্ভিক জীৱন
অঞ্জলি দেৱীৰ জন্ম হৈছিল ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ পূব গোদাবৰী জিলাৰ পেড্ডাপুৰমত৷ জন্ম নাম আছিল অঞ্জম্মা। নাটকত অভিনয় কৰোঁতে নাম সলনি কৰি অঞ্জনী কুমাৰী কৰে। পিছলৈ পৰিচালক চি পুল্লাইয়ে তেওঁৰ নাম সলনি কৰি অঞ্জলি দেৱী কৰে।১
কৰ্মজীৱন
অভিনেত্ৰী
চিনেমাত খোজ দিয়াৰ আগতে তেওঁ নাট্যশিল্পী আছিল, ১৯৩৬ চনত "ৰাজা হৰিশচন্দ্ৰ"ত লোহিতাস্বৰ চৰিত্ৰত অভিনয় কৰিছিল। নায়িকা হিচাপে তেওঁৰ প্ৰথমখন ছবি আছিল ১৯৪০ চনত এল ভি প্ৰসাদৰ কষ্টজীৱী, কিন্তু সেই ছবিখন তিনিটা ৰীলৰ শ্বুটিং হোৱাৰ পিছত পৰিত্যক্ত অৱস্থাত পৰি ৰৈছিল। পিছত চি.পুল্লাইয়ে তেওঁক আৱিষ্কাৰ কৰি গোল্লাভামা (১৯৪৭) ছবিখনত মোহিনীৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ দিয়ে। ১৯৪৭ চনত অভিনয় দক্ষতা আৰু সুন্দৰ চেহেৰাৰ ওপৰত ভিত্তি কৰি তেওঁ নিশাটোৰ ভিতৰতে তাৰকা হৈ পৰে।২ ১৯৬৩ চনত তেলেগু চলচ্চিত্ৰ জগতৰ প্ৰথমখন ৰঙীন ছবি লৱ কুশত তেওঁ অভিনয় কৰিছিল। লৱ কুশত সীতাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সুপৰিচিত হৈ পৰে আৰু পিছত সুৱৰ্ণ সুন্দৰী আৰু আনাৰকলীৰ দৰে ছবিতো তেওঁৰ অভিনয়ৰ প্ৰশংসা কৰা হৈছিল। ব্ৰুণ্ডাভানাম (১৯৯২), আন্না ভাডিনা (১৯৯৩) আৰু পুলিচ আলুডু (১৯৯৪) তেওঁৰ কেৰিয়াৰৰ শেষ কালৰ কেইখনমান ছবি আছিল। বালাইয়াৰ পুলিচ আল্লুডু আৰু আন্না ভাদিনাত তেওঁ ব্ৰহ্মানন্দমৰ সতে অভিনয় কৰা দেখা গৈছিল। তেওঁ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল, যেনে এগৰাকী ডেমচেল, এগৰাকী পৰী, এগৰাকী নৃত্যশিল্পী, এগৰাকী দানৱ, এগৰাকী দেৱী, এগৰাকী পৰম্পৰাগত নাৰী আৰু পিছলৈ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।৩
প্ৰযোজক
১৯৫৫ চনত অক্কিনেনী নাগেশ্বৰ ৰাওক ৰাজকুমাৰ চেলিমৰ চৰিত্ৰত লৈ তেওঁ নিজেই শিৰোনাম চৰিত্ৰত অভিনয় কৰা আনাৰকলী ছবিখন নিৰ্মাণ কৰে। তাৰ পাছত ভি মধুসুদন ৰাওৰ ভক্ত টুকাৰাম আৰু চণ্ডীপ্ৰিয়া ছবি প্ৰযোজনা কৰে। বলীউড আৰু টলিউডৰ অভিনেত্ৰী জয়াপ্ৰদাই শোভন বাবু আৰু চিৰঞ্জীৱীৰ সৈতে, পিছৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। প্ৰযোজক হিচাপে তেওঁ মুঠ ২৭খন ছবি নিৰ্মাণ কৰিছে। শ্ৰী সত্য সাই বাবাৰ এগৰাকী উগ্ৰ ভক্ত আছিল তেওঁ৷ শ্ৰী সত্য সাই বাবাৰ জীৱন আৰু অৱতাৰৰ ওপৰত নিৰ্মিত টেলি-ধাৰাবাহিক শিৰদী সাই পাৰ্থী সাই দিব্যকথা প্ৰযোজনা কৰাৰ উপৰি অভিনয়ো কৰিছিল।৪
ব্যক্তিগত জীৱন
১৯৪৮ চনত তেওঁৰ সংগীত পৰিচালক পি আদিনাৰায়ণ ৰাওৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।২ তেওঁলোকে চেন্নাইত বসতি স্থাপন কৰিছিল। তেওঁলোকৰ দুজন পুত্ৰ আছে। দুয়ো মিলি অঞ্জলি পিকচাৰ্ছ নামৰ বেনাৰত বহু তেলেগু ছবি নিৰ্মাণ কৰিছিল। তেওঁলোকৰ নাতিনী ছাইলা ৰাও এগৰাকী অভিনেত্ৰী।
মৃত্যু
২০১৪ চনৰ ১৩ জানুৱাৰীত চেন্নাইৰ বিজয়া হাস্পতালত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে ৮৬ বছৰ বয়সত অঞ্জলি দেৱীৰ মৃত্যু হয়।২ তেওঁৰ শৰীৰৰ অংগসমূহ ৰামচন্দ্ৰ চিকিৎসা মহাবিদ্যালয়লৈ দান কৰা হয়।৫
বঁটা-সন্মান
অঞ্জলি দেৱীয়ে বিভিন্ন বঁটা আৰু সন্মান লাভ কৰে৷
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা – তেলেগু – আনাৰকলী (১৯৫৫)
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা – তেলেগু – চেঞ্চু লক্ষ্মী (১৯৫৮)
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা – তেলেগু – লৱ কুশ (১৯৬৩)
- গুণ্টুৰৰ নাগাৰ্জুন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী।
- তেলেগু চলচ্চিত্ৰ জগতলৈ আজীৱন সেৱা আগবঢ়োৱাৰ বাবে ১৯৯৪ চনত ৰঘুপতি ভেংকাইয়া বঁটা।
- ২০০৬ চনত সূক্ষ্ম কলা শাখাত ৰামিনেনী ৰাষ্ট্ৰীয় বঁটা।
- ২০০৮ চনত এ এন আৰ ৰাষ্ট্ৰীয় বঁটা।
- তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ সন্মানীয় বঁটা – ২০০০ চনত অৰিগ্নাৰ আন্না বঁটা
- পদ্মভূষণ ড° বি সৰোজা দেৱী ৰাষ্ট্ৰীয় বঁটা ২০১০ চনত ভাৰতীয় বিদ্যা ভৱন, বাংগালুৰুৰ দ্বাৰা।৬
তথ্যসূত্ৰ
- ↑ (2014-01-14). Sita of many hearts, Anjali Devi dies at 86. The Times of India
- ↑ (14 January 2014). Veteran actor Anjali Devi dead. The Hindu
- ↑ Biography Movie Review - Home
- ↑ Sri Sai Baba- Shirdi Sai Parthi Sai Divya Katha
- ↑ Anjali Devi passes away. Filmcircle.com
- ↑ Multilingual actress Jayanti wins B. Saroja Devi National Award. Uni India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঞ্জলি দেৱী” প্ৰবন্ধৰ সংশোধন ৪১৩৯১২ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।