ভাৰতীয় টকা (চিহ্ন:; ক’ড: INR) হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee (ৰুপী), কিন্তু কেৱল বঙালী আৰু অসমীয়া ভাষাতহে ইয়াক টকা বুলি কোৱা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে টকা প্ৰস্তুত কৰি বাণিজ্যিক বেংকসমূহৰ দ্বাৰা ৰাইজৰ মাজত বিতৰণ কৰে।১
আধুনিক ভাৰতীয় টকাক পইছালৈ ভাগ কৰা হৈছে। বৰ্তমান এটকাত ১০০ পইছা থাকে। কাগজৰ নোট ৫, ১০, ২০, ৫০, ১০০, ২০০, ৫০০ টকাত পোৱা যায়। লগতে ধাতুৰ মুদ্ৰা ৫০ পইছা, ১ টকা, ২ টকা ৫ টকা আৰু ১০ টকা পোৱা যায়। ৰুপীয়া শব্দটো ৰূপৰ পৰা আহিছে, কাৰণ ভাৰতত আগতে মুদ্ৰা ৰূপেৰে নিৰ্মাণ কৰা হৈছিল।
২০১০ চনৰ ১৫ জুলাইত ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে টকাৰ এটি প্ৰতীক চিহ্ন নিৰ্বাচন কৰে। এই প্ৰতীকটো দেৱনাগৰী "र" (ৰ) আৰু ৰোমান ডাঙৰ ফলা "R" আখৰ দুটাৰ সংমিশ্ৰণত সৃষ্টি কৰা হৈছে। ইয়াৰ আগতে Rs. (একবচনত Re.) শব্দটো টকাৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰা হৈছিল।
নামকৰণ
ভাৰতীয় টকা ভাৰতৰ বিভিন্ন ভাষাৰ বিভিন্ন নামে পৰিচিত। হিন্দী ভাষাৰ নাম "ৰুপয়া" শব্দটো ৰূপৰ পৰা আহিছে, কাৰণ ভাৰতত আগতে মুদ্ৰা ৰূপেৰে নিৰ্মাণ কৰা হৈছিল। এক ৰুপীয়াত ১৬ অনা, বা ৬৪ পইছা, বা ১৯২ পাই আছিল। এক ৰূপৰ টকা ১১.৬৬ গ্ৰাম ০.৯১৭ বিশুদ্ধতাৰ ৰূপেৰে তৈয়াৰ কৰা হৈছিল। কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছত এয়া সলনি কৰা হয়, এতিয়া এক টকাত ১০০ পইছা থাকে। এতিয়া মুদ্ৰা ৰূপেৰে নহয়, মিশ্ৰিত ধাতুৰে নিৰ্মাণ কৰা হয়।
ভাৰতীয় বেংকনোটৰ ভাষা পেনেলত দেশৰ ২২টা চৰকাৰী ভাষাৰ মুদ্ৰাৰ অঙ্কটো লিখিত থাকে।২
- টকা (টকা) অসমীয়াত
- টাকা (টাকা) বঙালীত
- ଟଙ୍କା (টংকা) ওড়িয়াত
- રૂપિયો (ৰুপীয়ো) গুজৰাটীত
- रुपया (ৰুপয়া) হিন্দীত
- روپے (ৰুপায়) কাশ্মিৰীত
- ರೂಪಾಯಿ (ৰুপায়ি) কানাড়া, তুলু আৰু কংকনীত
- रुपया (ৰুপয়া) কংকনীত
- രൂപ (ৰুপা) মালায়লমত
- रुपये (ৰুপয়ে) মাৰাঠীত
- रुपियाँ(ৰুপীয়াঁ) নেপালীত
- ਰੁਪਈਆ (ৰুপীআ) পঞ্জাবীত
- रूप्यकम् (ৰুপয়াকাম) সংস্কৃত ভাষাত
- ரூபாய் (ৰুপাই) তামিলত
- రూపాయి (ৰুপায়া) তেলেগুত
- روپیہ (ৰুপীয়াহ) উৰ্দু ভাষাত
প্ৰতীক চিহ্ন
মূল প্ৰবন্ধ: ভাৰতীয় টকাৰ চিহ্ন
২০০৯ চনৰ ৫ মাৰ্চত ভাৰত চৰকাৰে টকাৰ প্ৰতীক অঙ্কনৰ এক প্ৰতিযোগিতাৰ কথা ঘোষণা কৰে।৩৪ ২০১০ চনৰ কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰাৰ সময়ত বিত্তমন্ত্ৰী প্ৰণব মুখাৰ্জীয়ে উল্লেখ কৰে যে টাকৰ প্ৰস্তাৱিত প্ৰতীটো ভাৰতীয় সংস্কৃতিৰ প্ৰতিফলন ঘটিব।৫ প্ৰতিযোগিতাৰ পৰা প্ৰাপ্ত প্ৰতীৰসমূহৰ পৰা পাঁচটি প্ৰতীকক বাছি উলিওৱা হয়।৬ ২০১০ চনৰ ২৪ জুনত কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠকত এই পাঁচটি প্ৰতীকৰ মাজৰ পৰা এটিক টকাৰ প্ৰতীক হিচাবে গ্ৰহণ কৰাৰ কথা আছিল।৭ কিন্তু কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ এটি অনুৰোধ ৰক্ষা কৰিব লগা হোৱাৰ ফলত এই সিদ্ধান্ত গ্ৰহণৰ কিছু বিলম্ব হয়।৮ ২০১০ চনৰ ১৫ জুলাইত পুনৰ কেবিনেটৰ বৈঠক স্থিৰ হয়।৯ এই বৈঠকতে আইআইটিৰ প্ৰাক্তন ছাত্ৰ ডি উদয় কুমাৰ অঙ্কিত প্ৰতীকটি ভাৰতীয় টকাৰ চৰকাৰী প্ৰতীক হিচাবে নিৰ্বাচন কৰা হয়।৯১০
এই প্ৰতীকটো দেৱনাগৰী "र" (ৰ) আৰু ৰোমান ডাঙৰ ফলা "R" আখৰ দুটাৰ সংমিশ্ৰণত সৃষ্টি কৰা হৈছে। প্ৰতীকটোৰ উপৰ অংশত দুটি সমান্তৰাল ৰেখাই জাতীয় পতাকাৰ একৰ ৰূপকল্প সৃষ্টি কৰিছে।১১
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Reserve Bank of India FAQ - Your Guide to Money Matters. Rbi.org.in
- ↑ Indian banknotes
- ↑ finmin.nic.in/the_ministry/dept_eco_affairs/curr COMPETITION FOR DESIGN
- ↑ (2009-03-06). India seeks global symbol for rupee. Hindustan Times
- ↑ (2010-06-24). Cabinet defers decision on rupee symbol. Sify Finance
- ↑ List of Five Entries which have been selected for Final. Ministry of Finance, Govt of India
- ↑ (2010-02-26). Rupee to get a symbol today!. Money Control.com
- ↑ (2010-06-24). Cabinet defers decision on rupee symbol. PTI
- ↑ (2010-07-15). Cabinet approves new rupee symbol. Times of India
- ↑ D. Udaya Kumar. IIT Bombay
- ↑ (2010-07-15). IIT post-graduate gives Rupee its symbol. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় টকা” প্ৰবন্ধৰ সংশোধন ৫৬০০৬৮ (২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।