নাজমা আকবৰ আলি হেপতুল্লা (નજમા હેપ્તુલા; জন্ম: ১৩ এপ্ৰিল ১৯৪০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান মণিপুৰৰ ৰাজ্যপাল। ইয়াৰ লগতে তেওঁ জামিয়া মিলিয়া ইছলামীয়াৰ আচাৰ্য পদত অধিষ্ঠিত হৈ আছে। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপাধ্যক্ষ। তেওঁ ১৯৮০ চনৰ পৰা ২০১৬ চনলৈ মুঠ ছয়বাৰ ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ লগতে তেওঁ ১৬ বছৰকাল ৰাজ্যসভাৰ উপাধ্যক্ষ আছিল।১
তেওঁ অভিনেতা আমিৰ খানৰ সম্পৰ্কীয় ভনী আৰু ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আবুল কালাম আজাদৰ নাতিনী ভতিজী।২৩৪ ২০০৭ চনৰ আগষ্ট মাহত অনুষ্ঠিত ভাৰতৰ ১৩তম উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰাৰ্থী আছিল। এই নিৰ্বাচনত তেওঁ ২৩৩ ভোটত হামিদ আনছাৰী হাতত পৰাজিত হৈছিল। ২০১৪ চনৰ ২৬ মে' তাৰিখে নৰেন্দ্ৰ মোদী প্ৰথম কেবিনেটত তেওঁ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীপদ লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
১৯৪০ চনৰ ১৩ এপ্ৰিল তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ভূপাল ষ্টেটৰ ভূপালত (বৰ্তমান মধ্য প্ৰদেশ) নাজমা হেপতুল্লাৰ জন্ম হৈছিল। জন্মতে তেওঁৰ নাম চৈয়দা নাজমা বিণ্ট ইউচুফ আছিল। তেওঁৰ পিতৃ চৈয়দ ইউচুফ বিন আলি আলহাছমী আৰু মাতৃ চৈয়দা ফাটিমা বিন মেহমুদ।৫ তেওঁলোক ডাউডি বহৰা ইছমিলি চিয়া গুজৰাটী মুছলমান সম্প্ৰদায়ৰ।৫ তেওঁ ভূপালৰ মতিলাল বিজ্ঞান মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। পিছলৈ তেওঁ উজ্জেনত অৱস্থিত বিক্ৰম বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতকোত্তৰ আৰু একে বিশ্ববিদ্যালয়ৰ পৰা হৃদপিণ্ডৰ গঠনৰ ওপৰত গৱেষণা কৰি জীৱবিজ্ঞানৰ পিএইছডি ডিগ্ৰী লাভ কৰিছিল।৫৬৭
১৯৬৬ চনত তেওঁ আকবৰ আলি আখটাৰৰ লগত বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ তিনি গৰাকী কন্যা আছে।৬ তেওঁৰ স্বামী এগৰাকী মানৱক্ষমতা পৰামৰ্শদাতা আছিল আৰু ১৯৬০ৰ দশকত পেট্ৰিয়ট নামৰ বাতৰিকাকত প্ৰকাশ কৰিছিল। ২০০৭ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীত ৭৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৮
কৰ্মজীৱন
নাজমা হেপতুল্লায়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন পদবীত অধিষ্ঠিত আছিল। ১৯৮৬ চনত তেওঁ কংগ্ৰেছৰ মহাসচিব আছিল আৰু অতিৰিক্ত ভাবে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি আৰু ৰাষ্ট্ৰীয় ছাত্ৰ সংঘ ভাৰতৰ যুৱ পৰিক্ৰমাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।৯ ১৯৮০ চনৰ পৰা তেওঁ ৰাজস্থানৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ১৯৮০, ১৯৮৬, ১৯৯২ আৰু ১৯৯৮ চনত মুঠ চাৰিটা কাৰ্যকালৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।১০ তেওঁ ১৯৮৫ চনৰ জানুৱাৰী মাহৰ পৰা ১৯৮৬ চনৰ জানুৱাৰীলৈ আৰু ১৯৮৮ চনৰ পৰা ২০০৪ জুলাই মাহলৈ ৰাজ্যসভাৰ উপাধ্যক্ষ আছিল।১১
তেওঁ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ মুৰব্বী মনোনীত হৈছিল। তেওঁ ১৯৯৩ চনত মহিলা সাংসদৰ গোটৰ আন্তঃসংসদ সংঘৰ তেওঁ অধ্যক্ষ আছিল আৰু একে বছৰে তেওঁ মানৱ উন্নয়নৰ সাংসদৰ ফৰামৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। ১৯৯৯ চনত বাৰ্লিনত অনুষ্ঠিত আন্তঃসংসদ সংঘৰ ১৬৫তম অধিবেশনৰ সভানেত্ৰী আছিল। ১৯৯৯ চনৰ ১৬ অক্টোবৰৰ পৰা ২০০২ চনৰ ২৭ ছেপ্টেম্বৰলৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল। ২০০২ চনত এই সংগঠনৰ ১৭১তম অধিবেশনত তেওঁ সন্মানীয় অধ্যক্ষ পদ লাভ কৰে। তেওঁক ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিয়ে ইয়াৰ মানৱ উন্নয়ন দূত হিচাপে মনোনীত কৰিছিল। তেওঁ ১৯৯৭ চনত ৰাষ্ট্ৰসংঘৰ মহিলাৰ অৱস্থাৰ ওপৰত গঠন কৰা কমিচনৰ নেতৃত্ব বহন কৰিছিল।১২
তেওঁ এইচ.আই.ভি/এইড্ছ ৰোগৰ ওপৰত এখন গ্ৰন্থ প্ৰণয়ন কৰিছে। ইয়াৰ উপৰিও তেওঁ মানুহৰ সামাজিক সুৰক্ষা, বহনক্ষম উন্নয়ন, পৰিৱেশ, মহিলাৰ পক্ষে নীতি আৰু ভাৰত আৰু পশ্চিম এছিয়াৰ সম্পৰ্কৰ বিষয়ে লিখা-মেলা কৰিছে।
২০০৪ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।৫১৩ ২০০৭ চনৰ আগষ্ট মাহত অনুষ্ঠিত ভাৰতৰ ১৩তম উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰাৰ্থী আছিল। এই নিৰ্বাচনত তেওঁ ২৩৩ ভোটত হামিদ আনছাৰী হাতত পৰাজিত হৈছিল। ২০১৪ চনৰ ২৬ মে' তাৰিখে নৰেন্দ্ৰ মোদী প্ৰথম কেবিনেটত তেওঁ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীপদ লাভ কৰিছিল। ২০১৭ চনৰ ২৬ মে' তাৰিখে তেওঁ দিল্লীৰ জামিয়া মিলিয়া ইছলামীয়াৰ আচাৰ্য পদত নিযুক্তি লাভ কৰে। ২০১৬ চনৰ ২১ আগষ্ট তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক মণিপুৰৰ ৰাজ্যপাল নিযুক্ত কৰে। ২০১৯ চনৰ ২৪ জুলাই তাৰিখে তেওঁ পুনৰাই মণিপুৰৰ ৰাজ্যপাল পদ লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Parsai, Gargi. (25 April 2012). New stars in Rajya Sabha, spotlight on Mayawati. দ্য হিন্দু
- ↑ The Times of India: Latest News India, World & Business News, Cricket & Sports, Bollywood. The Times of India
- ↑ Aamir Khan gifted Maulana Azad's speech to sister – The Times of India. The Times of India
- ↑ Aamir Khan, the family guy – Hindustan Times
- ↑ Mohan, Archis. (13 July 2016). Why Najma Heptulla, G M Siddeswara were forced to quit Modi Cabinet. Business Standard
- ↑ Detailed Profile – Dr. Najma A. Heptulla – Members of Parliament (Rajya Sabha). National Portal of India
- ↑ (26 May 2014). Najma Heptulla's journey from Cong to BJP cabinet: all you need to know. Firstpost
- ↑ (5 September 2007). Najma Heptulla bereaved. The Hindu
- ↑ NDA puts up Najma Heptullah for VP poll
- ↑ Alphabetical List of All Members of Rajya Sabha Since 1952. 164.100.47.5
- ↑ Former Deputy Chairmen of the Rajya Sabha. ৰাজ্যসভা Official website
- ↑ President Najma Heptulla
- ↑ (22 June 2007). NDA puts up Najma Heptullah for VP poll. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাজমা হেপতুল্লা” প্ৰবন্ধৰ সংশোধন ৬৩৯৯১০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।