দ্য টাইম্ছ অৱ ইণ্ডিয়া (ইয়াৰ সংক্ষিপ্ত ৰূপ টয়/TOI নামেৰেও জনাজাত) হৈছে দ্য টাইম্ছ গ্ৰুপৰ মালিকানাধীন আৰু পৰিচালিত ইংৰাজী ভাষাৰ এখন ভাৰতীয় দৈনিক বাতৰি কাকত আৰু ডিজিটেল সংবাদ পত্ৰ। প্ৰচলনৰ হিচাপত ই ভাৰতৰ তৃতীয় বৃহত্তম কাকত আৰু বিশ্বৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা ইংৰাজী ভাষাৰ দৈনিক কাকত।১২৩৪৫ ই ভাৰতৰ আটাইতকৈ পুৰণি ইংৰাজী ভাষাৰ কাকত, আৰু এতিয়াও প্ৰচলিত দ্বিতীয় পুৰণি ভাৰতীয় কাকত। ইয়াৰ প্ৰথম সংস্কৰণ ১৮৩৮ চনত প্ৰকাশ পাইছিল।৬ ইয়াক "বৰি বন্দৰৰ বৃদ্ধ ভদ্ৰমহিলা" উপনামেৰে জনা যায়,৭৮ আৰু ই এখন ভাৰতীয় "অভিলেখৰ বাতৰি কাকত"।৯১০
কুৰি শতিকাৰ আৰম্ভণিৰ সময়ত ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনে টাইম্ছ অৱ ইণ্ডিয়াক "এছিয়াৰ আগশাৰীৰ সংবাদ পত্ৰ" বুলি অভিহিত কৰিছিল।১১১২ ১৯৯১ চনত বিবিচিয়ে ইয়াক বিশ্বৰ ছখন শ্ৰেষ্ঠ বাতৰি কাকতৰ ভিতৰত স্থান দিয়ে।১৩১৪
ইয়াৰ মালিক আৰু প্ৰকাশক হৈছে বেনেট, ক’লমেন এণ্ড কো লিমিটেড (B.C.C.L.), যিটো চাহু জৈন পৰিয়ালৰ মালিকানাধীন। ব্ৰেণ্ড ট্ৰাষ্ট ৰিপৰ্ট ইণ্ডিয়া অধ্যয়ন ২০১৯ত টাইম্ছ অব ইণ্ডিয়াক ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য ইংৰাজী কাকত হিচাপে ৰেটিং দিয়া হৈছিল।১৫ ৰয়টাৰ্ছৰ এক সমীক্ষাত টয়ক (TOI) ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য মিডিয়া নিউজ ব্ৰেণ্ড হিচাপে ৰেটিং দিয়া হৈছে।১৬১৭ শেহতীয়া দশককেইটাত কাকতখনে ভাৰতীয় সংবাদ উদ্যোগত ইতিবাচক সংবাদ প্ৰচাৰৰ বিনিময়ত ব্যক্তি আৰু সংস্থাৰপৰা ধন লোৱাৰ প্ৰথা প্ৰতিষ্ঠা কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে।১৮
ইতিহাস

আৰম্ভণি

১৮৩৮ চনৰ ৩ নৱেম্বৰত দ্য বম্বে টাইম্ছ আৰু জাৰ্নেল অৱ কমাৰ্চ নামেৰে দ্য টাইম্ছ অৱ ইণ্ডিয়াৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ পাইছিল।১৯২০ মহাৰাষ্ট্ৰৰ সমাজ সংস্কাৰক ৰাওবাহাদুৰ নাৰায়ণ দীনানাথ ভেলকাৰৰ পৰিচালনাত বুধবাৰ আৰু শনিবাৰে প্ৰকাশ পোৱা কাকতখনত ব্ৰিটেইন আৰু বিশ্বৰ লগতে ভাৰতীয় উপমহাদেশৰ বাতৰিও প্ৰকাশ পাইছিল। জে ই ব্ৰেনান ইয়াৰ প্ৰথম সম্পাদক আছিল।২১২২ ১৮৫০ চনত ইয়াৰ দৈনিক সংস্কৰণ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল।
১৮৬০ চনত সম্পাদক ৰবাৰ্ট নাইটে (১৮২৫–১৮৯২) ব্যৱসায়িক অংশীদাৰিত্ব থকা ভাৰতীয়সকলৰ সুত ক্ৰয় কৰি, আৰু প্ৰতিদ্বন্দ্বী বম্বে ষ্টেণ্ডাৰ্ডৰ সৈতে একত্ৰিত কৰি ভাৰতৰ প্ৰথমটো সংবাদ সংস্থা আৰম্ভ কৰিছিল। ১৮৬১ চনত তেওঁ বম্বে টাইম্ছ আৰু ষ্টেণ্ডাৰ্ডৰ পৰা দ্য টাইম্ছ অফ ইণ্ডিয়ালৈ নামটো সলনি কৰিছিল। নাইটে আগতীয়া বাধা বা ভয়-ভাবুকিৰ পৰা মুক্ত এক সংবাদ মাধ্যমৰ হকে যুঁজিছিল; চৰকাৰ, ব্যৱসায়িক স্বাৰ্থ আৰু সাংস্কৃতিক মুখপাত্ৰসকলৰ প্ৰচেষ্টাক সঘনাই প্ৰতিহত কৰি কাকতখনক ৰাষ্ট্ৰীয় গুৰুত্ব লাভ কৰাৰ দিশত আগুৱাই লৈ গৈছিল।২৩২৪ ঊনবিংশ শতিকাত এই কাকত কোম্পানীটোৱে ৮০০ৰো অধিক লোক নিয়োজিত কৰিছিল,আৰু ভাৰত আৰু ইউৰোপত ইয়াৰ উল্লেখনীয় প্ৰচলন আছিল।
বেনেট আৰু কলমেনৰ মালিকীস্বত্ব
পৰৱৰ্তী সময়ত ১৮৯২ চনলৈকে টয়ৰ (TOI) মালিকীস্বত্ব কেইবাবাৰো সলনি হোৱা দেখা যায়। ১৮৯২ চনত থমাছ জুৱেল বেনেট নামৰ এজন ইংৰাজ সাংবাদিকে ফ্ৰেংক মৰিছ কলমেনৰ সৈতে (যাৰ পিছলৈ ১৯১৫ চনত এছ এছ পাৰ্ছিয়া ডুব যোৱাৰ ফলত মৃত্যু হয়) তেওঁলোকৰ নতুন যৌথ ষ্টক কোম্পানী "বেনেট, কলমেন এণ্ড কোম্পানী লিমিটেড"ৰ জৰিয়তে কাকতখন অধিগ্ৰহণ কৰে।
ডালমিয়াৰ মালিকীস্বত্ব
ছাৰ ষ্টেনলি ৰিডে ১৯০৭ চনৰ পৰা ১৯২৪ চনলৈকে টাইম্ছ অৱ ইণ্ডিয়া সম্পাদনা কৰিছিল, আৰু মহাত্মা গান্ধীৰ দৰে ভাৰতৰ গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা চিঠিপত্ৰ লাভ কৰিছিল। মুঠতে তেওঁ ভাৰতত পঞ্চাশ বছৰ বাস কৰিছিল। ভাৰতীয় সাম্প্ৰতিক পৰিস্থিতিৰ বিশেষজ্ঞ হিচাপে তেওঁ যুক্তৰাজ্যত সন্মান লাভ কৰিছিল।
ভাৰত স্বাধীন হোৱাৰ লগে লগে আৰু ব্ৰিটিছ মালিকসকল গুচি যোৱাৰ লগে লগে ১৯৪৬ চনত বেনেট কলমেন এণ্ড কোম্পানী লিমিটেডক ঔদ্যোগিক পৰিয়ালৰ চেনিৰ ব্যৱসায়ী ৰামকৃষ্ণ ডালমিয়াৰ হাতত ₹ ২০ মিলিয়নত (২০২০ চনত ২.৪ বিলিয়ন ₹ বা ৩০ মিলিয়ন মাৰ্কিন ডলাৰৰ সমতুল্য) বিক্ৰী কৰা হৈছিল।২৫ ১৯৫৫ চনত ভিভিয়ান বোস তদন্ত আয়োগে গম পায় যে ৰামকৃষ্ণ ডালমিয়াই ১৯৪৭ চনত তেওঁৰ অধ্যক্ষতাত পৰিচালিত এটা বেংক আৰু এটা বীমা কোম্পানীৰ পৰা ধন হস্তান্তৰ কৰি বেনেট কলমেন এণ্ড কোম্পানীক অধিগ্ৰহণৰ কাম কৰিছিল। পাছলৈ আদালতৰ গোচৰত ৰামকৃষ্ণ ডালমিয়াক আত্মসাৎ আৰু প্ৰৱঞ্চনাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত দুবছৰ তিহাৰ কাৰাগাৰত কাৰাদণ্ড বিহা হয়।
কাৰাদণ্ডৰ বেছিভাগ সময় তেওঁ চিকিৎসালয়ত কটাবলৈ সক্ষম হৈছিল। মুক্তি পোৱাৰ লগে লগে তেওঁৰ জোঁৱায়েক সাহু শান্তি প্ৰসাদ জৈনে, যাক তেওঁ বেনেট, কলমেন এণ্ড কোম্পানী লিমিটেডৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছিল, কোম্পানীটোৰ নেতৃত্ব ডালমিয়াই পুনৰ নিজৰ হাতত লোৱাৰ প্ৰচেষ্টাক অগ্ৰাহ্য কৰিছিল।২৬
জৈন পৰিয়াল (শান্তি প্ৰসাদ জৈন)
১৯৬০ চনৰ আৰম্ভণিতে ক'লা বজাৰত বাতৰি কাকত বিক্ৰী কৰাৰ অভিযোগত শান্তি প্ৰসাদ জৈনক কাৰাবন্দী কৰা হয়।২৭ আৰু ভিভিয়ান বোস কমিছনৰ পূৰ্বৰ প্ৰতিবেদনৰ ভিত্তিত ডালমিয়া–জৈন গোটৰ ভুল কামৰ তথ্য পোৱা গৈছিল, য’ত শান্তি প্ৰসাদ জৈনৰ বিৰুদ্ধে নিৰ্দিষ্ট অভিযোগো সন্নিৱিষ্ট আছিল। ইয়াৰ ভিত্তিত ভাৰত চৰকাৰে বেনেট, কলমেন এণ্ড কোম্পানীৰ পৰিচালনাক বাধা দিবলৈ আৰু আঁতৰোৱাৰ বাবে আবেদন দাখিল কৰিছিল। আবেদনৰ ভিত্তিত ন্যায়াধীশে চৰকাৰক বাতৰি কাকতখনৰ নিয়ন্ত্ৰণ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ফলত আধাসংখ্যক পৰিচালকক সলনি কৰি বম্বে উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল।২৮
ভাৰত চৰকাৰৰ অধীনত


ডালমিয়া–জৈন গোটৰ গুৰুতৰ অপৰাধৰ ইংগিত দিয়া ভিভিয়ান বোস কমিছনৰ প্ৰতিবেদনৰ পিছত ১৯৬৯ চনৰ ২৮ আগষ্টত ন্যায়াধীশ জে এল নাইনৰ অধীনত ব'ম্বে উচ্চ ন্যায়ালয়ে পূৰ্বৰ বেনেট, কোলেমন এণ্ড কোম্পানীৰ পৰিষদখন ভংগ কৰি চৰকাৰৰ অধীনত এখনত নতুন পৰিষদ গঠন কৰিবলৈ নিৰ্দেশ দিছিল। বিচাৰপীঠে ৰায় দিয়ে যে "এনে পৰিস্থিতিত, কোম্পানীটোৰ কাম-কাজসমূহ জনস্বাৰ্থৰ পক্ষে নগৈ কোম্পানীটোৰ নিজ স্বাৰ্থৰ পক্ষে কৰা হৈছে বুলি আবেদনকাৰীসকলে কৰা অভিযোগসমূহ শুদ্ধ হিচাপে ধৰি লৈ এনে আদেশ প্ৰদান কৰাটোৱেই উত্তম হ'ব।"২৯ সেই নিৰ্দেশৰ পিছত শান্তি প্ৰসাদ জৈনে পৰিচালকৰ দায়িত্ব এৰিবলগা হৈছিল আৰু ভাৰত চৰকাৰে নিযুক্তি দিয়া নতুন পৰিচালকৰ সৈতে কোম্পানীটো চলিছিল। তেতিয়াও পৰিষদত অক্ষুণ্ন থকা একমাত্ৰ ব্যতিক্ৰম আছিল জৈনসকলৰ এজন ষ্টেনোগ্ৰাফাৰ। আচৰিতভাৱে আদালতে ডি কে কুণ্টেক ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল। কুন্টেৰ পূৰ্বে কোনো ব্যৱসায়িক অভিজ্ঞতা নাছিল আৰু তেওঁ লোকসভাৰ বিৰোধী দলৰ সদস্যও আছিল।
পুনৰ জৈন পৰিয়ালৰ হাতত
১৯৭৬ চনত ভাৰতত জৰুৰীকালীন অৱস্থা চলি থকাৰ সময়ত চৰকাৰে কাকতখনৰ মালিকীস্বত্ব পুনৰ অশোক কুমাৰ জৈনলৈ হস্তান্তৰ কৰে, যি আছিল সাহু শান্তি প্ৰসাদ জৈনৰ পুত্ৰ আৰু ৰামকৃষ্ণ ডালমিয়াৰ নাতি। তেওঁ বৰ্তমানৰ মালিক সমীৰ জৈন আৰু বিনীত জৈনৰ পিতৃ।৩০ জৈনসকলেও সঘনাই বিভিন্ন ধন সৰবৰাহৰ কেলেংকাৰীত জড়িত হৈছিল। ১৯৯৮ চনত অশোক কুমাৰ জৈনে ছুইজাৰলেণ্ডৰ বিদেশী একাউণ্ট এটালৈ অবৈধভাৱে ধন হস্তান্তৰ কৰাৰ অভিযোগত চলি থকা গোচৰটো আইন বলবৎকাৰী সঞ্চালকালয়ে গুৰুত্বসহকাৰে চলাই থকাৰ সময়ত তেওঁ দেশ এৰি পলায়ন কৰিবলগীয়া হৈছিল।৩১৩২৩৩৩৪
জৰুৰীকালীন অৱস্থাৰ সময়ত
১৯৭৫ চনৰ ২৬ জুন তাৰিখে ভাৰতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পিছদিনা টাইম্ছ অৱ ইণ্ডিয়াৰ বোম্বে সংস্কৰণত ইয়াৰ মৃত্যু-সংবাদ স্তম্ভত লিখা হৈছিল "D.E.M. O'Cracy, beloved husband of T.Ruth, father of L.I.Bertie, brother of Faith, Hope and Justice expired on 25 June"।৩৫ এই পদক্ষেপৰ জৰিয়তে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ২১ মাহৰ জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰা হৈছিল, যিটো বৰ্তমান বহুলভাৱে "the Emergency" হিচাপে জনাজাত। বহুতে এই সময়ছোৱাক ভাৰত চৰকাৰৰ সম্পূৰ্ণ স্বৈৰাচাৰী কাল হিচাপে গণ্য কৰে।৩৬৩৭
একবিংশ শতিকাত টাইম্ছ অৱ ইণ্ডিয়া
২০০৬ চনৰ শেষৰ ফালে টাইম্ছ গ্ৰুপে বিজয়ানন্দ প্ৰিণ্টাৰছ লিমিটেড (ভিপিএল) অধিগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ভিপিএলে বিজয় কৰ্ণাটক আৰু উষা কিৰণ নামৰ দুখন কানাড়া কাকত, আৰু বিজয় টাইম্ছ নামৰ এখন ইংৰাজী দৈনিক প্ৰকাশ কৰিছিল। সেই সময়ত কানাড়া কাকতৰ খণ্ডত বিজয় কৰ্ণাটক আগশাৰীৰ আছিল।৩৮
কাকতখনে ২০০৮ চনৰ ১২ এপ্ৰিলত চেন্নাই সংস্কৰণ মুকলি কৰিছিল।৩৯ ২০১৩ চনৰ ফেব্ৰুৱাৰীত ইয়াৰ এটা কলহাপুৰ সংস্কৰণ মুকলি কৰা হৈছিল।
টয়ফা বঁটা
২০১৩ চনত প্ৰৱৰ্তিত৪০ আৰু ২০১৬ চনত দ্বিতীয়বাৰৰ বাবে প্ৰদান কৰা৪১ "দ্য টাইম্ছ অৱ ইণ্ডিয়া ফিল্ম এৱাৰ্ডছ" বা "টয়ফা" হৈছে চলচ্চিত্ৰ উদ্যোগৰ কামৰ বাবে দিয়া বঁটা, য'ত মনোনয়ন শাখাসমূহৰ ওপৰত বিশ্বব্যাপী ৰাজহুৱা ভোটৰ দ্বাৰা বিজেতাসকল নিৰ্ধাৰণ কৰা হয়।৪২
সংস্কৰণ আৰু প্ৰকাশনসমূহ
২০" loading="lazy" data-zoom="মুম্বাইৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ বিপৰীত দিশে অৱস্থিত টাইম্ছ অৱ ইণ্ডিয়াৰ প্ৰথমটো কাৰ্য্যালয়, য'ত কাকতখনে জন্ম লাভ কৰিছিল।২০">টাইম্ছ অৱ ইণ্ডিয়া প্ৰকাশ কৰে বেনেট, কলমেন এণ্ড কোম্পানী লিমিটেড নামৰ সংবাদ মাধ্যমটোৱে। কোম্পানীটোৱে "দ্য টাইম্ছ গ্ৰুপ" নামেৰে জনাজাত ইয়াৰ আন সহযোগী কোম্পানীসমূহৰ সৈতে লগ লাগি টয়ৰ উপৰি আহমেদাবাদ মিৰ’ৰ, বেংগালুৰু মিৰ’ৰ, মুম্বাই মিৰ’ৰ, পুনে মিৰ’ৰ; ইকনমিক টাইম্ছ; ইটি পানাচে (সোমবাৰৰ পৰা শুকুৰবাৰলৈ মুম্বাই, দিল্লী আৰু বেংগালুৰুৰ পৰা প্ৰকাশিত) আৰু ইটি পানাচে (প্ৰতি শনিবাৰে পুনে আৰু চেন্নাইৰ পৰা); এই সময় (এখন বাংলা দৈনিক কাকত); মহাৰাষ্ট্ৰ টাইম্ছ (এখন মাৰাঠী দৈনিক কাকত); নৱভাৰত টাইম্ছ (এখন হিন্দী দৈনিক কাকত) প্ৰকাশ কৰে।
মুম্বাই,৪৩ আগ্ৰা, আহমেদাবাদ, এলাহাবাদ, ঔৰংগাবাদ, বেৰেইলী, বেংগালুৰু, বেলগাম, ভোপাল, ভুৱনেশ্বৰ, কইম্বাটুৰ, চণ্ডীগড়, চেন্নাই, দেৰাডুন, দিল্লী, গোৰখপুৰ, গুৰগাঁও, গুৱাহাটী, গোৱালিয়ৰ, হুবলী, হাইদৰাবাদ, ইন্দোৰ, জবলপুৰ, জয়পুৰ, জম্মু, কানপুৰ, কোচি, কলহাপুৰ, কলিকতা, লক্ষ্ণৌ, লুধিয়ানা, মাদুৰাই, মালাবাৰ, মাংগালোৰ, মীৰাট, মহীশূৰ, নাগপুৰ, নাছিক, নৱী মুম্বাই, নয়ডা, পানাজি, পাটনা, পুডুছেৰী, পুনে আদি ভাৰতৰ প্ৰধান চহৰসমূহৰ পৰা টাইম্ছ অৱ ইণ্ডিয়াৰ সংস্কৰণ প্ৰকাশ পায়।
টাইম্ছ গ্ৰুপ নেটৱৰ্ক
- Speaking Tree (স্পিকিং ট্ৰি): আধ্যাত্মিক সাধকসকলক প্ৰতিষ্ঠিত বৃত্তিধাৰী সাধকসকলৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্যে খোলা এটা আধ্যাত্মিক নেটৱৰ্ক।৪৪
- হেল্থমীআপ (Healthmeup): এটা স্বাস্থ্য, খাদ্য আৰু ফিটনেছ ৱেবছাইট।৪৫
- ক্ৰিকবাজ (Cricbuzz): ২০১৪ চনৰ নৱেম্বৰ মাহত টাইম্ছ ইণ্টাৰনেটে ক্ৰিকেট খেলৰ বাতৰি সম্প্ৰচাৰ কৰা ৱেবছাইট ক্ৰিকবাজক অধিগ্ৰহণ কৰে।৪৬
উল্লেখযোগ্য কৰ্মচাৰী
- শাম লাল, সম্পাদক
- গিৰিলাল জৈন, সম্পাদক আৰু বিদ্বান লোক
- সমীৰ জৈন, উপাধ্যক্ষ
প্ৰকাশক
- বিনীত জৈন, এম.ডি.
- জগ সুৰাইয়া (সহযোগী সম্পাদক, স্তম্ভলেখক, "জুগুলাৰ ভেইন," কাৰ্টুনকাৰ, দুব্যমান II)
- স্বামীনাথন আইয়াৰ (স্তম্ভলেখক, "স্বামীন'মিক্স")
- আৰ কে লক্ষ্মণ (বিখ্যাত কমন মেনক লৈ ইউ ছেইড ইট (You Said It) শীৰ্ষক সম্পাদকীয় কাৰ্টুন)
- এম জে আকবৰ, স্তম্ভলেখক, "দ্য ছিজ উইথিন" আৰু প্ৰাক্তন সম্পাদকীয় দল
- চেতন ভগত, স্তম্ভলেখক, চানডে' টাইম্ছ অৱ ইণ্ডিয়া
- শশী থাৰুৰ, "শশী অন চানডে" ৰ স্তম্ভলেখক
- ভি ডি ত্ৰিবাদী, হাস্যৰসিক শিল্পী
- টুইংকল খান্না, "মিচেছ ফানিব'নছ"ৰ স্তম্ভলেখক।
- স্বপন দাসগুপ্ত, স্তম্ভলেখক, চানডে' টাইম্ছ অৱ ইণ্ডিয়া
তথ্যসূত্ৰ
- ↑ Natarajan, C. S. (2018). National Words: A Solution to the National Language Problem of India. Notion Press. পৃ. 189. ISBN 978-1-948147-14-9
- ↑ Kaminsky, Arnold P.; Long, Ph.D., Roger D. (2011). India Today: An Encyclopedia of Life in the Republic (2 volumes). ABC-CLIO. পৃ. 706. ISBN 978-0-313-37463-0
- ↑ Westhead, Rick. (5 February 2010). It's the best of Times. Toronto Star
- ↑ Auletta 2012, পৃ. 52–61
- ↑ (2011). National Newspapers Total Circulation. International Federation of Audit Bureaux of Circulations (IFABC)
- ↑ Bhattacherje, S. B. (2009). Encyclopaedia of Indian Events & Dates. Sterling Publishers Pvt. Ltd. পৃ. A126. ISBN 978-81-207-4074-7
- ↑ Joseph, Ammu. (2005). Making News: Women in Journalism. Penguin Books India. পৃ. 227. ISBN 978-0-14-400057-9
- ↑ (24 April 2013). The old lady of Bori Bunder celebrates 175 yrs with panache. Exchange4Media
- ↑ Frost, Corey; Weingarten, Karen; Babington, Doug. (2017). The Broadview Guide to Writing: A Handbook for Students. Broadview Press. পৃ. 27. ISBN 978-1-55481-313-1
- ↑ Barton, Greg; Weller, Paul; Yilmaz, Ihsan. (2014). The Muslim World and Politics in Transition: Creative Contributions of the Gülen Movement. A & C Black. পৃ. 28. ISBN 978-1-4411-5873-4
- ↑ Menon Malhan 2013, পৃ. 212
- ↑ Bose, Jaideep. (23 April 2013). A daily in the life of India. TOI
- ↑ Baxi, C. V.; Prasad, Ajit. (2005). Corporate Social Responsibility: Concepts and Cases: the Indian Experience. Excel Books India. পৃ. 167. ISBN 978-81-7446-449-1
- ↑ Aggarwal, Vir Bala; Gupta, V. S. (2001). Handbook of Journalism and Mass Communication. Concept Publishing Company. পৃ. 128. ISBN 978-81-7022-880-6
- ↑ TRA's Brand Trust Report India Study 2019. TRA Research Pvt. Ltd. পৃ. 48
- ↑ BS Web Team. (23 June 2021). Business Standard among top 10 trusted media brands in India: Reuters Institute Survey. Business Standard India. Business Standard Pvt. Ltd
- ↑ (25 June 2021). TOI is India's most trusted news brand: Reuters survey. TOI
- ↑ Auletta 2012, পৃ. 52-61
- ↑ (15 April 2013). The Times of India. Encyclopædia Britannica
- ↑ (26 April 2006). The Times of India turns the Times of Colour. Televisionpoint.com
- ↑ Parhi, Asima Ranjan. (2008). Indian English Through Newspapers. Concept Publishing Company. পৃ. 32. ISBN 978-81-8069-507-0
- ↑ Parthasarathy, Rangaswami. (1989). Journalism in India: from the earliest times to the present day. Sterling Publishers. পৃ. 273. ISBN 9788120708976
- ↑ Hirschmann, Edwin. (2008). Robert Knight: Reforming Editor in Victorian India. Oxford University Press. ISBN 978-0-19-569622-6
- ↑ Lalvani, Kartar. (2016). The Making of India: The Untold Story of British Enterprise. Bloomsbury Publishing. পৃ. 383. ISBN 978-1-4729-2484-1
- ↑ Kasbekar, Asha. (2006). Pop Culture India!: Media, Arts, and Lifestyle. ABC-CLIO. পৃ. 112. ISBN 978-1-85109-636-7
- ↑ Auletta 2012, পৃ. 52-61
- ↑ (5 May 1964). Indian Millionaires arrested. The Herald (Glasgow)
- ↑ Khandekar, Vanita Kohli. (2013). The Indian Media Business. SAGE Publications. ISBN 978-8132113560
- ↑ Menon Malhan 2013, পৃ. 212
- ↑ Subramanian, Samanth. (1 December 2012). Supreme Being: How Samir Jain created the modern Indian newspaper industry. The Caravan
- ↑ Mitra, Sumit. (7 July 1997). Trying times: Editorial changes in The Times of India raise disturbing questions. ইণ্ডিয়া টুডে
- ↑ (4 July 1998). Ashok Jain arrested. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Mahalingam, Sudha. (18–31 July 1998). Ashok Jain is arrested by the Enforcement Directorate. Frontline
- ↑ (6–19 June 1998). A newspaper scandal: Editorial changes in The Times of India raise disturbing questions. Frontline
- ↑ Austin, Granville. (1999). Working a democratic constitution: the Indian experience. Oxford University Press. পৃ. 295. ISBN 978-0195648881
- ↑ (30 May 2011). New book flays Indira Gandhi's decision to impose Emergency. IBN Live News
- ↑ Desai, Akshayakumar Ramanlal. (1986). Violation of Democratic Rights in India. Popular Prakashan. পৃ. 208. ISBN 978-0861321308
- ↑ (15 June 2006). Times Group acquires Vijayanand Printers. TOI
- ↑ (13 April 2008). TN CM launches Chennai edition of Times of India. The Economic Times
- ↑ TOIFA 2013 nominations. TOI
- ↑ (21 March 2016). TOIFA 2016: 'Bajirao Mastani' Bags 6 Awards, Celebs Have a Rocking Night. IndiaWest
- ↑ About TOI Film Awards 2016. TOI
- ↑ (24 April 2014). Online Mumbai Newspaper. Mid Day
- ↑ (17 April 2014). Times Internet launches Hindi version of 'Speaking Tree'. Exchange4Media
- ↑ Pahwa, Nikhil. (17 March 2011). Indiatimes Launches Health Blog – HealthMeUp. Medianama
- ↑ (10 November 2014). Times Internet acquires cricbuzz. TOI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য টাইম্ছ অৱ ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৫৩৮১৫৯ (১১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।