অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কেৰালাৰ পৰ্যটন

কেৰালা ৰাজ্যখন ভাৰতৰ দক্ষিণ-পশ্চিম অংশৰ গ্ৰীষ্মমণ্ডলীয় মালাবাৰ উপকূলত অৱস্থিত দেশৰ অন্যতম জনপ্ৰিয় পৰ্যটন থলী। নেশ্যনেল জিঅ’গ্ৰাফিক ট্ৰেভেলাৰৰদ্বাৰা বিশ্বৰ দহখন স্বৰ্গসদৃশ স্থানৰ অন্যতম হিচাপে নামাংকিত কেৰালা বিশেষকৈ ইয়াৰ পৰিৱেশ পৰ্যটন উদ্যোগ আৰু সুন্দৰ বেকৱাটাৰসমূহৰ বাবে বিখ্যাত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২,২১৬ শব্দ · ১২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কেৰালা ৰাজ্যখন ভাৰতৰ দক্ষিণ-পশ্চিম অংশৰ গ্ৰীষ্মমণ্ডলীয় মালাবাৰ উপকূলত অৱস্থিত দেশৰ অন্যতম জনপ্ৰিয় পৰ্যটন থলী। নেশ্যনেল জিঅ’গ্ৰাফিক ট্ৰেভেলাৰৰদ্বাৰা বিশ্বৰ দহখন স্বৰ্গসদৃশ স্থানৰ অন্যতম হিচাপে নামাংকিত১ কেৰালা বিশেষকৈ ইয়াৰ পৰিৱেশ পৰ্যটন উদ্যোগ আৰু সুন্দৰ বেকৱাটাৰসমূহৰ বাবে বিখ্যাত।২ কেৰালাৰ বৈচিত্ৰ্যমজ় জনগাঁথনিৰ লগতে অনন্য সংস্কৃতি আৰু পৰম্পৰা আছে। ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰপৰা আৰম্ভ কৰি নেশ্যনেল জিঅ’গ্ৰাফিকলৈকে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাই এই ৰাজ্যখনৰ পৰ্যটনৰ সম্ভাৱনাক স্বীকাৰ কৰিছে।৩ ২০২২ চনত টাইম আলোচনীয়ে বিশ্বৰ শ্ৰেষ্ঠ স্থানসমূহৰ তালিকাত অন্বেষণ কৰিবলগীয়া ৫০খন অসাধাৰণ গন্তব্যস্থানৰ ভিতৰত কেৰালাৰ নাম অন্তৰ্ভুক্ত কৰিছিল।৪ ২০২৩ চনত দ্য নিউয়ৰ্ক টাইমছৰ ভ্ৰমণ কৰিবলগীয়া স্থানৰ বাৰ্ষিক তালিকাত কেৰালাই ১৩সংখ্যক স্থান লাভ কৰিছিল আৰু এই তালিকাত স্থান পোৱা ভাৰতৰ একমাত্ৰ পৰ্যটন থলী আছিল।৫

ভেম্বনাড হ্ৰদ
ভেম্বনাড হ্ৰদছবি: Rison Thumboor · CC BY-SA 4.0

]]

]]

ৰ জু টাউন]]

ৰ পদ্মনাভস্বামী মন্দিৰ]]

]]

১৯৮০ চনৰ আৰম্ভণিলৈকে কেৰালা তুলনামূলকভাৱে এক অপৰিচিত গন্তব্যস্থান আছিল, কিয়নো বেছিভাগ পৰ্যটন সূচী দেশৰ উত্তৰ প্ৰান্ততে কেন্দ্ৰীভূত আছিল। ৰাজ্যখনৰ পৰ্যটনৰ সম্ভাৱনীয়তা পৰ্যবেক্ষণ কৰা চৰকাৰী সংস্থা—কেৰালা পৰ্যটন উন্নয়ন নিগমৰদ্বাৰা আৰম্ভ কৰা আক্ৰমণাত্মক বিপণন অভিযানে পৰ্যটন উদ্যোগৰ বিকাশৰ ভেটি স্থাপন কৰে। পৰৱৰ্তী দশকবোৰত, কেৰালা পৰ্যটনে নিজকে ভাৰতৰ অন্যতম এক সুকীয়া ছুটী কটোৱাৰ স্থান হিচাপে গঢ়ি তুলিবলৈ সক্ষম হয়। ইয়াৰ পৰ্যটন প্ৰসাৰত কেৰালা – ঈশ্বৰৰ আপোন দেশ (Kerala - God's Own Country) শীৰ্ষক শ্লোগানটো গ্ৰহণ কৰা হয় আৰু ই এক গোলকীয় ছুপাৰব্ৰেণ্ড হৈ পৰে। কেৰালাক সৰ্বাধিক ব্ৰেণ্ড ৰিকল থকা গন্তব্যস্থানসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়।৬ ২০১০ চনত কেৰালাই ৬,৬০,০০০ বিদেশী পৰ্যটকক আকৰ্ষণ কৰিছিল।৭

কেৰালা দেশীয় তথা বিদেশী উভয় পৰ্যটকৰ বাবে এক জনপ্ৰিয় গন্তব্যস্থান। কেৰালা ইয়াৰ সাগৰীয় সমুদ্ৰ সৈকতসমূহ, আলাপ্পুয়া আৰু কোল্লামৰ বেকৱাটাৰ, পৰ্বতমালা আৰু বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ বাবে জনাজাত। ৰাজ্যখনৰ অন্যান্য জনপ্ৰিয় আকৰ্ষণসমূহৰ ভিতৰত কোৱালাম, মুঝাপ্পিলাংগড়, বেকিল আৰু কাপ্পাডৰ সাগৰীয় সৈকতসমূহ; অষ্টমুদি হ্ৰদ, কোল্লামৰ আশে-পাশে থকা বেকৱাটাৰ পৰ্যটন আৰু হ্ৰদৰ ৰিজৰ্টসমূহ; মুন্নাৰ, ৱায়ানাদ, নেল্লিয়াম্পাথী, ৱাগামন আৰু পনমুদীৰ হিল ষ্টেচন আৰু ৰিজৰ্টসমূহ; আৰু ৱায়ানাদ, পেৰিয়াৰ, পৰম্বীকুলাম, চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান আৰু ইৰাৱীকুলাম ৰাষ্ট্ৰীয় উদ্যানৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যসমূহ অন্তৰ্ভুক্ত। "বেকৱাটাৰ" অঞ্চল—ভেম্বনাড হ্ৰদক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰস্পৰ সংলগ্ন নদী, হ্ৰদ আৰু খালসমূহৰ এক বিশাল নেটৱৰ্কতো প্ৰচুৰ পৰ্যটকৰ সমাগম দেখা যায়। পদ্মনভপুৰম প্ৰসাদ, হিল পেলেচ আৰু মত্তনচেৰী প্ৰসাদৰ দৰে ঐতিহ্যবাহী স্থানসমূহো পৰ্যটকসকলে ভ্ৰমণ কৰে। কেৰালাত পৰ্যটনৰ অধিক প্ৰসাৰৰ বাবে ২০০৭ চনত কেৰালা চৰকাৰৰদ্বাৰা গ্ৰেণ্ড কেৰালা শ্বপিং ফেষ্টিভেল আৰম্ভ কৰা হৈছিল।৮ তেতিয়াৰপৰা প্ৰতি বছৰে ডিচেম্বৰ-জানুৱাৰী মাহত এই উৎসৱ অনুষ্ঠিত হৈ আহিছে।

ৰাজ্যখনৰ পৰ্যটন কাৰ্যসূচীয়ে পৰিৱেশগতভাৱে বহনক্ষম পৰ্যটনক উদগনি দিয়ে, যিয়ে থলুৱা সংস্কৃতি, বন্যঅঞ্চলৰ দুঃসাহসিক অভিযান, স্বেচ্ছাসেৱা আৰু স্থানীয় জনসংখ্যাৰ ব্যক্তিগত বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰাকৃতিক পৰিৱেশৰ ওপৰত পৰম্পৰাগত পৰ্যটনৰ বিৰূপ প্ৰভাৱ হ্ৰাস কৰিবলৈ আৰু স্থানীয় লোকৰ সাংস্কৃতিক অখণ্ডতা বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰা হয়। ৰাজ্যখনে মূলতঃ কোচিক কেন্দ্ৰ কৰি সভা, উদগনি, সন্মিলন আৰু প্ৰদৰ্শনী পৰ্যটনৰ (Meetings, incentives, conferencing, exhibitions) ক্ষেত্ৰতো গভীৰভাৱে খোপনি পুতিছে।৯

ঐতিহাসিক প্ৰেক্ষাপট

ৰাজ্য হিচাপে গঠিত হোৱাৰ পিছৰেপৰা কেৰালাৰ অৰ্থনীতি বহু পৰিমাণে কল্যাণমুখী গণতান্ত্ৰিক সমাজবাদী নীতিৰ অধীনত পৰিচালিত হৈছিল। এই উন্নয়ন আৰ্হিৰ ফলত মানুহৰ মাজত উচ্চ মানৱ উন্নয়ন সূচক আৰু জীৱন-ধাৰণৰ মানদণ্ড বৃদ্ধি পাইছিল। কিন্তু ইয়াৰ ফলত ১৯৮০-ৰ দশকত অৰ্থনৈতিক স্থবিৰতাও (বাৰ্ষিক বিকাশৰ হাৰ ২.৩%) দেখা দিছিল।১০ এই আপাত বিৰোধাভাস—অৰ্থাৎ উচ্চ মানৱ উন্নয়ন আৰু নিম্ন অৰ্থনৈতিক উন্নয়ন—ৰ বাবে বৃহৎসংখ্যক শিক্ষিত নিবনুৱাই বিদেশত, বিশেষকৈ উপসাগৰীয় দেশসমূহত চাকৰিৰ সন্ধান কৰিবলগীয়া হৈছিল। প্ৰৱাসীসকলৰ এই বৃহৎ সংখ্যাৰ বাবে তেওঁলোকৰ ভ্ৰমণৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ ৰাজ্যখনত বহুতো ট্ৰেভেল অপাৰেটৰ আৰু এজেন্সী গঢ়ি উঠিছিল। কিন্তু অতি সোনকালে এই ধাৰা বিপৰীতমুখী হয়। ট্ৰেভেল এজেন্সীসমূহে অনুভৱ কৰে যে এখন পৰ্যটনস্থলী হিচাপে ৰাজ্যখনৰ এক অপৰিসীম সম্ভাৱনা আছে। ট্ৰাভাংকোৰ ৰাজপৰিয়ালৰ কৰ্নেল জি.ভি. ৰাজা আৰু পি.জি.চি. পিল্লাই লগ লাগি কেৰালাৰ প্ৰথমখন ট্ৰেভেল এজেন্সী 'কেৰালা ট্ৰেভেলছ' প্ৰতিষ্ঠা কৰিছিল।

+ ৰাষ্ট্ৰীয়তা অনুসৰি পৰ্যটকৰ সংখ্যা
ক্ৰমিক নংদেশপৰ্যটকৰ সংখ্যা
১১৮৬,০৮৫
২১০৯,৮৫৯
৩৯৭,৮৯৪
৪৬৭,৪২৫
৫৫৮,৪২২
৬৫২,২৩৬
৭৪২,০৮৯
৮৪০,১৯৭
৯৩৮,৬১৯
১০৩৫,০৬৬
২০১৯ চনৰ তথ্য অনুসৰি১১
কেৰালাৰ চুকে-কোণে থকা কেইটামান ৰিজৰ্ট।
কেৰালাৰ চুকে-কোণে থকা কেইটামান ৰিজৰ্ট।ছবি: John Johnston · CC BY 2.0

১৯৮৬ চনৰ ভিতৰত পৰ্যটনে উদ্যোগৰ মৰ্যাদা লাভ কৰে। কেৰালা পৰ্যটনে পৰৱৰ্তী সময়ত ইয়াৰ বিজ্ঞাপন অভিযানত God's Own Country (ঈশ্বৰৰ আপোন দেশ) শ্লোগানটো গ্ৰহণ কৰে। ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমত চলোৱা ব্যাপক প্ৰচাৰে আতিথ্য উদ্যোগত (hospitality industry) বুজন পৰিমাণৰ বিনিয়োগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ২০০০-ৰ দশকৰ আৰম্ভণিলৈ ৰাজ্যখনত পৰ্যটন এক পূৰ্ণাংগ, বহু বিলিয়ন ডলাৰৰ উদ্যোগলৈ ৰূপান্তৰিত হয়। ৰাজ্যখনে বিশ্ব পৰ্যটন উদ্যোগত নিজৰ বাবে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হয় আৰু ই সৰ্বাধিক ব্ৰেণ্ড ৰিকল (brand recall) থকা অন্যতম স্থান হৈ পৰে।১২ ২০০৩ চনত কেৰালা বিশ্বৰ ভিতৰত আটাইতকৈ দ্ৰুতগতিত বিকাশ লাভ কৰা পৰ্যটন থলীসমূহৰ অন্যতম হৈ পৰে।১৩

২০১২ চনত নেশ্যনেল জিঅ’গ্ৰাফিকৰ 'ট্ৰেভেলাৰ' আলোচনীত কেৰালাক বিশ্বৰ "দহখন স্বৰ্গসদৃশ স্থান" আৰু "জীৱনকালত চাবলগীয়া ৫০খন গন্তব্যস্থান"ৰ ভিতৰত স্থান দিয়া হয়। 'ট্ৰেভেল এণ্ড লেইজাৰ' (Travel + Leisure) আলোচনীয়ো কেৰালাক "২১ শতিকাৰ ১০০খন মহান ভ্ৰমণস্থলী"ৰ অন্যতম বুলি বৰ্ণনা কৰে। ২০১২ চনত গুগল চাৰ্চৰ ট্ৰেণ্ডত ভাৰতৰ ভিতৰত এক নম্বৰ ভ্ৰমণ স্থান হিচাপে কেৰালাই তাজমহলকো অতিক্ৰম কৰিছিল। চি.এন.এন. ট্ৰেভেলে (CNN Travel) ২০১৯ চনত ভ্ৰমণ কৰিবলগীয়া ১৯খন শ্ৰেষ্ঠ স্থানৰ তালিকাত কেৰালাৰ নাম অন্তৰ্ভুক্ত কৰিছিল। টাইম আলোচনীয়ে ২০২২ চনত সমগ্ৰ বিশ্বৰ ভিতৰত অন্বেষণ কৰিবলগীয়া ৫০খন 'অসাধাৰণ গন্তব্যস্থান'ৰ ভিতৰত কেৰালাক বাছনি কৰিছিল। ৰাজ্যখনে 'বিশ্বৰ শ্ৰেষ্ঠ স্থানসমূহ'ৰ তালিকাত নৱম স্থান লাভ কৰিছিল আৰু ইয়াক 'পৰিৱেশ পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ' (eco-tourism hot spot) বুলি অভিহিত কৰা হৈছিল।১৪ ২০২৩ চনত দ্য নিউয়ৰ্ক টাইমছে কেৰালাক বিশ্বৰ ৫২খন চাবলগীয়া পৰ্যটনস্থলীৰ অন্যতম হিচাপে বাছনি কৰে। কেৰালাই এই তালিকাত ত্ৰয়োদশ স্থান লাভ কৰিছিল আৰু এই তালিকাত স্থান পোৱা ই ভাৰতৰ একমাত্ৰ ৰাজ্য আছিল।১৫

+ ২০১২-ৰপৰা ২০২৩ চনৰ ভিতৰত পৰ্যটকৰ আগমনৰ সংখ্যা
বছৰমুঠ পৰ্যটকৰ সংখ্যাদেশীয় পৰ্যটকআন্তঃৰাষ্ট্ৰীয় পৰ্যটক
মুঠ দৰ্শনাৰ্থীপৰিৱৰ্তনৰ শতাংশ (%)মুঠ দৰ্শনাৰ্থীপৰিৱৰ্তনৰ শতাংশ (%)
202321,871,64121,222,58412.48%649,05787.83%
202219,212,96318,867,414150.31%345,549471.28%
20217,598,1047,537,61751.09%60,48782.25%
20205,329,7274,988,97272.86%340,75571.36%
201919,574,00418,384,23317.81%1,189,7718.52%
201816,701,06815,604,6616.35%1,096,4070.42%
201715,765,39014,673,52011.39%1,091,8705.15%
201614,210,95413,172,5355.67%1,038,4196.23%
201513,443,05012,465,5716.59%977,4795.86%
201412,618,77711,695,4117.71%923,3667.60%
201311,445,95410,857,8117.75%858,1438.12%
201210,870,55010,076,8547.41%793,6968.28%
As of 2022১৬

মুখ‍্য আকৰ্ষণসমূহ

সাগৰীয় সৈকতসমূহ

]]

পশ্চিম উপকূলত আৰৱ সাগৰৰ কাষত অৱস্থিত কেৰালাৰ এক ৫৮০ কিঃমিঃ দীঘল উপকূলৰেখা আছে; যাৰ প্ৰায় সমগ্ৰ অংশতে বালিময় সাগৰীয় সৈকত দেখা পোৱা যায়।

তিৰুৱনন্তপুৰমৰ ওচৰৰ কোৱালাম সৈকত আছিল পৰ্যটকক আকৰ্ষণ কৰা কেৰালাৰ প্ৰথম সাগৰীয় সৈকতসমূহৰ অন্যতম। ১৯৬০-ৰ দশকত ভ্ৰমণকাৰী আৰু ৰ’দ পুৱাব বিচৰা লোকসকলে ইয়াক নতুনকৈ আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছত ১৯৭০-ৰ দশকত বৃহৎসংখ্যক হিপ্পীৰ আগমন ঘটিছিল। বৰ্তমান কোৱালাম ৰাজ্যখনৰ আটাইতকৈ বেছি দৰ্শন কৰা সৈকতসমূহৰ অন্যতম।১৭১৮১৯

ৰাজ্যখনৰ অন্যান্য জনপ্ৰিয় সাগৰীয় সৈকতসমূহৰ ভিতৰত কাপ্পাড, আলাপ্পুয়া, কলিকট সৈকত, মাৰাৰী সৈকত (মাৰাৰীকুলাম, আলাপ্পুঝা), থুম্পোলী সৈকত, নাটিকা (ত্ৰিছূৰ), ভাদানাপ্পিল্লী সৈকত (ত্ৰিছূৰ), চেৰাই সৈকত, পোন্নানী সৈকত, বেকিল, বেপুৰ সৈকত, ফ'ৰ্ট কোচি, আঝীকাল সৈকত আৰু ভাৰকলা অন্যতম। কান্নুৰৰ মুঝাপ্পিলাংগড় সৈকত আৰু কোঝিকোড়ৰ থিক্কোড়ী সৈকত হৈছে ভাৰতৰ একমাত্ৰ দুখন ড্ৰাইভ-ইন সৈকত (য’ত গাড়ী চলাব পাৰি)। নেশ্যনেল জিঅ’গ্ৰাফিকৰ সমীক্ষা অনুসৰি মাৰাৰী সৈকতক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পাঁচখন হেমক সৈকত (Hammock Beaches) হিচাপে স্থান দিয়া হৈছিল আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইয়াৰ উল্লেখ কৰা হৈছে।২০

বেকৱাটাৰ বা পশ্চাৎজল

মূল প্ৰবন্ধ: কেৰালাৰ বেকৱাটাৰ

হ্ৰদত নাও চলোৱা অৱস্থাত]]

ৰ কাভায়ী বেকৱাটাৰত এখন কেট্টুভাল্লাম]]

কেৰালাৰ বেকৱাটাৰ (backwaters) হৈছে আৰৱ সাগৰৰ উপকূলৰ (যাক মালাবাৰ উপকূল বুলি জনা যায়) সমান্তৰালভাৱে অৱস্থিত নিমখীয়া পানীৰ লাগুন আৰু হ্ৰদৰ এটা শৃংখল। বেকৱাটাৰত 'হাউচবোট' (নাওঘৰ) বা 'কেট্টুভাল্লাম'ৰ যাত্ৰা কেৰালাৰ এটা অন্যতম প্ৰধান পৰ্যটন আকৰ্ষণ। এই বেকৱাটাৰ পৰ্যটন মূলতঃ কেৰালাৰ আলেপ্পী, কুমাৰাকোম, অষ্টমুদি হ্ৰদ, কোল্লাম, পোন্নানী, কাভায়ী বেকৱাটাৰ, ভেম্বনাড আৰু বেকিল আদি অঞ্চলক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। উৎসৱৰ বতৰত অনুষ্ঠিত হোৱা নাও খেলসমূহো এই বেকৱাটাৰ অঞ্চলবোৰৰ এটা প্ৰধান আকৰ্ষণ।

এই বেকৱাটাৰ নেটৱৰ্কত কেইবাটাও ডাঙৰ হ্ৰদ অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ হ্ৰদটো হৈছে অষ্টমুদি হ্ৰদ। এই সমগ্ৰ অঞ্চলটো প্ৰাকৃতিক আৰু মানৱ-নিৰ্মিত ১৫০০ কিঃমিঃ দীঘল খালৰদ্বাৰা ইটোৰ সৈতে সিটো সংযোজিত হৈ আছে। কেইবাখনো নদীৰ পানী ইয়াৰ মাজেৰে প্ৰৱাহিত হয়। ই সমগ্ৰ কেৰালা ৰাজ্যজুৰি বিস্তৃত হৈ আছে। পশ্চিম ঘাট পৰ্বতমালাৰপৰা বৈ অহা কেইবাখনো নদীৰ মুখত সাগৰীয় ঢৌ আৰু উপকূলীয় সোঁতৰ ক্ৰিয়াৰ ফলত চাপৰ প্ৰাচীৰ দ্বীপ (barrier islands) সৃষ্টি হৈ এই বেকৱাটাৰসমূহ গঠন হৈছিল।২১

হিল ষ্টেচন বা পাহাৰীয়া স্থানসমূহ

ৰ পাহাৰীয়া দৃশ্য-পট]]

পূব কেৰালাৰ ভূ-খণ্ড পশ্চিম ঘাট পৰ্বতমালাই আগুৰি আছে; সেয়েহে এই অঞ্চলটোত ওখ পাহাৰ, গিৰিপথ আৰু দ উপত্যকা দেখা পোৱা যায়। পশ্চিম ঘাট পৰ্বতমালা এখন ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ লগতে ই বিশ্বৰ ৩৬টা জৈৱ-বৈচিত্ৰ্যৰ হটস্পটৰ অন্যতম। ইয়াৰ আটাইতকৈ দুৰ্গম বনাঞ্চলসমূহ ঘন অৰণ্যৰে আবৃত, আনহাতে অন্যান্য অঞ্চলসমূহত চাহ আৰু কফিৰ খেতি (মূলতঃ ১৯ আৰু ২০ শতিকাত স্থাপিত) বা অন্যান্য ধৰণৰ কৃষি কৰা হয়।

পশ্চিম ঘাট পৰ্বতমালা সাগৰ পৃষ্ঠৰপৰা গড়ে ১৫০০ মিটাৰ উচ্চতালৈ উঠি গৈছে। এই অঞ্চলৰ কিছুমান জনপ্ৰিয় পাহাৰীয়া স্থান (হিল ষ্টেচন) হৈছে মুন্নাৰ, ৱাগামন, পৈথালমালা, ৱায়ানাদ, নেল্লিয়াম্পাথী, নীলাম্বুৰ, ইলাপেডিকা, পীৰমেড, থেক্কাডী, পনমুদী আৰু কালভাৰী মাউণ্ট।

বন্যপ্ৰাণী

মূল প্ৰবন্ধ: কেৰালাৰ বন্যপ্ৰাণী

কেৰালাৰ অধিকাংশ অঞ্চলত আৰ্দ্ৰ ক্ৰান্তীয় জলবায়ু বিৰাজ কৰে। ইয়াৰ স্বাভাৱিক বাসস্থানসমূহ নিম্ন উচ্চতাত ক্ৰান্তীয় চিৰসেউজ বৰ্ষাৰণ্য আৰু পূব দিশৰ উচ্চভূমিৰ পৰ্ণপাতী তথা অৰ্ধ-চিৰসেউজ অৰণ্যৰে গঠিত। অৱশ্যে ইয়াৰ ভূ-খণ্ড আৰু উচ্চতাৰ ব্যাপক বৈচিত্ৰ্যৰ বাবে ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰ্য বিশ্বৰ ভিতৰতে অন্যতম সমৃদ্ধ হিচাপে পৰিগণিত হৈছে। কেৰালাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জৈৱ-বৈচিত্ৰ্যপূৰ্ণ বনাঞ্চলসমূহ ইয়াৰ পূব দিশৰ জিলাসমূহৰ চিৰসেউজ অৰণ্যত অৱস্থিত। কেৰালাত ৰামচৰ সন্মিলনৰ তালিকাত অন্তৰ্ভুক্ত দুখন জলাশয় আছে: শাস্তমকোট্টা হ্ৰদ আৰু ভেম্বনাড-কোল জলাশয়। এই দুয়োখনকে আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰি ইয়াত বহুতো সুৰক্ষিত সংৰক্ষণ অঞ্চল আছে, যাৰ ভিতৰত বিশাল নীলগিৰি বায়’স্ফিয়াৰ ৰিজাৰ্ভৰ ১৪৫৫.৪ বৰ্গ কিঃমিঃ এলেকা অন্তৰ্ভুক্ত। এই অৰণ্যসমূহত প্ৰধানকৈ এছিয়াৰ হাতী (Elephas maximus), ঢেঁকীয়াপতীয়া বংগীয় বাঘ (Panthera tigris tigris), নাহৰফুটুকী বাঘ (Panthera pardus), নীলগিৰি তাহৰ (Nilgiritragus hylocrius) আৰু ধূসৰ ৰঙৰ বিশাল কেৰ্কেটুৱা (Ratufa macroura) আদি প্ৰধান প্ৰাণী পোৱা যায়।২২ কুণ্ডালী পাহাৰৰ চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানকে ধৰি অধিক দুৰ্গম সংৰক্ষিত বনাঞ্চলসমূহত বিলুপ্তপ্ৰায় প্ৰজাতি যেনে সিংহ-নেজীয়া বান্দৰ (Macaca silenus), ভাৰতীয় ভালুক (Melursus (Ursus) ursinus ursinus) আৰু গৌৰ (ভাৰতীয় বাইচন—Bos gaurus) পোৱা যায়।

ইয়াত দেখা পোৱা অন্যান্য সাধাৰণ প্ৰজাতিসমূহৰ ভিতৰত ভাৰতীয় হাজাৰী বা শিয়ালু (Hystrix indica), চিতল হৰিণ (Axis axis), শৰপহু (Cervus unicolor), ধূসৰ হনুমান বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, জংঘলী মেকুৰী (Felis chaus kutas), বনৰীয়া গাহৰি (Sus scrofa), বিভিন্ন প্ৰজাতিৰ পুৰণি বিশ্বৰ বান্দৰ (Old World monkey), ধূসৰ কুকুৰনেচীয়া বাঘ (Canis lupus) আৰু এছিয়ান জহামাল (Paradoxurus hermaphroditus) অন্তৰ্ভুক্ত। কেৰালাত বহুতো সৰীসৃপ, যেনে ৰাজফেটি বা শংখচূড় (king cobra), চন্দ্ৰবোড়া বা ভাইপাৰ (viper), অজগৰ সাপ (python), বিভিন্ন কাছ আৰু ঘঁৰিয়াল পোৱা যায়—এইসমূহো পূব প্ৰান্তৰ বনাঞ্চলতে বেছিকৈ দেখা যায়। কেৰালাৰ চৰাইকুলৰ ভিতৰত থলুৱা প্ৰজাতি যেনে শ্ৰী লংকালেন ভেকুলী-মুখা চৰাই (Batrachostomus moniliger), প্ৰাচ্যৰ বে ফেঁচা (Oriental bay owl), ডাঙৰ ফলভোজী চৰাই যেনে ৰাজধনেশ (Buceros bicornis) আৰু ভাৰতীয় ধূসৰ ধনেশ (Indian grey hornbill) পোৱা যায়। ইয়াৰ লগতে বহুলভাৱে বিস্তৃত চৰাই যেনে ময়ূৰ, ভাৰতীয় পানী কাউৰী, বন মইনা আৰু পাহাৰীয়া মইনা, পানীডুবি চৰাই (Oriental darter), ক’লা মূৰৰ হালধীয়া চৰাই, ভীমৰাজ চৰাই আৰু ফেঁচু চৰাই, বুলবুলি (Pycnonotidae), বিভিন্ন প্ৰজাতিৰ মাছৰোকা আৰু ধনেশ বা কাঠঠোকৰা চৰাই, বন কুকুৰা, চন্দ্ৰনা বা হীৰামন ভাটৌ (Alexandrine parakeet), আৰু বিভিন্ন ধৰণৰ হাঁহ তথা পৰিভ্ৰমী চৰায়ো ইয়াত দেখা যায়। তদুপৰি, কেৰালাৰ হ্ৰদ আৰু জলপথসমূহত থলুৱা প্ৰজাতিৰ মিঠা পানীৰ মাছ যেনে 'কাদু' (শিঙি মাছ—Heteropneustes fossilis) আৰু ইষৎ লুণীয়া পানীৰ (brackishwater) প্ৰজাতি যেনে 'ছুট্টাচী' (orange chromide—Etroplus maculatus, যাক একুৱাৰিয়ামৰ বাবে মূল্যৱান গণ্য কৰা হয়) পোৱা যায়।

ঐতিহাসিক কীৰ্তিচিহ্নসমূহ

লগতে চাওক: কেৰালাৰ ইতিহাস

কেৰালাৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ ভিতৰত ৰাজপ্ৰাসাদ, দুৰ্গ আৰু ধৰ্মীয় প্ৰতিষ্ঠানসমূহ অন্তৰ্ভুক্ত।২৩ উল্লেখনীয় দুৰ্গসমূহৰ ভিতৰত বেকিল দুৰ্গ, আড়িকাডী দুৰ্গ, চান্দ্ৰাগিৰী দুৰ্গ, হোচদুৰ্গ দুৰ্গ, পালাক্কাড দুৰ্গ, থালাচ্ছেৰী দুৰ্গ, ফৰ্টালিজা ডা ছাও টমে (Fortaleza da São Tomé), ফ'ৰ্ট কোচি, চেইণ্ট থমাছ দুৰ্গ, ইষ্ট ফৰ্ট (পূব দুৰ্গ) আৰু আঞ্ছুথেংগু দুৰ্গ অন্যতম।২৩ প্ৰধান ৰাজপ্ৰাসাদসমূহৰ ভিতৰত পদ্মনভপুৰম প্ৰসাদ, কনকাকুন্নু প্ৰসাদ, কউডিয়াৰ প্ৰসাদ, মত্তনচেৰী প্ৰসাদ, আৰাক্কল প্ৰসাদ, শক্তন থাম্পুৰান প্ৰসাদ, হিল পেলেচ আদি অন্তৰ্ভুক্ত।২৩ ইয়াৰ উপৰি মালাবাৰ উপকূল দক্ষিণ এছিয়াৰ কিছুমান আটাইতকৈ পুৰণি হিন্দু মন্দিৰ, পুৰণি মছজিদ, পুৰণি গীৰ্জা আৰু পুৰণি ইহুদী উপাসনাগৃহৰ (synagogue) বাসস্থান।২৩ কেৰালাৰ ঐতিহাসিক খাদ্য-ব্যৱসায়ৰ পথসমূহৰ ভিতৰত কলিকটৰ এছ. এম. ষ্ট্ৰীট (মিঠাই পথ) অন্যতম। কান্নুৰৰ মপ্পিলা বে (Mappila Bay) বন্দৰত দুৰ্গ আৰু ৰাজপ্ৰাসাদ দুয়োটাই দেখিবলৈ পোৱা যায়।২৩ ঐতিহাসিক ব্যাৱসায়িক সম্পৰ্কৰ বাবে উত্তৰ কেৰালাত গঢ়ি উঠা এক পৰম্পৰাগত খাদ্য শৈলী থালাচ্ছেৰী ৰন্ধনশৈলীয়েও পৰ্যটকসকলক আকৰ্ষণ কৰে।২৩

উৎসৱসমূহ

কেৰালাৰ প্ৰধান উৎসৱ হৈছে ওনাম। কেৰালাত কেইবাটাও ধৰ্মীয় উৎসৱো পালন কৰা হয়। ত্ৰিছূৰ পুৰম, আত্তুকাল পোংগল, ভীমা পল্লী উৰুছ আৰু চেট্টিকুলংগাৰা ভৰণী হৈছে কেৰালাৰ প্ৰধান মন্দিৰ উৎসৱ। ত্ৰিছূৰৰ ৱাডাকুমনাথন মন্দিৰত ত্ৰিছূৰ পুৰম অনুষ্ঠিত হয়। শিৱৰাত্ৰিও কেৰালাৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। শিৱৰাত্ৰিৰ সৈতে জড়িত আটাইতকৈ বিখ্যাত উৎসৱটো হৈছে অলুৱা শিৱৰাত্ৰি উৎসৱ। খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বৰদিন আৰু ইষ্টাৰৰ দৰে উৎসৱসমূহ পালন কৰে। 'পৰুমালা পেৰুন্নাল', 'মানৰকাদু', 'আৰ্থোংকাল', 'থুম্পোলী' আৰু 'এডাথুৱা পেৰুন্নাল' হৈছে খ্ৰীষ্টানসকলৰ অন্যান্য আঞ্চলিক উৎসৱ। মুছলমান সম্প্ৰদায়ে ঈদ-উল-ফিটৰ আৰু ঈদ-উল-জুহা উদ্‌যাপন কৰে। কেৰালাৰ দক্ষিণ মালাবাৰ অঞ্চলৰ গাঁৱৰ মন্দিৰ বা উপাসনাগৃহসমূহত বাৰ্ষিক উৎসৱ থিৰায়াট্টম অনুষ্ঠিত হয়।২৪

কোচি-মুজিৰিছ বিয়েনেল

মূল প্ৰবন্ধ: কোচি-মুজিৰিছ বিয়েনেল

কোচি-মুজিৰিছ বিয়েনেল হৈছে দেশৰ সৰ্ববৃহৎ কলা প্ৰদৰশনী আৰু এছিয়াৰ আটাইতকৈ ডাঙৰ সমসাময়িক কলা উৎসৱ। প্ৰতি বছৰে কোচি চহৰত এই উৎসৱ অনুষ্ঠিত হয়। ভাৰতৰ প্ৰথম বিয়েনালে ২০১২ চনৰ ১২ ডিচেম্বৰৰপৰা ২০১৩ চনৰ ১৩ মাৰ্চলৈ কোচীত অনুষ্ঠিত হৈছিল।২৫

'ৱায়ানাদ সাহিত্য উৎসৱ' গ্ৰাম্য অঞ্চলত অনুষ্ঠিত হোৱা ভাৰতৰ সৰ্ববৃহৎ সাহিত্য উৎসৱ। এইটো এটা দ্বিবাৰ্ষিক উৎসৱ আৰু প্ৰতিটো যুগ্ম বছৰত অনুষ্ঠিত হয়। সাহিত্য, ৰাজনীতি আৰু সংবাদ মাধ্যমৰ বিষয়ে আলোচনা কৰিবলৈ সমগ্ৰ দেশৰপৰা বক্তাসকল ইয়ালৈ আহে। যোৱা সংস্কৰণৰ কেইগৰাকীমান উল্লেখনীয় বক্তাৰ ভিতৰত প্ৰকাশ ৰাজ, পাৰ্বতী তিৰুভথু, শীলা টমী, ধন্যা ৰাজেন্দ্ৰন আদি অন্যতম আছিল।২৬

চিকিৎসা পৰ্যটন

আয়ুৰ্বেদ আৰু সিদ্ধ চিকিৎসাৰ দৰে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰদ্বাৰা প্ৰসাৰিত চিকিৎসা পৰ্যটন এই ৰাজ্যখনত ব্যাপকভাৱে জনপ্ৰিয়। ই দিনক দিনে অধিকসংখ্যক পৰ্যটকক আকৰ্ষণ কৰিছে। কেৰালাক সাধাৰণতে আয়ুৰ্বেদৰ প্ৰধান কেন্দ্ৰ বা হাব বুলি জনা যায়। কেৰালাৰ চিকিৎসা পৰ্যটন খণ্ডটো ইয়াৰ গোলকীয় সুনাম আৰু বিশ্বাসযোগ্যতাৰ বাবে সুপৰিচিত।২৭

সংস্কৃতি

মূল প্ৰবন্ধ: কেৰালাৰ কলা, কেৰালাৰ সংস্কৃতি

কেৰালাৰ সংস্কৃতি মূলতঃ হিন্দু ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত, যাৰ উৎস 'তামিলকণ' নামেৰে জনাজাত এক বৃহত্তৰ অঞ্চলৰ সৈতে জড়িত। পৰৱৰ্তী সময়ত, বহিঃবিশ্বৰ সংস্কৃতিসমূহৰ সৈতে শতিকা জোৰা সম্পৰ্কৰ জৰিয়তে কেৰালাৰ সংস্কৃতি অধিক সমৃদ্ধিশালী হৈ পৰে।২৮ ইয়াৰ থলুৱা পৰিৱেশ্য কলাসমূহৰ ভিতৰত কুডিয়াট্টম, কথাকলি (কথা অৰ্থাৎ "কাহিনী" আৰু কলি অৰ্থাৎ "নাটক"), ইয়াৰে এক সুকীয়া ৰূপ কেৰালা নটনম, কুথু, মোহিনীঅট্টম ("মোহিনী ৰূপৰ নৃত্য"), থুল্লাল, পদয়ানী, থিৰায়াট্টম আৰু থেয়্যাম অন্তৰ্ভুক্ত। আন কিছুমান কলা অধিক ধৰ্মীয় আৰু জনজাতীয় বিষয়-বস্তুৰ ওপৰত আধাৰিত। ইয়াৰ ভিতৰত চভিট্টু নাটক, মালিবাৰ অঞ্চলৰ ওপ্পানা (য’ত নৃত্য, তালবদ্ধ হাত-চাপৰি আৰু গানৰ সংমিশ্ৰণ ঘটে) অন্যতম। অৱশ্যে, এই কলা ৰূপসমূহৰ বেছিভাগেই বৰ্তমান পৰ্যটক বা যুৱ মহোৎসৱসমূহতে প্ৰদৰ্শিত হয় আৰু সাধাৰণ কেৰালাবাসীৰ মাজত ইমান জনপ্ৰিয় নহয়, কিয়নো তেওঁলোকে সমসাময়িক আধুনিক কলাৰ প্ৰতিহে অধিক আগ্ৰহ দেখুৱায়।

কেৰালাত কেইবাটাও প্ৰাচীন ধৰ্মীয় ৰীতি-নীতি ভিত্তিক কলাৰ উৎপত্তি হৈছিল; ইয়াৰ ভিতৰত কালাৰিপায়াত্তু (কালাৰি অৰ্থাৎ "স্থান" বা "ৰণক্ষেত্ৰ" আৰু পায়াত্তু অৰ্থাৎ "অনুশীলন") অন্যতম। বিশ্বৰ আটাইতকৈ পুৰণি যুদ্ধকলাসমূহৰ ভিতৰত অন্যতম কালাৰিপায়াত্তুৰ উৎপত্তি মৌখিক পৰম্পৰা অনুসৰি পৰশুৰামৰদ্বাৰা হৈছিল বুলি বিশ্বাস কৰা হয়। অন্যান্য ধৰ্মীয় কলাসমূহৰ ভিতৰত থিৰায়াট্টম, থেয়্যাম, পূৰাক্কালি আৰু কুডিয়াট্টম অন্তৰ্ভুক্ত। থিৰায়াট্টম হৈছে দক্ষিণ মালাবাৰ অঞ্চলৰ এক পৰম্পৰাগত ধৰ্মীয় লোককলা। উৎসৱৰ সমদলসমূহত প্ৰায়ে পৰম্পৰাগত সংগীত যেনে পঞ্চাৰী মেলাম বা পঞ্চবাদ্যম বজোৱা হয়।২৯

চাৰুকলাৰ ক্ষেত্ৰত, ৰাজ্যখনত প্ৰাচীন আৰু সমসাময়িক উভয় কলা তথা শিল্পীৰ এক চহকী পৰম্পৰা আছে। কেৰালাৰ পৰম্পৰাগত দেৱালচিত্ৰসমূহ সমগ্ৰ ৰাজ্যৰে প্ৰাচীন মন্দিৰ, গীৰ্জা আৰু ৰাজপ্ৰাসাদবোৰত দেখিবলৈ পোৱা যায়। খ্ৰীষ্টীয় ৯ম পৰা ১২শ শতিকাৰ ভিতৰত নিৰ্মিত এই চিত্ৰসমূহত এক সুকীয়া শৈলী আৰু ৰং (প্ৰধানকৈ গেৰুৱা আৰু সেউজীয়া) ব্যৱহাৰ কৰা হৈছে।৩০

কেৰালা ইয়াৰ ধৰ্মীয় বৈচিত্ৰ্যৰ বাবে জনাজাত। ইয়াৰ প্ৰধান ধৰ্মসমূহ হৈছে হিন্দু ধৰ্ম, খ্ৰীষ্টধৰ্ম আৰু ইছলাম ধৰ্ম। জৈন ধৰ্ম, ইহুদী ধৰ্ম, শিখ ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ অনুগামীৰ সংখ্যা তুলনামূলকভাৱে কম।৩১ সমগ্ৰ বিশ্বৰ সৈতে থকা ঐতিহাসিক সম্পৰ্কৰ বাবে ৰাজ্যখনত বহুতো বিখ্যাত মন্দিৰ, গীৰ্জা আৰু মছজিদ গঢ়ি উঠিছে। ইয়াৰ ভিতৰত উত্তৰ পাৰাভুৰৰ কোট্টাকাভু মাৰ থমা চাইৰো-মালাবাৰ গীৰ্জা অন্যতম, যিখন পাঁচনি চেইণ্ট থমাছে ভাৰতত উপস্থিত হৈ স্থাপন কৰা প্ৰথম গীৰ্জাসমূহৰ এখন বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰি ভাৰতৰ প্ৰথম মছজিদ চেৰামন জুমা মছজিদ ইয়াতেই অৱস্থিত, যিখন হজৰত মহম্মদৰ মৃত্যুৰ পূৰ্বৰেপৰা বৰ্তি থকা বুলি গণ্য কৰা হয়। কমণৱেল্থ অফ নেচনচৰ ভিতৰত আটাইতকৈ পুৰণি সক্ৰিয় ইহুদী উপাসনাগৃহ পৰদেশী উপাসনাগৃহ কেৰালাতে অৱস্থিত।

ধৰ্মীয় বিশ্বাসৰ বৈচিত্ৰ্য, ইয়াৰ সৈতে জড়িত উৎসৱ আৰু স্থাপত্যসমূহৰ পৰ্যটন সম্ভাৱনীয়তাক স্বীকাৰ কৰি পৰ্যটন বিভাগে এক "তীৰ্থযাত্ৰা পৰ্যটন" প্ৰকল্প আৰম্ভ কৰিছে।৩২৩৩ প্ৰধান তীৰ্থযাত্ৰা পৰ্যটন আকৰ্ষণসমূহৰ ভিতৰত গুৰুভায়ুৰ, শবৰীমালা মন্দিৰ, মালয়াতুৰ, পৰদেশী উপাসনাগৃহ, আৰ্থুংকাল, থুম্পোলী গীৰ্জা, খ্ৰীষ্টাব্দ ১০৫ চনত নিৰ্মিত কুৰাভিলাংগাদৰ চেইণ্ট মেৰীছ ফোৰেন গীৰ্জা, আত্তুকাল পোংগল (যি বিশ্বৰ আটাইতকৈ বৃহৎ মহিলাৰ সমাৱেশ হিচাপে গিনীজ ৰেকৰ্ডত স্থান পাইছে) আৰু চেট্টীকুলংগৰা কুম্ভ ভৰণী অন্যতম।

প্ৰশাসন

কেৰালা পৰ্যটন (Kerala Tourism) হৈছে কেৰালা চৰকাৰৰ পৰ্যটন বিভাগৰ জনপ্ৰিয় নাম (ৱেবছাইট: keralatourism.org)।

কেৰালা পৰ্যটন বিভাগ কেৰালাত পৰ্যটনৰ বহনক্ষম বিকাশৰ বাবে দায়বদ্ধ। এই বিভাগৰ মুৰব্বী হৈছে এগৰাকী পৰ্যটন মন্ত্ৰী আৰু বৰ্তমানৰ কাৰ্যভাৰপ্ৰাপ্ত মন্ত্ৰীগৰাকী হৈছে পি. এ. মহম্মদ ৰিয়াছ।৩৪৩৫

১৯৬৬ চনত কেৰালা চৰকাৰৰদ্বাৰা কেৰালা পৰ্যটন উন্নয়ন নিগম (KTDC) প্ৰতিষ্ঠা কৰা হৈছিল। এই নিগম হৈছে ৰাজ্যখনত পৰ্যটনৰ প্ৰসাৰ আৰু পৰ্যটন সম্পৰ্কীয় আন্তঃগাঁথনিৰ বিকাশৰ বাবে দায়বদ্ধ নোডেল সংস্থা। জিলা পৰ্যায়ত ইয়াৰ বাবে জিলা পৰ্যটন প্ৰসাৰ পৰিষদসমূহ (DTPC) গঠন কৰা হৈছে।

পৰ্যটকসকলৰ সুৰক্ষা আৰু প্ৰতিৰক্ষা নিশ্চিত কৰিবলৈ কেৰালা আৰক্ষীৰ অধীনত এক সমৰ্পিত পৰ্যটন আৰক্ষী গোট (Tourist Police Unit) নিয়োজিত হৈ আছে।৩৬৩৭

তথ্যসূত্ৰ

  1. ↑ Kerala Tourism: Paradises in the world. দ্য হিন্দু
  2. ↑ (11 May 2004). Tourism beckons. দ্য হিন্দু
  3. ↑ Kerala Island Finds Mention In NatGeo's Best Destinations List. NDTV.com
  4. ↑ (14 July 2022). Ahmedabad and Kerala on TIME magazine's list of World's Greatest Places of 2022. India Today
  5. ↑ Kerala Only Indian State In New York Times List Of Places To Visit In 2023. NDTV.com
  6. ↑ Kerala Tourism – Superbrand. Superbrand status of Kerala Tourism brand. Government of Kerala
  7. ↑ (18 July 2011). Andhra Pradesh top tourist destination: Tourism Ministry. Financialexpress.com
  8. ↑ (2 December 2007). Shopping festival begins. The Hindu
  9. ↑ Narayanan, Chitra. (30 August 2019). Kerala goes into MICE mission mode. @businessline
  10. ↑ Mohindra 2003, পৃ. 8
  11. ↑ (20 February 2020). KERALA TOURISM STATISTICS 2019. Kerala tourism
  12. ↑ Kerala Tourism - Branding a Tourist Destination
  13. ↑ Kerala is the world's fastest-growing tourism destination says Renuka Choudhry. Domain-b.com (17 August 2004)
  14. ↑ (13 July 2022). Kerala among TIME Magazine's top 50 world destinations to explore. The New Indian Express
  15. ↑ The only Indian state on New York Times list of places to go in 2023. Moneycontrol
  16. ↑ (20 February 2023). Kerala Tourism Statistics 2022. Kerala tourism
  17. ↑ Ayub, Akber (ed), Kerala: Maps & More, Coastal Circuit, 2006 edition 2007 reprint, pp. 96-112, Stark World Publishing, Bangalore
  18. ↑ Govind, M.Harish. Ramparts by the Arabian Sea. Magazine. The Hindu, 19 June 2005
  19. ↑ MINUTES OF THE WORKSHOP ON RESPONSIBLE TOURISM FOR KOVALAM
  20. ↑ Cuskelly, Claudia. (2017-01-22). New era in Indian getaways: Recharge your batteries with THIS safe-haven holiday to Kerala. Express.co.uk
  21. ↑ (2024-10-25). Kerala Backwaters: A Serene Escape on Houseboats - Asian Trails India. asiantrailsindia.com
  22. ↑ Sreedharan, TP. (2004). Biological Diversity of Kerala: A survey of Kalliasseri panchayat, Kannur district. Kerala Research Programme on Local Level Development (Centre for Development Studies). পৃ. 12
  23. ↑ Sreedhara Menon, A. (2007). Kerala Charitram. DC Books. ISBN 978-8126415885
  24. ↑ "Thirayattam" (folklore Text- Malayalam, moorkkanad peethambaran), State Institute of language, Kerala
  25. ↑ (13 December 2012). Kochi becomes Biennale city. The Hindu
  26. ↑ Wayanad Literature Festival. When the world comes to an Indian village to think, listen, read and talk
  27. ↑ Kallungal, Dhinesh. (2022-09-06). Kochi emerges as the medical tourist hub in Kerala. The Hindu
  28. ↑ Bhagyalekshmy, S. (2004). Contribution of Travancore to Karnatic Music. Information & Public Relations Department – Thiruvananthapuram (Government of Kerala). পৃ. 6–7
  29. ↑ Kalaripayattu — Traditional Martial Art of Kerala. Kerala Tourism, Government of Kerala
  30. ↑ Keralan Mural Paintings. Kerala Tourism, Government of Kerala
  31. ↑ Population by religious community — Kerala (Census of India 2011). Office of the Registrar General & Census Commissioner, Ministry of Home Affairs, Government of India
  32. ↑ Incredible Kerala. Business-standard.com
  33. ↑ Jumbo tourism: Guruvayur temple to woo visitors
  34. ↑ Kerala Tourism PATA Gold Award 2025 · Minister Riyas Received Award in Bangkok · Most Engaging Social Media Campaign. Kerala Tourism
  35. ↑ www.ETTravelWorld.com. Kerala's medical tourism sector is witnessing rapid growth says Minister Mohammad Riyas. ETTravelWorld.com
  36. ↑ archive, From our online. (2018-05-21). Tourism police will man key tourist hotspots in Kerala, says Loknath Behera. The New Indian Express
  37. ↑ Tourists can breathe easy as dedicated Kerala cops are around. www.onmanorama.com

সম্পৰ্কিত শ্ৰেণী

কেৰালা পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰালাৰ পৰ্যটন” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৫৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।