কলিকট (കോഴിക്കോട് ), হ'ল দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যৰ মালাবাৰ উপকূলত অৱস্থিত এখন মহানগৰ। ই কেৰেলাৰ তৃতীয় বৃহৎ মহানগৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি নগৰখনৰ জনসংখ্যা ২,০৩০,৫১৯ জন।.১ এই ঠাইখন ক'ঝিক'ড জিলাৰ সদৰ ঠাই।
প্ৰাচীন তথা মধ্যযুগীয় সময়ত ঠাইখনে পূৰ্বীয় মছলাৰ ব্যৱসায়ৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছিল তাৰ ওপৰত ভিত্তি কৰি কলিকটক "মছলাৰ নগৰ" বুলি আখ্যা দিয়া হৈছিল।.২ মধ্যযুগীয় সামুথিৰিছ(জামৰিণ)ৰ সাম্ৰাজ্য তথা ব্ৰিটিছৰ সময়ৰ মালাবাৰ জিলাৰ সদৰঠাই আছিল কলিকট। আৰৱীয় ব্যৱসায়ীসকলে সপ্তম শতিকাৰেপৰাই ঠাইখনৰ লগত ব্যৱসায় আৰম্ভ কৰিছিল।পৰ্তুগীজ নাৱিক তথা অন্বেষক ভাস্ক'-দা-গামাই ১৪৯৮ চনৰ ২০ মে'ত কলিকটত অৱতৰণ কৰিছিলহি। ব্ৰিটিছ, ফৰাছী আৰু তাৰ পাছত ওলন্দাজসকলে ইয়াত ভৰি থৈছিলহি বেপাৰৰ অচিলা লৈ। ইয়াৰ পাছত কলিকট মহীশূৰ সাম্ৰাজ্যৰো অন্তৰ্ভুক্ত হৈছিল।নগৰখনৰ ঠায়ে ঠায়ে ব্যাপ্ত হৈ থকা বিভিন্ন স্হাপত্য শিল্পসমূহৰ বাবে ঠাইখনক "শিল্প নগৰী" বুলিও কোৱা হয়।
নামৰ উৎপত্তি
কালিকট নামটোৰ সম্পৰ্কে বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে। এবিধ উচ্চমানৰ হস্ত-নিৰ্মিত কপাহী কাপোৰৰ পৰা কালিকট নামটো আহিছে বুলিও কোৱা হয়। ক'ঝিক'ড নামটোৰ সমান্তৰালকৈয়ে ব্যৱহৃত হয় কালিকট নামটো।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ALPHABETICAL LIST OF TOWNS AND THEIR POPULATION
- ↑ Lectures 26–27. Purdue University
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলিকট” প্ৰবন্ধৰ সংশোধন ৩৮০৩৮১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।