সিংহ-নেজীয়া বান্দৰ (Lion-tailed macaque বা Macaca silenus), হৈছে দক্ষিণ ভাৰতৰ পশ্চিম ঘাটৰ এবিধ পুৰণি বান্দৰ প্ৰজাতিৰ জীৱ।
বৈশিষ্ট্যসমূহ
নেদাৰলেণ্ডৰ লেইডেনৰ নেচাৰেলিছ বায়’ডাইভাৰচিটি চেণ্টাৰত এই প্ৰজাতিৰ বান্দৰৰ এটা মূৰ সংৰক্ষিত হৈ আছে। এইটো ক'লা নোমেৰে আবৃত, আৰু মুখখন ধূসৰ বা ৰূপালী ৰঙৰ আকৰ্ষণীয় চুলিৰে আগুৰি আছে। এই বৈশিষ্ট্য সাধাৰণতে দুয়োটা লিংগতে পোৱা যায়। ইহঁতৰ মুখখন চুলিবিহীন আৰু ক’লা। এবছৰৰো কম বয়সৰ কেঁচুৱা অৱস্থাত অৱশ্যে গোলাপী ৰঙৰ হয়। এই বান্দৰৰ প্ৰজাতিটোক ইহঁতৰ চুলিৰ ধৰণৰ বাবে নহয়; দীঘল, পাতল আৰু উলংগ, দেখাত সিংহৰ দৰে ক’লা নেগুৰৰ গুৰিত একোঁচা চুলি থকাৰ বাবেহে এইবুলি নামাকৰণ কৰা হৈছে। ইহঁতৰ নেগুৰৰ দৈৰ্ঘ্য প্ৰায় ২৫ চে.মি.(৯.৮ ইঞ্চি)। চকু দুটা হেজেলনাটৰ ছাঁৰ দৰে আৰু চকুৰ পতা ক’লাকৈ জিলিকা। আন বান্দৰৰৰ দৰে সিংহৰ নেগুৰযুক্ত বান্দৰৰো খাদ্য সংৰক্ষণৰ বাবে উপযোগীকৈ গালৰ দুয়োফালে গভীৰকৈ থোপা থাকে। মুখখনক আগুৰি থকা চুলিৰ বাবে এই বান্দৰবিধে জাৰ্মান নাম – "বিয়েৰ্ড এপে" পাইছে। মূৰৰ সৈতে শৰীৰৰ দৈৰ্ঘ্য ৪২–৬১ চে.মি. (১৭–২৪ ইঞ্চি) আৰু ওজন ২–১০ কিলোগ্ৰাম (৪.৪–২২.০ পাউণ্ড) ই সৰু আকাৰৰ মেকাক প্ৰজাতিৰ ভিতৰত স্থান লাভ কৰিছে। নৱজাতকৰ মুখখন পাতল আৰু চুলি নাথাকে, জন্মৰ দুমাহৰ পিছত প্ৰাপ্তবয়স্ক চুলিবোৰ বাঢ়িবলৈ ধৰে।১
তথ্যসূত্ৰ
- ↑ (2021-12-11). Lion-Tailed Macaque · New England Primate Conservancy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিংহ-নেজীয়া বান্দৰ” প্ৰবন্ধৰ সংশোধন ৫৩৬৪২২ (৩১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।