অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কেৰালা নটনম

কেৰালা নটনম (, অৰ্থাৎ কেৰালা নৃত্য এক নতুন নৃত্য শৈলী। ইয়াক বৰ্তমান এক সুকীয়া কলা হিচাপে স্বীকৃতি দিয়া হৈছে। এই কলাবিধ ভাৰতীয় নৃত্য-নাটিকাৰ এটা ৰূপ কথাকলিৰ পৰা বিকশিত হৈছে।

হালনাগাদ: ১ আগষ্ট ২০২৬ ৩৩৯ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

কেৰালা নটনম (, অৰ্থাৎ কেৰালা নৃত্য এক নতুন নৃত্য শৈলী। ইয়াক বৰ্তমান এক সুকীয়া কলা হিচাপে স্বীকৃতি দিয়া হৈছে। এই কলাবিধ ভাৰতীয় নৃত্য-নাটিকাৰ এটা ৰূপ কথাকলিৰ পৰা বিকশিত হৈছে। ভাৰতীয় নৃত্যশিল্পী গুৰু গোপীনাথ (এজন সুপ্ৰশিক্ষিত কথাকলি শিল্পী) আৰু তেওঁৰ পত্নী তংগমণি গোপীনাথ (যি কেৰালা কলামণ্ডলমৰ মোহিনীঅট্টমৰ প্ৰথমগৰাকী ছাত্ৰী আছিল) মিলি এই নৃত্যৰ এক অনন্য গাঁথনি তৈয়াৰ কৰিছিল। তেওঁলোকে কথাকলিৰ পৰা সৃষ্টি হোৱা ভাৰতীয় ধ্ৰুপদী নৃত্যৰ শিক্ষা আৰু প্ৰদৰ্শনৰ বাবে এই গাঁথনিটো সাজি উলিয়াইছিল। ইয়াৰ বাবে তেওঁলোকে একক নৃত্য, দ্বৈত নৃত্য, নৃত্য নাটিকা আৰু পৰম্পৰাগত লোকনৃত্যসমূহ বাছি লৈছিল।১

শৈলী

কেৰালা নটনম
কেৰালা নটনমছবি: Shagil Kannur · CC BY-SA 3.0

গুৰু গোপীনাথ আৰু তংগমণিৰ নৃত্য অনুষ্ঠানসমূহত পৰম্পৰাগত প্ৰদৰ্শনৰ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ বিষয়বস্তু উপস্থাপন কৰিব পৰাকৈ পৰিৱৰ্তন কৰা নৃত্যৰূপো দেখা গৈছিল। তেওঁলোকৰ এই শৈলীটো মূলতঃ কথাকলিৰ আংগিক অভিনয় (শাৰীৰিক অংগ সঞ্চালন) আৰু সাত্বিক অভিনয় (মুখমণ্ডলৰ প্ৰকাশভংগী)ৰ ওপৰত গভীৰভাৱে নিৰ্ভৰশীল আছিল। গুৰু গোপীনাথে কথাকলিৰ মূল ভংগীমাটোক ত্ৰিভংগ ধাৰণাটোৰ সৈতে খাপ খোৱাকৈ এক অধিক আৰামদায়ক ভংগীলৈ সলনি কৰিছিল।২

আন এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আছিল আহাৰ্য অভিনয় (সাজ-পোছাকৰ শৈলী)ৰ ক্ষেত্ৰত, য’ত তেওঁলোকে চৰিত্ৰটোৰ লগত খাপ খোৱাকৈ সাজ-পোছাক আৰু মুখৰ প্ৰসাধন গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে, যীচুৰ ওপৰত আধাৰিত এটা নৃত্যত নৃত্যশিল্পীগৰাকীয়ে খ্ৰীষ্টৰ দৰে সাজ-পোছাক পৰিধান কৰিছিল। সামাজিক নৃত্যসমূহত শিল্পীসকলে বনুৱা, খেতিয়ক আৰু সাধাৰণ লোকৰ সাজ-পোছাক পিন্ধিছিল। একেদৰে কৃষ্ণ, ৰজা, সাপৰ খেল দেখুৱা, চিকাৰীৰ চৰিত্ৰসমূহৰ বাবেও উপযুক্ত সাজ-পোছাক তৈয়াৰ কৰা হৈছিল। গুৰু গোপীনাথে প্ৰথমবাৰৰ বাবে সংগীত সমাৰোহত ব্যৱহৃত হোৱা কৰ্ণাটকী সংগীতৰ ৰচনাসমূহক নৃত্যৰূপলৈ ৰূপান্তৰিত কৰিছিল। পৰম্পৰাগত কথাকলি আৰু মোহিনীঅট্টমৰ বিপৰীতে তেওঁৰ এই পৰিৱেশনত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ সংযোগ কৰা হৈছিল।

গুৰু গোপীনাথে তেওঁৰ জীৱনকালত এই শৈলীক কোনো নাম দিয়া নাছিল যদিও তেওঁৰ মৃত্যুৰ পিছত এই শৈলীটোক এটা নিৰ্দিষ্ট নাম দিয়াৰ আন্দোলনে গতি লাভ কৰে। ১৯৯৩ চনত তিৰুৱনন্তপুৰমত গুৰু গোপীনাথ আৰু কেৰালা নটনমৰ ওপৰত অনুষ্ঠিত হোৱা বিশ্ব সন্মিলনত তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে এই শৈলীক এটা সংস্কৃত সংজ্ঞা প্ৰদান কৰে: 'কেৰালীয়া শাস্ত্ৰীয় সৰ্গাত্মক নৃত্যম' — অৰ্থাৎ "কেৰালাৰ পৰা উৎপত্তি হোৱা এক পৰম্পৰাগত সৃজনীমূলক নৃত্য শৈলী।"

কেৰালা নটনম তিনিটা উপায়েৰে পৰিৱেশন কৰিব পাৰি: এক অংগ নটনম (একক), সংঘ নটনম (দলীয়) আৰু নাটক নটনম (কাহিনী উপস্থাপন কৰা নৃত্য নাটিকা)। পুৰুষ-মহিলাৰ যুটি নৃত্য কেৰালা নটনমৰ এটা সুকীয়া শৈলী। তেনেদৰে তেওঁ নৃত্য নাটিকাক পাঁচ বা ছয় ঘণ্টা জোৰা দীঘলীয়া পৰিৱেশনলৈ সম্প্ৰসাৰিত কৰিছিল, যাক ইণ্ডিয়ান বেলে' বুলি কোৱা হয়।

তথ্যসূত্ৰ

  1. ↑ Kerala Natanam. www-keralainfo-in.translate.goog
  2. ↑ About Guru Gopinath Natanagramam

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ সংস্কৃতিভাৰতৰ নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰালা নটনম” প্ৰবন্ধৰ সংশোধন ৬২২৪৪২ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।