ওপ্পানা (ഒപ്പന) হৈছে দক্ষিণ ভাৰতৰ কেৰালাৰ মাপিলা (কেৰালাৰ মুছলমান) সম্প্ৰদায়ৰ মাজত সামাজিক মনোৰঞ্জনৰ এক জনপ্ৰিয় ধৰণ, আৰু এয়া সমগ্ৰ কেৰালাত বিশেষকৈ মালাবাৰত প্ৰচলিত।১ ওপ্পানা শব্দটোৰ উৎপত্তি আৰবী শব্দ "অফনা"ৰ পৰা হোৱা বুলি বিশ্বাস কৰা হয়।২ ওপ্পানা পৰম্পৰাগতভাৱে বিভিন্ন গুৰুত্বপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়, বিশেষকৈ, মাপিলা বিয়াৰ ই এক উপাদান।
সাধাৰণতে বিয়াৰ দিনা সংগীতজ্ঞকে ধৰি প্ৰায় পোন্ধৰজনীয়া মহিলাৰ দলে ওপ্পানাক উপস্থাপন কৰে। সোণৰ অলংকাৰেৰে আবৃত আৰু হাতৰ তলুৱা আৰু ভৰি জেতুকাৰে সজ্জিত কইনাগৰাকী নৃত্যশিল্পী সকলৰ বৃত্তৰ মাজত বহি থাকে। তেওঁক পীটাম (চকী)ত বহি থকা মুখ্য দৰ্শক বুলি ধৰা হয়। তেওঁৰ চাৰিওফালে শিল্পী সকলৰ গায়ন-বায়ন প্ৰদৰ্শিত হয়। গান গাই থাকোঁতে তেওঁলোকে ছন্দময়ভাৱে হাত চাপৰি বজাই ইফালে সিফালে ঘূৰি ঘূৰি নাছে। দুগৰাকী বা তিনিগৰাকী ছোৱালীয়ে গীত আৰম্ভ কৰে আৰু বাকীবোৰে কোৰাছত যোগদান কৰে।৩
কেতিয়াবা দৰাৰ মনোৰঞ্জনৰ বাবে পুৰুষ সকলেও ওপ্পানা প্ৰদৰ্শন কৰে। সাধাৰণতে দৰা কইনাৰ বাসগৃহলৈ যোৱাৰ ঠিক আগতে য'ত নিকাহ (বিবাহ) হয় বা তেওঁলোক মণিয়াৰাত প্ৰৱেশ কৰাৰ সময়ত এয়া প্ৰদৰ্শন কৰা হয়।৪
এই পৰিবেশনৰ বাবে হাৰমনিয়াম, তবলা, গঞ্জিৰা আৰু এলাথালম বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। এই উপলক্ষে কেৱল মপিলাপাট্টু গোৱা হয়।
ওপ্পানা দুবিধ, এটা হ’ল ওপ্পানা চায়াল আৰু আনটো হ’ল ওপ্পানা মুৰুক্কাম। যেতিয়া ওপ্পানা চায়াল কৰা হয় তেতিয়া তেওঁলোকে হাত চাপৰি নবজাই। চয়ালৰে আৰম্ভ কৰিলে চয়ালৰেই অন্তও পৰিব লাগে।৫
তথ্যসূত্ৰ
- ↑ P.K., Ajith Kumar. (2008-11-14). Reinventing tradition. দ্য হিন্দু
- ↑ Oppana - the popular Muslim art form
- ↑ (2006-12-16). Oppana — a Popular Form of Art. Arab News
- ↑ Porter, James; Rice, Timothy; Goertzen, Chris. (1998). The Garland encyclopedia of world music. Alexander Street Press. ISBN 978-0-8240-4946-1
- ↑ P.J., Varghese; Ramachandran, K.R; Kurian, P.S. (1993). Festivals of Kerala. Tourist Desk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওপ্পানা” প্ৰবন্ধৰ সংশোধন ৩৮০৩১৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।