কোচি-মুজিৰিছ বিয়েনেল (ইংৰাজী ভাষা: Kochi-Muziris Biennale) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰত অনুষ্ঠিত হোৱা সমসাময়িক কলাৰ এক আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী। এইখন দেশৰ আটাইতকৈ ডাঙৰ কলা প্ৰদৰ্শনী১ আৰু এছিয়াৰ আটাইতকৈ ডাঙৰ সমসাময়িক কলা মহোৎসৱ।২ কোচি-মুজিৰিছ বিয়েনেল হৈছে কেৰালা চৰকাৰৰ সহযোগত কোচিবিয়েনেল ফাউণ্ডেচনে গ্ৰহণ কৰা এক পদক্ষেপ। কোচি-মুজিৰিছ বিয়েনেলৰ ধাৰণাটো কেৰালা চৰকাৰৰ সাংস্কৃতিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা আই এ এছ বিষয়া বেণু বাসুদেৱনে পোনপ্ৰথমে চিন্তা আৰু কাৰ্যকৰী কৰিছিল। এই প্ৰদৰ্শনীখন সমগ্ৰ কোচি চহৰ জুৰি অনুষ্ঠিত কৰা হয়, য’ত বৰ্তমানৰ আৰ্ট গ্যালৰী আৰু হলসমূহৰ লগতে ৰাজহুৱা স্থান, ঐতিহ্যবাহী ভৱন আৰু খালী হৈ থকা পুৰণি গাঁথনিসমূহত বিভিন্ন স্থান-নিৰ্দিষ্ট কলা-সজ্জা প্ৰদৰ্শন কৰা হয়।
ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলে ইয়াত চলচ্চিত্ৰ, ইনষ্টলেচন, চিত্ৰকলা, ভাস্কৰ্য, নিউ মিডিয়া আৰু পৰফৰ্মেন্স আৰ্টকে ধৰি বিভিন্ন মাধ্যমৰ কলা-সামগ্ৰী প্ৰদৰ্শন কৰে। কোচি-মুজিৰিছ বিয়েনেলৰ জৰিয়তে আধুনিক মহানগৰ কোচিৰ ঐতিহ্য আৰু ইয়াৰ পৌৰাণিক পূৰ্বসূৰী প্ৰাচীন বন্দৰ মুজিৰিছৰ ঐতিহাসিক মহত্ত্বক পুনৰুজ্জীৱিত কৰিবলৈ প্ৰয়াস কৰা হৈছে।
প্ৰদৰ্শনীৰ সমান্তৰালভাৱে, বিয়েনেলে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ বাবে আলোচনা সভা, আলোচনাচক্ৰ, চলচ্চিত্ৰ প্ৰদৰ্শন, সংগীত অনুষ্ঠান, কৰ্মশালা আৰু শিক্ষামূলক কাৰ্যসূচীৰো আয়োজন কৰে।৩
ইতিহাস
২০১০ চনৰ মে’ মাহত মুম্বাইস্থিত তথা কেৰালা মূলৰ সমসাময়িক শিল্পী বোছ কৃষ্ণমাচাৰী আৰু ৰিয়াছ কোমুক কেৰালাৰ তদানীন্তন সাংস্কৃতিক মন্ত্ৰী এম এ বেবীয়ে ৰাজ্যখনত এটা আন্তঃৰাষ্ট্ৰীয় কলা প্ৰকল্প আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছিল। ভাৰতত সমসাময়িক কলাৰ বাবে কোনো আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ অভাৱ থকাৰ কথা স্বীকাৰ কৰি বোছ আৰু ৰিয়াছে ভেনিচ বিয়েনেলৰ আৰ্হিত কোচিত এক বিয়েনেল (এক বৃহৎ পৰিসৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী) অনুষ্ঠিত কৰাৰ ধাৰণা আগবঢ়াইছিল।
কোচি বিয়েনেল ফাউণ্ডেচন
কোচি বিয়েনেল ফাউণ্ডেচন (KBF) হৈছে এক অনা-লাভকাৰী দাতব্য ন্যাস (nonprofit charitable trust), যি ভাৰতত কলা আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে কাম কৰে। কোচি-মুজিৰিছ বিয়েনেল হৈছে ইয়াৰ প্ৰধান কাৰ্যসূচী। ২০১০ চনত শিল্পী বোছ কৃষ্ণমাচাৰী আৰু ৰিয়াছ কোমুৰ দ্বাৰা কোচি বিয়েনেল ফাউণ্ডেচন প্ৰতিষ্ঠা কৰা হৈছিল।
প্ৰথম কোচি-মুজিৰিছ বিয়েনেল
প্ৰথম কোচি-মুজিৰিছ বিয়েনেল ২০১২ চনৰ ১২ ডিচেম্বৰত আৰম্ভ হৈছিল।৪ এই তিনিমহীয়া বিয়েনেলত ৮০ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিছিল, যাৰ ভিতৰত প্ৰায় ৫০ শতাংশই বিদেশী শিল্পী আছিল। ইয়াত স্থান-নিৰ্দিষ্ট কলা-সজ্জা আৰু এক শিক্ষামূলক কাৰ্যসূচী অন্তৰ্ভুক্ত আছিল। অচপিনৱাল হাউচত ৪৪ গৰাকী শিল্পীৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰা হৈছিল।
২০১২ চনৰ ২৩ ডিচেম্বৰলৈকে ইয়াত প্ৰৱেশ বিনামূলীয়া আছিল, যাৰ পিছত প্ৰতিজন ব্যক্তিৰ বাবে ৫০ টকাৰ টিকটৰ ব্যৱস্থা কৰা হৈছিল। শৈল্পিক সঞ্চালক বোছ কৃষ্ণমাচাৰীৰ মতে, এই অনুষ্ঠানৰ বাবে বিভিন্ন ধৰণে সহায়-সহযোগিতা লাভ কৰা হৈছিল। শালীনি আৰু সঞ্জয় পাছীয়ে পুঁজি সংগ্ৰহৰ বাবে ৰাজধানী চহৰত প্ৰতিজন ব্যক্তিৰ ২৫,০০০ টকা মূল্যৰ নৈশভোজৰ আয়োজন কৰিছিল, যাৰ জৰিয়তে সংগ্ৰহ হৈছিল। গুগল কৰ্তৃপক্ষই ফাউণ্ডেচনৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু ইয়াৰ ৱেবছাইটটো নিৰ্মাণত সহায়ৰ হাত আগবঢ়াইছিল, য’ত প্ৰথম মাহতে ৭.৫ নিযুত হিট্ হৈছিল। 'জিন্দাল ষ্টীল এণ্ড পাৱাৰ লিমিটেড'ৰ জিন্দাল পৰিয়াল, কেৰালা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰয়াত নেতা টি এম জেকব, টাটা গ্ৰুপৰ আৰ কে কৃষ্ণ কুমাৰ, মালায়ালম মনোৰমাৰ জয়ন্ত মেথিউজ আৰু ব্যৱসায়ী শিবু মাথাই আদিয়েও এই পুঁজিৰ বাবে অনুদান আগবঢ়াইছিল।৫
কোচি-মুজিৰিছ বিয়েনেলৰ বাবে নিৰ্ধাৰিত প্ৰদৰ্শনী স্থলসমূহ আছিল:
- আচপিনৱাল হাউচ
- ডেভিদ হ’ল
- পেপাৰ হাউচ
- মইদু’ছ হেৰিটেজ
- দৰবাৰ হ’ল
- কাব্ৰাল ইয়াৰ্ড
- পৰেড গ্ৰাউণ্ড
- ফ’ৰ্ট কোচি সাগৰীয় কাহাৰ
- কাশী আৰ্ট গ্যালৰী
- জু টাউন ৰোড গুডাম
- ৰ’জ ষ্ট্ৰীট বাংলা
- কোচিন ক্লাব
- গ্যালৰী OED
- ডেভিদ হ’ৰভিটজ
দ্বিতীয় কোচি-মুজিৰিছ বিয়েনেল
বিয়েনেলৰ দ্বিতীয়টো সংস্কৰণৰ বাবে প্ৰায় ১৭ কোটি টকা ব্যয় হৈছিল, যিটো প্ৰথম সংস্কৰণত ব্যয় হোৱা ১৬.৫ কোটি টকাতকৈ কিছু বেছি আছিল। আৰ্থিক সাহায্যৰ বাবে অনুৰোধ জনোৱাৰ পিছতো কেৰালা চৰকাৰৰ অৰিহণা ৯ কোটি টকাৰ পৰা হ্ৰাস পাই মাত্ৰ ৩ কোটি টকা হৈছিলগৈ। আয়োজকসকলে খৰচ বহন কৰিবলৈ স্পনছৰশ্বিপ আৰু অনলাইন ক্ৰাউড ফাণ্ডিঙৰ ওপৰত নিৰ্ভৰ কৰিছিল। দ্বিতীয় সংস্কৰণত দৰ্শকৰ সংখ্যা বৃদ্ধি পাই পাঁচ লাখ হৈছিল, যিটো প্ৰথম সংস্কৰণতকৈ এক লাখ বেছি আছিল।৬
অংশীদাৰিত্ব
২০১৫ চনৰ মাৰ্চ মাহত, কোচি মুজিৰিছ বিয়েনেল ফাউণ্ডেচনে কোচিত চহৰীয়া স্থান সৃষ্টিৰ প্ৰয়োজনীয়তাৰ হকে ওকালতি কৰিবলৈ কোচিনস্থিত চেণ্টাৰ ফৰ পাব্লিক পলিচি ৰিচাৰ্চ (CPPR)-ৰ সৈতে অংশীদাৰিত্ব কৰিছিল।৭ এই ডাইলগত নুৰু কৰিম, ৰাজ চেৰুবাল, ধনুৰাজ, জীতিশ কাল্লাট, বোছ কৃষ্ণমাচাৰী আৰু ৰিয়াছ কোমুৱে অংশগ্ৰহণ কৰিছিল।৬
তৃতীয় কোচি-মুজিৰিছ বিয়েনেল
কোচি মুজিৰিছ বিয়েনেলৰ তৃতীয় সংস্কৰণ ২০১৬ চনৰ ১২ ডিচেম্বৰত মুকলি কৰা হৈছিল আৰু ইয়াৰ কিউৰেটৰ আছিল সুদৰ্শন শেট্টী।৮ এই তৃতীয় সংস্কৰণত বিয়েনেলখন ৬ লাখতকৈও অধিক লোকে দৰ্শন কৰিছিল।৯ এই প্ৰদৰ্শনীখন একেলগে ১২টা স্থানত অনুষ্ঠিত কৰা হৈছিল১০ আৰু ইয়াত ৯৭টা শিল্পকৰ্মৰ লগতে ২০টা অনুষ্ঠান প্ৰদৰ্শন কৰা হৈছিল।১১ ২০১৫ চনৰ ১৫ জুলাইত ৰাজধানী চহৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত এক অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী কে চি জোচেফে সুদৰ্শন শেট্টীক ২০১৬ চনৰ কোচি-মুজিৰিছ বিয়েনেলৰ কিউৰেটৰ হিচাপে ঘোষণা কৰিছিল।১২ তৃতীয় সংস্কৰণৰ বাবে কোচি বিয়েনেল ফাউণ্ডেচনে গঠন কৰি দিয়া এক শৈল্পিক উপদেষ্টা সমিতিয়ে সৰ্বসন্মতিক্ৰমে তেওঁক কিউৰেটৰ হিচাপে নিৰ্বাচিত কৰিছিল। এই সমিতিত শিল্পী অমৰ কানৱাৰ, [শঅতুল দোদিয়া, ভাৰতী খেৰ আৰু জ্যোতি বসু, কলা সমালোচক ৰঞ্জিত হোস্কোটে, পৃষ্ঠপোষক কিৰণ নাদাল, গ্যালৰী পৰিচালক শ্বীৰিন গান্ধীৰ লগতে কে বি এফৰ ন্যাসৰক্ষী সুনীল ভি, ৰিয়াছ কোমু আৰু বোছ কৃষ্ণমাচাৰী অন্তৰ্ভুক্ত আছিল।১৩
সুদৰ্শন শেট্টীৰ শিল্পকৰ্মসমূহ ভাৰত আৰু বিদেশৰ বিভিন্ন একক আৰু যৌথ প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে, যাৰ পৰিসৰ গুৱাংজু বিয়েনেল (২০০০), লণ্ডনৰ টেট মডাৰ্ন (২০০১), ফুকুওকা এছিয়ান আৰ্ট মিউজিয়াম (২০০১), পেৰিছৰ চেণ্টাৰ পম্পিডৌ (২০১১), নিউয়ৰ্কৰ গুগেনহেইম মিউজিয়াম (২০১০) আৰু কোচি-মুজিৰিছ বিয়েনেল (২০১২) পৰ্যন্ত বিস্তৃত।
চতুৰ্থ কোচি-মুজিৰিছ বিয়েনেল
কোচি-মুজিৰিছ বিয়েনেলৰ চতুৰ্থ সংস্কৰণ ২০১৮ চনৰ ১২ ডিচেম্বৰত মুকলি কৰা হৈছিল আৰু ইয়াৰ কিউৰেটৰ আছিল ভাৰতীয় শিল্পী অনিতা ডুবে।
পঞ্চম কোচি-মুজিৰিছ বিয়েনেল
২০১৯ চনৰ মে’ মাহত ঘোষণা কৰা হৈছিল যে ছিংগাপুৰৰ শিল্পী তথা লেখিকা শুবীগী ৰাওৱে ২০২০ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া কোচি-মুজিৰিছ বিয়েনেলৰ পঞ্চম সংস্কৰণৰ কিউৰেটৰ হিচাপে দায়িত্ব পালন কৰিব।১৪১৫ ৰাওৱে পূৰ্বতে ২০১৮ চনত চতুৰ্থ কোচি-মুজিৰিছ বিয়েনেলত একমাত্ৰ ছিংগাপুৰৰ প্ৰতিনিধি হিচাপে শিল্পকৰ্ম প্ৰদৰ্শন কৰিছিল।১৬ "In our Veins Flow Ink and Fire" (আমাৰ সিৰাই সিৰাই বৈছে চিয়াহী আৰু জুই) শীৰ্ষক এই সংস্কৰণৰ বাবে প্ৰথম পৰ্যায়ত ঘোষিত ২৫ গৰাকী অংশগ্ৰহণকাৰী শিল্পী আৰু দলৰ ভিতৰত অৰ্পিতা সিং, ডেকল’নাইজিং আৰ্কিটেকচাৰ আৰ্ট ৰেচিডেন্সী, ইমান ইছা, জোয়ান জোনাছ, মেলাটি সূৰ্যোদৰ্মো, চামছন ইয়ং, স্লাভ্ছ এণ্ড টাটাৰ্ছ, থাও নুগুয়েন ফান আৰু য়িংকা শনিবাৰে আদি প্ৰধান আছিল।১৭
বিয়েনেলত তেওঁলোকৰ অনবদ্য অৱদানৰ বাবে কোচি-মুজিৰিছ বিয়েনেলৰ সহ-প্ৰতিষ্ঠাপক বোছ কৃষ্ণমাচাৰী আৰু শুবীগী ৰাও দুয়োৰে নাম ২০১৯ চনৰ আৰ্টৰিভিউ পাৱাৰ ১০০ তালিকাত যৌথভাৱে অন্তৰ্ভুক্ত কৰা হৈছিল।১৮
"In Our Veins Flow Ink and Fire" অৱশেষত ২০২২ চনৰ ২৩ ডিচেম্বৰত মুকলি কৰা হয়। ইয়াৰ পূৰ্বে কৰ'নাভাইৰাছ ৰোগ ২০১৯-ৰ বাবে দুবাৰকৈ আৰু পৰৱৰ্তী সময়ত ২০২২ চনৰ ১১ ডিচেম্বৰত উদ্বোধনী অনুষ্ঠানৰ ঠিক আগদিনা নিশা "সাংগঠনিক প্ৰত্যাহ্বান"ৰ বাবে ইয়াক স্থগিত ৰখা হৈছিল।১৯ ৫৩ গৰাকী শিল্পীয়ে বিয়েনেল ফাউণ্ডেচনলৈ এখন মুকলি চিঠি প্ৰেৰণ কৰি সাংগঠনিক ত্ৰুটিসমূহ বিশদভাৱে দাঙি ধৰিছিল আৰু বোৰ্ড তথা উপদেষ্টাসকলক ভৱিষ্যতে গাঁথনিগত পৰিৱৰ্তন কৰিবলৈ আহ্বান জনাইছিল।২০
প্ৰতিক্ৰিয়া আৰু বিতৰ্ক
লণ্ডনৰ টেট মডাৰ্ন]]ৰ মতে, কোচি-মুজিৰিছ বিয়েনেল আছিল তেওঁলোকে দেখা এতিয়ালৈকে আটাইতকৈ শ্ৰেষ্ঠ বিয়েনেল। বিয়েনেলখনে প্ৰথম মাহত ১,৫০,০০০ দৰ্শক আৰু দ্বিতীয় মাহত ২,৫০,০০০ দৰ্শক আকৰ্ষণ কৰিছিল, য’ত গড়ে প্ৰতিদিনে এহেজাৰ দৰ্শক (জানুৱাৰীৰ আৰম্ভণিতে দৈনিক ৫,০০০ আৰু সপ্তাহান্তত ১০,০০০ পৰ্যন্ত) হৈছিল। মেককিনছে এণ্ড কোম্পানীয়ে বিয়েনেলৰ অৰ্থনৈতিক প্ৰভাৱ জানিবলৈ ইয়াৰ ওপৰত অধ্যয়ন কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে।৫ মুম্বাইৰ জাহাংগীৰ আৰ্ট গেলেৰীৰ সঞ্চালিকা কাৰ্ত্যায়নী জি মেননৰ মতে— মুম্বাই, বৰোদা বা কলিকতা এতিয়া শিল্পীসকলৰ বাবে সৰ্বাগ্ৰে থকা নাই— তেওঁ আশা প্ৰকাশ কৰে যে এই বিয়েনেলখনে সেই পৰিস্থিতিৰ পৰিৱৰ্তন আনিব।২১
কেৰালাৰ বহু প্ৰসিদ্ধ শিল্পীয়ে কোচি-মুজিৰিছ বিয়েনেল ফাউণ্ডেচনে পুঁজি খৰচ কৰাৰ ক্ষেত্ৰত স্বচ্ছতাৰ অভাৱ থকা বুলি অভিযোগ তুলি উদ্বেগ প্ৰকাশ কৰিছিল। অৱশ্যে কেৰালা ৰাজ্যৰ বহু সমসাময়িক শিল্পীয়ে এই অনুষ্ঠানটোৰ সমৰ্থনত আগবাঢ়ি আহিছিল, কিয়নো ই কোচিৰ ভাবমূৰ্তি অক্ষুণ্ণ ৰখাত সহায় কৰিব পাৰে।২২
২০১৬ চনত ভাৰতীয় ৫০০ আৰু ১০০০ টকীয়া নোটৰ বিমুদ্ৰাকৰণৰ সময়ত চৰকাৰী মুকলি অনুষ্ঠানত কেৰালা চৰকাৰৰ তৰফৰ পৰা বিয়েনেলৰ স্থায়ী প্ৰদৰ্শনী স্থলীৰ বাবে ১.১ নিযুত ডলাৰ অনুদান আৰু সহায়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। বাওঁপন্থী ডেম’ক্ৰেটিক ফ্ৰণ্ট চৰকাৰৰ নেতা তথা ৰাজ্যখনৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)ৰ দীৰ্ঘদিনীয়া সম্পাদক, মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় যে এই বিয়েনেলখনে আৰৱ, চীনা, ইহুদী, পৰ্তুগীজ, ডাচ, ইংৰাজ আৰু ভাৰতৰ বিভিন্ন প্ৰব্ৰজনকাৰী সম্প্ৰদায়ৰ বসতিৰ দ্বাৰা গঢ়ি উঠা কোচিৰ বহুস্তৰীয় ইতিহাসৰ সৈতে খাপ খায়। বিজয়নে বিয়েনেলৰ বাবে ৭.৫ কোটি টকাৰ সাহায্য ঘোষণা কৰে, যিটো ভাৰতৰ যিকোনো ৰাজ্য চৰকাৰে কলা অনুষ্ঠানৰ বাবে দিয়া সৰ্বোচ্চ ধনৰাশি আছিল। চৰকাৰে এই "অতিকৈ প্ৰতিষ্ঠিত" অনুষ্ঠানটোৰ বাবে এটা স্থায়ী প্ৰদৰ্শনী স্থলী নিৰ্মাণত সহযোগিতা কৰিব।
বিয়েনেলৰ পঞ্চম সংস্কৰণটো আয়োজকসকলৰ কু-পৰিচালনাৰ বলি হৈছিল, যাৰ ফলত একেবাৰে শেষ মুহূৰ্তত উৎসৱ স্থগিত ৰাখিবলগীয়া হোৱাত দূৰ-দূৰণিৰ পৰা অহা দৰ্শকসকল বিপাঙত পৰিছিল।২৩ ইয়াৰ উপৰিও বিয়েনেলখনে আধুনিক দাসত্বৰ দৰে গুৰুতৰ অভিযোগৰো সন্মুখীন হৈছে, যাৰ ভিতৰত শ্ৰমিকৰ মজুৰি নিদিয়া আৰু শিল্পকৰ্মত শ্ৰমিকসকলৰ অৱদানক স্বীকৃতি নিদিয়া আদি অন্তৰ্ভুক্ত আছিল।২৪
বাহ্যিক সংযোগ
- Malavika Byju. (20 October 2016). Get Ready for Kochi-Muziris Biennale 2016. News report. Open Art
- (17 December 2016). 3 Must-See Artworks From The Kochi-Muziris Biennale 2016. HuffPost
- thehindubusinessline.com
অধিক পঢ়ক
- Robert E. D’Souza and Sunil Manghani. (10 January 2017). Timely Provocations: The 3rd Kochi-Muziris Biennale. Biennial Foundation. পৃ. Feature
- Rachel A. Varghese, 2017. "Past as a Metaphor in the New Utopian Imaginations of Heritage in Kerala", in Tereza Kuldova and Mathew A Varghese (Eds.). Urban Utopias: Excess and Expulsion in Neoliberal South Asia, New York: Palgrave Macmillan. pp. 169–180..
তথ্যসূত্ৰ
- ↑ (14 April 2018). I want Kochi Biennale to go on, says ex-CEO Manju Sara Rajan. The New Indian Express
- ↑ (3 August 2018). Kochi-Muziris Biennale 2018: Final list of artists to be out on August 15. The Week
- ↑ Kochi-Muziris Biennale 2018
- ↑ (13 December 2012). Kochi becomes Biennale city. The Hindu
- ↑ (24 February 2013). Kochi's gift to the world. The Hindu
- ↑ (April 2015). Urban Space Dialogue- CPPR and Biennale
- ↑ (2015-03-24). Urban Space Dialogue
- ↑ (1 October 2016). Kochi-Muziris Biennale Announces The Curatorial Vision. Biennial Foundation
- ↑ (3 August 2018). LuLu Financial Group's Adeeb Ahamed pledges Rs 1 crore to 2018 Kochi-Muziris Biennale. The New Indian Express
- ↑ (11 December 2016). Biennale 2016: Kochi all set to open its heart for art lovers. The New Indian Express
- ↑ (8 January 2017). 12 MUST-SEE WORKS FROM KOCHI-MUZIRIS BIENNALE 2016. Verve
- ↑ (15 July 2015). Kochi Biennale Foundation Announced Sudarshan Shetty As The Artistic Director And Curator of the Third Edition of Kochi-Muziris Biennale. Biennial Foundation
- ↑ (9 March 2016). A People's Biennale: A Conversation With Kochi-Muziris Biennale Co-Founders Bose Krishnamachari And Riyas Komu. Biennial Foundation
- ↑ (9 May 2019). Shubigi Rao to Curate Fifth Kochi-Muziris Biennale. Artforum International
- ↑ (10 May 2019). Artist Shubigi Rao to curate Kochi-Muziris Biennale. The Times of India
- ↑ Nanda, Akshita. (10 May 2019). Singapore artist Shubigi Rao to helm South Asia's largest visual art biennale in 2020. The Straits Times
- ↑ Tse, Fion. (22 July 2020). Kochi-Muziris Biennale 2020 Reveals First Artist List. ArtAsiaPacific
- ↑ (2019). Power 100: Most influential people in 2019 in the contemporary artworld: Bose Krishnamachari & Shubigi Rao. ArtReview
- ↑ Pallavi Surana. (December 22, 2022). India's Kochi-Muziris Biennale Return After Two Years of Delays, Full of Hope and Sound. ARTNews
- ↑ Open Letter from the Artists of the Kochi-Muziris Biennale 2022–23 - Notes - e-flux. ://e-flux.com
- ↑ (17 February 2013). Biennale reflects changing Indian art scene in a decade. The Hindu
- ↑ (13 January 2012). Biennale will enhance Kochi's image: artist. The Hindu
- ↑ Kumar, S. Anandan & Surya Praphulla. (2022-12-12). Art world dismayed over last-minute postponement of Kochi Biennale's main show. The Hindu
- ↑ Sudeep, Theres. (2022-11-16). Kochi-Muziris Biennale is back again. So is its dirty war with angry, unpaid contractors. ThePrint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোচি-মুজিৰিছ বিয়েনেল” প্ৰবন্ধৰ সংশোধন ৬২৫২৪৫ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।