অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আৰৱ সাগৰ

আৰৱ সাগৰ উত্তৰ ভাৰত মহাসাগৰৰ অংশবিশেষ। ইয়াৰ উত্তৰে পাকিস্তান আৰু ইৰাণ, পশ্চিমে ছুমালিয়াৰ উত্তৰ-পূব অংশ আৰু আৰৱ উপদ্বীপ আৰু পূবে ভাৰত অৱস্থিত। ঐতিহাসিকভাৱে এই সাগৰৰ কেইবাটাও নাম প্ৰচলিত আছিল। সিন্ধু সাগৰ, ইৰীথ্ৰীন সাগৰ আৰু পাৰ্ছীয়ান সাগৰ ইয়াৰ পূৰ্বৰ নাম।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

আৰৱ সাগৰ উত্তৰ ভাৰত মহাসাগৰৰ অংশবিশেষ। ইয়াৰ উত্তৰে পাকিস্তান আৰু ইৰান, পশ্চিমে ছুমালিয়াৰ উত্তৰ-পূব অংশ আৰু আৰৱ উপদ্বীপ আৰু পূবে ভাৰত অৱস্থিত। ঐতিহাসিকভাৱে এই সাগৰৰ কেইবাটাও নাম প্ৰচলিত আছিল। সিন্ধু সাগৰ, ইৰীথ্ৰীন সাগৰ আৰু পাৰ্ছীয়ান সাগৰ ইয়াৰ পূৰ্বৰ নাম। ইয়াৰ মুঠ আয়তন ৩৮,৬২,০০০ বৰ্গ কিমি আৰু সৰ্বনিম্ন গভীৰতা ৪,৬৫২ মিটাৰ। এডেন উপসাগৰ ইয়াৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত। বাব-ইল-মানদেবে আৰৱ সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰিছে। ওমান উপসাগৰ ইয়াৰ উত্তৰ পশ্চিম দিশতঅৱস্থিত আৰু ই এৰাব সাগৰ আৰু পাৰ্ছীয়ান উপসাগৰক সংযোগ কৰিছে।

খ্ৰীষ্টপূৰ্ব দুই হাজাৰৰ পৰা তিনি হাজাৰ বছৰ আগৰ পৰায়ে আৰৱ সাগৰ অতি গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যৰ পথ আছিল। ইয়াৰ পাৰত অৱস্থিত উল্লেখযোগ্য বন্দৰসমূহ হ’ল: মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰ, কাণ্ডলা বন্দৰ, গোৱাৰ মৰ্মগাঁও, পাকিস্তানৰ কৰাচী আৰু গৱাদাৰ বন্দৰ আৰু ওমানৰ চালালাহ বন্দৰ। আৰৱ সাগৰৰ বৃহত্তম দ্বীপসমূহ হ’ল: য়েমেনৰ ছ'ক'ট্ৰা, ওমানৰ মাশীৰাহ, পাকিস্তানৰ অষ্টলা দ্বীপ আৰু ভাৰতৰ এন্ডৰত।

বৰ্ণনা

১৭ শতিকাৰ আৰৱ সাগৰৰ মানচিত্ৰ
১৭ শতিকাৰ আৰৱ সাগৰৰ মানচিত্ৰছবি: Abraham Ortelius · Public domain

আৰৱ সাগৰৰ আয়তন ৩৮,৬২,০০০ বৰ্গ কিলোমিটাৰ।১ ইয়াৰ সৰ্বোচ্চ প্ৰস্থ প্ৰায় ২,৪০০ কিলোমিটাৰ আৰু ইয়াৰ সৰ্বনিম্ন গভীৰতা ৪,৬০০ মিটাৰ।২ সিন্ধু নদ আৰৱ সাগৰলৈ প্ৰবাহিত সৰ্ববৃহৎ নদী।

আৰৱ সাগৰৰ দুটা গুৰুত্বপূৰ্ণ শাখা আছে। প্ৰথমটো হ’ল এডেন উপসাগৰ দক্ষিণ-পশ্চিমে বাব-আল-মান্দিবকে লোহিত সাগৰৰ লগত সংযোগ কৰিছে। দ্বিতীয়টো ওমান উপসাগৰ যি উত্তৰ-পূবে পাৰস্য বা পাৰ্ছীয়ান উপসাগৰক আৰৱ সাগৰৰ লগত সংযোগ কৰিছে।

ছুমালিয়া, জিবুতি, য়েমেন, ওমান, ইৰান, পাকিস্তান, ভাৰত আৰু মালদ্বীপৰ লগত আৰৱ সাগৰৰ সংযোগ আছে। কেইখনমান বৃহৎ চহৰ যেনে কৰাচী, পানিশী, ওৰমাৰা, এডেন, মাছকট, মুম্বাই, কেটি, সালালাহ আৰু দুকুম আৰৱ সাগৰৰ তীৰত অৱস্থিত।

আৰৱ সাগৰৰ বিভিন্ন বাণিজ্য পথ
আৰৱ সাগৰৰ বিভিন্ন বাণিজ্য পথছবি: PHGCOM · CC BY-SA 4.0

অতীজৰে পৰা কেইবা শতিকা ধৰি আৰৱ বণিকসকলে বিভিন্ন মহাদেশত ব্যৱসায় বাণিজ্য কৰাৰ বাবে আৰৱ সাগৰক বাণিজ্য পথ হিচাপে ব্যৱহাৰ কৰি আহিছে। খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দ নৌযাত্ৰাৰ সহস্ৰাব্দ বোলা হয়। আৰৱ সাগৰৰ ক্ৰমবৰ্ধমান নৌযাত্ৰাৰ সূচনা ফলতেই এই অঞ্চল অতীতত অতি সমৃদ্ধিশীল অঞ্চলত পৰিগণিত হৈছিল।

অতি প্ৰাচীন সভ্যতাসমূহ এই আৰৱ সাগৰৰ তীৰৰ আশে পাশে গঢ় লৈ উঠিছিল। এই সভ্যতা সমূহত পণ্যদ্ৰৱ্য আৰু মালবস্তু পৰিবহণৰ বাবে আৰৱ সাগৰৰ পাৰত কেইবাটাও সৰু সৰু বন্দৰ তৈয়াৰ কৰি লৈছিল। ইয়াৰ ভিতৰত মিছৰীয় সভ্যতা, আলেক্সজেন্দ্ৰীয়া সভ্যতা আৰু সিন্ধু সভ্যতা অন্যতম। বৰ্তমানেও আৰৱ সাগৰ সমগ্ৰ পৃথিৱীৰ বাবে এটি গুৰুত্বপূৰ্ণ বাণিজ্য পথ হিচাপে পৰিচিত।

তথ্যসূত্ৰ

  1. ↑ Arabian Sea, Encyclopædia Britannica
  2. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

সাগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰৱ সাগৰ” প্ৰবন্ধৰ সংশোধন ৩৮০০৫১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।