অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

টাইম (আলোচনী)

টাইম (Time; অৰ্থ: সময়) হৈছে এখন আমেৰিকান সাপ্তাহিক সংবাদ আলোচনী আৰু সংবাদ ৱেবছাইট। টাইমৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চিটিত অৱস্থিত। ১৯২৩ চনৰ ৩ মাৰ্চত টাইম পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল। প্ৰভাৱশালী সহ-প্ৰতিষ্ঠাতা হেনৰি লুছে বহুকেইটা বছৰলৈকে টাইমৰ কাৰ্যভাৰ চলাই আছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪০৬ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

টাইম (Time; অৰ্থ: সময়) হৈছে এখন আমেৰিকান সাপ্তাহিক সংবাদ আলোচনী আৰু সংবাদ ৱেবছাইট। টাইমৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চিটিত অৱস্থিত। ১৯২৩ চনৰ ৩ মাৰ্চত টাইম পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল। প্ৰভাৱশালী সহ-প্ৰতিষ্ঠাতা হেনৰি লুছে বহুকেইটা বছৰলৈকে টাইমৰ কাৰ্যভাৰ চলাই আছিল। টাইমৰ এটা ইয়ৰোপীয়ান সংস্কৰণো আছে যাৰ নাম হৈছে টাইম ইউৰোপ (Time Europe,পূৰ্বতে Time Atlantic হিচাপে পৰিচিত)। লণ্ডনৰ পৰা প্ৰকাশিত হোৱা টাইম ইউৰোপে মধ্য প্ৰাচ্য, আফ্ৰিকাৰ লগতে ২০০৩ চনৰ পৰা লেটিন আমেৰিকাকো সামৰি লয়। টাইমৰ এছিয়ান সংস্কৰণটোক টাইম এছিয়া (Time Asia) বুলি কোৱা হয়। ইয়াৰ কাৰ্যালয় অৱস্থিত হংকংত।১ দক্ষিণ প্ৰশান্ত মহাসাগৰীয় সংস্কৰণটোৱে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহক সামৰি লয়। ইয়াৰ কাৰ্যালয়টো চিডনিত অৱস্থিত।২

ইতিহাস

টাইম আলোচনীৰ প্ৰথমটো সংখ্যা, ৩ মাৰ্চ ১৯২৩ চনৰ। বেটুপাতত আমেৰিকা যুক্তৰাষ্ট্ৰীয় সদনৰ অধ্যক্ষ জোচেফ জি. কেনন
টাইম আলোচনীৰ প্ৰথমটো সংখ্যা, ৩ মাৰ্চ ১৯২৩ চনৰ। বেটুপাতত আমেৰিকা যুক্তৰাষ্ট্ৰীয় সদনৰ অধ্যক্ষ জোচেফ জি. কেননছবি: William Oberhardt · Public domain

ব্ৰিটন হেডেন আৰু হেনৰি লুচৰ দ্বাৰা পোনপ্ৰথমে টাইম আলোচনী নিউয়ৰ্ক মহানগৰৰ পৰা প্ৰকাশিত হৈছিল। এইখনেই আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমখন সাপ্তাহিক সংবাদ-আলোচনী।৩ ব্ৰিটন আৰু হেনৰিয়ে ইয়াৰ আগতে "য়ালে ডেইলি নিউজ"ত যথাক্ৰমে অধ্যক্ষ আৰু পৰিচালন সম্পাদক হিচাপে কাম কৰিছিল। তেওঁলোকে পোনপ্ৰথমে আলোচনীখনৰ নাম "ফেক্টছ্" (Facts) দিয়াৰ কথা ভাবিছিল। তেওঁলোকে সংবাদবোৰ সংক্ষিপ্তভাৱে প্ৰকাশ কৰাটোত জোৰ দিছিল যাতে ব্যস্ত মানুহ এজনেও এঘণ্টাৰ ভিতৰতে আলোচনীখন পঢ়িব পাৰে। অৱশ্যে তেওঁলোকে নামটো পাছত "টাইম"লৈ সলনি কৰে আৰু শ্ল'গান হিচাপে ব্যৱহাৰ কৰে "Take Time – It's Brief" শীৰ্ষক বাক্যশাৰী।৪

টাইম আলোচনীয়ে কেইবাদশকজুৰি তেওঁলোকৰ বেটুপাতত কেৱল কোনো এগৰাকী ব্যক্তিকহে স্থান দি আহিছে। শেহতীয়াকৈ টাইমে আৰম্ভ কৰা People of the year সংখ্যাবোৰে পাঠকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে য'ত বাৰাক অ'বামা, ষ্টীভ জব্‌ছৰ দৰে খ্যাতিমান ব্যক্তিয়ে স্থানলাভ কৰিছে। ১৯২৩ চনৰ৩ মাৰ্চত টাইমৰ সৰ্বপ্ৰথম সংখ্যাটোৰ বেটুপাতত স্থান লাভ কৰিছিল আমেৰিকাৰ সংসদৰ অধ্যক্ষ জোচেফ গাৰ্ণি কেননে।৫ ১৯২৯ চনত টাইমৰ সহ-প্ৰতিষ্ঠাতা ব্ৰিটন হেডেনৰ মৃত্যু হয় আৰু হেনৰি লুচ "টাইম"ৰ সৰ্বেসৰ্বা হৈ পৰে। হেনৰি লুচক বিংশ শতিকাৰ সংবাদ মাধ্যমৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি বুলি জনা যায়।৬

১৯৮৯ চনত টাইম আলোচনী আৰু ৱাৰ্ণাৰ কমিউনিকেশ্বনচৰ একাকীকৰণ হয়, আৰু "টাইম" আলোচনী "টাইম ৱাৰ্ণাৰ"ৰ এটা অংশ হৈ পৰে। ২০১৪ চনত টাইম ৱাৰ্ণাৰে টাইম আলোচনীক পৃথক কৰি এক সুকীয়া ৰাজহুৱা কোম্পানী হিচাপে গঢ় দিয়ে।৭

২০০৭ চনত টাইম আলোচনীয়ে সোমবৰীয়া প্ৰকাশন/বিতৰণৰ পৰম্পৰাৰ পৰিৱৰ্তন কৰে। তাৰ পৰিৱৰ্তে আলোচনীবোৰ শুকুৰবাৰে বজাৰৰ বাবে পঠিওৱা হয় আৰু শনিবাৰে গৈ গ্ৰাহকৰ হাতত পৰাৰ ব্যৱস্থা কৰা হয়।

২০১৩ চনৰ জানুৱাৰী মাহত টাইমে তেওঁলোকৰ আলোচনী বিভাগৰ বাবে প্ৰথমগৰাকী মহিলা মুখ্য সম্পাদকৰ নাম ঘোষণা কৰে। যাৰ নাম আছিল মাৰ্থা নেলছন।৮ ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত নেন্সি গিবছ্ হৈ পৰে টাইম আলোচনীৰ প্ৰথমগৰাকী মহিলা পৰিচালন সম্পাদক।৮

২০১৭ চনৰ নৱেম্বৰ মাহত মেৰেডিথ কৰ্পোৰেচনে টাইম আইএনচি.ক ক্ৰয় কৰাৰ কথা ঘোষণা কৰে।৯ ২০১৮ চনৰ ছেপ্টেম্বৰত মেৰেডিথে ঘোষণা কৰে যে তেওঁলোকে টাইমক মাৰ্ক বেনিঅ'ফ আৰু তেওঁৰ পত্নী লায়েন বেনিঅ'ফৰ হাততে অৰ্পণ কৰিব। ক্ৰয়মূল্য নিৰ্ধাৰণ হ'ল ১৯০ মিলিয়ন ডলাৰ। ছেলছফৰ্ছ ডট কমৰ অধ্যক্ষ আৰু সহ-কাৰ্যবাহী বিষয়া বেনিঅ'ফ যদিও টাইম আলোচনীয়ে সেই কোম্পানীৰ লগত ব্যৱধান বৰ্তাই ৰাখিব আৰু আলোচনীৰ প্ৰাত্যহিক পৰিচালনাত বেনিঅ'ফে হস্তক্ষেপ নকৰিব।১০

তথ্যসূত্ৰ

  1. ↑ Time Asia (Hong Kong) Limited - Buying Office, Service Company, Distributor from Hong Kong · HKTDC. www.hktdc.com
  2. ↑ (December 10, 2008). Time Canada to close. Mastheadonline.com
  3. ↑ History of TIME. Time
  4. ↑ Brinkley, The Publisher, pp 88–89
  5. ↑ (March 3, 1923). Instant History: Review of First Issue with Cover. Brycezabel.com
  6. ↑ www.abebooks.com/servlet/SearchResults?kn=Time+L
  7. ↑ www.nytimes.com/2018/06/15/business/dealbook/aol
  8. ↑ Haughney, Christine. (September 17, 2013). Time Magazine Names Its First Female Managing Editor. The New York Times
  9. ↑ Ember, Sydney; Ross, Andrew. (November 26, 2017). Time Inc. Sells Itself to Meredith Corp., Backed by Koch Brothers. The New York Times
  10. ↑ techcrunch.com/2018/09/16/marc-and-lynne-benioff

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাইম (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৩৮১১১৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।