অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অজগৰ সাপ

অজগৰ সাপ (Asiatic reticulated python, বৈজ্ঞানিক নাম-Python reticulatus) দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ সাপৰ প্ৰজাতি৷ বিশ্বৰ আটাইতকৈ দীঘল সাপ হিচাপে ইয়াক আখ্যা দিয়া হয়৷

হালনাগাদ: ১২ জুলাই ২০২৬ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অজগৰ সাপ (Asiatic reticulated python, বৈজ্ঞানিক নাম-Python reticulatus) দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ সাপৰ প্ৰজাতি৷ বিশ্বৰ আটাইতকৈ দীঘল সাপ হিচাপে ইয়াক আখ্যা দিয়া হয়৷ ১

বিৱৰণ

''P. reticulatus''ৰ মূৰ
P. reticulatusৰ মূৰছবি: User:Danleo · CC BY-SA 3.0

অজগৰ সমগ্ৰ এছিয়া মহাদেশৰ স্থানীয় সাপবোৰৰ ভিতৰত আটাইতকৈ বৃহৎ সাপৰ প্ৰজাতি৷ সুমাত্ৰাত পোৱা প্ৰায়ভাগ অজগৰ সাপৰেই দেহৰ দৈৰ্ঘ্য ১.৫-৬.৫ মিটাৰ পৰ্যন্ত আৰু ওজন ১-৭৫ কিলোগ্ৰাম পৰ্যন্ত হয়৷ ২

লাওখোলাৰ চিত্ৰ
লাওখোলাৰ চিত্ৰছবি: Public domain

ইহঁতৰ ৰঙৰ সাজোন অতি জটিল জ্যামিতিক সাজোন, য'ত বিভিন্ন ৰং সন্নিবিষ্ট হৈ থাকে। পিঠিত কাষৰ ফালে সুক্ষ্ম চিহ্ন আৰু মধ্যাংশ পাতলীয়া ৰঙেৰে সজ্জিত হীৰাকৃতিৰ এটা শ্ৰেণী থাকে। বিস্তৃত ভৌগোলিক পৰিসৰৰ এই প্ৰজাতিটোৰ, আকাৰ, ৰং আদিৰ যথেষ্ট ভিন্নতা দেখা পোৱা যায়।

বিতৰণ

অজগৰ সাপ দক্ষিনপূৱ এচিয়া (নিকোবৰ দ্বীপপুঞ্জ, উত্তৰপূৱ ভাৰত, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, লাৱজ, কেম্ব'ডিয়া, ভিয়েটনাম, মালেচিয়া, আৰু ছিংগাপুৰ) ইণ্ডোনেছিয়া আৰু ইণ্ড'-অষ্ট্ৰেলিয়ান দ্বীপপুঞ্জ (সুমাত্ৰা, মেন্টাৱাই দ্বীপপুঞ্জ, নাটোনা দ্বীপপুঞ্জ, বৰ্নেঅ', ছুলাৱেচি, জাভা, লম্বক, ছুম্বাৱা, ছুম্বা, ফ্ল'ৰেছ, টাইম'ৰ, মালোকো, টানিম্বাৰ দ্বীপপুঞ্জ) আৰু ফিলিপাইনত পোৱা যায়।

লগতে চাওক

  • Auliya, M.A. (2003): Taxonomy, Life History and Conservation of Giant Reptiles in West Kalimantan. Ph.D. thesis, University of Bonn.
  • Auliya, M.A.; Mausfeld, P.; Schmitz, A. & Böhme, W. (2002): Review of the reticulated python (Python reticulatus Schneider, 1801) with the description of new subspecies from Indonesia. Naturwissenschaften'89'(5): 201–213. (HTML abstract, electronic supplement available to subscribers)
  • Raven, H.C. (1946): Adventures in python country. Natural History'55': 38–41.
  • Schneider, J.G. 1801. Historiae Amphibiorum naturalis et literariae Fasciculus Secundus continens Crocodilos, Scincos, Chamaesauras, Boas, Pseudoboas, Elapes, Angues, Amphisbaenas et Caecilias. Frommann. Jena. vi + 364 pp. + 2 plates. ("[Boa] Reticulata", pp. 264-266.)
  • Shine R, Ambariyanto, Harlow PS, Mumpuni. Reticulated pythons in Sumatra: biology, harvesting and sustainability. Biol. conserv. ISSN 0006-3207. Abstract at CAT.INIST. Accessed 12 September 2007.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Fredriksson, G. M. (2005). Predation on Sun Bears by Reticulated Python in East Kalimantan, Indonesian Borneo. Raffles Bulletin of Zoology. পৃ. 165–168
  2. ↑ Shine, R., Harlow, P. S., & Keogh, J. S. (1998). The influence of sex and body size on food habits of a giant tropical snake, Python reticulatus. Functional Ecology, 12(2), 248-258

সম্পৰ্কিত শ্ৰেণী

সাপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজগৰ সাপ” প্ৰবন্ধৰ সংশোধন ৬১৬৮৯৫ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।