অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

চেৰামন জুমা মছজিদ

চেৰামন জুমা মছজিদ (ചേരമാൻ ജുമാ മസ്ജിദ്, Cheraman Juma Mosque) ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিচুৰৰ মেথালা, কোডুংগাল্লুৰত অৱস্থিত এটা মছজিদ। কিংবদন্তী অনুসৰি এই মছজিদক প্ৰথমবাৰৰ বাবে ৬২৯ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। ই ভাৰতীয় উপমহাদেশৰ আটাইতকৈ পুৰণি মছজিদ।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ৫৭৪ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

চেৰামন জুমা মছজিদ (ചേരമാൻ ജുമാ മസ്ജിദ്, Cheraman Juma Mosque) ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিচুৰৰ মেথালা, কোডুংগাল্লুৰত অৱস্থিত এটা মছজিদ।১ কিংবদন্তী অনুসৰি এই মছজিদক প্ৰথমবাৰৰ বাবে ৬২৯ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল।২ ই ভাৰতীয় উপমহাদেশৰ আটাইতকৈ পুৰণি মছজিদ।৩৪ আধুনিক কেৰালাৰ চেৰা ৰজা চেৰামন পেৰুমলৰ উত্তৰাধিকাৰীৰ নিৰ্দেশত ইছলামীয় নবী মুহাম্মাদৰ পাৰ্চী শিষ্য মালিক দীনাৰে ইয়াক নিৰ্মাণ কৰিছিল। ওলমি থকা চাকিৰে কেৰালা শৈলীত মছজিদখন নিৰ্মাণ কৰা হৈছিল।৫ ১৫০৪ চনত লোপো চ'ৰেছ ডি আলবাৰ্গাৰিয়াই কোডুংগাল্লুৰ বন্দৰত আক্ৰমণ কৰাৰ সময়ত পৰ্তুগীজসকলে মছজিদটো ধ্বংস কৰিছিল। পুৰণি ভৱনটো ১৫০৪ চনৰ ডি আলগাবাৰিয়া আক্ৰমণৰ কিছু সময় পিছত নিৰ্মাণ কৰা হৈছিল (অৰ্থাৎ ১৬ শতিকাৰ মাজভাগৰ পৰা সপ্তদশ শতিকাৰ আৰম্ভণিলৈ)। আধুনিক কৰিডৰ বা দীঘলী-বাট আৰু হল ১৯৮৪ চনত নিৰ্মাণ কৰা হৈছিল। পুৰণি অট্টালিকাৰ চাৰিওফালে থকা ১৯৮৪ চনৰ আধুনিক সম্প্ৰসাৰণবোৰে পুৰণি ভৱনটোৰ প্ৰায় সকলো বোৰ বাহ্যিক বৈশিষ্ট্য লুকুৱাই ৰাখে।৬

ইতিহাস

পুৰণি মছজিদ
পুৰণি মছজিদছবি: Challiyan at Malayalam Wikipedia · CC BY 3.0

কিংবদন্তী অনুসৰি চেৰামন পেৰুমলে ("চেৰামন পেৰুমল" চেৰা ৰজাসকলৰ দ্বাৰা অধিষ্ঠিত উপাধি) চন্দ্ৰৰ বিভাজনৰ সাক্ষী আছিল। চন্দ্ৰ বিভাজন কোৰআনত উল্লেখ থকা এক অতিপ্ৰাকৃতিক ঘটনা।৭ মুহাম্মদে এজন অবিশ্বাসীলোকৰ দাবীত এই চন্দ্ৰ বিভাজন কৰিছিল। এই অলৌকিক ঘটনা প্ৰত্যক্ষ কৰি হতভম্ব চেৰা ৰজাই তেওঁৰ জ্যোতিষীসকলক মতাই আনি এই ঘটনাৰ নিশ্চিতকৰণ কৰে কিন্তু সঠিক কাৰণ গম নাপায়। আৰৱ ব্যৱসায়ীসকলে মালাবাৰ বন্দৰত উপস্থিত হোৱাৰ পিছত ৰজাৰ সৈতে চন্দ্ৰ বিভাজনৰ দৰ্শন কৰিবলৈ সিংহল ভ্ৰমণ কৰিবলৈ অনুমতি বিচাৰে। তেওঁলোকৰ সৈতে হোৱা বাৰ্তালাপত ৰজাই মুহাম্মাদৰ বিষয়ে গম পায়। ৰাজায়ে তেওঁৰ পুত্ৰক তেওঁৰ ৰাজ্যৰ উত্তৰাধিকাৰী পাতি আৰৱ ব্যৱসায়ীসকলৰ সৈতে মুহাম্মদক নিজে লগ কৰিবলৈ যায়।

লোকবিশ্বাস অনুসৰি চেৰামন পেৰুমল মুহাম্মাদ আৰু তেওঁৰ সঙ্গীসকলৰ বাবে আদাৰ আচাৰ উপহাৰ লৈ আৰৱত উপস্থিত হৈছিল৮ আৰু নবী মুহাম্মাদৰ ভৰিত পৰি ইছলাম গ্ৰহণ কৰিছিল।

বুৰঞ্জীবিদ এম.জি.এছ. নাৰায়ণনৰ মতে, " চেৰা ৰজাই ইছলাম গ্ৰহণ কৰি মক্কালৈ যোৱা পৰম্পৰাক অস্বীকাৰ কৰাৰ কোনো কাৰণ নাই, কিয়নো ই কেৱল মুছলমান ইতিহাসতে নহয়, কেৰালোলপট্টিৰ দৰে হিন্দু চৰিত পুথিৰ ইতিহাসতো ই স্থান লাভ কৰিছে। এনে এক কাহিনী ৰচনা কৰাৰ আশা কৰাৰ প্ৰয়োজন নাই যি কোনো প্ৰকাৰে ব্ৰাহ্মণ বা হিন্দু জনগোষ্ঠীৰ সন্মান বৃদ্ধি নকৰে।" ৯১০

মছজিদৰ ইতিহাসে ইয়াক বহুতো স্থাপত্যৰ বিচিত্ৰতা প্ৰদান কৰিছে। যিহেতু এই স্থানত পূৰ্বতে পল বৌদ্ধ মঠ আছিল সেয়ে ১০০০ খ্ৰীষ্টাব্দত ইয়াৰ পুনৰ নিৰ্মাণ নোহোৱালৈকে ই কাবাৰ ফালে মুখ কৰাৰ পৰিৱৰ্তে পূবা দিশৰ ফালে আছিল। বৰ্তমান সময়তো মছজিদখনত বৌদ্ধ মটৰ কিছু অৱশিষ্ট অংশ অন্তৰ্ভুক্ত আছে। যেনে এটা পৰম্পৰাগত পুখুৰী আৰু এটা চাকি যি হাজাৰ বছৰ ধৰি জ্বলি আছিল বুলি বিশ্বাস কৰা হয়।১১ এই চাকিৰ তেল সকলো ধৰ্মৰ দৰ্শনাৰ্থী আৰু তীৰ্থযাত্ৰীয়ে ইয়ালৈ আনিছিল।

অৱস্থান

ৰাষ্ট্ৰপতিৰ ফলক
ৰাষ্ট্ৰপতিৰ ফলকছবি: Pinakpani · CC BY 4.0

চেৰামন জুমা মছজিদ কেৰালাৰ ত্ৰিচুৰ জিলাৰ কোডুঙ্গালোৰ তালুকত ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰাভুৰ-কোডুঙ্গালোৰ ৰোডত অৱস্থিত।

ৰীতি-নীতি

বিদ্যাৰম্ভ

বিদ্যাৰ অৰ্থ হৈছে "জ্ঞান" আৰম্ভৰ অৰ্থ হৈছে "আৰম্ভণি।" এই ৰীতি সাধাৰণতে বিজয়া দশমীত অনুষ্ঠিত হয় পুৰোহিতৰ দৰে এজন বিদ্বান ব্যক্তিৰ তত্ত্বাৱধানত তেওঁলোকৰ সন্তানক শিকাবলৈ আৰম্ভ কৰাৰ এক হিন্দু পৰম্পৰা। চেৰামন মছজিদত এই অনুষ্ঠানটো মছজিদৰ মুছলিম ইমামে পৰিচালনা কৰে। এওঁ শিশুৰ জিভাত বালিত অঁকা বৰ্ণমালাৰ সন্ধান কৰে। ইয়াৰ দ্বাৰা শিক্ষাৰ দেৱী সৰস্বতীক আমন্ত্ৰণ জনোৱা হয়।

এভেনৰ নিযুক্তি

মালাপ্পুৰমৰ তনুৰৰ শোভাপাৰাম্বা শ্ৰীকুৰুম্বা ভাগৱতী মন্দিৰৰ এভেন বা মুখ্য পুৰোহিতক স্থানীয় মুছলমান পৰিয়াল পাজয়াকাথ পৰিয়ালৰ সদস্য হিচাপে নিযুক্ত কৰা হয়। মন্দিৰ ন্যাসৰ সভাপতি চেল্লিকাট্টিল সুন্দৰনৰ মতে, মন্দিৰৰ এভেন পৰম্পৰাগতভাৱে স্থানীয় থিয়া পৰিয়ালৰ এজন সদস্যই নিযুক্ত কৰিছিল। সেয়া হৈছে পাজয়াখাথ ইলোমৰ ব্ৰাহ্মণ পৰিয়াল। এই পৰিয়াল বহু বছৰধৰি বিভক্ত হৈ পৰিছিল আৰু ইয়াৰ বাকী সদস্যসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল কিন্তু মন্দিৰ কৰ্তৃপক্ষ আৰু পৰিয়াল দুয়োটাই পৰম্পৰাটো বজাই ৰাখিছিল। মন্দিৰৰ হিন্দু পুৰোহিতক প্ৰতি ১২ বছৰত এবাৰকৈ এক বিশেষ ৰীতি-নীতিৰে নিযুক্ত কৰা হয়। পাজায়াকাথ পৰিয়ালৰ এজন মুছলমান সদস্যৰ সভাপতিত্বত এই প্ৰক্ৰিয়া অনুষ্ঠিত হয় আৰু তেওঁ নিযুক্তিৰ আনুষ্ঠানিক ঘোষণা কৰে। স্থানীয় লোকসকলে এই সৌহাৰ্দ্যক চেৰামন পেৰুমলৰ কৃতিত্ব বুলি জ্ঞান কৰে।১২

ত্ৰাভানকোৰৰ মহাৰাজ

"মাক্কাতুপোয়া পেৰুমাল" বা "মক্কালৈ যোৱা ৰজা"ৰ কিংবদন্তী কেৰালাৰ জীৱন-মানসত বাস কৰি আহিছে। স্বাধীনতাৰ পূৰ্বৰ ভাৰতত ত্ৰাভানকোৰ ৰাজ্যৰ মহাৰাজসকলে তেওঁলোকৰ শপত গ্ৰহণত, "মই এই তৰোৱালখন মক্কালৈ যোৱা খুৰাক ঘূৰি অহালৈকে ৰাখিম" বুলি কয়।১৩

তথ্যসূত্ৰ

  1. ↑ Kerala Tourism - Official Website Cheraman Juma Mosque
  2. ↑ Ron Geaves. (2017). Islam and Britain: Muslim Mission in an Age of Empire. Bloomsbury. পৃ. 6. ISBN 978-1-4742-7175-2
  3. ↑ Mosque in Kerala dates back to the Prophet's time. The Times of India
  4. ↑ Tinkering with the past. The Hindu
  5. ↑ gulfnews.com/world/asia/india/cheraman-juma-masj
  6. ↑ Shokoohy, Mehrdad. Muslim Architecture of South India: The Sultanate of Ma'bar and the Traditions of the Maritime Settlers on the Malabar and Coromandel Coasts (Tamil Nadu, Kerala and Goa). RoutledgeCurzon, 2003. pp 139-42
  7. ↑ Surah Al-Qamar (54:1). Surah Al-Qamar [54:1]
  8. ↑ (2012-02-09). The Kerala king who embraced Islam. Arab News
  9. ↑ M. G. S., Narayanan. (1996). Perumals of Kerala: Political and Social Conditions of Kerala Under the Cēra Perumals of Makotai (c. 800 A.D.-1124 A.D.). Xavier Press. পৃ. 65
  10. ↑ Raṇṭattāṇi, Husain. (2007). Mappila Muslims: A Study on Society and Anti Colonial Struggles. Other Books. ISBN 9788190388788
  11. ↑ Cheraman Juma Masjid: A 1,000-year-old lamp burns in this mosque - Times of India. The Times of India
  12. ↑ Where traditions break communal divisions - Times of India. The Times of India
  13. ↑ Katz, Nathan. (2000-11-18). Who Are the Jews of India?. University of California Press. ISBN 9780520213234

সম্পৰ্কিত শ্ৰেণী

মছজিদভাৰতৰ পৰ্যটনস্থলীকেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেৰামন জুমা মছজিদ” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৬৩ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।