কেৰালা পৰ্যটন
২১ প্ৰবন্ধ
-
পদ্মনাভস্বামী মন্দিৰ
পদ্মনাভস্বামী মন্দিৰ ( Padmanabhaswamy Temple, ) এক প্ৰসিদ্ধ হিন্দু মন্দিৰ। এই মন্দিৰটো ভাৰতৰ কেৰালা ৰাজ্যৰ তিৰুৱনন্তপুৰমত অৱস্থিত। ই ভগৱান বিষ্ণুৰ প্ৰতি উৎসৰ্গিত। বৈষ্ণৱ পৰম্পৰাৰ পৱিত্ৰ স্থান হিচাপে পৰিগণিত ১০৮টা ‘দিব্য দেশম’ৰ ভিতৰত এই মন্দিৰটো অন্যতম। মন্দিৰৰ প্ৰধান দেৱতা হৈছে অনন্ত পদ্মনাভস্বামী।
-
মুন্নাৰ
মুন্নাৰ (Munnar) দক্ষিণ-পশ্চিম ভাৰতৰ কেৰালা ৰাজ্যৰ ইদুক্কী জিলাত অৱস্থিত এখন চহৰ। মুন্নাৰ চহৰখন পশ্চিম ঘাট পৰ্বতমালাত সাগৰ পৃষ্ঠৰপৰা প্ৰায় ১৬০০ মিটাৰ উচ্চতাত অৱস্থিত। এই পুৰণি বাগিছা অঞ্চলটো মূলতঃ ইয়াৰ চাহ উদ্যোগৰ বাবে বিখ্যাত। বৰ্তমান ই এক আধুনিক পাহাৰীয়া চহৰ হিচাপে গঢ়ি উঠিছে।
-
চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান
চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কেৰালা ৰাজ্যত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন নীলগিৰি পাহাৰত অৱস্থিত আৰু ইয়াৰ মূল এলেকা ৮৯.৫২ বৰ্গ কিঃমিঃ। ইয়াৰ চৌপাশে ১৪৮ বৰ্গ কিঃমিঃ জুৰি এটা বাফাৰ জ’ন আছে। এই ৰাষ্ট্ৰীয় উদ্যানখনত কিছুমান বিৰল প্ৰজাতিৰ উদ্ভিদ আৰু বন্যপ্ৰাণী পোৱা যায়।
-
ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান
ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কেৰালা ৰাজ্যৰ পশ্চিমঘাট পৰ্বতমালাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই কেৰালাৰ ইডুক্কি আৰু এৰ্নাকুলাম জিলা জুৰি বিস্তৃত হৈ আছে। ইয়াৰ মুঠ মাটি-কালি ৯৭ বৰ্গ কিলোমিটাৰ। এইখন কেৰালাৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। ১৯৭৮ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
-
কেট্টুভাল্লাম
কেট্টুভাল্লাম (Kettuvallam) ভাৰতৰ কেৰালা ৰাজ্যত বহুলভাৱে ব্যৱহৃত একপ্ৰকাৰৰ হাউচবোট বা নাওঘৰ। এইবোৰৰ কাঠৰ নাৱৰ তলি বা খোলাটোৰ ওপৰত খেৰৰ চালি থাকে। পৰম্পৰাগত কেট্টুভাল্লামসমূহ প্ৰধানকৈ কেৰালা পৰ্যটনৰ প্ৰসাৰৰ বাবে ব্যৱহাৰ কৰা হয়।
-
বেকাল দুৰ্গ
বেকাল দুৰ্গ ১৬৫০ খ্ৰীষ্টাব্দত কেলাডীৰ শিৱাপ্পা নায়কে নিৰ্মাণ কৰা এটা মধ্যযুগীয় দুৰ্গ। এই দুৰ্গটো বেকাল নামৰ ঠাইত অৱস্থিত। ই কেৰালাৰ আটাইতকৈ ডাঙৰ দুৰ্গ। ই প্ৰায় ৪০ একৰ মাটিত বিস্তৃত হৈ আছে।
-
অগস্ত্য মালা
অগস্ত্যমালা বা অগস্ত্যৰকূডম এক গুৰুত্বপূৰ্ণ পৰ্বত-শৃংগ। ই পশ্চিমঘাট পৰ্বতমালাৰ অগস্ত্যমালা জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চলৰ অন্তৰ্ভুক্ত। এই শৃংগটো তামিলনাডুৰ তিৰুনেলভেলী জিলা আৰু কেৰালাৰ তিৰুৱনন্তপুৰম জিলাৰ সীমান্তত অৱস্থিত। এই শৃংগটো মূলতঃ কেৰালাৰ তিৰুৱনন্তপুৰম জিলাত পৰে। ইয়াৰ উচ্চতা ১,৮৬৮ মিটাৰ।
-
আনামুডি
আনামুডি ভাৰতৰ কেৰালা ৰাজ্যৰ এক পৰ্বত। ই এৰ্নাকুলাম জিলা আৰু ইডুক্কি জিলাত অৱস্থিত। মালায়ালম ভাষাত এই নামৰ অৰ্থ হৈছে "হাতীৰ মূৰ।" এই শৃংগটোৰ উচ্চতা ২৬৯৫ মিটাৰ। ই পশ্চিমঘাট পৰ্বতমালাৰ আটাইতকৈ ওখ শৃংগ। সমগ্ৰ দক্ষিণ ভাৰতৰ ভিতৰতো এইটোৱে উচ্চতম শৃংগ।
-
কোট্টানকুলংগাৰা দেৱী মন্দিৰ
কোট্টানকুলংগাৰা দেৱী মন্দিৰ ভাৰতৰ কেৰালা ৰাজ্যৰ চাভাৰা গাঁৱত অৱস্থিত এখন পৰম্পৰাগত হিন্দু মন্দিৰ। এই পবিত্ৰ স্থানখন শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা ভগৱতী বা আদি শক্তিলৈ উচৰ্গিত।
-
জটায়ু প্ৰকৃতি উদ্যান
জটায়ু আৰ্থছ চেণ্টাৰ, বা জটায়ু প্ৰকৃতি উদ্যান, ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ চডয়ামংগলামত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান আৰু পৰ্যটন কেন্দ্ৰ। ই সাগৰ পৃষ্ঠৰপৰা গড়ে 350 মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ শীৰ্ষলৈ যাবলৈ কেবল কাৰৰ ব্যৱস্থা আছে আৰু এইখন কেৰালাৰ একমাত্ৰ কেবল কাৰ।
-
নীলগিৰি জৈৱমণ্ডল সংৰক্ষিত অঞ্চল
নীলগিৰি জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চল (Nilgiri Biosphere Reserve) দক্ষিণ ভাৰতৰ এক বিশেষ সংৰক্ষিত অঞ্চল। এই অঞ্চলটো পশ্চিম ঘাট পৰ্বতমালাৰ নীলগিৰি পৰ্বতমালাত অৱস্থিত। এইখন ভাৰতৰ আটাইতকয়ে ডাঙৰ সংৰক্ষিত অৰণ্য অঞ্চল। ই তামিলনাডু, কৰ্ণাটক আৰু কেৰালা ৰাজ্যলৈ বিস্তৃত।
-
পূৰম
পূৰম কেৰালাৰ এক বাৰ্ষিক মন্দিৰ উৎসৱ। এই উৎসৱ দুৰ্গা বা কালী দেৱীৰ মন্দিৰত উদ্যাপন কৰা হয়। গ্ৰীষ্মকালৰ খেতি চপোৱাৰ পিছত কেৰালা ৰাজ্যৰ পালাক্কাদ, ত্ৰিছূৰ, মালাপ্পুৰম আৰু কোল্লাম জিলাত এই উৎসৱ অনুষ্ঠিত হয়। হৰিমত্তোম পূৰম এৰ্নাকুলাম জিলাৰ এক অন্যতম বিখ্যাত পূৰম উৎসৱ।
-
পৰদেশী ইহুদী উপাসনাগৃহ
পৰদেশী ইহুদী উপাসনাগৃহ বা মাট্টানচেৰী ইহুদী উপাসনাগৃহ (പരദേശി ജൂതപള്ളി) এটা ইহুদী উপাসনাগৃহ। এইটো ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ মাট্টানচেৰী জু টাউনত অৱস্থিত। ইয়াক ১৫৬৮ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। ইয়াক চামুৱেল কাষ্টিয়েল, ডেভিদ বেলিলে আৰু জোচেফ লেভীয়ে নিৰ্মাণ কৰিছিল।
-
ভাইপিন
ভাইপিন (Vypin,, কোচিন পৰ্তুগীজ: ইছলা ছান্তা) ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ অন্তৰ্ভুক্ত এক দ্বীপপুঞ্জ। ভাইপিন এটা প্ৰাচীৰ দ্বীপ হিচাপে অৱস্থিত। ইয়াৰ পশ্চিম দিশত আৰৱ সাগৰ আৰু পূব দিশত পেৰিয়াৰ নদীৰ বিভিন্ন শাখা নদীৰদ্বাৰা গঠিত কেৰালাৰ কায়াল (কোচিন কায়াল) আছে।
-
অগস্ত্যমালা জৈৱমণ্ডল সংৰক্ষিত অঞ্চল
অগস্ত্যমালা জৈৱমণ্ডল সংৰক্ষিত অঞ্চল (Agasthyamala Biosphere Reserve) ভাৰতৰ এখন সংৰক্ষিত জৈৱমণ্ডল বা বায়'স্ফিয়াৰ ৰিজাৰ্ভ। ই ২০০১ চনত প্ৰতিষ্ঠা হৈছিল। এই অঞ্চলটো পশ্চিমঘাট পৰ্বতমালাৰ একেবাৰে দক্ষিণ মূৰত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি ৩,৫০০.৩৬ বৰ্গ কিলোমিটাৰ।
-
আথিৰাপ্পিল্লী জলপ্ৰপাত
আথিৰাপ্পিল্লী জলপ্ৰপাত ভাৰতৰ কেৰালা ৰাজ্যৰ এটা পাহাৰীয়া জলপ্ৰপাত। এই জলপ্ৰপাতটো ত্ৰিশূৰ জিলাৰ চালাকুডী তালুকত অৱস্থিত। ই আথিৰাপ্পিল্লী পঞ্চায়তৰ অন্তৰ্গত। এই জলপ্ৰপাতটো চালাকুডী নদীৰ ওপৰত আছে। এই নদীখন পশ্চিমঘাট পৰ্বতমালাৰপৰা ওলাইছে। ই কেৰালাৰ আটাইতকৈ ডাঙৰ জলপ্ৰপাত। ইয়াৰ উচ্চতা প্ৰায় ৮১.৫ ফুট।
-
কদিনহি
কদিনহি ভাৰতৰ কেৰালা ৰাজ্যৰ মালাপ্পুৰম জিলাৰ এখন গাঁও। গাঁওখন তিৰুৰাংগাদি নগৰৰ ওচৰত অৱস্থিত আৰু ২০০৮ চনলৈকে ইয়াত প্ৰায় ২,০০০টা পৰিয়াল বাস কৰিছিল। গাঁওখন নান্নাম্ব্ৰা পঞ্চায়তৰ অধীনত পৰিচালিত হয়।
-
কুম্ভীৰ পুনৰ্বাসন আৰু গৱেষণা কেন্দ্ৰ
কুম্ভীৰ পুনৰ্বাসন আৰু গৱেষণা কেন্দ্ৰ (Crocodile Rehabilitation and Research Centre) ভাৰতৰ কেৰালা ৰাজ্যৰ এক আকৰ্ষণীয় পৰ্যটন থলী। এই কেন্দ্ৰটো তিৰুৱনন্তপুৰম জিলাৰ নেয়াৰ বান্ধৰ ওচৰত অৱস্থিত। ইয়াৰ চাৰিওফালে নেয়াৰ বন্যপ্ৰাণী অভয়াৰণ্য আছে। ইয়াত কুম্ভীৰৰ প্ৰজনন আৰু লালন-পালন কৰা হয়।
-
কেৰালাৰ পৰ্যটন
কেৰালা ৰাজ্যখন ভাৰতৰ দক্ষিণ-পশ্চিম অংশৰ গ্ৰীষ্মমণ্ডলীয় মালাবাৰ উপকূলত অৱস্থিত দেশৰ অন্যতম জনপ্ৰিয় পৰ্যটন থলী। নেশ্যনেল জিঅ’গ্ৰাফিক ট্ৰেভেলাৰৰদ্বাৰা বিশ্বৰ দহখন স্বৰ্গসদৃশ স্থানৰ অন্যতম হিচাপে নামাংকিত কেৰালা বিশেষকৈ ইয়াৰ পৰিৱেশ পৰ্যটন উদ্যোগ আৰু সুন্দৰ বেকৱাটাৰসমূহৰ বাবে বিখ্যাত।
-
কোট্টুক্কাল গুহা মন্দিৰ
কোট্টুক্কাল গুহা মন্দিৰ কেৰালাৰ এক বিখ্যাত হিন্দু মন্দিৰ। মালায়ালম ভাষাত ইয়াক কালত্ৰিক্কোভিল বুলিও জনা যায়। এইটো শিল কাটি নিৰ্মিত স্থাপত্যৰ এটা জীৱন্ত উদাহৰণ। ইয়াক খ্ৰীষ্টীয় ষষ্ঠ আৰু অষ্টম শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
-
বাণাসুৰ পাহাৰ
বাণাসুৰ পাহাৰ (Banasura Hill) কেৰালাৰ পদিনজাৰাথাৰাত অৱস্থিত। ই কেৰালাৰ ৱায়নাড় জিলাৰ পশ্চিমঘাট পৰ্বতমালাৰ এটা ওখ পৰ্বত। এই পাহাৰটোৰ নাম ভাৰতীয় পৌৰাণিক আখ্যানৰ চৰিত্ৰ বাণাসুৰৰ নামেৰে ৰখা হৈছে। চেম্ব্ৰা শৃংগৰ পিছতে নীলগিৰি আৰু হিমালয়ৰ মাজত অৱস্থিত ২,০০০ মিটাৰতকৈ ওখ শৃংগসমূহৰ ভিতৰত ই অন্যতম।