অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

মানৱ উন্নয়ন সূচক

মানৱ উন্নয়ন সূচক (Human Development Index) হৈছে জীৱন প্ৰত্যাশা, শিক্ষা আৰু জনমূৰি আয়ৰ ভিত্তিত গঢ়ি তোলা এটা সামগ্ৰিক পাৰিসাংখ্যিক মান যাৰ দ্বাৰা বিশ্বৰ দেশসমূহক মানৱ উন্নয়নৰ চাৰিটা স্তৰত ভগোৱা হয়।

হালনাগাদ: ৫ জুন ২০২০ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

মানৱ উন্নয়ন সূচক (Human Development Index) হৈছে জীৱন প্ৰত্যাশা, শিক্ষা আৰু জনমূৰি আয়ৰ ভিত্তিত গঢ়ি তোলা এটা সামগ্ৰিক পাৰিসাংখ্যিক মান যাৰ দ্বাৰা বিশ্বৰ দেশসমূহক মানৱ উন্নয়নৰ চাৰিটা স্তৰত ভগোৱা হয়। এখন দেশৰ মানৱ উন্নয়ন সূচক বেছি হয় যদিহে দেশখনৰ জীৱন প্ৰত্যাশা বেছি হয়, শিক্ষাৰ মানদণ্ড উন্নত হয় আৰু জনমূৰি মুঠ ঘৰুৱা উৎপাদন অধিক হয়| ভাৰতৰ অৰ্থনীতিবিদ অমৰ্ত্য সেন আৰু পাকিস্তানৰ অৰ্থনীতিবিদ মাহবুব উল হকে এই সূচক উলিয়াইছিল যিটো পিছলৈ ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্যসূচীৰ দ্বাৰা দেশসমূহৰ উন্নয়ন জুখিবলৈ ব্যৱহাৰ কৰা হয়।১২

মাহবুব উল হকৰ মতে মানুহে জীৱনত হ’ব বিচৰাটো বা কৰিব বিচৰাটো কৰিব পাৰে নে নাই তাৰ ওপৰত এই সূচকটো নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে সুখাদ্য, সুস্বাস্থ্য, শিক্ষা, জীৱিকা, সামাজিক জীৱনত অংশগ্ৰ্হণ আদি। এই কথা লক্ষণীয় যে সকলোৰে বাছনি কৰাৰ অধিকাৰ আছে- কোনোবাই ধৰ্মীয় কাৰণত লঘোণে থকা আৰু কিনিবলৈ সামৰ্থ্য নথকা বাবে লঘোণে থকাৰ মাজত বহুত পাৰ্থক্য আছে।৩

দিশসমূহ আৰু গণনা পদ্ধতি

২০১০ চনৰ ৪ নৱেম্বৰত প্ৰকাশ পোৱা মতে তিনিটা দিশ সামৰি লোৱা হৈছে।

  1. দীৰ্ঘ আৰু সুস্বাস্থ্যকৰ জীৱন: জন্মৰ সময়ত জীৱন প্ৰত্যাশা
  2. শিক্ষা সূচক: বিদ্যালয়ত যোৱাৰ গড় বছৰ আৰু বিদ্যালয়ত যোৱাৰ আনুমানিক বছৰ
  3. জীৱন ধাৰণৰ মান: জনমূৰি মুঠ ৰাষ্ট্ৰীয় উৎপাদন

গণনা কৰাৰ উপায়

জীৱন প্ৰত্যাশা সূচক(LEI): ⟨= \frac{\textrm{LE} - 20}{85-20}⟩

LE(Life Expectancy)- জীৱন প্ৰত্যাশা

LEI-Life Expectancy Index

জন্মৰ সময়ত জীৱন প্ৰত্যাশা ৮৫ হ'লে জীৱন প্ৰত্যাশা সূচক ১ হ'ব আৰু জন্মৰ সময়ত জীৱন প্ৰত্যাশা ২০ হ'লে জীৱন প্ৰত্যাশা সূচক হ'ব ০।

শিক্ষা সূচক(EI): ⟨= \frac{{\textrm{MYSI} + \textrm{EYSI}}} {2}⟩৪

EI- Education Index

2.1 বিদ্যালয়ত যোৱাৰ গড় বছৰ সূচক(MYSI): ⟨= \frac{\textrm{MYS}}{15}⟩৫

২০২৫ চনলৈ এই সূচকটোৰ উচ্চমান ১৫ ধৰা হৈছে।

2.2 বিদ্যালয়ত যোৱাৰ আনুমানিক বছৰ সূচক(EYSI): ⟨= \frac{\textrm{EYS}}{18}⟩৬

  • MYSI(Mean Year of Schooling Index)- বিদ্যালয়ত যোৱাৰ গড় বছৰ সূচক
  • EYSI(Expected Year of Schooling Index)- বিদ্যালয়ত যোৱাৰ আনুমানিক বছৰ সূচক

3. আয় সূচক(II): ⟨= \frac{\ln(\textrm{GNIpc}) - \ln(100)}{\ln(75,000) - \ln(100)}⟩ II- Income Index

জনমূৰি মুঠ ঘৰুৱা উৎপাদন ৭৫০০০ ডলাৰ হ'লে আয় সূচক হ'ব ১ আৰু ১০০ ডলাৰ হ'লে আয় সূচক ০ হ'ব।

মানৱ উন্নয়ন সূচক হৈছে ওপৰৰ গোটেইকেইটা সূচকৰ গুণোত্তৰ প্ৰগতি

⟨\textrm{HDI} = \sqrt[3]{\textrm{LEI}\cdot \textrm{EI} \cdot \textrm{II}}.⟩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Human Development Index. Economic Times
  2. ↑ (2010). The Human Development concept. UNDP
  3. ↑ (2017). What is Human Development. UNDP
  4. ↑ (2011-06-01). New method of calculation of Human Development Index (HDI). India Study Channel
  5. ↑ Mean years of schooling (of adults) (years) is a calculation of the average number of years of education received by people ages 25 and older in their lifetime based on education attainment levels of the population converted into years of schooling based on theoretical duration of each level of education attended. Source: Barro, R. J.; Lee, J.-W. (2010). A New Data Set of Educational Attainment in the World, 1950–2010. NBER Working Paper No. 15902
  6. ↑ (ESYI is a calculation of the number of years a child is expected to attend school, or university, including the years spent on repetition. It is the sum of the age-specific enrollment ratios for primary, secondary, post-secondary non-tertiary and tertiary education and is calculated assuming the prevailing patterns of age-specific enrollment rates were to stay the same throughout the child's life. Expected years of schooling is capped at 18 years. (Source: UNESCO Institute for Statistics (2010). Correspondence on education indicators. March. Montreal.)

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ উন্নয়ন সূচক” প্ৰবন্ধৰ সংশোধন ২৩৬২৩৯ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।