অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

মত্তনচেৰী প্ৰসাদ

মত্তনচেৰী প্ৰসাদ বা মত্তনচেৰী পেলেচ হৈছে ভাৰতৰ কেৰেলা ৰাজ্যৰ কোচিৰ মটানচেৰীত অৱস্থিত, যাক ডাচ পেলেচ নামেৰে জনাজাত এটা ৰাজপ্ৰসাদ। য'ত কোচিৰ ৰজাৰ প্ৰতিকৃতি আৰু প্ৰদৰ্শনী অংকন কৰা কেৰেলাৰ ভিন্ন শিল্পকৰ্ম আছে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আংশিক তালিকাত এই ৰাজপ্ৰসাদ অন্তৰ্ভুক্ত কৰা হৈছিল।

হালনাগাদ: ২৩ নৱেম্বৰ ২০২৫ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

মত্তনচেৰী প্ৰসাদ বা মত্তনচেৰী পেলেচ হৈছে ভাৰতৰ তিতা কেৰেলা ৰাজ্যৰ কোচিৰ মটানচেৰীত অৱস্থিত, যাক ডাচ পেলেচ নামেৰে জনাজাত এটা ৰাজপ্ৰসাদ। য'ত কোচিৰ ৰজাৰ প্ৰতিকৃতি আৰু প্ৰদৰ্শনী অংকন কৰা কেৰেলাৰ ভিন্ন শিল্পকৰ্ম আছে। ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আংশিক তালিকাত এই ৰাজপ্ৰসাদ অন্তৰ্ভুক্ত কৰা হৈছিল।১ ডাচ পেলেচ নাম থকাৰ পিছতো এই ৰাজপ্ৰসাদটো পৰ্তুগীজ সাম্ৰাজ্যই কোচিন ৰাজ্যক উপহাৰ হিচাপে নিৰ্মাণ কৰিছিল।

মত্তনচেৰী প্ৰসাদৰ পিছফালৰ দৃশ্য
মত্তনচেৰী প্ৰসাদৰ পিছফালৰ দৃশ্যছবি: Ranjith Siji · CC BY-SA 4.0

ইতিহাস

১৫৪৫ চনৰ আশে-পাশে পৰ্তুগীজ ভাষাসকলে কোচিন ৰজাক উপহাৰ হিচাপে এই ৰাজপ্ৰসাদটো নিৰ্মাণ কৰি উপহাৰ দিছিল। ওচৰৰ মন্দিৰ এটা লুটপাত কৰাৰ পিছত ৰজাৰ সন্তুষ্টিৰ বাবে ইয়াক নিৰ্মাণ কৰা হৈছিল। ২ ৩ ১৪৯৮ চনত কাপ্পাদত পৰ্তুগীজ অভিযাত্ৰী ভাস্কো দা গামাৰ অৱতৰণক কোচি শাসকসকলে আদৰণি জনাইছিল। পৰ্তুগীজসকলক কাৰখানা নিৰ্মাণৰ একচেটিয়া অধিকাৰ দিয়া হৈছিল আৰু তেওঁলোকে জামোৰিয়ানসকলৰ বাৰে বাৰে আক্ৰমণক প্ৰতিহত কৰিছিল আৰু কোচিন ৰজাসকল কাৰ্যতঃ পৰ্তুগীজসকলৰ অধীনস্থ হৈ পৰিছিল। পৰ্তুগীজসকলৰ প্ৰভাৱৰ ঠাই ডাচসকলে লয় আৰু ১৬৬৩ চনত তেওঁলোকে মত্তনচেৰী দখল কৰে।২ পৰৱৰ্তী সময়ত এই অঞ্চল হাইদৰ আলীয়ে আৰু পিছলৈও ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দখল কৰে।

স্থাপত্য

ৰাতিৰ সময়ত মত্তনচেৰী পেলেচ
ৰাতিৰ সময়ত মত্তনচেৰী পেলেচছবি: Satdeep Gill · CC BY-SA 4.0

কেৰালাৰ পৰম্পৰাগত স্থাপত্য শৈলী নালুকেট্টু শৈলীত নিৰ্মিত বৰ্গক্ষেত্ৰৰ এই ৰাজপ্ৰসাদটোৰ কেন্দ্ৰীয় চোতাল। কিছুমান স্থাপত্যৰ উপাদান যেনে ইয়াৰ তোৰণৰ প্ৰকৃতি আৰু ইয়াৰ কোঠাৰ অনুপাতে মৌলিক নালুকেটু শৈলীৰ ভিতৰত ইউৰোপীয় প্ৰভাৱ দেখুৱাইছে।২৩

শিল্পকৰ্ম

ৰাজপ্ৰসাদৰ দেৱালত হিন্দু ধৰ্মীয় শিল্পকলাৰ চিত্ৰ অংকন কৰা কেইবাটাও মিউৰেলে শোভা বঢ়াইছে।
ৰাজপ্ৰসাদৰ দেৱালত হিন্দু ধৰ্মীয় শিল্পকলাৰ চিত্ৰ অংকন কৰা কেইবাটাও মিউৰেলে শোভা বঢ়াইছে।ছবি: Mark Hills · CC BY 2.0

ৰাজপ্ৰসাদৰ দেৱালত বৃহৎ সংখ্যক মিউৰেল, হিন্দু মন্দিৰ শিল্পৰ পৰম্পৰা অনুসৰি নিষ্পাদন, যিবোৰ ধৰ্মীয়, সজ্জাগত আৰু শৈলীগত। অন্যান্য চিত্ৰসমূহ টেম্পেৰা কৌশলত চহকী উষ্ণ ৰঙেৰে অংকন কৰা হৈছে।২

অন্যান্য প্ৰদৰ্শনী

১৮৬৪ চনৰ পৰা কোচিনৰ ৰজাসকলৰ প্ৰতিকৃতি এসময়ত ৰাজ অভিষেক হল হিচাপে প্ৰদৰ্শিত হৈছে। এইবোৰ স্থানীয় শিল্পীয়ে পশ্চিমীয়া শৈলীত অংকন কৰিছিল। হলঘৰৰ চিলিং কাঠৰ শিল্পৰ ফুলৰ ডিজাইনেৰে সজাই তোলা হৈছে। ৰাজপ্ৰসাদত থকা আন প্ৰদৰ্শনীসমূহৰ ভিতৰত হাতীদাঁতৰ পালংকিন, হাউডা, ৰজাৰ ছাতি, ৰজাঘৰীয়াসকলে ব্যৱহাৰ কৰা আনুষ্ঠানিক সাজ-পোছাক, মুদ্ৰা, ডাকটিকট আৰু অংকন আদি অন্যতম।২

পুনৰুদ্ধাৰ

১৯৫১ চনত এই ৰাজপ্ৰসাদ পুনৰ নিৰ্মাণ কৰি কেন্দ্ৰীয় চৰকাৰৰ সংৰক্ষিত কীৰ্তিচিহ্ন হিচাপে ঘোষণা কৰা হয়। ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে এই ৰাজপ্ৰসাদটো দ্বিতীয়বাৰৰ বাবে পুনৰুদ্ধাৰ কৰে। ২০০৭ চনত আৰম্ভ হোৱা কামটো ২০০৯ চনৰ ভিতৰত সম্পূৰ্ণ হয়।৪

তথ্যসূত্ৰ

  1. ↑ Mattanchery Palace, Ernakulam, Kerala. whc.unesco.org
  2. ↑ Archaeological Museum, Cochin, published by Archaeological Survey of India
  3. ↑ Mattancherry Palace. webindia.123
  4. ↑ Abraham, Tanya. Back to the Dutch Palace again. Metro Plus Kochi. The Hindu, 17 September 2007

সম্পৰ্কিত শ্ৰেণী

ভাৰতকেৰালাবিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মত্তনচেৰী প্ৰসাদ” প্ৰবন্ধৰ সংশোধন ৫৫৫৫০৫ (২৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।