চেট্টীকুলংগৰা কুম্ভ ভৰণী হৈছে প্ৰতি বছৰে কেৰালাৰ আলাপ্পুঝা জিলাৰ চেট্টীকুলংগৰাত অৱস্থিত চেট্টীকুলংগৰা দেৱী মন্দিৰত উদ্যাপন কৰা এটা উৎসৱ।১ এই উৎসৱ ফেব্ৰুৱাৰী বা মাৰ্চ মাহত অনুষ্ঠিত হয় আৰু ইয়াৰ তাৰিখ মালয়ালম ভাষা কেলেণ্ডাৰ অনুসৰি নিৰ্ধাৰণ কৰা হয়। মালায়ালম কেলেণ্ডাৰৰ কুম্ভ মাহৰ ভৰণী নক্ষত্ৰত চেট্টীকুলংগৰা ভৰণী অনুষ্ঠিত হয় বাবেই ইয়াৰ নাম চেট্টীকুলংগৰা কুম্ভ ভৰণী ৰখা হৈছে। কুথিয়োত্তম আৰু কেট্টুকাঝচা হৈছে এই উৎসৱৰ প্ৰধান আকৰ্ষণ। এই উৎসৱটোক ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য (Intangible Cultural Heritage)ৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে বিবেচনাধীন হৈ আছে।২
উৎপত্তি
এক জনশ্ৰুতি অনুসৰি, এদল গাঁৱৰ মুখিয়াল আৰু তেওঁলোকৰ কৰ্মীসকলে তেওঁলোকৰ ৰজাৰ সিদ্ধান্ত মৰ্মে কোল্লাম – চাভাৰা খাল নিৰ্মাণ কৰিবলৈ গৈছিল। নিৰ্মাণ কাৰ্যত হোৱা অস্বাভাৱিক পলমৰ বাবে তেওঁলোক তাতেই আবদ্ধ হৈ পৰে। কৰ্তৃপক্ষই তেওঁলোকৰ ঘৰলৈ উভতি যোৱাৰ অনুৰোধ নাকচ কৰে। সেই সময়ছোৱাতে তেওঁলোকে কোল্লাম মূলাংকাদকাম মন্দিৰৰ উৎসৱৰ অনুষ্ঠানসমূহ দৰ্শন কৰিছিল। তাৰে কেট্টুকাঝচাৰদ্বাৰা আকৰ্ষিত হৈ তেওঁলোকে নিজৰ স্থানীয় দেৱী চেট্টীকুলংগৰা ভগৱতীৰ ওচৰত সংকল্প লৈছিল যে, যদি তেওঁলোকক লগে লগে চেট্টীকুলংগৰালৈ যাবলৈ অনুমতি দিয়া হয়, তেন্তে তেওঁলোকে প্ৰতি বছৰে দেৱীৰ বাবে অনুৰূপ কেট্টুকাঝচা নিৰ্মাণ কৰিব। তেওঁলোকক আচৰিত কৰি পাছদিনাই চেট্টীকুলংগৰালৈ ঘূৰি যোৱাৰ অনুমতি দিয়া হয় আৰু প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকে বিশাল কেট্টুকাঝচা নিৰ্মাণ কৰি নিজৰ ভগৱতীৰ মন্দিৰ প্ৰাংগনলৈ লৈ আহে।৩
কুথিয়োত্তম
কুথিয়োত্তম দেৱীৰ উদ্দেশ্যে আগবঢ়োৱা আটাইতকৈ গুৰুত্বপূৰ্ণ উছৰ্গা বা পূজা হিচাপে প্ৰদৰ্শন কৰা হয়। ই হৈছে দেৱী কালীক সন্তুষ্ট কৰাৰ এক প্ৰতীকী নৰবলি। ধাৰণা কৰা হয় যে উগ্ৰ দেৱী কালীক সন্তুষ্ট কৰিবলৈ কৰা ৰক্তবলিৰপৰাই কুথিয়োত্তমৰ উৎপত্তি হৈছিল আৰু সময়ৰ লগে লগে সম্ভৱতঃ বৌদ্ধ ধৰ্মৰ প্ৰভাৱত এই ৰীতিটো কিছু নৰম বা পৰিৱৰ্তন কৰা হয়।৪ যিজন ব্যক্তিয়ে কুথিয়োত্তম আগবঢ়াবলৈ সংকল্প লয়, তেওঁ দুটা বা চাৰিটা অপ্ৰাপ্তবয়স্ক ল’ৰাক তোলনীয়া হিচাপে গ্ৰহণ কৰে, যিসকলক প্ৰতীকীভাৱে বলি দিয়া হয়। শিৱৰাত্ৰিৰদিনা তেওঁলোকক তোলনীয়া হিচাপে আনি স্পনছৰ বা উছৰ্গাকাৰীজনৰ ঘৰলৈ অনা হয়, য’ত এটা চান্দোৱা তৰা হয় আৰু কালীৰ এক মন্দিৰ নিৰ্মাণ কৰা হয়। প্ৰশিক্ষিত শিল্পীৰদ্বাৰা তেওঁলোকক কুথিয়োত্তমৰ প্ৰাথমিক নৃত্যৰ খোজসমূহ শিকোৱা হয়। ভৰণী উৎসৱৰদিনা ল’ৰাবোৰক স্নান কৰাই কাগজৰ মুকুট, খাৰু আদি পিন্ধাই ৰজাৰ দৰে সজোৱা হয়। তেওঁলোকৰ পেটৰ চালত ৰূপালী বা সোণালী সূতাৰে বিন্ধা কৰা হয়। এই ধৰ্মীয় অনুষ্ঠানটোক চুৰাল মুৰিয়াল বুলি জনা যায়; এই নামটো চুৰাল (বেত) আৰু মুৰি (কটা) শব্দৰপৰা আহিছে, কাৰণ পূৰ্বতে বেতৰ আঁহ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছত এক জাক-জমকীয়া সমদলৰ সৈতে তেওঁলোকক মন্দিৰলৈ লৈ যোৱা হয়। গৰ্ভগৃহৰ সন্মুখত তেওঁলোকে দেৱীৰ প্ৰশংসাসূচক চাৰিটা গীতৰ তালে তালে তেওঁলোকক শিকোৱা খোজসমূহ প্ৰদৰ্শন কৰে আৰু ইয়াৰ পিছত সূতাডাল সোলোকাই দেৱীক উছৰ্গা কৰা হয়। ধৰ্মীয় ৰীতি অনুসৰি এই ল’ৰাবোৰ এতিয়া মৃত বুলি গণ্য কৰা হয় আৰু তেওঁলোকে পুনৰ কুথিয়োত্তমত অংশগ্ৰহণ কৰিব নোৱাৰে।৫৬
কুথিয়োত্তম হৈছে নৃত্য, সংগীত আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ এক সংমিশ্ৰণ। ল’ৰাবোৰে কুথিয়োত্তম লোকগীতৰ তালে তালে লোকনৃত্য প্ৰদৰ্শন কৰে। কুথিয়োত্তম আগবঢ়াবলৈ সংকল্প লোৱা প্ৰতিটো ঘৰতে ল’ৰাবোৰক কুথিয়োত্তম শিকোৱাৰ লগতে প্ৰশিক্ষিত শিল্পীৰদ্বাৰাও প্ৰদৰ্শনৰ আয়োজন কৰা হয়। কুথিয়োত্তম লোকগীতৰ এক বিশেষ তানাভাত্তম তাল থাকে।৭ আগতে কেৱল চেট্টীকুলংগৰা মন্দিৰৰ ১৩খন কাৰা (অঞ্চল)ৰ অন্তৰ্গত ঘৰবোৰতহে কুথিয়োত্তম কৰা হৈছিল, কিন্তু শেহতীয়াকৈ এক দেৱ প্ৰশ্নম (জ্যোতিষীয় পৰামৰ্শ)ৰ পিছত ১৩খন কাৰাৰ বাহিৰৰ ঘৰবোৰতো কুথিয়োত্তম অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছে।
কেট্টুকাঝচা
কেট্টুকাঝচা হৈছে ১৩খন প্ৰদেশৰ ৰাইজে তেওঁলোকৰ আৰাধ্যা দেৱীক পোৱা আশীৰ্বাদৰ বাবে ধন্যবাদ জনাবলৈ আৰু তেওঁৰ কৃপা লাভ কৰিবলৈ কৰা এক উছৰ্গা। চেট্টীকুলংগৰা কেট্টুকাঝচাত ১৩খন প্ৰাদেশিক সমদলৰ সজ্জা অন্তৰ্ভুক্ত থাকে, যাৰ ভিতৰত কুথিৰা (ঘোঁৰা) নামেৰে জনাজাত ছয়টা বিশাল তথা গধুৰভাৱে সজোৱা ধৰ্মীয় ৰথ, থেৰু (ৰথ) নামেৰে জনাজাত পাঁচটা সৰু ধৰ্মীয় ৰথ আৰু ভীম, হনুমান তথা পাঞ্চালীৰ প্ৰতিমূৰ্তি প্ৰদৰ্শন কৰা হয়।৮৯
কুথিৰা
যদিও কুথিৰা শব্দৰ অৰ্থ ঘোঁৰা, এই ধৰ্মীয় ৰথসমূহৰ সৈতে ঘোঁৰাৰ কোনো সাদৃশ্য নাই আৰু এই নামকৰণৰ উৎপত্তি এতিয়াও অজ্ঞাত। কুথিৰাসমূহ ধৰ্মীয় ৰথসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ইয়াৰ উচ্চতা প্ৰায় ৮০ৰপৰা ৮৫ ফুট।
কুথিৰাৰ আটাইতকৈ তলৰ অংশটোক আদিলকোট্টু বা ভান্দিকোট্টু বুলি কোৱা হয়। এইটোৱেই হৈছে মূল আধাৰ যাৰ ওপৰত বাকী থকা অংশবোৰ টিকি থাকে। ই এটা চাৰিটা ডাঙৰ কাঠৰ চকা থকা প্লেটফৰ্ম, যিবোৰ কাঠৰ বিমেৰে এটাৰ সৈতে আনটো সংলগ্ন হৈ থাকে। প্লেটফৰ্মখনৰ সৈতে দুডাল বিশাল কাঠৰ খুঁটা (আচুথান্দু) সংলগ্ন কৰা থাকে, যাৰ সহায়ত কুথিৰাটোক নিয়ন্ত্ৰণ কৰা হয়। আদিলকোট্টুৰ ওপৰত ৩৫ ফুট উচ্চতাৰ কাথিৰুকল থাকে, যি চাৰিডাল দীঘল খুঁটাৰে গঠিত। এইবোৰ তামোল গছৰ খুঁটা (আলাকু)ৰে সংযোগ কৰা হয় আৰু নাৰিকলৰ জৰী তথা পানাভাল্লি গাঁঠিৰে অঁকা-বঁকা (কুথুকাথ্ৰিকা) আৰ্হিত আলাকুসমূহ বান্ধি অধিক শক্তিশালী কৰা হয়। কাথিৰুকলৰ তলৰ অংশটোক আদিকুদাৰাম বুলি কোৱা হয়, যি হেলনীয়া বাকচ পিৰামিডৰ (থাত্তু আৰু ছাৰিপ্পু) চাৰিৰপৰা পাঁচটা ব বৰ্ধিত স্তৰেৰে গঠিত। ইয়াৰ পিছত ইয়াক বগা কাপোৰ (ভেল্লা), ৰঙীন জিলিকি থকা কাপোৰ আৰু ওলমি থকা অলংকাৰেৰে (থুক্কু) সজোৱা হয়। আদিকুদাৰামৰ ওপৰত প্ৰভাদা থাকে। প্ৰভাদা হৈছে কুথিৰাৰ আটাইতকৈ আকৰ্ষণীয় অংশ। ইয়াত কাঠৰ ক্ষোদিত ভাস্কৰ্য থাকে যিয়ে কৃষ্ণলীলা, গজেন্দ্ৰ মোক্ষ আদি কাহিনী বৰ্ণনা কৰে। ইয়াৰ মাজভাগত হাতীৰ কপালত পিন্ধোৱা অলংকাৰ (নেত্তিপাট্টম) থাকে। যদিও প্ৰভাদা দেখিলে এনে লাগে যেন এয়া এটুকুৰা কাঠতে ক্ষোদিত কৰা হৈছে, প্ৰকৃততে ই সাৱধানে একত্ৰিত কৰা সৰু সৰু টুকুৰাৰে গঠিত। প্ৰভাদাৰ ওপৰত অৱস্থিত এদাকুদাৰাম অংশটোৰ আকাৰ কাথিৰুকলৰ প্ৰায় আধা আৰু তলৰ অংশৰ দৰেই চাৰিৰপৰা পাঁচটা ছাৰিপ্পুৰে নিৰ্মিত, যিটো কাথিৰুকলৰ ওপৰত আহে। ইয়াতো জিলিকি থকা বিভিন্ন কাপোৰ আৰু ভেল্লাৰ সৈতে ৰঙীন থুক্কু অলংকাৰসমূহ মেৰিয়াই দিয়া হয়। কুথিৰাৰএকেবাৰে ওপৰত পিৰামিড আকৃতিৰ মেলকুদাৰাম থাকে। চেট্টীকুলংগৰা কুথিৰাৰ মেলকুদাৰাম চাৰিখন মুখ থকা কুম্ভথোপ্পি হয়, তিনিখন মুখ থকা পাল্লিমুখম নহয়। মেলকুদাৰামৰ ওপৰৰপৰা এডাল বগা কাঠৰ খুঁটা (নাম্বু) ওলাই থাকে। কুথিৰাত কেৱল মাজৰ প্ৰভাদা অংশটোক বাদ দি ওপৰৰপৰা তললৈকে ইয়াৰ আকাৰ প্ৰায় একেই থাকে।
থেৰু
থেৰু শব্দৰ অৰ্থ ৰথ, কিন্তু এইবোৰ ৰথতকৈ বেছি পাগোডাৰ দৰেহে দেখিবলৈ পোৱা যায়। থেৰুসমূহ কুথিৰাতকৈ সৰু আৰু ইহঁতৰ প্ৰভাদা তথা এদাকুদাৰাম অংশ নাথাকে। ইহঁতৰ ছাৰিপ্পু অংশ ডাঙৰ হয় আৰু ছাৰিপ্পুৰ মাজত স্পষ্ট ইলিথাত্তু থাকে। ওপৰলৈ যোৱাৰ লগে লগে এইবোৰৰ আকাৰ সৰু হৈ আহে।
হনুমান
মাট্টম চাউথ প্ৰদেশৰফালৰপৰা হনুমানৰ কাঠৰ প্ৰতিমূৰ্তি অনা হয়। এই মানৱ প্ৰতিমূৰ্তিত হনুমানক ৰাৱণৰ ৰাজসভাত থকা ৰূপত চিত্ৰিত কৰা হয়। কদলীপ কলৰ মালা হনুমানৰ বাবে আগবঢ়োৱা মূল উছৰ্গা।
পাঞ্চালী
পাঞ্চালীৰ প্ৰতিমূৰ্তিও মাট্টম চাউথৰদ্বাৰা অনা হয়। প্ৰতিমূৰ্তিটাত বিভিন্ন অলংকাৰেৰে বিভূষিত পাঞ্চালীয়ে কল্যাণসৌগন্ধিকম ফুল আনিবলৈ যোৱা ভীমলৈ অপেক্ষা কৰি থকা ৰূপত চিত্ৰিত কৰা হৈছে। পাটৰ কাপোৰ পাঞ্চালীৰ বাবে আগবঢ়োৱা মূল উছৰ্গা।
ভীম
মাট্টম নৰ্থে সাৰে তিনি টন ওজনৰ এক বিশাল কাঠৰ ভীমৰ প্ৰতিমূৰ্তি লৈ আহে। প্ৰতিমূৰ্তিটাত ভীমে অসুৰ বকাসুৰক বধ কৰিবলৈ গৰুগাড়ী চলাই যোৱাৰ দৃশ্য চিত্ৰিত কৰা হৈছে।৮১০
তথ্যসূত্ৰ
- ↑ Kumba Bharani
- ↑ DENNIS MARCUS MATHEW. (18 February 2010). Chettikulangara Kumbha Bharani festival hopes for UNESCO honour. The Hindu
- ↑ Aithihyams
- ↑ Kadammanitta Vasudevan Pillai. (11 February 2013). കുത്തിയോട്ടത്തിന്റെ അടിസ്ഥാനം പുത്രബലി. Mathrubhumi. পৃ. 2
- ↑ (2004). Migration, modernity, and social transformation in South Asia. Sage. পৃ. 118. ISBN 9780761932093
- ↑ eKayamkulam Festivals
- ↑ K.G. Mahadevan; K. Shaji; S. Akhilesh. (1 March 2014). കുത്തിയോട്ട താളത്തിൽ. Mathrubhumi. পৃ. 2
- ↑ Kettukazhcha
- ↑ Chandrakumar. (3 February 2014). കേരളത്തിന്റെ പഗോഡകൾ. Mathrubhumo
- ↑ K.G. Mahadevan; K. Shaji; S. Akhilesh. (13 February 2013). കെട്ടുകാഴ്ച്ചകൾ ഒരുങ്ങുന്നു. Matrubhumi. পৃ. 2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেট্টীকুলংগৰা কুম্ভ ভৰণী” প্ৰবন্ধৰ সংশোধন ৬২৫২৪৩ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।